ভাৰতবৰ্ষৰ ফেডাৰেল গাঁথনি : উত্তৰণৰ পথ


Image Description

ভাৰতীয় সংবিধানৰ একাদশ অংশই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত বিধায়িনী, প্ৰশাসনীয় আৰু কাৰ্য্যকৰী ক্ষমতাৰ বিতৰণ নিৰ্দিষ্ট কৰিছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিধান ৰচনা কৰাৰ পৰিসীমা নিৰ্দ্ধাৰণ কৰা ক্ষমতাবোৰ কেন্দ্ৰীয় [ইউনিয়ন] তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকাত উল্লেখ কৰা আছে৷ আনকথাত, ভাৰতবৰ্ষৰ ফেডাৰেল গাঁথনিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্ক বুজায়৷ ই দুই ধৰণৰ ৰাজনীতিক সাঙুৰি লোৱাৰ এটা আনুষ্ঠানিক ব্যৱস্থা; এক ধৰণৰ হ’ল, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনীতি আৰু আনবিধ হ’ল আঞ্চলিক বা ৰাজ্যিক পৰ্য্যায়ৰ ৰাজনীতি৷ সংবিধানৰ অনুচ্ছেদ ৩৭০ত থকা অস্থায়ী ধৰণৰ সুবিধাই জম্মু আৰু কাশ্মীৰক আন ৰাজ্যসমূহৰ তুলনাত সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে৷ অৱশ্যে ২০১৯ চনত সংসদে উক্ত সুবিধা প্ৰত্যাহাৰ কৰিছে৷ সংবিধান অনুসৰি কেন্দ্ৰীয়শাসিত অঞ্চলবোৰ কেন্দ্ৰই পোনপটীয়াকৈ শাসন কৰে৷

কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিতৰণ সংবিধানে নিৰ্দ্ধাৰণ কৰে আৰু বিধায়নী কাম-কাজ তিনিখন তালিকাত বিভক্ত – কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা৷ তালিকা তিনিখনৰ পৰিসৰ বঢ়াবলৈ বা সংশোধন কৰিবলৈ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৬৮অনুসৰি সংসদে বিধান প্ৰণয়ন কৰিব লাগিব আৰু অধিকাংশ ৰাজ্যই অনুমোদন জনাব লাগিব৷ সেয়েহে, ফেডাৰেল গাঁথনি ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যৰ এটা অংশ, যিটো আনকি সংসদেও দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক পৰ্য্যালোচনা অবিহনে সাংবিধানিক সংশোধনৰ জৰিয়তে সলনি কৰিব নোৱাৰে৷

কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব হ’ল সংবিধানৰ অনুচ্ছেদ ৩৫৫ আৰু অনুচ্ছেদ ২৫৬ অনুসৰি প্ৰতিখন ৰাজ্য চৰকাৰৰ শাসন নিশ্চিত কৰা৷ অৱশ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিজৰ নিজৰ নিয়ন্ত্ৰণত সুকীয়া প্ৰশাসনীয় আৰু কাৰ্য্যকৰী ব্যৱস্থাপনা আছে৷ বিধায়িনী আৰু প্ৰশাসনীয় বিষয়ত কেন্দ্ৰই ৰাজ্যখন ৰাষ্ট্ৰপতিৰ শাসনত নাথাকিলে ৰাজ্যখনৰ সাংবিধানিক অধিকাৰ আৰু ক্ষমতা অৱনমিত কৰিব নোৱাৰে৷ একে ধৰণে, ৰাজ্যসমূহে প্ৰশাসনীয় বিষয়ত কেন্দ্ৰীয় বিধিবোৰ লংঘন কৰিব নোৱাৰে৷ এখন ৰাজ্যত সাংবিধানিক বিধি-ব্যৱস্থা ভাঙি পৰিলে ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ প্ৰশাসন ভাৰতীয় সংবিধানৰ অনুচ্ছেদত ৩৫৭ অনুসৰি সংসদৰ অনুমোদন ধৰি লৈ [ex-facto] নিজৰ অধীনলৈ আনে৷ অনুচ্ছেদ ২৮২য়ে ৰাজ্যসমূহক নিজৰ বিত্তীয় সম্পদৰাজিক জনসাধাৰণৰ বাবে ব্যয় কৰিবলৈ বিত্তীয় স্বাধীনতা দিয়ে৷ ৰাজ্যসমূহে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৯৩ৰ অধীনত অনুমোদন নোহোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ধাৰ ল’ব পাৰে৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে সঞ্চিত কেন্দ্ৰীয় পুঁজিক পৰিশোধ কৰিবলগীয়া ধাৰৰ বেলিকা চৰ্তবোৰ মানিবলৈ ৰাজ্যসমূহক দাবী কৰিব পাৰে৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় ৰাজহ ৰাজ্যসমূহৰ মাজত বিতৰণৰ পৰামৰ্শ দিবলৈ এখন বিত্তীয় আয়োগ গঠন কৰে৷

সংবিধানৰ কেতবোৰ মৌলিক বৈশিষ্ট্য এখন একক বা কেন্দ্ৰীভূত [unitary] চৰকাৰৰ অনুকূলে যায়৷ সেইবোৰ হ’ল-

[১] সংবিধানে উমৈহতীয়া তালিকাৰ বিষয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা নিশ্চিত কৰিছে৷ সংসদে একেটা বিষয়ৰ ওপৰত ৰাজ্যিক বিধান সভাই প্ৰস্তুত কৰা বিধিক নেওচিবলৈ আইন ৰচনা কৰিব পাৰে৷ সংসদক ৰাজ্যিক তালিকাৰ কেতবোৰ বিষয়ত আইন প্ৰণয়ন কৰিবলৈকো ক্ষমতা দিছে৷

[২] উচ্চ সদনত [ৰাজ্য সভাত] ৰাজ্য এখনৰ প্ৰতিনিধিৰ সংখ্যা ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে৷ উদাহৰণ স্বৰূপে উত্তৰ প্ৰদেশৰ প্ৰতিনিধিৰ সংখ্যা ৩১জন৷ আনহাতে গোৱা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৰু ৰাজ্যসমূহৰ বাবে এজনকৈ প্ৰতিনিধি আছে৷ এটা আদৰ্শনীয় ফেডাৰেল গাঁথনিত সকলো ৰাজ্যৰে সকলো ৰাজ্যৰে সমান প্ৰতিনিধি থকা উচিত৷

[৩] ভাৰতবৰ্ষত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কাৰ্য্যকৰী বিভাগ বিধায়িনীৰ অংশবিশেষ৷ এই ব্যৱস্থাটো চৰকাৰৰ বিভিন্ন অংগৰ মাজত ক্ষমতা বিতৰণ নীতিৰ পৰিপন্থী৷

[৪] ভাৰতবৰ্ষত লোক সভা ৰাজ্য সভাতকৈ অধিক ক্ষমতাশালী, আৰু এই ব্যৱস্থাটোও ফেডাৰেল গাঁথনি নীতিৰ পৰিপন্থী৷

[৫] সংবিধানৰ অনুচ্ছেদ ৩৫৬এ কেন্দ্ৰীয় চৰকাৰক জৰুৰীকালীন ক্ষমতা প্ৰদান কৰিছে, যেনে, ৰাজ্যৰ ওপৰত জৰুৰীকালীন অৱস্থা আৰোপ কৰিলে কেন্দ্ৰই অধিক নিয়ন্ত্ৰণ ক্ষমতা আহৰণ কৰে৷ সংবিধানৰ এই সুবিধাই নিসন্দেহে ৰাজ্যৰ স্বায়ত্বশাসনক অৱনত কৰিছে৷

[৬] ভাৰতীয় সংবিধান আৰু ইয়াৰ অধীনৰ বিধিবোৰে মাথোঁ এক-নাগৰিকত্বহে পোষকতা কৰে৷

[৭] এখন ৰাজ্যৰ ৰাজ্যপালৰ নিযুক্তিত ৰাজ্য চৰকাৰৰ কোনো মত নাথাকে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যপালক নিযুক্তি দিয়ে, আৰু ৰাজ্যপালগৰাকী ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি৷

[৮] একমাত্ৰ সংসদে এখন ৰাজ্যৰ মাটি-কালি বৃদ্ধি বা হ্ৰাস কৰি ৰাজ্যখনৰ সীমা সলনি কৰিব পাৰে৷ সংসদে এখন ৰাজ্যৰ নামো সলনি কৰিব পাৰে৷

[৯] আইএএছ, আইএফএছ, আইপিএছ আদি সৰ্বভাৰতীয় সেৱাসমূহৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ কাৰ্য্যকৰী ক্ষমতাত হস্তক্ষেপ কৰে৷

[১০] কেন্দ্ৰ আৰু ৰাজ্যসমূহত মুক্ত আৰু ন্যায়সঙ্গত নিৰ্বাচন পৰিচালনাৰ বাবে দায়বদ্ধ ভাৰতৰ নিৰ্বাচন আয়োগৰ সকলো সদস্যক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে৷

[১১] এখন ৰাজ্যৰ ৰাজ্যপালে কিছুমান বিধায়িনী বিল ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে ৰাখি থ’ব পাৰে৷ সঁচা কথা ক’বলৈ গ’লে এনেবোৰ বিলৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ বাধাপ্ৰদানৰ সম্পূৰ্ণ কতৃৰ্ত্ব থাকে৷ এই ব্যৱস্থাটো ফেডাৰেল গাঁথনি নীতিৰ পৰিপন্থী৷

[১২] কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে হিচাপ পৰীক্ষা কৰিবলৈ ভাৰতৰ ক’ণ্ট্ৰ’লাৰ আৰু অডিটৰ জেনেৰেলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে৷

[১৩] ৰাজ্যিক বিধান সভা বা ৰাজ্য চৰকাৰৰ ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আদিৰ দৰে মূল চৰকাৰী চাকৰিয়ালক অপসাৰণ কৰিবলৈ কোনো কতৃৰ্ত্ব নাথাকে৷

[১৪] ভাৰতৰ ফেডাৰেল গাঁথনিৰ ব্যৱস্থাটো এনেদৰে গঢ়ি তোলা হৈছে যে অৰ্থনৈতিক ক্ষেত্ৰত ৰাজ্যসমূহক সমদৃষ্টিৰে নোচোৱাৰ প্ৰৱণতা চকুত পৰা বিধৰ হৈছে৷ উদাহৰণ স্বৰূপে, MNREGৰ দৰে আঁচনি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ প্ৰয়োজন, যিটো ব্যৱস্থা সংবিধানৰ অনুচ্ছেদ ২৮২ৰ বিপৰীতে যায়৷ পৰিহাসৰ কথাটো হ’ল যে, কেন্দ্ৰীয় পৰিকল্পনা আৰু আঁচনিসমূহৰ অনুদান কেন্দ্ৰত অধিষ্ঠিত দলটোৰ দ্বাৰা নিয়ন্ত্ৰিত৷ কাৰ্য্যক্ষেত্ৰত প্ৰায়ে দেখা যায় যে, ৰাজ্যসমূহক অনুদান দিয়া বিষয়টো প্ৰয়োজনতকৈ ৰাজনৈতিক দিশৰ পৰা বিবেচনা কৰাৰ সাধাৰণ প্ৰৱণতা পৰিলক্ষিত হয়৷

ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰতে দীঘল লিখিত সংবিধান৷ সংবিধান প্ৰণয়ন সভাৰ আলোচনাবোৰে দেখুৱায় যে, সংবিধান প্ৰণেতাসকলে বিভিন্ন সংবিধানৰ উৎকৃষ্ট দিশবোৰ গ্ৰহণ কৰিবলৈ আৰু কোনো বিশেষ সাংবিধানিক ব্যৱস্থাৰ দোষবোৰ আঁতৰাবলৈ চেষ্টা কৰি শেষত এটা মধ্যম পন্থা গ্ৰহণ কৰিছিল৷ খচৰা সমিতিখনে আমাৰ সংবিধানখনক ফেডাৰেল গাঁথনিৰ আখ্যা দিলেও কাৰ্য্যতঃ সংবিধানখন সম্পূৰ্ণৰূপে কেন্দ্ৰীভূতও নহয় বা ফেডাৰেল গাঁথনিৰো নহয়৷ সংবিধানৰ প্ৰাধান্য, সংবিধানৰ পৰা ৰাজ্যই আহৰণ কৰা ইয়াৰ অস্তিত্ব, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ নিজৰ নিজৰ বিধায়িনী আৰু কাৰ্য্যকৰী ক্ষমতাৰ প্ৰয়োগ আৰু সেইবোৰৰ ন্যায়িক পৰ্য্যালোচনা কৰিবলৈ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ক ক্ষমতা অৰ্পণৰ দৰে ফেডাৰেল গাঁথনিৰ কেতবোৰ উৎকৃষ্ট বৈশিষ্ট্য আমাৰ দেশত বিৰাজমান৷

ফেডাৰেল গাঁথনিৰ ধাৰণাটো আমাৰ সংবিধানত মৌলিক বৈশিষ্ট্য বুলি উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতো এনে ভাৰসাম্য বিনষ্ট কৰিবলৈ কেন্দ্ৰৰ প্ৰৱণতা দেখা পোৱা যায় (2002 (9) SCC 232, ITC Ltd. Agricultural Produce Market Committee at para 58)৷ এই ক্ষেত্ৰত সংবিধানৰ বিয়াল্লিছতম সংশোধনক ফেডাৰেল গাঁথনিক অৱনমিত কৰাৰ ঐতিহাসিক ব্যৱস্থা বুলি গণ্য কৰিব পাৰি, যিটোৱে কেবাটাও বিষয়ত ৰাজ্যৰ স্বাধীনতা ক্ষুণ্ণ কৰিছিল৷ উদাহৰণ স্বৰূপে, ৰাজ্য এখনত কেন্দ্ৰৰ অস্ত্ৰসজ্জিত বাহিনী নিয়োগ কৰাৰ কত্তৃৰ্ত্ব কেন্দ্ৰক প্ৰদান কৰি অনুসূচী সপ্তম তালিকা ১ অন্তভুৰ্ক্তি ২ক-ৰ বিধান কৰিছিল৷ ইয়াৰ উদাহৰণ স্বৰূপে, পশ্চিম বংগৰ বিজেপি বিধায়কক কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা প্ৰদান কৰাৰ কথাটো দাঙি ধৰিব পাৰি৷ আন এটা উল্লেখযোগ্য ঘটনা হ’ল যে, পূৰ্বতে অনুসূচী সপ্তম তালিকা ২ অন্তৰ্ভুক্তি ১৯-ৰ জৰিয়তে সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ বিষয় হিচাবে থকা ‘বনাঞ্চল’ক অন্তৰ্ভুক্তি ১৭ ক-ৰ জৰিয়তে উমৈহতীয়া তালিকাত অন্তৰ্ভুক্তকৰণে প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্বাধীনতা ক্ষুণ্ণ কৰি বনাঞ্চলৰ বিষয়ে আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কৰ্ত্তৃত্ব দিছে৷

সেইদৰে সংবিধানৰ অনুচ্ছেদ ৩৬০ত অনুধাৱন কৰা অনুসৰি ৰাজ্যই বিত্তীয় জৰুৰীকালীন অৱস্থা সৃষ্টি নকৰাকৈ নিজৰ বিত্তীয় পৰিস্থিতি পৰিচালনা কৰাৰ স্বাধীনতা থাকিলেও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ কৰ সংগ্ৰহ কৰাৰ ব্যৱস্থাটোৰ সলনি গোটেই দেশতে সমকৰ নীতি জাপি দিবলৈ চেষ্টা চলাই আহিছে৷ ৰাজ্যসমূহৰ ওপৰত সুকীয়া প্ৰভাৱ কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰা নাই৷ অলপতে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে [2017 (12) SCC ৰ, Jindal Stainless Ltd. vs. State of Haryana] জিএছটি নীতিবিৰোধী প্ৰৱেশ কৰ আৰোপৰ ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰক স্বীকৃতি দিছে৷

দেশৰ ফেডাৰেল গাঁথনিত আঁচোৰ পেলোৱাৰ সম্ভাৱনা থকা কেন্দ্ৰৰ আন উল্লেখনীয় পদক্ষেপবোৰ হ’ল জিএছটি আইন প্ৰণয়ন, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰূপায়ণ, কৃষিপাম আইন, ইত্যাদি৷ আনকি ক’ভিড-১৯ মহামাৰীৰ ছিটা বিতৰণৰ কেন্দ্ৰীয় চৰকাৰৰ নীতিও এনে দোষৰ পৰা মুক্ত নহয়৷

ছিটা বিতৰণৰ কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ সন্দৰ্ভত মাননীয় ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে. মন্তব্য দিছে যে, “Article 1 says Bharat is an Union of States. When the constitution says that, we follow the federal rule. Then the Government of India has to procure the vaccines and distribute it … …” ফেডাৰেল গাঁথনিটোত আঁচোৰ পেলাবলৈ কেন্দ্ৰৰ প্ৰচেষ্টাৰ অতি শেহতীয়া উদাহৰণটো হ’ল ঘূৰ্ণীবতাহ ‘ৱাছ’ ৰ সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধান মন্ত্ৰীক লগ নধৰাৰ সন্দৰ্ভত মুখ্য সচিবগৰাকীক কেন্দ্ৰৰ লগত সংলগ্নকৰণ৷ এনেবোৰ ঘটনা মৌলিক বৈশিষ্ট্য হিচাবে ফেডাৰেল গাঁথনিৰ সাংবিধানিক লক্ষ্যত উপনীত হ’বলৈ মংগলজনক নহয়৷

ডাঃ বি.আৰ.আম্বেদকাৰে এবাৰ কৈছিল যে, ভাৰতীয় সংবিধান ‘সময় আৰু পৰিস্থিতিৰ প্ৰয়োজনত কেন্দ্ৰীভূত [unitary] ব্যৱস্থাও হয়, ফেডাৰেল গাঁথনিও হয়৷ উচ্চতম ন্যায়ালয়ে বহুবাৰ ৰায় দিছে যে, ফেডাৰেল গাঁথনি সংবিধানৰ মৌলিক বৈশিষ্ট্য৷ কেতবোৰ ৰায়ত উচ্চতম ন্যায়ালয়ে বাস্তৱভিত্তিক [pragmatic] ফেডাৰেল গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ জাতীয়ত্বই এখন ৰাষ্ট্ৰৰ সৈতে আত্মপৰিচয়ৰ ধাৰণা বুজায, জাত-পাত-সংস্কৃতি-অঞ্চল অতিক্ৰমি দেশখনৰ সকলো নাগৰিকৰ লগত বিনিময় কৰা এটা উপলব্ধি বুজায়৷ এইটো প্ৰায়ে কোৱা হয় যে, ভাৰতবৰ্ষত ভিন্নতাৰ মাজতো একতা বিৰাজমান৷ সংবিধান প্ৰণেতাসকলে আশা পোষণ কৰা অনুসৰি এনে একতাক দেশৰ ফেডাৰেল গাঁথনিটো শক্তিশালীকৰণৰ জৰিয়তে অক্ষুণ্ণ ৰাখি আগবঢ়াই নিব পাৰি৷ ফেডাৰেল গাঁথনিৰ ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনীয়তা অতি জৰুৰীভাৱে আহি পৰিছে৷এনে ধাৰণাৰে আগবাঢ়িব পাৰি যে, দেশৰ প্ৰতিৰক্ষা, আভ্যন্তৰীণ নিৰাপত্তা, বহিঃপৰিক্ৰমা, সংযোগ ব্যৱস্থা, আদি কেন্দ্ৰই নিয়ন্ত্ৰণ কৰা উচিত৷ আৰু আনবোৰ বিষয়ত ৰাজ্যবোৰৰ স্বাধীনতা থকা উচিত৷

উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছিল, “True, the Parliamentary legislation has supremacy as provided under Article 246 (1) and (2). This is of relevance when the field of legislation is on Concurrent list. While maintaining Parliamentary supremacy one cannot give a go by Federalism which has been held to be a basic feature of the Constitution. The Constitution of India deserves to be interpreted, language permitting, in a manner that it does not whittle down the power of the State legislature and preserves the Federalism while also upholding the Central supremacy as contemplated by some of its Articles”.

[ITC Ltd (Supra)]৷

একেটা ৰায়ত উচ্চতম ন্যায়ালয়ে আৰু কৈছিল যে, “the fact that under the scheme of our Constitution, greater power is conferred upon the Centre vis-à-vis the States, does not mean that the States are mere appendages of the Centre. Within the sphere allocated to them the States are supreme, the Centre cannot tamper with their power”.

আঞ্চলিকতাবাদে, ইতিবাচক অৰ্থত: একোটা বিশেষ অঞ্চলৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ মানুহৰ মাজত ভ্ৰাতৃত্ববোধ আৰু একতাক গঢ় দিয়ে৷ ই ৰাজ্যখনৰ আৰু ৰাজ্যবাসীৰ জনহিতকৰ কাম-কাজ আৰু উন্নয়নক উৎসাহিত কৰে৷ ভাৰতবৰ্ষত সোঁ-মধ্যমপন্থীয়ে সদায়ে আঞ্চলিকতাবাদৰ এখন নেতিবাচক ছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰে৷ ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ শিপাডাল ঔপনিৱেশিক নীতিসমূহৰ মাজত বিচাৰিব পাৰি৷ ঔপনিৱেশিক শাসকগোষ্ঠীৰ ৰাজকীয় আৰু প্ৰেছিডেন্সী প্ৰদেশবোৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভিন্ন দৃষ্টিভঙ্গীকে মূলতঃ ভাৰতবৰ্ষত আঞ্চলিকতা গঢ় লোৱাৰ মূল কাৰক বুলি ক’ব পাৰি৷ ঔপনিৱেশিক গোষ্ঠীয়ে কেতবোৰ অঞ্চলক সম্পূৰ্ণৰূপে অৱহেলা কৰা বাবে অৰ্থনৈতিক অসমতা আৰু আঞ্চলিক বৈষম্যতাৰ সৃষ্টি হৈছিল৷ ১৯৪০ চনত বৰ্তমানৰ তামিলনাদুত দ্ৰাবিড়ীয় আন্দোলন আৰম্ভ হৈছিল৷ পিছৰ ১৯৫০ আৰু ১৯৬০ চনৰ সময়ছোৱাত দক্ষিণৰ ৰাজ্যসমূহত আঞ্চলিক আশা-আকাংক্ষা বাঢ়িছিল৷ তাৰ মাজতে ৰাজ্য [পুনৰ্গঠন] আইন ১৯৫৬ৰ অধীনত ভাষাভিত্তিক ৰাজ্যসমূহে বাস্তৱ ৰূপ লয়৷ ১৯৭০ আৰু ১৯৮০ চনত ভাৰত চৰকাৰে পৃথকীকৰণ আৰু সুকীয়া ৰাজ্যৰ দাবীত গঢ় লোৱা জনজাতীয় উগ্ৰবাদৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব অঞ্চল [পুনৰ্গঠন] আইন ১৯৭১ গ্ৰহণ কৰে৷ অসমত বিদেশী নাগৰিকৰ বিৰুদ্ধে আৰম্ভ হোৱা অসম আন্দোলনে [১৯৭৯-১৯৮৫] আঞ্চলিক আশা-আকাংক্ষা তীব্ৰতৰ কৰিছিল৷ আনকি ২০০০ৰ সময়ছোৱাতো আঞ্চলিক বৈষ্যমতাৰ বাবে পৃথক ৰাজ্য গঠনৰ আন্দোলন চলিছিল৷ ইয়াৰ পৰিণতিত ছতীশগড়, ঝাড়খণ্ড আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্য গঠন হৈছিল৷ শেহতীয়াকৈ ২০১৪ চনত অন্ধ্ৰ প্ৰদেশৰ পৰা কাটি আনি তেলেঙ্গানা ৰাজ্য গঠন কৰা হৈছিল৷

আঞ্চলিকতাবাদক বহু সময়ত বিচ্ছিন্নতাবাদ বুলি ভুলকৈ বুজা যায়৷ বহুতে বিদেশীৰ বিৰুদ্ধে চলোৱা অসম আন্দোলনক বিচ্ছিন্নতাবাদী আন্দোলন বুলি ভুল প্ৰতিচ্ছবি দাঙি ধৰিছিল৷ উচ্চতম ন্যায়ালয়ে [2005 (5) SCC 665, Sarbananda Sonowal vs. Union of India] সীমাৰ সিপাৰৰ পৰা ভাৰতবৰ্ষলৈ অহা বৃহৎ সংখ্যক মানুহৰ অনুপ্ৰৱেশক ‘এটা আক্ৰমণ’ বুলি কোৱাৰ পিছত বোধহয় বিতৰ্কটোৰ সামৰণি পৰিছে৷ এইটোও কোৱা হৈছিল যে, অবৈধ প্ৰবজনৰ মাত্ৰাটোৱে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৫৫ অনুসৰি অসম ৰাজ্যক এনে বহিঃআক্ৰমণৰ পৰা ৰক্ষণাৱেক্ষণ দিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত দায়িত্ব আহি পৰিছিল৷ উচ্চতম ন্যায়ালয়ে একেটা ৰায়ত আৰু কৈছিল যে, “Thus, the Bangladeshi nationals who have illegally crossed the border and have trespassed into Assam or are living in other parts of the country have no legal right of any kind to remain in India and they are liable to be deported”. উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ প্ৰতি সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাগৰিকত্ব [সংশোধন] আইন, ২০১৯ৰ বৈধতা সম্পৰ্কে অনুধাৱন কৰিব পাৰি৷ বাস্তৱত, সেয়েহে, অসম আন্দোলন ৰাষ্ট্ৰৰ সুৰক্ষাৰ হকে চলোৱা এটা ৰাষ্ট্ৰীয়তাবাদী আন্দোলন আছিল৷

বিচ্ছিন্নতাবাদ এক প্ৰকাৰৰ আঞ্চলিকতাবাদ যিটোৰ লগত গোষ্ঠীগত পৰিচয় বা আন কোনো কাৰকৰ আধাৰত সশস্ত্ৰ আৰু মৌলবাদী গোটবোৰ ভাৰতবৰ্ষৰ পৰা আঁতৰি যোৱাৰ দাবী জড়িত হৈ থাকে৷ পৃথকীকৰণৰ লগত ভাৰতবৰ্ষৰ ভিতৰতে সুকীয়া ৰাজ্যৰ দাবী জড়িত থাকে৷ ভাৰতবৰ্ষত এইটো প্ৰায়ে দেখা যায় যে, ভাষিক বা জাতিগত সংখ্যালঘু গোটবোৰ ৰাজ্যখনৰ সংখ্যাগুৰু গোটৰ বিৰুদ্ধে একত্ৰিত হয়৷ ৰাজ্য পুনৰ্গঠন আইন ১৯৫৬ আৰু উত্তৰ-পূব ৰাজ্য পুনৰ্গঠন আইন ১৯৫৬ সত্বেও বড়ো, গোৰ্খা আৰু আনবোৰ গোটৰ সুকীয়া ৰাজ্যৰ দাবী এতিয়াও অব্যাহত আছে৷

ভাৰতীয় সংবিধানত পৃথকীকৰণ প্ৰৱণতাৰ পৰা উদ্ভৱ হোৱা সমস্যাৱলী সমাধান কৰিবলৈ বিভিন্ন আনুষ্ঠানিক ব্যৱস্থা আছে৷ বিশেষকৈ উত্তৰ-পূব অঞ্চলৰ জাতিগত পৃথকীকৰণ আৰু জনজাতীয় বিচ্ছিন্নতাবাদৰ সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচী প্ৰয়োগ কৰিছে৷ এই ক্ষেত্ৰত ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্বশাসিত আঞ্চলিক পৰিষদ বা জিলা পৰিষদৰ গঠন বিশেষভাৱে উল্লেখযোগ্য৷ মূল ভাষাসমূহ অষ্টম অনুসূচীত অন্তভুৰ্ক্ত কৰি আৰু ৰাজ্যৰ সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ ভাষাক শিক্ষাৰ মাধ্যম আৰু চৰকাৰী ব্যৱহাৰৰ বাবে স্বীকৃতি দি ৰাজ্যৰ ভাষা নীতিক বহুখিনি আগুৱাই নিয়া হৈছে৷ এইটো কোৱাটো অপ্ৰয়োজনীয় যে, এনে ব্যৱস্থাৱলীয়ে ভিন্ন জনগোষ্ঠীৰ লগত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সমন্বয় সাধনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে৷ এটা অৰ্থত, এনে ব্যৱস্থাৱলীয়ে দেশৰ বহুত্ববাদী বৈশিষ্ট্য, অৰ্থাৎ ভিন্নতাৰ মাজত একতা সংৰক্ষণত সহায় কৰিছে৷

একে ধৰ্ম, সংস্কৃতি আৰু জাতিগতৰ আধাৰত গঠন হোৱা বহু দেশৰ বিপৰীতে ভাৰতবৰ্ষ বহু-সাংস্কৃতিক বহু ধৰ্ম আৰু বহু-তাষিক দেশ; তথাপিও ‘ভাৰতে’ একেলগেই যাত্ৰা কৰি আছে৷ ওপৰত ব্যাখ্যা কৰাৰ দৰে ভাৰতবৰ্ষই অনুসৰণ কৰা ফেডাৰেল গাঁথনিটো কেন্দ্ৰৰ পিনে ঢাল খোৱা৷ ৰাজ্য পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় বিত্তৰ বাবে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীলতা এটা প্ৰধান কাৰণ যিটোৱে ৰাজ্যসমূহৰ স্বাধীনতা ক্ষুণ্ণ হোৱাৰ অৱকাশ আনি দিয়ে৷ এইটো কাৰকৰ লগতে আঞ্চলিকভিত্তিক ৰাজনৈতিক সঞ্চালন ভাৰতবৰ্ষত আঞ্চলিকতাকবাদ প্ৰসাৰৰ বাবে দায়ী৷ ভাৰতবৰ্ষৰ ৰাজনীতিৰ এটা আচহুৱা দিশ হ’ল যে এখন ৰাজ্য চলোৱা আৰু কেন্দ্ৰত অধিষ্ঠিত দল দুটা একে নহ’লে ৰাজ্যখন অৱহেলিত হয়, আৰু একে হ’লে ৰাজ্যখনক কেন্দ্ৰই সাধাৰণতে সহায় কৰে৷ ৰাজনীতিসকলে অতি বিপদজনক পৰিণতি ভাবি নোচোৱাকৈ এনে ধৰণৰ অস্বাস্থ্যকৰ ৰাজনীতিত লিপ্ত হয়৷

ভাৰতৰ দৰে এখন বহু ধৰ্ম-ভাষা-সংস্কৃতিৰ বহুত্ববাদী দেশত আঞ্চলিকতাৰ উত্থান অৱধাৰিত, ধাৰণাগতভাৱে, আঞ্চলিকতাবাদক এটা ‘দোষ’ বুলিব নোৱাৰি৷ বৰঞ্চ অৰ্থনৈতিক বৈষ্যমতাৰ বাবে ই বৃদ্ধি পোৱাটো ধুৰূপ৷ সেয়েহে, সময়ৰ আহ্বান হ’ল যে বিধায়িনী আৰু প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে এই বিশেষ দিশটোৰ প্ৰতি মনযোগ দিয়া উচিত৷

সংবিধানত ধাৰণা কৰা ফেডাৰেল গাঁথনি আৰু আঞ্চলিকতাবাদৰ সহ-অৱস্থানৰ এটা সম্ভাব্য পথ হ’ল সহযোগিতামূলক ফেডাৰেল গাঁথনি, যিটো যোৱা কিছু বছৰ আলোচনাৰ বিষয়বস্তু হৈ আহিছে৷ বৰ্তমানৰ ব্যৱস্থাত ফেডাৰেল গাঁথনি তিনিখন তালিকাত বিভক্ত– কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা৷ শাসন চলাবলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হোৱা বাবে ৰাজ্যৰ অধিক দায়িত্ব আহি পৰে, কিন্তু প্ৰাসংগিকভাৱে দায়িত্ব অনুপাতে ৰাজহৰ ব্যৱস্থাটো যথাযথ নহয়৷ কাৰ্য্যক্ষেত্ৰত এইটো লক্ষণীয় হৈ পৰে যে জনহিতকৰ কামৰ বাবে ৰাজ্যৰ ৰাজহৰ অভাৱ বা ৰাজহ নাথাকে৷ স্থানীয় নিকায়বোৰৰ স্তৰত, অৰ্থাৎ একেবাৰে প্ৰাথমিক স্তৰত শাসনৰ বেলিকা, স্থানীয় নিকায়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব নোৱাৰে, নিয়াকবোৰে নিজৰ নিজৰ চৰকাৰে বান্ধি দিয়া নিয়মৰ ওপৰত নিৰ্ভৰশীল৷ তদুপৰি, স্থানীয় নিকায়ৰ ৰাজহ ৰাজ্য চৰকাৰৰ দয়াৰ ওপৰত নিৰ্ভৰশীল৷ এনেবোৰ পৰিস্থিতিত অতি জৰুৰীভাৱে ক্ষমতাৰ গাঁথনি বিকেন্দ্ৰীকৰণ কৰিবলৈ ৰাজ্য আৰু স্থানীয় নিকায়লৈ অধিক ক্ষমতা হস্তান্তৰ হোৱা উচিত৷ ই নিশ্চিত কৰিব যে কেন্দ্ৰ আৰু ৰাজ্য আৰু স্থানীয় নিকায়ে নিজৰ স্তৰত অগ্ৰাধিকাৰ ভিত্তিত যৎপৰোনাস্তি চেষ্টা কৰিব৷ এইটো উপলব্ধি হৈছে যে শাসনৰ গাঁথনিটোৰ দক্ষতা বৃদ্ধি কৰিবলৈ আমাৰ ৰাজনৈতিক ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ সময় কেতিয়াবাই আহিছে৷