ভাৰতীয় অৰ্থনীতি: সত্য আৰু ভ্ৰান্তধাৰণা


Image Description

(২, ৬৫ সংখ্যাৰ পৰা)
আমাৰ অৰ্থনীতিক অধিক ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ আৰু আমাৰ অৰ্থনীতিক অধিক ডুব যোৱাৰ পৰা ৰোধ কৰিবলৈ আমি এনে একোটা প্ৰতিষ্ঠান গঢ়িব কৰিব লাগিব যিয়ে আমাৰ অৰ্থনীতিৰ উত্থানৰ প্ৰতি নিষ্ঠাবানভাৱে চোৱা-চিতা কৰে আৰু নিজকে বিশ্বৰ অৰ্থনৈতিক শক্তিগৃহৰূপে প্ৰতিষ্ঠা কৰে।

কেৱল ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ কথা ক’লেই আমাক ৫ ট্ৰিলিয়নৰ পৰ্য্যায়লৈ লৈ নাযাব। তাৰ বাবে আমাক এটা বিস্তৃত পৰিকল্পনা আৰু এটা সম্পূৰ্ণ প্ৰামাণিক পথৰ প্ৰয়োজন হ’ব । আমি এনে প্ৰখ্যাত অৰ্থনীতিবিদক নিয়োগ কৰিব পাৰোঁ যিসকলে ক্ষুদ্ৰ অৰ্থনীতি পৰিচালনা কৰাৰ বাবে বিশ্বব্যাপী পুৰস্কৃত আৰু আমাৰ ম্লান হৈ পৰা অৰ্থনীতিক এক আকৃতি দিব পাৰে।

ড০ চি ৰঙ্গৰাজন, ড০ ৱাই ভি ৰেড্ডী, ড০ ৰাকেশ মোহন, ড০ ৰঘুৰাম ৰাজন, ড০ অমৰ্ত্য সেন, ড০ অভিজিৎ বেনাৰ্জী, এষ্টাৰ ডুফ্ল', অৰবিন্দ পানাগৰীয়া আদি বহুকেইজনক এই উচ্চ পৰ্য্যায়ৰ কমিটীত অন্তৰ্ভুক্ত কৰি ভাৰতীয় অৰ্থনীতিৰ ভৱিষ্যতৰ পথ তৈয়াৰ কৰিব পৰা যায়।

বৰ্তমানৰ শাসন ব্যৱস্থাটো সদায় এক অস্বীকাৰৰ মানসিকতাত থাকে যে আমাৰ অৰ্থনীতিৰ সৈতে আমাৰ কিছুমান মৌলিক সমস্যা আছে। তেওঁলোকে ইয়াক অতি সফল ৰূপত উপস্থাপন কৰিব বিচাৰে। যদিও মই এজন পেছাদাৰী অৰ্থনীতিবিদ নহয়, কিন্তু জনজীৱন আৰু ব্যাৱসায়িক সংগঠনৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ আধাৰত মই ভাৰতীয় অৰ্থনীতিৰ কৰুণ প্ৰদৰ্শনৰ বাবে তলত দিয়া কাৰণসমূহ শ্ৰেণীবিভাগ কৰিছোঁ।

১) বিমুদ্ৰাকৰণ,

২) কল্যাণমূলক আঁচনি,

৩) জিএছটিৰ জটিল ধাৰণা,

৪) সহজলভ্য যোগাযোগৰ বিকল্প মাধ্যম হিচাপে যাৱতীয় সহজাত ব্যৱস্থাৰ ক্ষেত্ৰত অনীহা,

৫) বিপুল নিবনুৱা সমস্যা,

৬) আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱাৰ ফলত উৎপাদনশীল উৎসৰাজিৰ সৃষ্টি কৰিব নোৱাৰা,

৭) সেৱা খণ্ডৰ কৰুণ প্ৰদৰ্শন।

যদি আমি ওপৰৰ বিষয়সমূহ ব্যাপক আৰু কৌশলগতভাৱে সমাধান কৰিব পাৰোঁ তেন্তে আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত আগবঢ়া অৰ্থনীতি হোৱাৰ আশা কৰিব পাৰোঁ। কেৱল দিবাস্বপ্নত বিভোৰ হৈ কথা পাতিলেই আমি ৫ ট্ৰিলিয়ন দৰে সমৃদ্ধ অৰ্থনীতি হৈ নপৰোঁ ।

মই বিশ্বাস কৰোঁ যে কেৱল সমস্যাবোৰ আঙুলিয়াই দিলেই কোনো ফলাফল পোৱা নাযায়। সমস্যাটোৰ সমাধানৰ বাবে আমি সকলোৱে সমাধানৰ সন্ধান কৰিব লাগিব। আমি যে এক বৃহৎ মন্দাৱস্থাৰ উপসংহাৰত আছোঁ সেয়া স্পষ্ট। ইয়াৰ পূৰ্বাভাস সকলো আগশাৰীৰ বিশ্ব বিত্তীয় প্ৰতিষ্ঠানে কৰিছে।

গতিকে আমি যদি সক্ৰিয়ভাৱে কাম নকৰোঁ তেন্তে আমি অসহায় পৰিস্থিতিত পৰিম৷ গতিকে সময়ৰ আহ্বানমৰ্মে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ লেখাটোত পূৰ্বে পৰামৰ্শ দিয়াৰ দৰে উচ্চ পৰ্য্যায়ৰ অৰ্থনৈতিক পৰামৰ্শদাতা সমিতি গঠন কৰা প্ৰয়োজন।

ইয়াৰ উপৰি দেখা গৈছে যে বিগত বছৰবোৰতো বহু বিশিষ্ট অৰ্থনীতিবিদে আমাৰ অৰ্থনীতিৰ উন্নতিৰ বাবে কিছুমান অতি উৎকৃষ্ট তত্ত্ব আগবঢ়াইছে। কিন্তু কাৰ্য্যকৰীকৰণৰ কথা আহিলে আমি দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হওঁ বা হৈছোঁ । নীতি নিৰ্ধাৰণ আৰু তৃণমূল পৰ্য্যায়ত কাৰ্য্যকৰী কৰাৰ মাজত এক বৃহৎ ব্যৱধান আছে।

উদাহৰণ স্বৰূপে, MNEGRA আছিল ড০ মনমোহন সিঙৰ উদ্যোগত এক উৎকৃষ্ট পদক্ষেপ। MNEGRAৰ মূল কথাটো আছিল সমাজৰ শেষ মানুহজনকো আৰ্থিকভাৱে সকাহ প্ৰদান কৰা । অৱশেষত সেই ধন পুনৰ আনুষ্ঠানিক অৰ্থনীতিত কৰ-কাটলৰ আকৃতিত ঘূৰি আহিব। কিন্তু এই গোটেই কাৰ্য্যটো ৰাজনীতিবিদৰ বাবে এক অবাধ দুৰ্নীতিৰ কেন্দ্ৰ হৈ পৰিল।

যি নীতি বা প্ৰকল্প এক উৎকৃষ্ট অৰ্থনৈতিক কৌশল হ’ব লাগিছিল, সেয়াই গৈ দুৰ্নীতিৰ কুঁৱাস্বৰূপ হৈ পৰিছিল। MNERGAৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আছিল যে মানুহে কামৰ মূল্যায়ন হিচাপেহে টকা পাই আছিল।

যদিও ই এখন কল্যাণমূলক আঁচনি আছিল, তথাপি কিন্তু আজিৰ কল্যাণমূলক আঁচনি আৰু ইয়াৰ মাজত আটাইতকৈ ডাঙৰ তফাৎ আছিল ৷MNERGA আজিৰ কল্যাণমূলক আঁচনিৰ দৰে নাছিল, ইয়াত টকাখিনি পাবলৈ এটাই চৰ্ত আছিল, কাম কৰিব লাগিব।।

(আগলৈ)