বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৪
বঙ্গৰ মুছলমানৰ
ক্ৰমাগত অপসাৰণ


Image Description

একে সময়তে পূৰ্ব বঙ্গৰ মুছলমানসকলক এৰি দিয়া হ’ল মাতব্বৰ-দেৱানী-মোল্লা চক্ৰৰ হাতত অবাধ শাসন-শোষণৰ বাবে। আধুনিক শিক্ষা এওঁলোকৰ বাবে সুদূৰপৰাহত হৈ পৰিল । খেতিপথাৰ আৰু মছজিদ-মাদ্ৰাছাৰ মাজতে জীৱনটো আৱদ্ধ হৈ থাকিল । দৈনন্দিন জীৱনত এওঁলোকে নিজস্ব দোৱানহে ব্যৱহাৰ কৰিছিল, বাঙালী অক্ষৰ জ্ঞান একপ্ৰকাৰ নাছিলেই, নামাজ আৰু কোৰাণ পঢ়াৰ বাবে আৰবী আখৰকেইটা শিকিছিল, কিন্তু আৰবী বুজি নাপাইছিল । বঙ্গৰ মুছলমানসমাজ পাশ্চাত্য শিক্ষাৰ প্ৰতি আগ্ৰহী হয় উনৈছ শতিকাৰ শেষৰফালৰ পৰাহে, হিন্দু সমাজতকৈ প্ৰায় পঞ্চাশ বছৰ পিছত।

১৮৫৬ চনৰ এক তথ্য অনুযায়ী সমগ্ৰ বঙ্গদেশৰ চৰকাৰী স্কুল কলেজৰ মুঠ ৭,২১৬ জন ছাত্ৰৰ ভিতৰত মুছলমান মাত্ৰ ৭৩১ জন আছিল, ইয়াৰো ৩৪৫ জন আছিল কলকাতা আৰু হুগলীৰ মাদ্ৰাছাসমূহৰ আৰবী আৰু ফাৰ্চীৰ ছাত্ৰ । বৃত্তিমূলক শিক্ষাত মুছলমানসকলৰ অৱস্থা আৰু শোচনীয় আছিল । ফলত বঙ্গৰ কৃষিপ্ৰধান মুছলমানসমাজৰ মাজত বাঙালী জাতীয়তাবাদী মনোভাৱ গঢ়ি উঠাৰ কোনো অৱকাশ নাছিল ।

একাংশ মোল্লাৰ নেতৃত্বত মুছলমানৰ মাজতো ধৰ্মীয় সংস্কাৰৰ আন্দোলন সংগঠিত হয়। ফৰজী আন্দোলনৰ দ্বাৰা আল্লাৰ আদেশক অৱশ্য কৰ্তব্যৰূপে পালন কৰা আৰু ৱাহাবী আন্দোলনৰ দ্বাৰা ইছলাম বহিৰ্ভূত ৰীতি-নীতি বিলোপ কৰাৰ বাবে ব্যাপক সংস্কাৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হয় । এই সংস্কাৰ আন্দোলনে বঙ্গৰ দৰিদ্ৰ মুছলমানক আধুনিক শিক্ষাৰ প্ৰতি অধিক বিমুখ কৰি তুলিলে । তিতুমীৰৰ আন্দোলনে মুছলমানৰ পোছাকতো পৰিৱৰ্তন আনিলে । এই আন্দোলন ইমান জনপ্ৰিয় হৈ পৰিল যে মুছলমান কৃষক ইয়াৰ মাজেৰে সংগঠিত হৈ পৰিব পাৰে বুলি হিন্দু জমিদাৰসকল শঙ্কিত হৈ পৰে ।তেওঁলোকে এই আন্দোলনক দমন কৰিবলৈ প্ৰয়াস কৰে আৰু দাড়ি ৰখা আৰু চুটি মোছ ৰখাৰ বাবে জৰিমনা বিহাৰ ব্যৱস্থা কৰে । মুছলমানৰ ধৰ্মীয়সংস্কাৰ আন্দোলনে হিন্দু আৰু মুছলমানৰ মাজৰ বিভেদক অধিক গভীৰহে কৰি তুলিলে।

ভাসানীৰ মৌলানাৰূপে প্ৰখ্যাত আব্দুল হামিদ খানে দৰিদ্ৰ কৃষকসকলৰ হকে জমিদাৰ আৰু সুদখোৰ মহাজনৰ বিৰুদ্ধে এখন ডাঙৰ সংগ্ৰাম আৰম্ভ কৰিছিল । য’ত বেছিভাগ কৃষকেই মুছলমান, সেয়ে মৌলানা ভাসানীয়ে মুছলমান কৃষকসকলক সংগঠিত কৰিবলৈ ধৰ্মীয় অনুভূতিক ব্যৱহাৰ কৰিবলৈ ল'লে । অমলেন্দু গুহই লিখিছে, 'এজন খিলাফতকাৰী আৰু অসহযোগী হিচাবে লাভ কৰা প্ৰথম ৰাজনৈতিক অভিজ্ঞতাৰ পৰা তেওঁ বঙ্গৰ মুছলমান কৃষকসকলে জমিদাৰ আৰু ঋণদাতাসকলৰ (অধিকাংশই হিন্দু) বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম চলাই যাব লাগিব বুলি বুজিব পাৰিলে । প্ৰদেশখনৰ নিষ্পেষিত মুছলমান কৃষকসকলক সংগঠিত কৰিবলৈ আৰু একগোট কৰিবলৈ ধৰ্মীয় অনুভূতিক কামত লগাবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে । এই উদ্দেশ্যে তেওঁ হাতত লোৱা বেছি গুৰুত্ব নথকা কাম এটাৰ উদাহৰণ হ’ল টাংগাইলৰ অন্তৰ্গত সন্তোষৰ জমিদাৰৰ হাউলিৰ ভিতৰত থকা এটা অৱহেলিত আৰু ধ্বংস্তুপত পৰিণত হোৱা মছজিদৰ পুনঃপ্ৰতিষ্ঠা কৰাটো ।'

এদিন বৃটিছ ঔপনিৱেশিক শাসনে বাঙালী ভদ্ৰলোক শ্ৰেণী তৈয়াৰ কৰি তেওঁলোকৰ মনত মুছলমান বিদ্বেষ সুমুৱাই দিছিল । এই ভদ্ৰলোক শ্ৰেণীৰ মনত বৃটিছ হৈ পৰিছিল ‘ভাৰত ভাগ্য-বিধাতা’। কিন্তু এই ভদ্ৰলোকৰ মাজতেই যেতিয়া বৃটিছবিৰোধী মনোভাৱ তীব্ৰ হৈ স্বাধীনতাৰ গুণগুণনিবোৰ আৰম্ভ হ’ল তেতিয়াই বৃটিছ শাসকৰ মনত আন এক ‘পৱিত্ৰ’ উদ্দেশ্য গঢ় লৈ উঠিল । এইবাৰ তেওঁলোকে অনুভৱ কৰিলে যে বঙ্গৰ মুছলমানসকল হিন্দুৰ তুলনাত অনেক পিছ পৰি গৈছে ।

১৮ শতিকাত বৃটেইনত শিল্প বিপ্লৱ সংঘটিত হয় আৰু তাত বহুত কল–কাৰখানা স্থাপিত হয় । কপোৰৰ ৰঞ্জনৰ বাবে বঙ্গত উৎপাদিত নীলৰ চাহিদা প্ৰচুৰ পৰিমাণে বৃদ্ধি পায় । বঙ্গৰ মৰাপাটৰ চাহিদাও ইংলেণ্ডৰ উদ্যোগবোৰত প্ৰভূত বৃদ্ধি পায় । কিন্তু জমিদাৰী তন্ত্ৰৰ অমানৱীয় শোষণৰ বাবে এইবোৰৰ উৎপাদন যথেষ্ট পৰিমাণে বাধাগ্ৰস্ত হয় । ইংলেণ্ডৰ কল-কাৰখানাৰ চাহিদা পূৰাবলৈ ইষ্ট ইণ্ডিয়া ক'ম্পেনীয়ে বঙ্গৰ কৃষিৰ উৎপাদনৰ প্ৰতি মন দিবলৈ আৰম্ভ কৰে ।

সেই সময়তেই তেওঁলোকে হঠাৎ আৱিষ্কাৰ কৰে যে বঙ্গত মুছলমান ৰায়তসকল হিন্দু জমিদাৰৰ শাসনত বৈষম্যৰ বলি হৈ আছে আৰু ১৮৮৫ চনত নতুন প্ৰজাস্বত্ব আইন তৈয়াৰ কৰি কৃষকসকলক সকাহ দিবলৈ যত্ন কৰে । ১৯০২ চনত আন এখন আইন প্ৰৱৰ্তন কৰি অত্যাচাৰী জমিদাৰসকলক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰে ।

এইবোৰ আইনৰ দ্বাৰা মুছলমানপ্ৰধান কৃষকসমাজ উপকৃত হয় আৰু এক শ্ৰেণী ধনী মুছলমান কৃষকৰ সৃষ্টি হয় । ধনী মুছলমানসকলে শিক্ষাৰ গুৰুত্ব বুজিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ সন্তানসকলক আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে। ফলত এক শিক্ষিত মুছলমানসমাজ এখন গঢ়ি উঠিবলৈ আৰম্ভ কৰে । অভিজাত হিন্দু ভদ্ৰলোকসমাজৰ পৰা লাভ কৰা অনাদৰ আৰু পুৰণি অভিজাত মুছলমানসমাজৰ প্ৰভাৱত নতুন শিক্ষিতসকলেও এক প্ৰকাৰৰ হীনমন্যতাৰ বাবে আৰম্ভণিতে বঙালী ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিব পৰা নাছিল ।

১৯০৩ চনত প্ৰচলিত বাঙালী মুছলমানৰ পত্ৰিকা 'নবনূৰ'ত প্ৰকাশিত এক মন্তব্যত কোৱা হৈছিল,'বাংলাভাষা হিন্দুগণেৰ ভাষা । সুতৰাং হিন্দুগণই যে বঙ্গ সাহিত্য চৰ্চায় অগ্ৰণী ও প্ৰধান হইবেন ইহা কিছু অস্বাভাৱিক নহে।“

(পৰৱৰ্তী অংশত –মুছলমানৰ ৰক্ষাকৰ্তাৰ ৰূপত ভেদবাদী বৃটিছ, ৰবি ঠাকুৰৰ বিভেদ ৰোধৰ চেষ্টা)