পকী মথাউৰি সপোন হৈ ৰ'ব


Image Description

অসমৰ বিত্ত মন্ত্রীগৰাকীৰ ২০২১-২২ বৰ্ষৰ বাজেট ঘোষণাত পোৱা গ'ল যে 'এহেজাৰ কিল'মিটাৰ মথাউৰি ওখ আৰু শক্তিশালী কৰি পকীকৰণৰ বাবে ১০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।' এইয়া চাগে আগৰ চৰকাৰখনৰ দিনতে ধাৰণা কৰা ছয় লে'নযুক্ত 'একপ্ৰেছ হাইৱে'ৰ সংক্ষিপ্ত ৰূপ। মাননীয় মুখ্যমন্ত্রীয়ে নিশ্চিতি দিছে যে একপ্ৰেছ হাইৱে নহয়। কিন্তু, মথাউৰিৰ ওপৰভাগ পকী হ'ব। ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ পকী মথাউৰিৰ ওপৰেদি গাড়ীৰে ভ্ৰমণ কৰিব পাৰিব।

দুই-এমাহৰ আগতে জলসম্পদ মন্ত্রী গৰাকীয়ে একপ্ৰেছ হাইৱে সংক্ৰান্তীয় প্ৰশ্নৰ উত্তৰত কৈছিল যে 'মথাউৰিসমূহ পকী কৰি দিলে আৰু গাড়ী-মটৰ চলি থাকিলে মথাউৰিৰ দৃঢ় গাঁথনি ভালে থাকে। তাত এন্দুৰ-শিয়ালৰ গাঁত নহয়।'

মাটিৰ মথাউৰি এটাৰ উপৰিভাগ (crest) পকী কৰিলে মূলতঃ ৰ'দ-বৰষুণ, গৰু-ম'হৰ খঁচাত হোৱা অৱক্ষয় ৰোধ কৰা যায়। মথাউৰি পকী কৰাৰ মূল উপযোগিতা হ'ল যে মথাউৰিটোৰ জীৱনকাল বঢ়োৱা। কিন্তু, পকী মথাউৰিৰ ওপৰৰ পৰা দুয়োফালৰ ঢাললৈ বৈ যোৱা বৰষুণৰ পানীয়ে মথাউৰিৰ ঢালত প্ৰথমে এটা লোৰ, আৰু শেষত এটা নলা সৃষ্টি কৰে। ফলত মথাউৰিটোৰ ঢালৰ বিস্তৰ ক্ষতি কৰে৷ আৰু এই নলাইদি গৰু-ম'হ উঠা-নমা কৰি ইপাৰ-সিপাৰ হ'লে সেই ঠাইত গোটেই মথাউৰিটোৱেই অত্যন্ত দুৰ্বল হৈ পৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে ২০/২৫ মিটাৰ দূৰে- দূৰে পকাৰে বৰষুণৰ পানী যাবলৈ লোৰ দিব লগাটো অপৰিহাৰ্য্য হৈ পৰে। ১ নং ফটো খনত 'ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ'ত এনে নলাৰ অৱস্থিতি দেখা গৈছে।

Image Description

মথাউৰি এটা নিৰ্মাণ/উন্নীতকৰণৰ সময়ত কম্পমান ৰ'লাৰৰ সহায়ত নতুন মাটিখিনিৰ সৰ্বোচ্চ পানীৰ পৰিমাণৰ তৰপটোৰ এফুট ওপৰৰ মাটি ঢালাই বা ৰ'লিং কৰিলে পৰ্য্যাপ্ত দৃঢ়ীকৰণ পোৱা যায়। পৰৰ্ৱতী কালত দিন যোৱাৰ লগে লগে প্ৰাকৃতিক পৰিস্থিতিত মথাউৰিৰ মাটিখিনি মুঠ বান্ধি সবল স্থিতিত উপনীত হয়।

গাড়ী-মটৰ চলোৱাৰ ফলত মুঠ বান্ধি সবল হোৱা মথাউৰি এটাত আকৌ দৃঢ়ীকৰণ আৱশ্যক নহয়। কিন্তু 'পথ আৰু বান্ধ ' হিচাবে ব্যৱহাৰ কৰিলে নদীগৰ্ভৰ শিল-বালি, পলস কঢ়িয়াবলৈ গধুৰ ট্ৰাকৰ চলাচলৰ ফলত মথাউৰিৰ মূল কেন্দ্রীয় অন্তৰ্ভাগ ভাগি যাব পাৰে৷ অতিপাত অনাবদ্ধ চাপৰ হেঁচাত মথাউৰিৰ ঢাল অংশ দুটাত ফাঁট মেলিব পাৰে। বালিঅঁহীয়া মাটিৰে গঠিত হ'লে ঢাল অংশ সহজতে খহি যাব পাৰে।

দৰাচলতে, বানপানী প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰি এটা জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ এটাৰ দৰেই সুৰক্ষিত কৰি ৰাখিবলৈ মথাউৰিসমূহ উজনিৰ পৰা নামনিলৈ, অৰ্থাৎ ইয়াৰ সম্পূর্ণ বিস্তৃতি 'সংৰক্ষিত অঞ্চল' হৈ থাকিব লাগে। মথাউৰিটো নিজে সুৰক্ষিত হৈ থাকিলেহে 'বান সুৰক্ষা' দিব পাৰিব।

Image Description

ব্ৰহ্মপুত্ৰৰ তেনেই পাৰতে লাগি থকা 'ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ'টো ২০১৭ চনত এছিয়ান ডেভেলপমেন্ট বেংকৰ ঋণেৰে উন্নীতকৰণ কৰা হৈছে। বান্ধটোৰ ওপৰভাগ পকী কৰি বৰষুণৰ পানী যাবলৈ নলাও সজা হৈছে। কিন্তু বিভাগীয় গাড়ীৰ বাহিৰে অন্য গাড়ী-মটৰৰ চলাচল কৰাত নিষেধাজ্ঞা আছে। ইয়াৰ বাবে কেইবাঠাইত লোহাৰ গেইট সাজি পহৰাদাৰ ৰখা হৈছে। ৮.৬ কিল'মিটাৰ দীঘল গোটেই মথাউৰিটোৱেই সংৰক্ষিত অঞ্চল হিচাবে ৰখা হৈছে(২ নম্বৰ ফট')। অৱশ্যে, পথচাৰীৰ বাবে মথাউৰিৰ লগত সংযোজিত পথৰ মূৰত মথাউৰিৰ ঢালত পকী খটখটি সাজি দিয়া হৈছে। এইটো মথাউৰিৰ প্ৰতিপালনৰ ক্ষেত্রত লোৱা ব্যৱস্থাখিনি সকলো মথাউৰিৰ বাবে আদৰ্শ হ'ব লাগে।

দেখা গ'ল, মথাউৰিৰ ওপৰ অংশ পকী কৰিলে সেই অংশৰ অৱক্ষয় কিছু ৰোধ কৰা হ'ব। কিন্তু পথ যোগাযোগৰ বিকল্প হিচাবে বাধাহীনভাৱে গাড়ী-মটৰ চলিবলৈ দিলে মথাউৰিটোৰ বিস্তৰ ক্ষতি হ'ব। যিটো মূল কামৰ বাবে নিৰ্মাণ কৰা হৈছিল তাৰ বাবে সমৰ্থ হৈ নাথাকিব।

বানপানীৰ সময়ত বানেধোৱা গাঁওবিলাকৰ ওচৰত থকা মথাউৰিটোৱেই বানাক্ৰান্ত মানুহ, পশু-পক্ষীৰ আশ্ৰয় স্থল হয়। কেতিয়াবা ২-৩মাহ জুৰি মথাউৰিটো আশ্রয়স্থলী হৈ থাকে। তেনে সময়ত মথাউৰিৰ ওপৰেদি 'নিৰীক্ষণ আৰু মেৰামতি'ৰ বাবে নিয়োজিত জলসম্পদ বিভাগৰ মানুহ আৰু সামগ্রী চলাচলৰ বাবেও মথাউৰিটো মুকলি হৈ নাথাকে। অন্য যাতায়াত দূৰৰে কথা।

অলপতে শুনা গ'ল, 'পকী মথাউৰিয়েদি ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গাড়ীৰে ভ্ৰমণ কৰিব পৰা হ'ব।' ডিব্ৰুগড়ৰ পৰা এই যাত্রা ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰেদি আৰম্ভ কৰিলে ১৫ কিল'মিটাৰমান যোৱাৰ পাছত আপোনাৰ গাড়ী ঘূৰাব লাগিব। কাৰণ, আগলৈ পথ আৰু বান্ধ নাই। মধুপুৰ সংৰক্ষিত বনাঞ্চল আৰু বুঢ়ী দিহিং নদীৰ মোহনাৰ বাবে প্ৰায় ১৫ কিল'মিটাৰ দীঘল ঠাইত ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নাই। উপনৈবোৰ ব্ৰহ্মপুত্ৰৰ লগত মিলিত হোৱা ঠাইত (মোহনাত) উপনৈবিলাকৰ জলপ্ৰবাহৰ বাবে আৱশ্যক অনুযায়ী ব্ৰহ্মপুত্ৰৰ মথাউৰিটো খোলা ৰখা হয়। সেই অনুসৰি বুঢ়ী দিহিংমুখৰ পিছত দিছাংমুখ, দিখৌমুখ, মিটংমুখ, জাঁজীমুখ আৰু মেলেংমুখত ব্ৰহ্মপুত্ৰৰ মথাউৰিটো মুকলি। শেহত, নিমাতী হাতীশালৰ (যোৰহাট) পৰা মাজুলীলৈ প্ৰস্তাৱিত ৮ কিল'মিটাৰ দীঘল দলংখনৰ কথা নকলোৱেইবা।

এই যাত্ৰা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰেদি কৰিব খুজিলেও বগীবিল দলং পাৰহৈ কাৰেংচাপৰিত ব্ৰহ্মপুত্ৰৰ মথাউৰিত উঠি নামনিলৈ গ'লে মৰিধলমুখত খোলা মথাউৰি পালে উভতিব লাগিব৷ গতিকে, ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ পকী মথাউৰিৰ ওপৰেদি কৰিব খোজা এই যাত্রা সপোন হৈয়েই থাকি যাব।

কেৱল চমক সৃষ্টিৰ বাবেই কৰা ঘোষণাবোৰৰ সাৰশূন্যতাৰ পৰা বুজিব লাগিব 'বানমুক্ত অসম' গঢ়াৰ প্ৰতি চৰকাৰৰ সদিচ্ছা কিমান?