'অমৃত সৰোবৰ': সংশয় আৰু শংকা


Image Description

অসমৰ মানুহে বানপানীৰ লগত সহ-অৱস্হান কৰি আহিছে। এফালে দুৰ্য্যোগ মাতে, আনফালে অপৰ্য্যাপ্ত পলস আনে। ইয়াৰ মাজতে সহ-অৱস্হান।

পলসে নদ-উপনদী-খাল-বিল পোতে। প্ৰতি বছৰে কিছু জমা হয়। নৈ আৰু জলাশয়বোৰ বাম হয়, লাহে লাহে। কিন্ত্ত হয়। পানী ধৰি ৰখাৰ ক্ষমতা কমে।

অসমৰ দৰে নৈ-জাল ক'তো নাই। নৈবোৰ সময়ে খান্দিব লাগিছিল। স্বাধীনতাৰ দিনৰে পৰা কংগ্ৰেছে নুবুজিলে, আৰু নকৰিলে। ৰাইজকো জড়িত নকৰিলে। বিজেপিৰ অদক্ষতা কংগ্ৰেছৰ লগতে তুলনা কৰিব পাৰি।

বানপানীৰ সন্মুখীন হ'বলৈ বিজেপিয়ে পুখুৰী খান্দিছে। ক'ত খান্দিব কোনো অধ্যয়ন নাই। মনলৈ আহিল, গতিকে খান্দিছে। প্ৰাকৃতিক জালখনৰ লগত ভাৰসাম্য ৰ'ব নে নাই কোনো বৈজ্ঞানিক তথ্য গোটোৱা নাই। প্ৰাকৃতিক জলাশয় কেনেকৈ আক্ৰান্ত হ'ব কোনো চিন্তা-চৰ্চা নাই।

দিল্লীয়ে যি কয় দিছপুৰে শুনিবই লাগিব। গত্যন্তৰ নাই। অসমৰ স্বাৰ্থৰ হকে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল বা মুখ্য মন্ত্ৰী ডঃ শৰ্মা এজনেও মাতিব নোৱাৰে। দুয়োৰে লক্ষ্য একেই। ভাল বুলিব লাগিব।

পুখুৰীবোৰে অসমৰ পৰিৱেশ তন্ত্ৰৰ আঘাত হানিব পাৰে। প্ৰভাৱ ফুটি উঠিবলৈ সময় লাগিব। অধ্যয়ন নকৰাকৈ বহু শ পুখুৰীৰ খনন চিন্তনীয় বিষয়। নিঃসন্দেহে।।