সমষ্টি পুনৰ নিৰ্ধাৰণ
- নিজা প্ৰতিবেদক
- /
- January 3rd, 2023

অসমৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে৷ ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে৷
এই প্ৰসঙ্গতে কেইটামান অতি গুৰুত্বপূৰ্ণ দিশ আলোচনাৰ মাজলৈ আহি পৰিছে৷ গোটেই প্ৰক্ৰিয়াটোৰ লগত অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত অতি গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ পৰিছে৷ উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্ত ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে সদৌ অসম ছাত্ৰ সন্থাই গোটেই প্ৰক্ৰিয়াটোলৈ সমৰ্থন আগবঢ়াইছে৷
উত্থাপিত হোৱা প্ৰশ্নবোৰ হ’ল–
: অসম আন্দোলনৰ সময়তো ২০০৭ চনত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সিদ্ধান্ত লৈছিল৷ তেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিল৷ সদৌ অসম ছাত্ৰ সন্থাই সেই সময়ত অসমৰ বিদেশী নাগৰিক চিনাক্ত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম স্থগিত ৰাখিবলৈ দাবী জনাইছিল৷ ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি বিজেপি আৰু অগপ দলেও সমৰ্থন আগবঢ়াইছিল৷ এই দাবীৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচন আয়োগে ২০০৭ চনত পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল৷
: অসমৰ বিদেশী নাগৰিক চিনাক্তকৰণ আজিলৈকে সম্পূৰ্ণ হোৱা নাই৷ চিনাক্তকৰণ উপায় হিচাপে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হৈছিল৷ কিন্ত এখন শুদ্ধ আৰু সম্পূৰ্ণ নাগৰিক পঞ্জী প্ৰস্তুত হৈ উঠা নাই৷ এইয়া ছাত্ৰ সন্থাৰে মত। এই গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে৷ স্পষ্টভাৱে ২০০৭ চনত যিদৰে বিদেশী নাগৰিকৰ চিনাক্তকৰণ হোৱা নাছিল আজিও সেই অৱস্থা বিৰাজমান৷
: আকৌ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ আধাৰতহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম হাতত ল’ব৷ কিন্তু এয়া আইনবিৰুদ্ধ কথা৷ আইনমতে শেহতীয়া লোকপিয়ল ২০১১ তথ্যৰ আধাৰতহে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা উচিত৷ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কিয় আইনৰ মেৰপেচলৈ সুমুৱাই দিছে তাৰ কোনো ব্যাখ্যা দিয়া নাই৷
: স্পষ্টভাৱেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব নে নাই এটা ডাঙৰ প্ৰশ্ন ৰাজহুৱা জীৱনত উত্থাপিত হৈছে৷ সদৌ অসম ছাত্ৰ সন্থাই সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদনখনো নিজৰ যুক্তিৰ সপক্ষে দাঙি ধৰিছে৷ কিন্তু নিৰ্বাচন আয়োগে সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদন বিবেচনা নকৰে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশত মাঁথো ২০০১ চনৰ লোকপিয়লৰ কথাহে উল্লেখ কৰা আছে৷
: ২০০৭ চনত অসমৰ প্ৰতিটো সমষ্টিত স্বদেশী আৰু বিদেশী আছিল৷ আজিও সেই পৰিস্থিতি অকণো সালসলনি হোৱা নাই৷ সেয়েহে অসম চুক্তিৰ আধাৰত বিদেশীক চিনাক্ত নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে৷
: বৰ্তমান ৰাজ্য আৰু ৰাষ্ট্ৰীয় চৰকাৰ আৰএছএছ আৰু বিজেপিৰ দলৰ। বিজেপি দলে অসমৰ খিলঞ্জীয়াৰ হকে কাম কৰাৰ উদাহৰণ নাই৷ অসমৰ সম্পদ বিকিলে, চিৰিয়াখানা বিকিবলৈ ওলাইছে, ভাষা আঁতৰালে, বহিৰাগতক অসমৰ চাকৰি যাচিছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণত বিজেপিৰ ভোট বেংক ‘মূল ভিত্তি’ হ’ব বুলি সন্দেহ প্ৰকাশ হৈছে৷
সদৌ অসম ছাত্ৰ সন্থাই ২০০১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত অসমৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত হ’ব বিশদভাৱে যুক্তি আগবঢ়ালে ৰাজ্যখনৰ আৰু খিলঞ্জীয়া মানুহৰ উপকাৰ হ’ব৷।