সূৰ্য্যোদয়ৰ অপেক্ষাত:
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়


Image Description

সাম্প্ৰতিক দৃষ্টিৰে চালে শিক্ষানুষ্ঠান এখনৰ গুৰুত্ব কেৱল তাৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল আৰু সংস্থাপনৰ হাৰেহে নিৰ্ধাৰণ কৰে যেন লাগে। কিন্তু ঐতিহাসিক দৃষ্টিৰে চালে দেখা যায় যে এই গুৰুত্ব নিৰ্ধাৰণ কৰে পৰৱৰ্তী সময়ৰ সমাজ, সাহিত্য-সংস্কৃতি, জ্ঞান-বিজ্ঞান আদি ক্ষেত্ৰলৈ তাৰ শিক্ষাৰ্থীসকলে আগবঢ়োৱা বৰঙণিবোৰেহে। সেইবাবেই আজি পৰীক্ষাত খুব ভাল ফল দেখুওৱা শিক্ষানুষ্ঠান এখনো কালিলৈ তেনেই অপ্ৰাসংগিক হৈ পৰিব পাৰে যদিহে তাৰ শিক্ষাৰ্থীসকলৰ সমাজলৈ কোনো বৰঙণি নাথাকে।

এই মাপকাঠিৰে জুখি চালে অসমত যিকেইখন ঐতিহ্যমণ্ডিত বিদ্যালয় আছে তাৰ ভিতৰত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুৰুত্ব অন্যতম। এই বিদ্যালয়খন স্থাপিত হৈছিল আজিৰপৰা ডেৰশ বছৰ আগত, ১৮৬৮ চনত। আৰম্ভণিতে ইয়াৰ নাম আছিল তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়। তেজপুৰত এই স্কুলখন স্থাপন হোৱাৰ আগতে ইতিমধ্যে ১৮৩৫ চনত গুৱাহাটীত গুৱাহাটী চেমিনাৰী আৰু ১৯৪১ চনত শিৱসাগৰত অসমৰ দ্বিতীয়খন সদৰ ইংৰাজী বিদ্যালয় স্থাপন হৈছিল। এই গুৱাহাটী চেমিনেৰীয়েই হৈছে আজিৰ কটন কলেজিয়েট, আৰু আনখন হৈছে বৰ্তমানৰ শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়। ইয়াৰ আগতে তেজপুৰত ১৮৩৬ চনত এখন বঙলা মাধ্যমৰ দেশীয় বা ‘ভাৰ্নাকুলাৰ’ বিদ্যালয় স্থাপন হোৱাৰ কথা উল্লেখ পোৱা যায়। পাছলৈ এই স্কুলখনো তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়খনৰ সৈতে চামিল কৰা হয়।


তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি স্কুলঘৰটোৰ এছোৱা। বৰ্তমান অব্যৱহৃত।

ঊনবিংশ শতিকা আৰু পাছলৈ স্বাধীনোত্তৰ কালৰ অসমৰ সামাজিক-সাংস্কৃতিক ইতিহাসত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱদান অতুলনীয়। কেৱল পৰীক্ষাৰ ফলাফলৰ কথাকে যদি ক’বলৈ যাওঁ, তেন্তে দেখা যায় যে প্ৰতিষ্ঠাপনৰ কেইবছৰমান পিছৰপৰাই তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ বহুতো ছাত্ৰই এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি গোটেই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। কেৱল সেয়াই নহয়, পিছৰ সময়বোৰতো এই ছাত্ৰসকলৰ অনেকেই অসমীয়া জনজীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যেনে, ১৮৮২ চনত জোনাকী যুগৰ সুসাহিত্যক লম্বোদৰ বৰা, ১৮৯১ চনত ভাঙনি কবি আনন্দচন্দ্ৰ আগৰৱালা আৰু ১৮৯২ চনত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে এই বিদ্যালয়ৰপৰাই এণ্ট্ৰেন্স পৰীক্ষাত উৰ্ত্তীণ হয়। তেনেদৰে বিংশ শতিকাৰ আগভাগত ১৯১২ চনত লোকনায়ক অমিয় কুমাৰ দাসে ইয়াৰপৰাই মেট্ৰিকুলেচন আৰু ত্যাগবীৰ হেম বৰুৱাই ১৯১৫ চনত ইয়াৰপৰাই প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। (১৯১১ চনত এণ্ট্ৰেন্স পৰীক্ষাকে মেট্ৰিকুলেচন পৰীক্ষা বুলি নাম দিয়া হয়।)


বিদ্যালয়খনৰ তিনিজন প্ৰাক্তন ছাত্ৰ: প্ৰথমৰ শাৰীত সোঁফালৰপৰা ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শিশু ভূপেন হাজৰিকা। উল্লেখ্য যে জ্যোতিপ্ৰসাদে এই স্কুলত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই চৈধ্য বছৰ বয়সত তেওঁৰ প্ৰথমখনি নাটক শোণিত কুঁৱৰী ৰচনা কৰে।

ঊনবিংশ, বিংশ আৰু একবিংশ, এই তিনিটি শতিকাক চুই এখন বলিষ্ঠ সাঁকোৰ দৰে ঠিয় হৈ থকা এই বিদ্যালয়খনৰ বুকুৰে যোৱা ডেৰশ বছৰত এনে অগণন ছাত্ৰ পাৰ হৈ গৈছে। ওপৰত উল্লেখ কৰা ব্যক্তিসকলৰ বাহিৰেও এই প্ৰাক্তন ছাত্ৰসকলৰ মাজত আছে কবি চন্দ্ৰ কুমাৰ আগৰৱালা, সাহিত্যিক দণ্ডিনাথ কলিতা, সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, শোণিত কোঁৱৰ গজেন বৰুৱা, সুধাকণ্ঠ ভূপেন হাজৰিকা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী, পণ্ডিত তীৰ্থনাথ শৰ্মা, কবি হীৰেণ ভট্টাচাৰ্য, নাট্যকাৰ অৰুণ শৰ্মা, অভিনেতা নিপন গোস্বামী, কণ্ঠশিল্পী দিলীপ চৌধুৰী আদি অসংখ্য পুৰোধা ব্যক্তি।

এয়া হৈছে বিদ্যালয়খনৰ দোকমোকালিৰেপৰা এতিয়ালৈকে ইয়াত অধ্যয়ন কৰা অগণন ছাত্ৰৰ মাজৰপৰা থাউকতে লোৱা কেইটামান মাথোঁ নাম। ইয়াৰ লগতে আমি যদি ইয়াৰপৰা ওলাই আহি সমাজৰ বিভিন্ন স্তৰত বিবিধ সৃষ্টিমূলক, শিক্ষামূলক, ব্যাৱসায়িক, পৰিসেৱামূলক কাম-কাজ আদিত জড়িত হৈ পৰা অলেখ জনা-নজনা লোকসকলৰ কথাও গণ্য কৰোঁ, তেন্তে এই বিদ্যালয়খনৰ ঐতিহ্য আৰু অৱদান অধিক স্পষ্ট হৈ উঠে। লগতে এই কথাও ফটফটীয়াকৈ হৈ উঠে যে এই ঐতিহ্য কেৱল ইয়াৰ ছাত্ৰসকলৰ পৰীক্ষাৰ ফলাফলৰ বলতে সৃষ্টি হোৱা নাই; এই ঐতিহ্য সৃষ্টি হৈছে ইয়াৰ লগত জড়িত সকলো লোকৰে এটি এটি অৱদানৰ বলতহে। সমাজৰ গাঁঠনিত ইয়াৰে কোনোটো অৱদানৰে গুৰুত্ব কম নহয়। তাৰোপৰি ইয়াৰ ছাত্ৰসকলৰ এই অৱদান সমাজৰ মাথোঁ বিশেষ এটা স্তৰতে নহয়, বৰং সমাজৰ সকলো স্তৰতে, সকলো বৃত্তিতে, সকলো দিশতে দেখা যায়। যোৱা ডেৰশ বছৰ জুৰি তিলতিলকৈ এই সকলোবোৰ অৱদান গোট খায়েই এই বিদ্যালয়খনৰ এই বিশাল ঐতিহ্য গঢ় লৈ উঠিছে।


ল’ৰালি কালৰ ভূপেন হাজৰিকা। মেট্ৰিকুলেছন ১৯৪০ চন, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

কিন্তু এই কথাও সঁচা যে কেৱল এক ঐতিহ্যময় অতীতেই শিক্ষানুষ্ঠান এখনৰ ভৱিষ্যত নিশ্চিত নকৰে। এই ভৱিষ্যত নিৰ্ভৰ কৰে শিক্ষানুষ্ঠানখনৰ লগত জড়িত লোকসকলৰ বৰ্তমানৰ কাৰ্য্যাৱলী আৰু সাম্প্ৰতিক জগতলৈ তেওঁলোকৰ অৱদানৰ ওপৰত। এই কাম-কাজ আৰু অৱদানৰ ঘাইশিপাডাল খীণ হৈ আহিলে বিদ্যালয়খনৰ ঠাঁল-ঠেঙুলিবোৰো স্বাভাৱিকতে জঁই পৰি আহে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা তিনি-চাৰি দশকত ঘটা বিকাশত চকু ফুৰালেও এনে এক শীৰ্ণতা স্পষ্টকৈ চকুত পৰে। এই কথা কেৱল বিদ্যালয়খনৰ পৰীক্ষাৰ ফলাফলতে নহয়, বৰং সকলো দিশতে ফুটি উঠা দেখা যায়। আন নালাগে, ওপৰৰ বিশিষ্ট ছাত্ৰৰ তালিকাখনত চকু ফুৰালেই এই কথা ফটফটীয়া হৈ পৰে: বিদ্যালয়খনে যোৱা ত্ৰিছ-চল্লিছ বছৰত সৃষ্টি কৰা শিল্পী, সাহিত্যিক, বৈজ্ঞানিককে আদি কৰি সমাজৰ যি কোনো ক্ষেত্ৰৰে কৰ্ণধাৰ ব্যক্তিৰ সংখ্যা আঙুলি মূৰত লেখিব পৰা। বৰ্তমানৰ একবিংশ শতিকাত যেন এই অভাৱ আৰু বেছিকৈ অনুভৱ হৈছে।

এই অৱনতিৰ আঁৰত নিশ্চয় বিভিন্ন সামাজিক, অৰ্থনৈতিক, সাংগঠনিক আদি কাৰকে ক্ৰিয়া কৰিছে। কিন্তু এই চমু প্ৰবন্ধত সেইবোৰ কথা আলোচনা কৰাটো সম্ভৱ নহয়। কিন্তু সি যি কি নহওক, অনাগত দিনবোৰত একালৰ এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনক পুনৰ সঁজাল ধৰাই তুলিবলৈ হ’লে বৰ্তমান আমাৰ বহুখিনি কৰণীয় আছে। কাৰণ শিক্ষানুষ্ঠান এখন যেনেকৈ বৃহত্তৰ সমাজখনৰ প্ৰতি দায়বদ্ধ, সেইদৰে সমাজ এখনো তাৰ শিক্ষানুষ্ঠানবোৰৰ প্ৰতি সামগ্ৰিকভাৱে দায়বদ্ধ। তাতে শিক্ষানুষ্ঠানখন যদি আমাৰ আলোচ্য স্কুলখনৰ দৰে এক ঐতিহ্যমণ্ডিত অনুষ্ঠান হয় তেতিয়া সমাজৰ এই দায়বদ্ধতা আৰু বৃদ্ধি পায়।


বিদ্যালয়খনৰ আন তিনিজন প্ৰাক্তন ছাত্ৰ। বাওঁফালৰপৰা ক্ৰমে নবীনচন্দ্ৰ বৰদলৈ, ফণী শৰ্মা আৰু হীৰেন ভট্টাচাৰ্য্য। ফণী শৰ্মাই পৰিস্থিতিৰ পাকত পৰি অষ্টম শ্ৰেণীতে শিক্ষা সামৰিবলগীয়া হোৱাৰ বিপৰীতে হীৰেন ভট্টাচাৰ্যই তেজপুৰ এই স্কুলত কেইশ্ৰেণীমান পঢ়ি ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা শিক্ষান্ত পৰীক্ষা পাছ কৰে।

গতিকে বিদ্যালয়খনৰ এই ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ হ’লে ইয়াত সমাজৰ সকলো লোকৰে আশাশুধীয়া যোগদান লাগিব। সমাজৰ উঠি অহা প্ৰজন্মটোৰ পিতৃ-মাতৃসকলে আৰু বিদ্যালয়খনৰ শিক্ষকসকলে নিজৰ নিজৰ সন্তানক স্কুলখনত পঢ়ুৱাব লাগিব, আৰু এনেদৰেই স্কুলখনৰ ক্ৰমবিকাশত নিবিড়ভাৱে জড়িত হৈ পৰিব লাগিব। তাৰোপৰি শিক্ষকসকলে নিজকে এক সুদীৰ্ঘ পৰম্পৰাৰ দায়িত্বশীল বাহক বুলি মনত ৰাখি এক প্ৰচণ্ড উদ্যমেৰে শিক্ষাদানত নিয়োজিত হ’ব লাগিব; তেখেতসকলৰ দৃষ্টি নিবদ্ধ থাকিব লাগিব ভৱিষ্যতৰ বুকুত, আৰু মনত থাকিব লাগিব ন ন ঐতিহ্য আৰু ব্যক্তিত্ব গঢ়াৰ হেঁপাহ। তাৰ বাবে তেখেতসকলে সকলো ছাত্ৰকে সমান চকুৰে চাই আটাইৰে বৌদ্ধিক-মানসিক সকলোবোৰ দিশৰ সামগ্ৰিক বিকাশত গুৰুত্ব দিব লাগিব।


তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন স্কুলঘৰটোৰ এছোৱা।

এনে ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে স্বাভাৱিকতে চৰকাৰৰ ফালৰপৰা সকলো প্ৰকাৰৰ আৰ্থিক আৰু প্ৰশাসনিক সহায়-সহযোগিতাৰ প্ৰয়োজন হ’ব। ইয়াৰ প্ৰথম পদক্ষেপ হিচাবে ৰাজ্য চৰকাৰে এই বিদ্যালয়খনক 'হেৰিটেজ স্কুল' হিচাবে বিশেষ মৰ্য্যাদা দি তাৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰয়োজনীয় সকলোখিনি সা-সুবিধাৰ যোগান ধৰিব লাগে। তাৰ উপৰিও ৰাজ্যখনৰ এনে ধৰণৰ আন আন ঐতিহ্যপূৰ্ণ বিদ্যালয়সমূহক সামৰি লৈ কেতবোৰ হ্ৰস্ৰকালীন আৰু দীৰ্ঘকালীন আঁচনি প্ৰস্তুত কৰিব লাগে। এই আঁচনিসমূহৰ এক প্ৰধান লক্ষ্য হ’ব লাগে সমাজৰ সকলো স্তৰৰ লোককে এই বিদ্যালয়বোৰৰ ঐতিহ্যৰ প্ৰতি সজাগ কৰি তোলা, আৰু তেওঁলোকৰ সতি-সন্তানৰ সৰ্বাত্মক যোগদানৰ মাজেৰে এই শিক্ষানুষ্ঠানসমূহৰ সৰ্বাংগীণ বিকাশত সাৰ-পানী যোগোৱা।

এনে সকলোবোৰ অৱদান যোগ হ’লেহে এই বিদ্যালয়ে নতুন শতিকাত নতুন ৰূপেৰে উজ্বলি উঠি নতুন গতিৰে আগুৱাই যাব পাৰিব। ইয়াৰ ফলত অসমৰ শিক্ষা আৰু সমাজৰ আকাশত যে আকৌ অনেক নবীন সূৰুযৰ উদয় হ’ব, সেই কথা নিশ্চিত।


বিদ্যালয়খনৰ পুৰণি স্কুলঘৰটোৰ মাজেৰে দেখা যোৱা নতুন ভৱনটোৰ এচমকা।

(লেখক তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাত্ৰ।)