অনাগত দিনৰ জাগ্ৰত প্ৰহৰী


Image Description

জাতিটোৰ বাবে আজিৰ সময় মুঠেও সুখকৰ নহয়। অসমীয়াৰ বাবে আজিৰ সময় অকণো আশাপ্ৰদ নহয়। সকলো পিনৰ পৰা অহা সমস্যা আৰু নিৰাশাৰ বতাহে জাতিটোক আজি ঠৰঙা কৰিছে।

অত্যন্ত আশা আৰু বিশ্বাসেৰে জাতিয়ে আজি নতুন প্ৰজন্মৰ মাজত বিচাৰিছে নতুন সাহ, নতুন চিন্তা আৰু নতুন কাম। প্ৰতিটো খোজতেই প্ৰতাৰিত হোৱা জাতিটোৱে নতুনৰ মাজত সন্ধান কৰিছে নতুন পোহৰৰ, নতুন খবৰৰ আৰু এটি নতুন বাটৰ। সেয়ে সময়ে আজি দাবী কৰিছে, উঠি অহা প্ৰজন্মৰ মাজত নতুনক পোহৰৰ উন্মেষৰ, এক নতুন কৰ্মসূচীৰ প্ৰস্তাৱৰ।

প্ৰতিদিনৰ বাতৰিকাকতখনৰ পৃষ্ঠা মেলি লুটিয়ালেই চকুত পৰা এটি পৰিচিত খবৰ হৈছে : দুৰ্নীতিৰ খবৰ। দুৰ্নীতিয়ে এইদৰে আজি সমাজ জীৱনত শিপাইছে, ৰজাৰ পৰা সাধাৰণ প্ৰজালৈ কোনোৱেই এই ব্যাধিৰ সংক্ৰমণৰ পৰা সাৰি যাব পৰা নাই।

আশা কৰা হৈছিল, ৰজাঘৰৰ পৰা এই ব্যাধি নিৰ্মূলকৰণৰ বাবে পদক্ষেপ হাতত লোৱা হ'ব। কিন্তু যি হাৰত ৰজাঘৰ নিজেই আজি দুৰ্নীতিত নির্মজিত হৈছে, তাৰ পাছত তেওঁলোকৰ পৰা কোনো যোগাত্মক কথা আশা কৰাটো ভুল।  সেইবাবেই আজি নতুন প্ৰজন্মই দুৰ্নীতিৰ বিৰুদ্ধে নিজৰ সামৰ্থ্য অনুযায়ী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাটো হৈ পৰিছে অত্যন্ত প্ৰয়োজনীয়।

ঘৰখনৰ পৰাই, নিজৰ চুবুৰীটোৰ পৰাই সৰু-বৰ প্ৰতিটো দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াৰ মানসিকতা; সমাজবিৰোধী প্ৰতিটো কামত দ্বিধাহীনভাৱে, সাহসেৰে বিৰোধিতা কৰাৰ সময় আহিছে। কেৱল কথাৰে নহয়, সততা আৰু সাহসেৰে শক্তিশালীভাৱে প্ৰতিটো জাতিবিৰোধী, অসমীয়াবিৰোধী কাম-কাজত সৰৱ ভূমিকা গ্ৰহণ কৰাৰ সময় আহিছে। চকুৰ সমুখত দেখি থকা দুনীৰ্তিবোৰ নীৰৱে নসহি নিজৰ সীমাবদ্ধতা, সামৰ্থ্যৰ মাজেৰেই প্ৰতিবাদ কৰাৰ সময় আহিছে।

প্ৰথমে নিজৰ ঘৰখন, পাছত নিজৰ চুবুৰীটো, গাঁৱখন আৰু শেষত নিজৰ ৰাজ্যখন সৰু অথচ প্ৰভাৱশালী পদক্ষেপেৰে দুৰ্নীতি মুক্ত কৰাৰ বাবে এক নীৰৱ আন্দোলন সূচনা কৰাৰ সময় আহিছে। আনলৈ নৰৈ এই দায়িত্ব ল'ব লাগিব আমি, এই দায়িত্ব পালন কৰিব লাগিব উঠি অহা প্ৰজন্মই।

মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ 'গ্ল'বেল ফৰেষ্ট ৱাটছ' শীৰ্ষক সমীক্ষা অনুসৰি ২০০১ চনৰ পৰা ২০২১ চনলৈ কেৱল উত্তৰ-পূব ভাৰততেই সমগ্ৰ ভাৰতৰ ৭৬% সেউজ আৱৰণ বিনষ্ট হৈছে। এই তথ্যই কৈছে,  দুৰ্ভাগ্যজনকভাৱে অসমেই ১৪% সেউজ আৱৰণ বিনষ্ট হোৱাৰ পৰিসংখ্যাৰে প্ৰথম স্থান লাভ কৰিছে।

সমগ্ৰ বিশ্বক জোকাৰি যোৱা জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ পৰা যে আমাৰ ৰাজ্যখনো ক্ষতিগ্ৰস্ত হৈছে, উত্তৰ-পূবো প্ৰভাৱান্বিত হৈছে, এই তথ্যই সেয়াই সূচাইছে। কিন্তু আজিও অসমত এই সম্পৰ্কে সমস্যা প্ৰতিৰোধ কৰাৰ স্বাৰ্থত চৰকাৰী পদক্ষেপ গ্ৰহণৰ উদাহৰণ বাদেই এই বিষয়ে জনতাক সজাগ-সচেতন কৰাৰ চৰকাৰী প্ৰচেষ্টাৰ উদাহৰণো বিচাৰি পাবলৈ টান।

জলবায়ু পৰিৱৰ্তন বিৰোধী সমগ্ৰ আন্দোলনটোক বিশ্বৰ প্ৰেক্ষাপটত নেতৃত্ব দিছে যুৱ সমাজে। বিভিন্নজন তথাকথিত ৰাষ্ট্ৰনেতাৰ যুক্তিকো বলিষ্ঠভাৱে খণ্ডন কৰিছে আমাৰ বয়সৰ ল'ৰা -ছোৱালীয়ে। এই সকলোবোৰৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটিয়ে প্ৰেৰণা আৰু সাহস লৈ আজি জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ সমস্যাটিৰ বিপৰীতে থিয় দিয়াটো সময়ৰ আহ্বান।

নিজৰ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ প্ৰতিজনকেই এই সমস্যাৰ কাল ৰূপটিৰ বিষয়ে সজাগ কৰি তোলাৰ দৰকাৰ, কিদৰে আমাৰ জনজীৱনক অদূৰ ভৱিষ্যতে এই সমস্যাই নিঃশেষ কৰিব, সেই সম্পৰ্কে সচেতন কৰি তোলাৰ দৰকাৰ। বিগত সময়ছোৱাত অসমৰ যুৱ সমাজে শক্তিশালীভাৱে ইআইএ বিৰোধী আন্দোলন, দিহিং পাটকাই ৰক্ষাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ প্ৰভাৱ আৰু পৰিসৰৰ উমান দিছেই।

এতিয়া মাথোঁ প্ৰয়োজন বহল অৰ্থত জলবায়ু পৰিৱৰ্তনৰ সমগ্ৰ সমস্যাটিক অসমৰ জনসাধাৰণৰ সমুখত তুলি ধৰাৰ। এটা কথা নিশ্চিত, সস্তীয়া ৰাজনৈতিক বচন মতাত ব্যস্ত আমাৰ কোনো নেতাই এই সমস্যা সম্পৰ্কে জনতাক সজাগ কৰা দূৰৈৰে কথা, নিজেই হয়তো আগ-গুৰি একোৱেই বুজি নাপায়। নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ধনবল বাহুবলৰ ৰাজনীতি কৰা তেনে নেতাৰ বাবে এই সমস্যাৰ ভয়াৱহতাৰো গুৰুত্ব নাই।

সেয়েহে নতুন প্ৰজন্মই এইক্ষেত্ৰত সমুখৰ পৰা সমাজক সচেতন আৰু সজাগ কৰি তোলাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে প্ৰতিৰোধী সংগ্ৰাম চলাব লাগিব। আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ, যদিহে সততা, সাহসেৰে অসমৰ উঠি অহা প্ৰজন্ম এই যুঁজত নামে, আমাৰ প্ৰকৃতি, আমাৰ পৰিৱেশ আৰু আমাৰ জীৱন সকলো সুনিশ্চিত হ'ব। এতিয়া কেৱল, নতুন নতুন সাহ বুকুত বান্ধি হাতে-কামে লগাহে কথা।।

ৰাজনীতি বিজ্ঞান বিভাগ

কটন বিশ্ববিদ্যালয়