১০ ডিছেম্বৰত শ্বহীদ দিৱস
১১ ডিছেম্বৰত কা-বিৰোধী প্ৰদৰ্শন
অসম জাতীয় পৰিষদৰ দৃঢ়তা


Image Description

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থান ভৱানীপুৰৰ উজান বৰবৰী গাঁৱত অসম জাতীয় পৰিষদে শ্বহীদ দিৱস পালন কৰে৷ শ্বহীদ তালুকদাৰে আত্মবলিদান দিয়া ১০ ডিছেম্বৰৰ দিনটোত প্ৰতিবছৰে ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে৷

এইবাৰ অসম জাতীয় পৰিষদৰ বজালী জিলা সমিতিয়ে দলৰ কেন্দ্ৰীয় কাৰ্য্যসূচী হিচাপে উজান বৰবৰী গাৱঁত আয়োজন কৰা উক্ত কাৰ্য্যসূচীত দলৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ কেন্দ্ৰীয় নেতাসকলে অংশ গ্ৰহণ কৰে৷

নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে দলৰ বজালী জিলা সমিতিৰ সভাপতি দিলীপ দাসে৷ তাৰ পিছত সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা হয়৷ অসম আন্দোলনৰ মহান শ্বহীদসকলৰ ত্যাগক সুঁৱৰি শ্বহীদ শ্ৰদ্ধাঞ্জলি জনায় দলৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷

মুকলি সভাত দলৰ সভাপতি আৰু সাধাৰণ সম্পাদকে আজিও অসম চুক্তি ৰূপায়ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰ। বাংলাদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ লগতে সাংবিধানিক ৰক্ষাকৱচ আৰু অন্যান্য ব্যৱস্থাৱলীৰ বাবে অজাপ দলে আঞ্চলিকতাবাদী দলৰ দায়িত্ব পালনৰ প্ৰতিশ্ৰুতি দোহাৰে।

আজি ১১ ডিছেম্বৰৰ দিনটোত বিজেপি চৰকাৰে অসম চুক্তি আৰু অসমৰ জনমতক তাচ্ছিল্য কৰি অসাংবিধানিক কা আইনখন জাপি দিছিল। কা আন্দোলনৰ পটভূমিতে অজাপ দলে ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদৰ পৃষ্ঠপোষকতাত আত্মপ্ৰকাশ কৰিছিল।

অজাপ দলে আজিও কা আইনখনৰ বিৰুদ্ধে ৰাজহুৱাভাৱে প্ৰতিবাদ জনায়। কোনো পৰিস্থিতিতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংসকাৰী আইনখন মানি লোৱা নহয় বুলি দলৰ সভাপতিয়ে দৃঢ়মত ব্যক্ত কৰে।।