ভাৰতীয় আদালতৰ ক'লেজিয়াম ব্যৱস্থা আৰু চৰকাৰৰ হস্তক্ষেপ


Image Description

ভাৰতীয় আদালতৰ ক'লেজিয়াম ব্যৱস্থাটো এনে এক ব্যৱস্থা যি আমাৰ দেশৰ জনতাৰ বাবে বৰ বেছি পৰিচিত নহয় ৷ আমাৰ বহুতৰে বাবে ন্যায়পালিকা ব্যৱস্থাৰ ধাৰণা গণতন্ত্ৰৰ এক স্বতন্ত্ৰ স্তম্ভহে যদিও ইয়াক প্ৰায়েই ৰাজনৈতিক বিধায়িনী দলৰ ছাঁত থকা এটা স্তম্ভ হিচাপে দেখা যায়।

কিন্তু প্ৰকৃততে আমাৰ সংবিধানৰ সৌন্দৰ্য্য এনেকুৱা যে ই স্তম্ভৰ ভূমিকা, দায়িত্ব আৰু সীমা অতি শ্ৰেণীগতভাৱে ইটোৰ পৰা সিটোক পৃথক কৰি তুলিছে। গতিকে ন্যায়পালিকাক বিধায়িনী দলৰ ছাঁ বুলি অভিহিত কৰাটো শুদ্ধ নহয়। পোনপ্ৰথমে আমি বুজিব লাগিব ভাৰতীয় আদালতৰ কলেজিয়াম ব্যৱস্থাৰ অৰ্থ কি?

ভাৰতীয় আদালতৰ উচ্চতম ন্যায়ালয়কে ধৰি দেশৰ বিভিন্ন আদালতৰ ন্যায়াধীশৰ নিযুক্তি আৰু বদলি প্ৰক্ৰিয়াকে আদালতৰ পৰিভাষাত 'ক'লেজিয়াম' পদ্ধতি বা ব্যৱস্থা বুলি কোৱা হয় ৷ এই পদ্ধতি সংসদীয় ধাৰা বা সাংবিধানিক নীতিৰ আওতাত নপৰে, এক স্বাধীনচিতীয়া, স্বকীয় বৈশিষ্ট্যপূৰ্ণ পদ্ধতিৰ অন্তৰ্গত ব্যৱস্থাই হ’ল কলেজিয়াম ব্যৱস্থা।

উদাহৰণ স্বৰূপে, উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম ব্যৱস্থাত ভাৰতৰ মুখ্য ন্যায়াধীশ প্ৰমুখ্যে অন্য চাৰিজনীয়া জ্যেষ্ঠ ন্যায়াধীশ সমন্বিতে এটি পৰিষদ থাকে ৷ ঠিক তেনেদৰে উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশ প্ৰমুখ্যে ন্যায়ালয়ৰ আন দুগৰাকী জ্যেষ্ঠ ন্যায়াধীশৰ পৰিষদ থাকে ৷ এই ক্ষেত্ৰত কেৱল ক'লেজিয়াম ব্যৱস্থাৰ জৰিয়তেহে উচ্চ ন্যায়পালিকাৰ ন্যায়াধীশক নিযুক্তি দিয়া হয়।

সংশ্লিষ্ট ব্যৱস্থাৰ দ্বাৰা নাম ধাৰ্য্য কৰাৰ পাছতহে চৰকাৰৰ ভূমিকা ন্যস্ত হয় ৷ দেশৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্য ন্যায়াধীশসকলক নিযুক্তি দিয়ে। কোনো বিদায়ী মুখ্য ন্যায়াধীশ এগৰাকীয়ে তেওঁৰ পাছৰজন মুখ্য ন্যায়াধীশ কোন হ’ব, সেয়া ঠিক কৰে। কাৰ্য্যক্ষেত্ৰত অতি নিয়মানুৱৰ্তিতা অনুসাৰে জ্যেষ্ঠতাৰ ভিত্তিতহে এই প্ৰক্ৰিয়া সম্পাদন কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ অন্য ন্যায়াধীশসকলৰ ক্ষেত্ৰতো মুখ্য ন্যায়াধীশেহে সিদ্ধান্ত লয় ৷ তেখেতে ক'লেজিয়াম অৰ্থাৎ পৰিষদৰ অন্য সদস্যবৰ্গৰ সৈতে আলোচনাত মিলিত হয় ৷ ইয়াত উচ্চ ন্যায়ালয়ৰ পৰা অহা জ্যেষ্ঠ ন্যায়াধীশবৰ্গৰ লগতে স্বীকৃত ব্যক্তিজনো অন্তৰ্ভুক্ত থাকে ৷ পৰামৰ্শদাতাবৰ্গই তেওঁলোকৰ ৰায় বা মতামতসমূহ লিপিবদ্ধ কৰি নথিভুক্ত কৰে।

ক'লেজিয়ামে এই লিপিবদ্ধ নথি বা পৰামৰ্শলানি আইন মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ আইন মন্ত্ৰীয়ে উক্ত পৰামৰ্শলানি পুনৰ দেশৰ প্ৰধানসমন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু প্ৰধানসমন্ত্ৰীয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ।

একেদৰে কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰতো একেই বিধিগত পদ্ধতিকে অনুসৰণ কৰা হয়।

এই ক্ষেত্ৰত নিজ ৰাজ্যৰ বাহিৰৰ পৰা মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হয়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াত সংশ্লিষ্ট ক'লেজিয়াম অনুসাৰে ভাৰতীয় মুখ্য ন্যায়াধীশ আৰু দুগৰাকী জ্যেষ্ঠ ন্যায়াধীশেৰে গঠিত পৰিষদৰ যোগেদি পৰামৰ্শ আগবঢ়োৱা হয় ৷ উক্ত পৰামৰ্শ ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় আৰু ৰাজ্যপালক এই প্ৰস্তাৱ কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

উল্লেখযোগ্য যে ১৯৭৩ চনলৈকে ন্যায়পালিকা আৰু বিধানষসভা দুয়োৰে মাজত এক ঐক্যমত আছিল ৷ কিন্তু তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে আদালতৰ ক'লেজিয়াম ব্যৱস্থাক নসাৎ কৰি পোন প্ৰথমবাৰৰ বাবে তাত হস্তক্ষেপ কৰি তথা ক'লেজিয়ামৰ আন তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশক আওকাণ কৰি যেতিয়া দেশৰ মুখ্য ন্যায়াধীশ হিচাপে এ. এন ৰায়ক নিযুক্তি প্ৰদান কৰে তেতিয়াই এই দুয়োটা গণতান্ত্ৰিক স্তম্ভৰ (ন্যায়পালিকা আৰু বিধায়ীনিৰ) ঐক্যমতত আউল লাগে।

১৯৭৭ চনত এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি ঘটায় তেতিয়াৰ প্ৰধান মন্ত্ৰী মোৰাৰজী দেশায়ে ৷ ক্ৰমশঃ পাছৰ চৰকাৰবোৰে এনে আউলৰ পুনৰাবৃত্তি কৰা নাছিল। গতিকে ভাৰতীয় আদালতৰ ক'লেজিয়াম ব্যৱস্থাৰ আঁৰৰ সংজ্ঞা আৰু তত্ত্বৰ পৰা অনুমান কৰিব পাৰি যে আমাৰ দেশত ন্যায়াধীশ নিযুক্তিৰ লগত বিধায়িনী দলৰ কোনো সম্পৰ্ক নাই।

বৰ্তমানৰ শাসন ব্যৱস্থাই দেশৰ সংবিধানৰ সাৰমৰ্মকে ধ্বংস কৰিবলৈ অপচেষ্টা চলাইছে। ক্ষমতাৰ অপপ্ৰয়োগ কৰি এই ব্যৱস্থাই ন্যায়পালিকাৰ সৈতে মিছা যুক্তি-তৰ্ক, সংঘৰ্ষৰে বৰ্তমানৰ আইন মন্ত্ৰীগৰাকীক ন্যায়পালিকাত হস্তক্ষেপতাৰ বাবে আগবঢ়াই দিছে। তেওঁ আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি চৰকাৰে ন্যায়পালিকাৰ ক'লেজিয়াম ব্যৱস্থাত এগৰাকী চৰকাৰী প্ৰতিনিধি নিয়োগ কৰিব লাগে যাৰ জৰিয়তে ন্যায়াধীশসকলৰ নিযুক্তি প্ৰক্ৰিয়াত তেওঁৰ ভূমিকা থাকে। মোৰ মতে এয়া পোনপটীয়াকৈ ন্যায়পালিকাৰ স্বাধীনতাক আক্ৰমণ কৰাৰ দৰে কথা।

দেশৰ সংবিধান নিৰ্মাতাসকলে এই ক্ষেত্ৰত অতি স্পষ্টকৈ বিধায়িনী, সংসদীয় দায়িত্বৰাজিক সংবিধানত উল্লেখ কৰিছে। তৎসত্ত্বেও চৰকাৰৰ এনে দমনমূলক চৰিত্ৰই ন্যায়পালিকাক আঘাত সনাৰ কুচকাৱাজ চলাই আহিছে ৷ যদিও ন্যায়াধীশ নিযুক্তিকৰণৰ চূড়ান্ত তালিকা আইন মন্ত্ৰীৰ কাষলৈ প্ৰেৰণ কৰা হয়, এই ক্ষেত্ৰত আইন মন্ত্ৰী বা চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক সালসলনি কৰাত কোনো অধিকাৰ নাথাকে। পূৰ্বে উল্লেখ কৰা ১৯৭৩ আৰু ১৯৭৭ চনত এনে ন্যায়পালিকাবিৰোধী কাৰ্য্য সম্পাদন কৰা হৈছিল, তাক কিন্তু অভ্যাসত পৰিণত কৰা হোৱা নাছিল।

আমি এনে বহু দৃষ্টান্ত দেখিছোঁ য’ত ন্যায়পালিকাত কেৱল এটৰ্ণী জেনেৰেলক তিৰস্কাৰ কৰাই নহয়, চৰকাৰৰ পক্ষ লোৱা বুলি বহু সিদ্ধান্ত বাতিলকৰণো হৈছে। গতিকে এইসধৰণৰ বাহিৰৰ হস্তক্ষেপতাক ন্যায়পালিকাৰ পৰা আঁতৰাই বা মুক্ত কৰি ৰাখিবলৈ আমি সকলোৱে চৰকাৰৰ এনে সন্দেহজনক প্ৰস্তাৱৰ বিৰুদ্ধে থিয় দিয়াটো কাম্য।।