অসমীয়া হোৱাৰ গৌৰৱ


Image Description

বৰ্তমানৰ আৰ্থ-ৰাজনৈতিক পটভূমিত অসমীয়া হোৱাৰ গৌৰৱ বেছিদিনলৈ নাথাকিব বুলি শংকা প্ৰকাশ কৰাটো একপ্ৰকাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া বুলি ক’ব পাৰি৷ কিন্তু আমি যদি নিজকে বিভিন্ন ফল-ফুল লগা গছৰ বাৰীৰ এজোপা গভীৰ তললৈ শিপা থকা গছ বুলি ভাবিব পাৰোঁ, ক’ৰবাত ক’ৰবাত বতাহ-ধুুমুহাই ডাল-পাত কেতিয়াবা ভঙা-চিঙা কৰিলেও গছজোপা উভালি নপৰে৷ অৱশ্যে সৰু-বৰ সকলো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ আমি এটা ভাগি নপৰা মনেৰে বহল দৃষ্টিভংগীৰে কাম কৰি আমাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰিম বুলি মই বিশ্বাস কৰোঁ৷

হয়, ইতিহাসে আমাৰ এই ৰাজ্যখনৰ অনেক সালসলনি ঘটাইছে৷ ভৱিষ্যতেও নঘটাব বুলি কোনেও ভৱিষ্যৎবাণী কৰিব নোৱাৰে৷ কিন্তু গুৰি শকত বৰগছৰ শিপাই শিপাই নতুন পুলি গজি উঠাৰ দৰে আমাৰ এই ৰাজ্যখনৰ ইতিহাসে শিকোৱা শক্তিৰে এটা সামূহিক জীৱন গঢ় লৈ নুঠিব বুলিও কোনেও ভৱিষ্যৎবাণী কৰিব নোৱাৰে৷

নিৰ্ভৰ কৰিব পৰা যুক্তিতে মই বিশ্বাস কৰোঁ যে অসমৰ সীমাৰ মাজত যুগে যুগে বসবাস কৰি অহা বিভিন্ন জাতি-গোষ্ঠীৰ, বিভিন্ন ভাষাৰ আৰু ধৰ্মৰ লোকসকলৰ এটা সামূহিক মন প্ৰত্যেকৰে অন্তৰত গোপনে গোপনে হ’লেও সজীৱ হৈ আছে৷ আমি পাৰস্পৰিক সৌহাৰ্দ্যৰ মনোভাব এটা মুকলি মনেৰে গঢ়ি তুলিব পাৰিলে আমাৰ জাতীয় বৰগছজোপা আকৌ ডালে-পাতে ডাঙৰ হৈ উঠিব৷

মনত ৰাখিব লাগিব যে কাকো তুচ্ছ-তাচ্ছিল্য কৰি, ঘৃণা বা হিংসা কৰি আমি আপোন কৰি ল’ব নোৱাৰোঁ৷ মনৰ মাজত ভাষা-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে প্ৰত্যেকৰ প্ৰতি যদি এটা দায়িত্ব গ্ৰহণ কৰিব পৰা মনেৰে আমাৰ ভালপোৱা নিজৰ মাজত গঢ়ি তুলিব পাৰোঁ সেই ভালপোৱাই মানুহক ওচৰ চপাই ননাকৈ নাথাকিব৷

অসমৰ জাতীয় জীৱন এনে এক সংমিশ্ৰণেৰেই গঢ় লৈ উঠিছে৷ মই বিভিন্ন সময়ত এটা কথা উল্লেখ কৰি আহিছোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাত এহাতে ভাৰতীয় সভ্যতা-সংস্কৃতি সমন্বিতে ভাৰতীয় তেজ আৰু আনহাতে সভ্যতা-সংস্কৃতি সমন্বিতে দক্ষিণ-পূব এছিয়াৰ তেজ মিহলি হৈ গঢ় লৈ উঠা ঠিক এনে এটা দ্বিতীয় জাতিসত্ত্বা বিচাৰি পোৱা নাযায়৷

আমাৰ সভ্যতা আৰু সংস্কৃতিলৈ চালেই ধৰা পৰে কেনেকৈ আমি প্ৰাক্‌-বৈদিক যুগৰ পৰা প্ৰাচীন ভাৰতবৰ্ষৰ ভাষিক-সাংস্কৃতিক বৈশিষ্ট্যৰ লগত যেনেভাৱে সংযুক্ত হৈ আহিছোঁ, ঠিক তেনেভাৱেই দক্ষিণ-পূব এছিয়াৰ লগতো সংযুক্ত হৈ আহিছোঁ৷ আমাৰ সাজপাৰ, খাদ্যাভাস, আমাৰ ঘৰ-দুৱাৰ আৰু আমাৰ লোক-সংস্কৃতিৰ লগত দক্ষিণ-পূব এছিয়াৰ সম্পৰ্ক বাদ দিব নোৱৰাকৈ আমাৰ মাজত সোমাই আছে৷

আমাৰ বিহুৰ দৰে আনন্দৰ উৎসৱ পশ্চিমৰ পৰা অহা নাই, পূবৰ পৰা আহিছে৷ আনহাতে আমাৰ চিন্তা-চৰ্চাত, ভাষাৰ আৰু শাস্ত্ৰীয় সংগীত-নৃত্যৰ ধাৰাটো বৈ আহিছে পশ্চিমৰ পৰা৷

বেজবৰুৱাই ক’বৰ দৰে এনেখন দেশ ‘পৃথিৱীত ক’তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত।'

আমাৰ দেশৰ নেতৃত্ব দিয়াসকলে অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ হিন্দীভাষীসকলৰ বলয়টোৰ বাহিৰে প্ৰত্যেক ৰাজ্যৰ তথা অঞ্চলৰ নিজৰ নিজৰ বৈশিষ্ট্যৰে যে গঢ় লৈ উঠা নিজৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক পৰিচয়, এই কথা সদায় মনত ৰাখিব লাগিব৷ প্ৰত্যেক অঞ্চলৰ এনে নিজস্ব বৈশিষ্ট্য নষ্ট কৰি বা সলনি কৰি সমগ্ৰ ভাৰতবৰ্ষক এটা ভাষিক আৰু এটা সাংস্কৃতিক বলয়ৰ মাজলৈ নিব নোৱাৰি এই কথাও বুজিব লাগিব৷ প্ৰত্যেক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পৃথক পৃথক৷

সেইবাবে ওপৰত কৈ অহাৰ দৰে এই প্ৰাকৃতিক আৰু সামাজিক বৈশিষ্ট্যৰ প্ৰভাৱে প্ৰত্যেকখন ৰাজ্যক তথা প্ৰত্যেকটো অঞ্চলৰ বিকাশ ঘটাই আহিছে৷ কিন্তু ইমান বিচিত্ৰতাৰ মাজতো এটা ভাৰতীয় মন আসমুদ্ৰ হিমাচল অন্তফল্গুৰ দৰে বৈ আছে৷ এই ভাৰতীয় মনটো গঢ়ি তোলাত আমাৰ ভাৰতীয় দৰ্শন, ভাৰতীয় কাব্য-মহাকাব্যকে ধৰি আমাৰ মেটমৰা সাহিত্য আৰু সংস্কৃতিয়ে ভাৰতীয় মানুহৰ মাজত থকা বিভিন্নতা সত্ত্বেও এটা একক জীৱনদৃষ্টি আৰু বিশ্বদৃষ্টি গঢ়ি তুলিছে৷

এনে গভীৰতালৈ নোযোৱাকৈ ওপৰে ওপৰে ভাৰতবৰ্ষৰ প্ৰত্যেক অঞ্চলৰ বিচিত্ৰতা নষ্ট কৰি কেৱল উত্তৰ ভাৰতীয় ভাষা আৰু লোক বিশ্বাসকে ধৰি সংস্কৃতিৰে ভাৰতবৰ্ষৰ মানচিত্ৰ আঁকিব নোৱাৰি৷ এই গুৰুত্বপূৰ্ণ দিশটো পাহৰি গ’লে ‘ভাৰত’ক ‘মহাভাৰত’ কৰি ৰাখিব নোৱাৰিব৷

ভাৰতৰ পৰা বিচ্ছিন্ন হোৱা আঞ্চলিক মনোভাবক মই সমৰ্থন নকৰোঁ৷ বৰং প্ৰত্যেক ৰাজ্যৰ তথা ভাৰতৰ প্ৰত্যেক অঞ্চলৰ স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি এটা ভাৰতীয় মনেৰে ভাৰতৰ ঐক্য গঢ়ি তোলা মনোভাব এটাৰহে পোষকতা কৰোঁ৷ প্ৰত্যেক ৰাজ্য তথা অঞ্চলক সমান দৃষ্টিৰে চাই, সম-উন্নয়নৰ আৰু সম-বিকাশৰ দায়িত্ব প্ৰত্যেক ৰাজ্যক দিয়াৰ সাংবিধানিক অধিকাৰেৰে এখন যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ভাৰতবৰ্ষ গঢ়ি তোলাটো মই বিচাৰোঁ৷

মই বিচাৰোঁ যে মই যাতে অসমীয়াৰ নিজৰ পৰিচয়ৰ গৌৰৱেৰে নিজকে ভাৰতীয় বুলি ক’ব পাৰোঁ৷ মই সেইবাবে মোৰ প্ৰথম পৰিচয় অসমীয়া বুলি আৰু দেশীয় পৰিচয় ভাৰতীয় বুলি ক’বলৈ ভাল পাওঁ৷ অসমীয়াত্বৰ গৌৰৱ হেৰুৱাই মই কেনেকৈ ভাৰতীয় হ’ম? ৰাজনৈতিক, অৰ্থনৈতিক ক্ষমতাৰে একপক্ষীয়ভাৱে ভাৰতবৰ্ষৰ দৰে এখন বিচিত্ৰ গৌৰৱোজ্জ্বল ভাষা-সংস্কৃতিৰ দেশক গঢ় দিয়াৰ ঐককেন্দ্ৰিক মনোভাব শেষ পৰ্য্যন্ত মানুহে গ্ৰহণ কৰিবলৈ সন্মত নহ’ব৷ এই বিশেষ দিশটো উপলব্ধি কৰিব পাৰিলেহে ‘ভাৰত মহাভাৰত’ হৈ থাকিব৷।