অজাপ-তৃপ্ৰাই গঢ়িব
একত্ৰিত উত্তৰ-পূব


Image Description

প্ৰতাৰণা আৰু বিশ্বাসঘাটকতাৰ দীঘলীয়া ইতিহাস অতিক্রমি উত্তৰ -পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আজি সংকটৰ মুখত। দেশে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰি থকা সময়তো উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জনগোষ্ঠীসমূহে স্বাভিমানৰ সৈতে ভাৰতৰ মানচিত্ৰৰ ভিতৰত টিকি থাকিবলৈ সংগ্ৰাম কৰিবলগীয়াটো নিঃসন্দেহে অতি দুৰ্ভাগ্যজনক।

অবাধ অবৈধ প্ৰব্ৰজনৰ ফলত ত্ৰিপুৰাৰ ভূমিপুত্ৰ ত্ৰিপুৰীসকল নিজ ৰাজ্যতে সংখ্যালঘুত পৰিণত হ'ল। তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা কাঢ়ি নি সমগ্ৰ জাতিটোকে নিশকতীয়া কৰি পেলোৱা হ'ল। ত্ৰিপুৰীসকলৰ ভাষা, কৃষ্টি সকলো বিলুপ্তিৰ পথত। অসমীয়া জাতিৰো একেটা অৱস্থা হোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। দহ বছৰ পিছত ১৯৩১ চনত অসমীয়া আৰু বাংলাভাষীৰ সংখ্যা সমান হ'ব। আজি ত্ৰিপুৰীসকলৰ যি অৱস্থা দহ বছৰ পিছত অসমীয়াৰো তেনে অৱস্থা হ'ব।

সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ এই সকীয়নিৰ প্ৰস্তাৱনা ভাষণেৰে যোৱা ৭ ছেপ্টেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ জাতীয় কৰ্মী সভাত মুখ্য অতিথিৰূপে 'দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজনেল এলায়েন্স' (তিপ্ৰা)ৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱবৰ্মনে অংশগ্ৰহণ কৰে। সভাত শ্ৰীদেৱবৰ্মনে উত্তৰ -পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ বিশেষকৈ অসমৰ ৰাইজক এক আপোচহীন সংগ্ৰামৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনায়।

দেৱবৰ্মনে লগতে কয় যে আমি আমাৰ সংগ্ৰামখন নিজেই আগবঢ়াই নিব লাগিব। সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে নিজৰ ভোট বেংক হেৰুৱাৰ ভয়ত আমাক সহায় নকৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহৰ এক একত্ৰিত আঞ্চলিক ৰাজনৈতিক সংগ্ৰামেহে আমাৰ অস্তিত্ব সুৰক্ষিত কৰিব পাৰিব।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ঐতিহাসিক অসম আন্দোলনৰ পৰা 'কা' আন্দোলনলৈকে অসমৰ সংগ্ৰামী ইতিহাস বিস্তৃত ৰূপত দাঙি ধৰি কয় যে আমাৰ কাৰণে অসম প্ৰথম । দল বা ক্ষমতা প্ৰথম নহয়। সেয়েহে জাতীয় স্বাৰ্থত আমাৰ অবিৰত সংগ্ৰাম নিৰৱচ্ছিন্নভাৱে চলি থাকিব। অসমীয়া ভাষাৰ প্ৰতি অহা ভাবুকিৰ কথা দাঙি ধৰি তেওঁ কয় যে অসম জাতীয় পৰিষদে জাতিৰ এই সংকটকালত সদায় সক্ৰিয় ৰূপত সংগ্ৰাম কৰি যাব আৰু এই সংগ্ৰাম সফল কৰিবলৈ দলে ইতিমধ্যে বিস্তৃত কৰ্মসূচী প্ৰস্তুত কৰিছে।

সভাৰ শেষত দুয়োটা ৰাজনৈতিক দলে এক সংবাদ মেলত যুটীয়াভাৱে এক ঘোষণাপত্ৰ প্ৰকাশ কৰে। ঘোষণা পত্ৰখনত কোৱা হয় যে উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সুৰক্ষাৰ ৰাজনৈতিক সংগ্ৰামখনক ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে।

অসম জাতীয় পৰিষদ আৰু তিপ্ৰাৰ ৰাজনৈতিক সংগ্ৰামৰ প্ৰস্তুতিৰ পটভূমি ইয়াৰপৰাই সূচনা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বঞ্চিত, নিষ্পেষিত, শোষিত জাতিসত্বাসমূহে একে দৃষ্টিভংগীৰে আগবঢ়াৰ বিষয়ত ঐক্যমত পোষণ কৰি দুয়োটা দলে আঞ্চলিক ৰাজনৈতিক জাতীয় সংগ্ৰামখনক তীব্ৰতৰ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰিছে।