এগৰাকী শিক্ষকে বাস্তৱৰ ভিত্তিত লিখিছে


Image Description

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিম্নগামী হোৱাৰ মূল কাৰণবোৰ:

১। লকডাউনৰ প্ৰত্যক্ষ প্ৰভাৱ

নৱম শ্ৰেণীৰ কোনো শিক্ষা নোপোৱাকৈ দশম মানলৈকে উত্তীৰ্ণ কৰাৰ ফলত আধৰুৱা জ্ঞান অতি ক্ষতিকাৰক হৈছে।

২। ঘৰুৱা পৰিৱেশত শিক্ষাৰ প্ৰতি গুৰুত্বহীনতা

অভিভাৱকৰ তদাৰকৰ অভাৱ হৈছে। ডিগ্ৰী নাথাকিলেও অভিভাৱকে পঢ়া-শুনা তদাৰক কৰিব পাৰে। ইয়াৰ বাৰুকৈয়ে অভাৱ হৈছে।

৩। অৰ্থনৈতিক দুৰাৱস্থা

লকডাউনে বহুতৰে অৰ্থনৈতিক অৱস্থা পংগু কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে বজাৰত দোকান দি, বাগানত পাত তুলি, হাজিৰা কৰি পিতৃ-মাতৃক সকাহ দিবলগীয়া হয়। ভিতৰুৱা অঞ্চলৰ সমস্যাৰ মাত্ৰা আৰু বাধ্য-বাধকতা সুকীয়া।

৪। আচৰণৰ পৰিবৰ্তন

লকডাউনে বিদ্যালয়ৰ পৰা আঁতৰাই ৰখাৰ ফলত এচাম ছাত্ৰ-ছাত্ৰীৰ মাজত গুটখা, মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িছে।

৫। ম'বাইলৰ ব্যৱহাৰ

ম'বাইলৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ সময় টুটি আহিছে। ভিডিঅ, চিনেমা, অনলাইন গেইম আদি নিচাৰ দৰে হৈ পৰিছে।

৬। নজনাকৈ প্ৰমোচন

প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষক নতুবা এজনো শিক্ষক নথকা বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ ভাষা, সংখ্যা আদিৰ মৌলিক জ্ঞানশূন্য হৈ উচ্চ মাধ্যমিক বিদ্যালয়লৈ উত্তীৰ্ণ হৈ আহে। ফলত অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পূৰণ নেওতা, হৰণ নেওতা, অসমীয়া পঢ়িবলৈ লিখিবলৈ শিকাবলগীয়া হয়।

৮। আমাৰ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৬০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে অসমীয়া লিখিব, পঢ়িব নোৱাৰে। আমাৰ দৰে অসমৰ সকলো চৰকাৰী বিদ্যালয়ত এনে অৱস্থা। চৰকাৰী বিদ্যালয়ৰ ফলাফল ব্যাক্তিগত খণ্ডৰ বিদ্যালয়তকৈ বেয়া হোৱাৰ ই এটা প্ৰধান কাৰণ।।