ঐতিহ্য আমাৰ, পুৰণি গুৱাহাটী নগৰ
(তিনিটা খণ্ডৰ প্ৰথমটো)


Image Description

আসাম বন্ধু
১৮৮৫-৮৬

গুৱাহাটী এখন অতি প্ৰাচীন নগৰ। অধিক কি সত্য যুগতো এই নগৰ আছিল। হিন্দু শাস্ত্ৰ মতে বৰাহৰূপী ঈশ্বৰৰ পুত্ৰ নৰক কামৰূপৰ ৰজা আছিল। সেই কামৰূপৰে ৰাজধানী আছিল এই গুৱাহাটী।

ইয়াৰ দক্ষিণ-পশ্চিমৰ এটা পাহাৰক এতিয়াও নৰকাসুৰ পাহাৰ বুলি জনা যায়। ইয়াৰ ওচৰৰে এটা আলি অসুৰৰ আলি বুলি প্ৰসিদ্ধ। নৰকাসুৰৰ পাছত ভগদত্ত ৰজাৰ ৰাজ্যৰো ৰাজধানী এই গুৱাহাটীয়েই আছিল। সেই সময়ত ইয়াৰ নাম আছিল আপ্ৰাগজ্যোতিষপুৰ। এই শব্দৰ অৰ্থৰ দ্বাৰাই বুজিব পাৰি যে প্ৰাচীন কালত এই নগৰ জ্যোতিৰ্ময় আৰু সুন্দৰ আছিল।

কোনো কোনো পুৰাণতো এই নগৰৰ বিৱৰণ পোৱা যায়। কিন্তু কোন ঠাইত ৰজাৰ ঘৰ আছিল বা আন ক'ত কি আছিল তাক সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰি। পঞ্চম শতাব্দীৰ মধ্য ভাগত চীন দেশৰ বিখ্যাত পৰিব্ৰাজক (হিয়ানশাঙ) হিউৱেন চাঙে, মধ্য এছিয়া হৈ কাবুলেৰে ভাৰতবৰ্ষত প্ৰবেশ কৰি নানা ঠাই দৰ্শন কৰি আহি কামৰূপ পায়হি।

সেই সময়তো এতিয়াৰ দৰে গুৱাহাটী নগৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰে আছিল আৰু এই নগৰ প্ৰাগজ্যোতিষপুৰ নামেৰেই প্ৰসিদ্ধ আছিল। হিউৱেন চাঙৰ ভ্ৰমণকালত এই ৰাজ্যৰ ৰজা ভাস্কৰ বৰ্মা আছিল। বৰ্মা (বৰ্মণ) উপাধি অনুসৰি তেওঁ ক্ষত্ৰিয়। কিন্তু চীন পৰিব্ৰাজকে তেওঁৰ স্বভাৱৰ বৈশিষ্ট্য আৰু উপবীতধাৰী দেখা পাই তেওঁক ব্ৰাহ্মণ বুলি সিদ্ধান্ত কৰিছিল হয়তো।

কামৰূপ ৰাজ্য দুভাগ হোৱাৰ পৰা এই নগৰৰ গৰিমা ম্লান পৰিল। তথাপি ইয়াৰ কোনো কোনো ঠাইত পুৰণি অনেক কীৰ্তি আজিলৈকে দেখিবলৈ পোৱা যায়। আজি সাতশ বছৰমান হৈছে, বখতিয়াৰ খিলিজীয়ে কামৰূপ আক্ৰমণ কৰিবলৈ আহোঁতেও প্ৰাগজ্যোতিষপুৰ নগৰ আছিল। কিন্তু হিউৱেন চাঙৰ সময়ৰ দৰে নাছিল।

পাছত কামৰূপ যেতিয়া কোচবিহাৰৰ ৰজাৰ আৰু মুছলমানৰ অধীন হ'ল তেতিয়াও গুৱাহাটী নগৰ আছিল। মুছলমানক খেদি যেতিয়া আহোমে কামৰূপ অধিকাৰ কৰিলে তেতিয়া গুৱাহাটী নগৰত ৰাজ প্ৰতিনিধি বৰফুকন থাকিবলগীয়া হোৱাত ইয়াৰ অৱস্থা অলপ পৰিমাণে ভাল হ'ল।এই নগৰৰ গুৱাহাটী নাম কেতিয়াৰ পৰা আৰু কি কাৰণত হ'ল তাক নিৰ্ণয় কৰা কঠিন।

কোনোৱে কয় বোলে গুহ অৰ্থাৎ কাৰ্ত্তিকে এখন 'হট্ট ' বা বজাৰ নিৰ্মাণ কৰিছিল সেই কাৰণত এই নগৰৰ এই নাম দিয়া হৈছে। কোনোৱে কয় গুৱাক বা গুৱা (তামোল) গছ হাটী মতে সৰহকৈ থকাত ইয়াক গুৱাহাটী বোলে। হিউৱেন চাঙে যি বিৱৰণ লেখিছে তাত লেখা আছে যে প্ৰাগজ্যোতিষপুৰ কামৰূপত নাৰিকল আৰু তামোলৰ গছ সৰহ।

কোনোৱে কয় এই নগৰৰ কেওফালে পৰ্বত থকা দেখি ই পৰ্বতৰ গুহা সেই কাৰণে ইয়াক গুহা শ্ৰেণী বা গুহা-আটী বা গুহাটী বোলে। বস্তুতঃ গুৱা বা তামোল অথবা গুহা শব্দৰ পৰাই গুৱাহাটী নাম উৎপত্তি হোৱা অনুমান হয়।

ইয়াৰ মাজতো গুহা শব্দৰ পৰাই সেই নামৰ উৎপত্তি অতি সঙ্গত হৈছে। উজাই আহি এফালে নীলাচল পৰ্বত, এফালে সৰাইচকী পৰ্বত, ইয়াৰ মাজে আহিলে গুৱাহাটীখন গুহাৰ দৰে দেখি। পুৰাণ মতে পুণ্য ক্ষেত্ৰ কামৰূপৰ আন ঠাইৰ দৰে গুৱাহাটীতো মানুহে দক্ষিণ কৰ্ণ ওপৰকৈ মৰে। ইয়াৰ কাৰণ এই যে মৰিবৰ সময়ত তেওঁৰ সোঁ কাণত স্বয়ং মহাদেৱে তাৰক ব্ৰহ্ম নাম দিয়ে। তাৰ ফলত তেওঁৰ অনায়েসে মুক্তি পদ লাভ হয়।এইটো পৌৰাণিক আৰু তান্ত্ৰিক মত।

এই নগৰ পঞ্চ তীৰ্থৰ মাজত। গুৱাহাটীৰ (অনুমান কৰা মতে) ভৰলুৰ মুখত স্নান কৰি উঠিলেই পঞ্চতীৰ্থলৈ চকু পৰে। যেনে, নীলাচল, অশ্বক্লান্ত,মণিকৰ্ণেশ্বৰ বা ৰুদ্ৰেশ্বৰ, উমানন্দ আৰু শুক্ৰেশ্বৰ আছে। সেই কাৰণে অনেক প্ৰাচীন লোকে গুৱাহাটীত মৰিবলৈ বাঞ্ছা কৰে।

বৃটিছ গৱৰ্ণমেন্টে এই দেশ অধিকাৰ কৰাৰ পূৰ্বে গুৱাহাটী নগৰৰ কেনে অৱস্থা আছিল তাৰ বিষয়ে আমি লিখিব খুজিছোঁ। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গুৱাহাটী নগৰ। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গুৱাহাটীৰ সীমা:

পশ্চিমে ভৰলু, দক্ষিণে ভৰলু আৰু চলাবিল, পূবে জয়দুৱাৰৰ চকী আৰু খাৰঘৰৰ চকী, উত্তৰে ব্ৰহ্মপুত্ৰ।।

(কিছুমান শব্দ এতিয়াৰ ৰূপলৈ সলনি কৰা হৈছে। দুই-এটা বাক্যৰ ঠাঁচ সামান্য সলনি হৈছে। বিষয়বস্তু একে আছে। - সম্পাদনা কমিটী)

সংগ্ৰহ