নিৰ্ভীক সাংবাদিক বিনোদ ডুৱা আৰু নাই


Image Description

ভাৰতৰ সংবাদজগতৰ নিৰ্ভীক, স্পষ্টবাদী সাংবাদিক বিনোদ ডুৱা আৰু নাই। ৪ ডিছেম্বৰত দিল্লীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ৬৭ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত তেওঁৰ চিকিৎসক-পত্নী পদ্মাৱতী চিন্না ডুৱাসহিতে দুয়ো ক'ৰ'নাত আক্রান্ত হোৱাত গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত দুয়োকে ভর্তি কৰোৱা হয়। জুন মাহত ক'ৰ'নাত আক্ৰান্ত তেওঁৰ পত্নীৰ মৃত্যু হয়। বিনোদ ডুৱা ক'ভিডমুক্ত হয় যদিও পৰৱৰ্তী জটিলতাত তেওঁ তেতিয়াৰ পৰা অসুস্থ হৈ থাকি ৪ ডিছেম্বৰত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়।

দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বিনোদ ডুৱাই ১৯৭৪ চনত নিজৰ সাংবাদিক জীৱন আৰম্ভ কৰে। ইংৰাজী, হিন্দী, উৰ্দু আৰু পাঞ্জাৱী ভাষাত সমানে দখল থকা বিনোদ ডুৱাই তেওঁৰ সাৱলীল হিন্দীৰ কথনশৈলীৰে গধুৰ বিষয়বস্তুকো অতি সহজভাৱে পৰিৱেশন কৰিছিল। যিটো আছিল এই যশস্বী সাংবাদিকগৰাকীৰ প্ৰধান বৈশিষ্ট্য।

কোনো ধৰণৰ উচ্চ–বাচ্য নকৰাকৈ মাৰ্জিত শব্দ প্ৰয়োগেৰে সমালোচনাৰে থকাসৰকা কৰিব পৰা ক্ষমতাসম্পন্ন নিৰ্ভীক সাংবাদিক বিনোদ ডুৱাৰ মৃত্যু সংবাদজগতৰ বাবে এক বৃহৎ ক্ষতি বুলি খ্যাতনামা সাংবাদিক ৰবীচ কুমাৰে মন্তব্য প্ৰকাশ কৰিছে।

এনডিটিভিৰ প্ৰতিষ্ঠাতা ডঃ প্ৰণয় ৰয়ে কয়, 'বিনোদ সৰ্বশ্ৰেষ্ঠসকলৰ অন্যতমেই নহয়, তেওঁ তেওঁৰ যুগৰ শ্ৰেষ্ঠ সাংবাদিক।' উল্লেখযোগ্য যে এটা সময়ত এনডিটিভিত প্ৰণয় ৰয় আৰু বিনোদ ডুৱা যুটীৰ নিৰ্বাচনী সমীক্ষা আৰু বিশ্লেষণ যুগান্তকাৰী হিচাপে চিহ্নিত হৈছিল।

২০১৪ চনৰ পিছত ভাৰতীয় সাংবাদিকতাৰ নিম্নগামী স্তৰ প্ৰত্যক্ষ কৰি যথেষ্ট ক্ষোভিত হোৱা বিনোদ ডুৱাই পৰৱৰ্তী সময়ত নিৰ্ভীক সাংবাদিকতাৰ ডিজিটেল মঞ্চ ' দ্য ৱাইৰ'ত আৰম্ভ কৰে 'জন কি বাত' অনুষ্ঠান। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা এই অনুষ্ঠান অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰে। পিছলৈ এই অনুষ্ঠানৰ নাম 'জন গণ মন কি বাত' কৰা হয়।

ক'ভিডত আক্ৰান্ত হোৱাৰ সময়লৈকে তেওঁ 'দ্য বিনোদ ডুৱা স্ব'ৰ জৰিয়তে প্ৰতিটো গুৰুত্বপূৰ্ণ প্ৰশ্ন নিৰ্ভীকভাৱে উত্থাপন কৰিছিল। যাৰবাবে বিজেপি চৰকাৰৰ তেওঁ ৰোষত পৰিবলগীয়া হৈছিল। হিমাচল প্ৰদেশৰ বিজেপি চৰকাৰে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল। তথাপিও তেওঁ তেওঁৰ নিৰ্ভীক আৰু স্পষ্টবাদী চৰিত্ৰ এৰি দিয়া নাছিল।

এই বছৰৰ ৬ জুনত উচ্চতম ন্যায়ালয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁৰ বিৰুদ্ধে অনা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ খাৰিজ কৰিছিল।।