অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডত মুখ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ভূমিকাত অসন্তুষ্ট জনসাধাৰণ: পৰিস্থিতি অধ্যয়নৰ বাবে লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দল


Image Description

যোৱা ২৬ জুলাই সোমবাৰে অসম -মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ সন্মিলিত আক্ৰমণত অসম আৰক্ষীৰ ৬জন জোৱান নিহত হয়৷ আক্ৰমণত কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰকে ধৰি আইজিপিসহ ধলাই থানাৰ অ’ছিসমন্বিতে প্ৰায় ৭১ জন লোক আহত হয়৷ উল্লেখযোগ্য যে ঘটনাৰ ২৪ ঘণ্টা পূৰ্বে উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে শ্বিলঙত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অঞ্চলটোৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল৷

অসম-মিজোৰাম সীমবিবাদ যথেষ্ট পুৰণি৷ সময়ে সময়ে ৰাজ্য দুখনৰ সীমান্ত অঞ্চলত উত্তেজনা সৃষ্টিৰ ঘটনা কোনো নতুন কথা নহয়৷ কিন্তু এইবাৰৰ দৰে এখন ৰাজ্যৰ আৰক্ষীয়ে আন এখন ৰাজ্যৰ আৰক্ষীক গুলীয়াই হত্যা কৰা ঘটনা অভূতপূৰ্ব৷ তাৰোপৰি ঘটনাৰ ২৪ ঘণ্টা পূৰ্বে তৎপৰ হৈ থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ ঘটনাৰ সময়ৰ মৌনতাই দেশজুৰি অসন্তুষ্টিৰ সৃষ্টি কৰিছে৷ এফালে গুলীয়াগুলি চলি থাকিল, আনফালে দুয়োখন ৰাজ্যৰ মুখ্য মন্ত্ৰী দুগৰাকীৰ টুইটাৰ যুদ্ধ সমানে চলিল৷ পিছদিনা অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰত সংবাদিকক সম্বোধন কৰি ক’লে ঘটনাৰ সময়ত তেওঁ মিজোৰামৰ মুখ্য মন্ত্ৰীৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছিল৷

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষী নিহত হোৱা ঘটনাত দুখ প্ৰকাশ কৰিছিল৷ এফালে টুইটাৰ যুদ্ধ, সমান্তৰালভাৱে টেলিফোনিক বাৰ্তালাপ৷ আকৌ সমগ্ৰ ঘটনাৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷ এনে কাৰ্য্যই সংশ্লিষ্ট সকলোৰে ভূমিকাক সন্দেহৰ আওতালৈ ঠেলি পঠিয়ালে৷

অসমত ব্যাপক প্ৰতিবাদ আৰম্ভ হ’ল৷ অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰীলুৰীণজ্যোতি গগৈয়ে ২৮ জুলাইত তাৎক্ষণিকভাৱে সংবাদমেল আহবান কৰি বিষয়টোত প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিলে৷ কেন্দ্ৰই বিচাৰিলে গুৱাহাটী, নলবাৰীলৈকে মিজোৰামক মাটি এৰি দিয়া হ’ব বুলি অসমৰ মুখ্য মন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনালে৷

অতি তৎপৰতাৰে সভাপতি শ্ৰীলুৰীণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ উপসভাপতিদ্বয় চমচেৰ সিং, মিল্টন কুইয়া আৰু প্ৰচাৰ সম্পাদক জীয়াউৰ ৰহমান সমন্বিতে এক প্ৰতিনিধি দলৰ সৈতে ২৯ জুলাইত শিলচৰত গৈ উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ ল’লে৷ ৩০ জুলাইত দলটি লাইলাপুৰ অভিমুখে ৰাওণা হয় যদিও প্ৰশাসনে দলটিক তালৈ যোৱাৰ অনুমতি প্ৰদান নকৰিলে৷

আনহাতে অসমৰ মুখ্য মন্ত্ৰীৰ ভূমিকাক বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰত মুখ্য মন্ত্ৰী শ্ৰীশৰ্মাই কয় যে বৰ্তমান পৰিস্থিতিত মিজোৰামত শাসক বিৰোধী সকলোৱে একে সুৰত কথা কৈছে৷ অসমত সেইটো নোহোৱাটো দুৰ্ভাগ্যজনক৷ কিন্তু মুখ্য মন্ত্ৰীৰ এনে মন্তব্যইও ৰাজ্যখনৰ অসন্তুষ্টি দূৰ কৰিব পৰা নাই৷ কাৰণ যিটো সময়ত তেওঁ বিধানসভাৰ মজিয়াত কোনো অপৰাধীয়ে অসম আৰক্ষীক আক্ৰমণ কৰিলে নিজৰ আত্মৰক্ষাৰ বাবেই আৰক্ষীয়ে গুলীয়াই দিয়াটো আইনসন্মত বুলি সদম্ভে ঘোষণা কৰিছিল, সেই একেগৰাকী মুখ্য মন্ত্ৰীয়ে শিলচৰত মিজোৰামে গুলীয়ালেও আমি গুলী খাবলৈ প্ৰস্তুত বুলি কোৱা কথাহে অসমৰ ৰাইজে হজম কৰিব পৰা নাই৷