বিশ্ব সুখানুভূতি সূচাংক তালিকাত পাকিস্তান, বাংলাদেশৰ বহু তলত মোদী শাসিত ভাৰত


Image Description

ভাৰত বিশ্বগুৰু হোৱাৰ পথত। মোদীৰ নেতৃত্বত অচিৰেই ভাৰত বিশ্বগুৰু হ'ব। মোদীবাহিনী বিজেপিৰ এই কথা শুনি শুনি মানুহৰ কাণ ঘোলা হৈ গৈছে। কোটি কোটি নিবনুৱাৰ চাকৰি–বাকৰি একো নাই। অসংখ্যজন সংস্থাপনহীন হ'ল। উচ্চ শিক্ষা আৰু স্বাস্থ্যৰ বাজেট কম কৰা হ'ল। কৃষকৰ মাটি বৃহৎ পুঁজিপতি গোষ্ঠীক গটোৱাৰ কূট–কৌশল অহৰহ চলি আছে। তথাপিও অকণমানো লাজ–কাজ নোহোৱাকৈ মোদীবাহিনীৰ মুখত অনবৰতে আখৈ ফুটাদি বিশ্বগুৰু হোৱাৰ কথা ফুটে। বিশ্বগুৰু দূৰৰ কথা ভাৰত এতিয়া আফগানিস্তানৰ শাৰীলৈ অৱনমিত হোৱাৰহে পথত।

'দ্য ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্স ৰিপ'ৰ্ট ২০২১' ( The World Happiness Index Report 2021– বিশ্ব সুখানুভূতি সূচাংক প্ৰতিবেদন ২০২১) অলপতে প্ৰকাশ কৰা হয়। বিশ্বৰ ১৪৯ খন দেশক সামৰি প্ৰকাশ কৰা এই প্ৰতিবেদনত প্ৰথম তিনিখন সুখী লোকৰ দেশ হিচাপে ক্ৰমে ফিনলেণ্ড, ডেনমাৰ্ক আৰু ছুইজাৰলেণ্ডক অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্বগুৰুৰ ফিতাহি মৰা মোদীশাসিত ভাৰতৰ স্থান হৈছে তালিকাৰ ১৩৯ নম্বৰ। ১৪৯ নম্বৰ স্থানত আছে আফগানিস্তান। অনবৰতে মোদীৰ বিজেপিয়ে তুচ্ছ-তাচ্ছিল্য কৰা পাকিস্তানৰ স্থান ভাৰতৰ বহু ওপৰত। তালিকাত পাকিস্তানৰ স্থান ১০৫ আৰু বাংলাদেশ আছে ১০১ নম্বৰ স্থানত।