গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন


Image Description

২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰবাসী অতি সচেতন আৰু ভৱিষ্যতমুখী বুলি বহুতে আশা পোষণ কৰে৷

কিন্তু হৈ যোৱা নিৰ্বাচনত সামগ্ৰিকভাৱে প্ৰায় ৫২ শতাংশ লোকে ভোটদান কৰে৷ এই সংখ্যা অতিকে হতাশজনক৷ অথচ মহানগৰখন নানান সমস্যাৰে জৰ্জৰিত৷ মহানগৰখনক দেশৰ এখন শ্ৰেষ্ঠ মহানগৰ হিচাবে গঢ়িবলৈ নিৰৱচ্ছিন্নভাৱে যোৱা ২০ বছৰমান সকলো মুখ্য মন্ত্ৰীয়ে মানুহক কৈ আহিছে৷

অথচ পানীৰ অভাৱ একে আছে৷ কৃত্ৰিম বানপানী একে আছে৷ জাৱৰৰ গোন্ধ বাঢ়ি আছে৷ চোৰ-ডকাইত-হত্যাকাৰীৰ বাবে মহানগৰৰ অন্ধকাৰ আশীৰ্বাদৰ নিচিনা হৈছে৷ হত্যাৰ খবৰে সদায় শিৰোনামা দখল কৰি আহিছে৷ কিন্তু সকলো কথাতে চৰকাৰে মিছা কথাৰ আশ্ৰয় লৈ আহিছে৷

টকা আহে কিন্তু ষ্ট্ৰীট লাইট নজ্বলে৷ টকা আহে কিন্তু ফুটপাথ নিৰ্মাণ নহয়৷ টকা আহে কিন্তু মহানগৰবাসীয়ে বিশুদ্ধ পানী নাপায়৷ ইত্যাদি।

প্ৰায় আধা মহানগৰবাসীয়ে নিজৰ মতামত নিদিয়াটো নিশ্চয় শুভ লক্ষ্ণণ নহয়৷ মিছা কথাৰ উত্তৰ দিবলৈকে দায়িত্ব পালন কৰা উচিত৷ গণতন্ত্ৰত পৰিৱৰ্তনৰ চাবি-কাঠি জনসাধাৰণৰ হাততে থাকে আৰু এই অধিকাৰ সাব্যস্ত কৰিলেহে আনৰ লগতে নিজৰো উপকাৰ হ’ব পাৰে৷

ভোটাধিকাৰ সাব্যস্ত নকৰি মাঁথো সমস্যাসমূহৰ বিষয়ে আলোচনাহে কৰি থাকিলে কৃত্ৰিম বানপানী এক ইঞ্চিও নকমে৷ নিম্ন ভোটদানৰ হাৰ চাৰিওফালে আলোচনাৰ বিষয় হৈ পৰিছে৷

বহুতৰে মুখত শুনা শব্দটো হ’ল যে প্ৰতিশ্ৰুতিৰ জোৱাৰে মানুহক ‘টেঙাইছে’৷ কিন্তু উপলব্ধিৰ লগতে নিজৰ অধিকাৰখিনিও সাব্যস্ত কৰিলেহে গণতন্ত্ৰ শক্তিশালী হ’ব৷

নিজৰ মতটোকে প্ৰাধান্য দি কৰা ভোটদানে পৰিৱৰ্তনৰ বাট মুকলি কৰে৷ উন্নত দেশবোৰত কোনো দলৰ চৰকাৰকে শাসনৰ একচেতীয়া অধিকাৰ নিদিয়ে৷ সকলোকে মূল্যায়ণ কৰে কামৰ ওপৰত৷

কিন্তু দুৰ্ভাগ্যৰ কথা যে ভাৰতৰ ৰাজনীতিত আলোচনাৰ বিষয় হৈ পৰে ধৰ্ম, হিতাধিকাৰী, টকাৰ প্ৰলোভন, মিছা প্ৰতিশ্ৰুতি৷ ভাৰতৰ দৰে এখন বিশাল দেশ শক্তিশালী হ’বলৈ হ’লে মানুহে নিজৰ মনটো ঠিৰাং কৰি সেইমতে পৰিৱৰ্তন বিচৰা উচিত৷

দেশত এতিয়া নতুন প্ৰজন্মৰ পয়োভৰ৷ নতুন প্ৰজন্মই শাসনত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহিলে দেশৰ অৱস্থা আৰু বেয়াৰ ফালে যাব৷ হাত সাৱটি বহি থাকিলে অদক্ষ শক্তিসমূহকহে নতুনকৈ শক্তি দিয়া হয়৷৷