সত্ৰ অনুষ্ঠানৰ বহুমাত্ৰিকতা


Image Description

সত্ৰ আৰু নামঘৰ অসমীয়া বৈষ্ণৱ সমাজৰ লাইখুঁটা। সত্ৰৰ আৰম্ভণি কেনেকৈ হৈছিল সেই বিষয়ে নানা মতবাদ পোৱা যায়। শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধর্ম প্ৰচাৰ কৰিবলৈ নামঘৰ প্ৰতিষ্ঠা কৰিছিল — এই কথা আমি জানো।

পিছলৈ এই অনুষ্ঠান মহাপুৰুষীয়া ধৰ্মৰ উপাসনাথলীৰ লগতে সমাজৰ গ্ৰাম্য আদালত আৰু কলা-কৃষ্টিৰ আখৰাথলীও হৈ পৰিল। বহুতো লোকে সত্ৰক নামঘৰৰে পৰিৱৰ্ধিত ৰূপ বুলি ক'ব খোজে। কিন্তু আন আন পণ্ডিতৰ মতে সেই মত শুদ্ধ নহয়।

কথা-গুৰুচৰিতত উল্লেখ পোৱা যায় যে ‘সত্ৰ’ শব্দটো শংকৰদেৱৰ জীৱনকালত ব্যৱহাৰ হোৱা নাছিল। গুৰুজনাৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা চাৰি সংহতিৰ ব্ৰহ্ম সংহতিতহে প্ৰথম ‘সত্ৰ’ শব্দৰ ব্যৱহাৰ হয়। পিছলৈ আনবোৰ সংহতিয়েও এই শব্দৰ ব্যৱহাৰ কৰিবলৈ লয়। তাৰোপৰি সত্ৰৰ আন্তঃগাঁথনিলৈ চাই বহুতে তাত বৌদ্ধ ধৰ্মৰ মঠসমূহৰ প্ৰভাৱ পৰা বুলিও ক'বলৈ খোজে।

সত্ৰৰ আৰম্ভণি সম্পৰ্কে পুলিন কলিতাই তেখেতৰ 'নামঘৰ: বুৰঞ্জী আৰু বিৱৰণ' গ্রন্থত লিখিছে যে ধর্মপ্ৰচাৰৰ কালছোৱাত শংকৰদেৱে য’তেই বাস কৰিছিল তাতেই উপাসনাৰ স্থান নিৰ্মাণ কৰি লৈছিল। তেৰাৰ অনুগামীসকল, পৰিয়ালবৰ্গ, বান্দী-বেটিৰে সৈতে সমাজ পাতি বাস কৰি থকা গুৰুজনাই এই উপাসনা গৃহত নিয়মীয়াকৈ ধৰ্ম উপাসনা কৰিছিল। হয়তো এই পৰম্পৰায়েই সত্ৰ-সংস্কৃতিৰ বীজ ৰোপণ কৰিছিল।

কিন্তু এই বন্দৱস্তক গুৰুজনাই সত্ৰ নাম দিয়া নাছিল। বৰং সেই সমূহ ‘থান’ বুলিহে জনা গৈছিল। আজি আমি সত্ৰ বুলিলে যেনে অনুষ্ঠানক বুজোঁ তেনে অনুষ্ঠানৰ প্ৰতিষ্ঠা হৈছিল গুৰুজনাৰ তিৰোভাৱৰ পিছত। তেৰাৰ পৰম শিষ্য দামোদৰদেৱে পাটবাউসীত আৰু মাধৱদেৱে বৰপেটাত এনে অনুস্থানৰ থাপনা কৰিছিল।

এইদৰে আৰম্ভণিতে সত্ৰসমূহৰ লক্ষ্য আৰু উদ্দেশ্য আছিল মূলতঃ ধৰ্মীয় আৰু আধ্যাত্মিক। কিন্তু সময়ৰ লগে লগে সেইবোৰৰ ভূমিকা এই পৰমাৰ্থিক ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি জাগতিক দিশসমূহলৈও বিস্তাৰিত হ’ল। যিমানেই সত্ৰসমূহৰ শিছৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, সিমানেই তাৰ অন্যান্য অংগসমূহো পূৰঠ হৈ উঠিল।

লগে লগে আহোম ৰাজশক্তিৰ লগতো সত্ৰসমূহৰ এক সংঘাতময় সম্পৰ্ক গঢ় লৈ উঠিল। আহোম ৰাজ্যৰ ৰাজনৈতিক ঘটনাপ্ৰৱাহে সত্ৰসমূহকো বাৰুকৈ চুই যাবলৈ ধৰিলে। মোৱামৰীয়া বিদ্ৰোহৰ পৰা স্বাধীনতা আন্দোলনলৈকে অসমৰ ৰাজনৈতিক ক্ষেত্ৰতো সত্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই আটাইবোৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ ইয়াত ঠাইৰ অভাৱ।

একেদৰে অৰ্থনৈতিক ক্ষেত্ৰতো সত্ৰসমূহৰ গুৰুত্ব মন কৰিবলগীয়া। প্ৰায়বোৰ সত্ৰতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যৰে তাৰ ভকতসকলে সত্ৰৰ মাটিতে খেতি-বাতি আদি কৰি আহিছে।

ইয়াৰ লগতে তেওঁলোকে বাঁহ-বেত, কাঠ আদিৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বিদ্যাৰো চৰ্চা কৰি আহিছে। এই পৰম্পৰাবোৰে ভকতসকলক আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে দক্ষতা বিকাশৰো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

তদুপৰি সকলোবোৰ সত্ৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা, সাত্ত্বিক আহাৰ গ্ৰহণ কৰা, সমগ্ৰ জীৱকুলৰ প্ৰতি দয়াশীলতা প্ৰদৰ্শন কৰা আদি কথাত খুবেই গুৰুত্ব দিয়া হয়।

এইবোৰ কথাই বৈষ্ণৱ ভকতসকলৰ আধ্যাত্মিক বিকাশ সাধন কৰাত তথা বৈষ্ণৱ ধৰ্মৰ আদৰ্শসমূহক যুগ যুগ ধৰি জীয়াই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

গুৰুজনাৰ আদৰ্শ অতি নিষ্ঠাৰে মানি চলা সত্ৰ এখনত জাত-কুল, উচ্চ-নীচ, ধনী-দুখীয়াৰ কোনো শ্ৰেণী বিভাজন নাথাকে। তাৰ সলনি তাত ভক্তি, আধ্যাত্মিকতা আৰু কৰ্ম-সংস্কৃতিতহে গুৰুত্ব দিয়া হয়।

তাৰোপৰি বৈষ্ণৱ সাহিত্য-সংস্কৃতি, গীত-মাত, নাট-ভাওনা আদি অসমীয়া কলা-কৃষ্টিসমূহৰ নিয়মীয়া চৰ্চা কৰাটোও সত্ৰসমূহৰ এক প্ৰধান বৈশিষ্ট। এইদৰেই সত্ৰসমূহে এখন শ্ৰেণীবিহীন, বৰ্ণবিহীন সমাজ গঢ়াৰ সুন্দৰ নিদৰ্শন দেখুৱাই আহিছে।

আদিতে সত্ৰসমূহ মূলতঃ ধৰ্মীয় আৰু আধ্যাত্মিক চৰিত্ৰৰে আছিল যদিও আজিৰ দিনত সত্ৰসমূহৰ গুৰুত্ব মাথোঁ ধৰ্মীয় গণ্ডীৰ মাজতে সীমবদ্ধ হৈ থকা নাই।

আজি তাৰ চৰিত্ৰ বহুমাত্ৰিক। সত্ৰসমূহৰ এই দীৰ্ঘস্থায়ী গুৰুত্বৰ আঁৰতো এই বহুমাত্ৰিক চৰিত্ৰৰ অৱদান অনেক।

আজিৰ দিনত সত্ৰসমূহ কোনো এটা বিশেষ ধৰ্মৰ অনুষ্ঠান নহয়, ই এক অসমীয়া জাতীয় অনুষ্ঠান। আজি তাৰ ধৰ্মীয় গুৰুত্ব যিমান, সামাজিক-সাংস্কৃতিক গুৰুত্বও সিমান। বৰঞ্চ পিছৰ এই দিশটোৰ গুৰুত্ব বেছি হ’লেও কম নহয়।

নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজত যি সাম্যবাদী চিন্তাৰ প্ৰৱৰ্তন ঘটালে সেই চিন্তাধাৰা সমাজৰ সাধাৰণ মানুহৰ মাজলৈ বোৱাই দিছিল এই সত্ৰসমূহেই।

এনেবোৰ কাৰণতে এই সত্ৰসমূহক কেৱল মাথোঁ ধৰ্মীয় অনুষ্ঠান বুলি চোৱাতো ভুলেই নহয়, অসম্ভৱো। সত্ৰসমূহৰ যি বহুমাত্ৰিক ৰূপ, তাক অক্ষুণ্ণ ৰূপত ধৰি ৰখাৰ লগতে তাৰ গণ্ডীৰ মাজত সমাজৰ সকলো লোককে সামৰি ৰাখিব পাৰিলেহে অনাগত দিনলৈও সত্ৰসমূহৰ প্ৰাসংগিকতা বৰ্তি থাকিব।।

৮১৩২০১৬৫৪৬