অসম আৱৰ্জনাৰ ঠাই নহয়


Image Description

গণতন্ত্ৰক ভেঙুচালি কৰাসকলক আৱৰ্জনা বুলি গণ্য কৰিলে সেয়া অগণতান্ত্ৰিক হ’ব নোৱাৰে৷ মহাৰাষ্ট্ৰত ঠাই নহ'লে অসমতো নাই। ঠাই নোহোৱা বস্তুৰ এটা নাম আবৰ্জনা।

একোজন বিধায়ক বা সংসদক ৰাইজে নিৰ্বাচন কৰে নিৰ্দিষ্ট আস্থাৰে আৰু বিশ্বাসেৰে৷ জনসাধাৰণে মনতে আশা পুহি ৰাখে যে তেওঁলোকে নিৰ্বাচিত কৰা বিধায়ক বা সাংসদজনে তেওঁলোকৰ মতৰ বিৰুদ্ধে নাযায়৷

মহাৰাষ্ট্ৰৰ পৰা অসমলৈ অহা বিধায়কসকলে ধৰি লৈছে যে অসমত বিশ্বাসঘাটকে ঠাই পায়৷ চৰকাৰৰ আতিথ্য পায়৷ চৰকাৰৰ নিৰাপত্তা পায়৷

আঞ্চলিক দলৰ প্ৰতি বিজেপি দলৰ মনোভাৱ কেনেকুৱা সেয়া যোৱা আঠ বছৰে বাৰে বাৰে সাব্যস্ত হৈছে৷ আচলতে বিজেপি দলে আঞ্চলিক দলবোৰক এক প্ৰকাৰৰ আৱৰ্জনা হিচাবে গণ্য কৰি আহিছে৷ কেৱল নিজে ক্ষমতাত থাকিবলৈ প্ৰয়োজনীয় আৱৰ্জনাবোৰ গোটাই ল’বলৈ অকণো কুন্ঠাবোধ নকৰে৷

বিজেপি দলে নৈতিকতা ৰক্ষা কৰি ৰাজনীতি কৰা নাই৷

বিজেপি দলে ৰাজনীতি কৰিছে জীয়া ফাঁকিৰ আধাৰত৷ অবৈধ ধনৰ আধাৰত৷ ৰাজনীতি কৰিছে সাধাৰণ মানুহৰ বৃত্তীয় দুৰাৱস্থাক ভেঙুচালি কৰি৷

এফালে এহাজাৰ টকা দি আনফালে বস্তু-বাহানিৰ দাম আকাশলঙঘী কৰি দিয়া ধনতকৈ বহুত বেছি আদায় কৰি লৈছে৷ ই প্ৰবঞ্চনা আৰু গভীৰ প্ৰতাৰণা৷

মানুহে বিজেপিৰ ৰাজনৈতিক চলনা আৰু ভণ্ডামি বুজি পোৱাৰ সময় হ’ল৷

বিজেপি দলে মাৰাঠী জাতীয়তাবাদৰ অস্তিত্ব নিবিচাৰে, ঠিক যিদৰে অসমীয়া জাতীয়তাবাদৰ অস্তিত্ব নিবিচাৰে৷ বিজেপি দলে অন্যান্য জনগোষ্ঠীৰ জাতীয়তাবাদৰ আধাৰত গঠন হোৱা দলবোৰকো গিলি আছে।

দোষ বিজেপিৰ ওপৰত জাপি দিয়াৰ সলনি আঞ্চলিক দলবোৰৰ ওপৰতহে জনসাধাৰণে আৰোপ কৰা উচিত৷

যোৱা আঠ বছৰে মোডী চৰকাৰে বাৰে বাৰে প্ৰতীয়মান কৰাইছে যে দলটোৱে গণতান্ত্ৰিক কাৰ্য্যপদ্ধতিত বিশ্বাস নকৰে৷ ধৰ্মৰ আধাৰত ৰাজনীতি ভাৰতীয় সংবিধানে প্ৰশ্ৰয় নিদিয়ে৷ কিন্তু বিজেপি দলে তাকেই কৰি আছে৷ মানুহৰ আৱেগ-অনুভুতিৰ প্ৰতি থকা স্বাভাৱিক দুৰ্বলতাৰ সুযোগ লৈছে৷

ৰাজ্যখনত প্ৰায় পঞ্চাশ লাখ মানুহ বানপানীত আক্ৰান্ত হৈছে৷ শিলচৰত প্ৰথম মহলালৈ পানী উঠিছে৷ কিন্তু আমাৰ মন্ত্ৰী ব্যস্ত হৈ আছে মহাৰাষ্ট্ৰৰ কোনো স্বাভিমান নথকা বিধায়কৰ আত্মসন্তুষ্টিত৷

কোনোবাই কৈছে তেওঁলোক আহিছে অম্বুবাচী মেলাৰ বাবে৷ কোনোবাই কৈছে ফুৰিবলৈ আহিছে৷ অতি তৰল মনোভাৱৰ ৰাজনৈতিক নেতাসকলে দেশখনতে অসমীয়া মানুহৰ স্বাভিমানক অপমান কৰিছে৷৷