মৰিগাঁও জিলাৰ জনপ্ৰিয়
বাঙিয়া মেলা


Image Description

মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত ভূৰবন্ধা উন্নয়ন খণ্ডটো বিভিন্ন জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰে পৰিপূৰ্ণ এটা উল্লেখনীয় উন্নয়ন খণ্ড। ইয়াৰ অধীনস্থ দন্দুৱা গাওঁ পঞ্চায়তৰ দলৈ চুবাত প্ৰতিবছৰে অনুষ্ঠিত হয় মৰিগাঁওবাসীৰ জনপ্ৰিয় বাঙিয়া মেলা।

অতীজৰে পৰা দলৈ চুবাত প্ৰচলিত হৈ অহা বাঙিয়া মেলা জেঠ মাহৰ ৯ তাৰিখে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানক মৰিগাঁওবাসীয়ে বছৰৰ শেষ বিহু হিচাপে গণ্য কৰে।সমগ্ৰ অসমতে মাঘ বিহু আৰু ব'হাগ বিহুত উৰুকাৰ দিনা যেনে প্ৰস্তুতি চলে, বাঙিয়া মেলাৰ ক্ষেত্ৰতো জেঠ মাহৰ ৮ তাৰিখৰ দিনা তেনে প্ৰস্তুতি চলে।

বাঙিয়া মেলাৰ দিনা পুৱাতে দলে-বলে ৰাইজ আহি একত্ৰিত হৈ নিৰ্দ্দিষ্ট নীতি-নিয়মৰ মাজেৰে গায়ন-বায়নসহ দলৈ চুবাৰ দুটা নামঘৰৰ পৰা দুখন গোঁসাইৰ আসন বাঙিয়া মেলাৰ ৰাম মন্দিৰলৈ আনিবলৈ যায়। যথাৰীতিৰে গোঁসাইৰ আসন দুখন আনি নিৰ্ধাৰিত স্থানত প্ৰতিষ্ঠা কৰি ভকতসকলে দিনটো নামকীৰ্তন কৰে।

আনহাতে মেলা উপলক্ষে নাওকটা, দলৈ চুবা, দন্দুৱা, হালধিবাৰী, সত্ৰ, ধলযাপাৰা, পুৰণিবড়ি, সাপমাৰী, ভোগদলা আদি ঠাইৰ পৰা ৰাইজে নিজৰ বাৰীৰ বাঙিয়া(ছিৰাল), লিচু, তিয়ঁহ, তৰমুজ আদি স্ব-উৎপাদিত বিভিন্ন ফচল লৈ আহি ৰাম মন্দিৰৰ বিশাল পথাৰত বহা বাঙিয়া মেলাত বিক্ৰীৰ ব্যৱস্থা কৰে।

সমগ্ৰ মৰিগাওঁ জিলা তথা বাঙিয়া মেলা সম্পৰ্কে জ্ঞাত অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যক্তিগত যান-বাহনৰ উপৰিও ভাৰা কৰি বাছে বাছে অহা মানুহৰ বিশাল সমাগম হয় বাঙিয়া মেলাত। বছৰজুৰি নীৰৱ-নিজান হৈ থকা অঞ্চলটো পলকতে যেন জনসমুদ্ৰত পৰিণত হয়।

বিয়লি ৪ বজাৰ পিছত পূৰ্বাপৰ ৰীতি-নীতিৰে গোসাঁই আসন পুৱাব ভাগত অনাৰ দৰে পুনৰ ঘূৰাই নি যথাস্থানত ৰাইজে স্থাপন কৰেগৈ।

ৰাতিলৈ বাঙিয়া মেলা সামৰণিৰ উদ্দেশ্যে অঞ্চলটোৰ বিভিন্ন নামঘৰত স্থানীয় ৰাইজে ভাওনা-সবাহ, অনুষ্ঠান-প্ৰতিষ্ঠানত যুৱক-যুৱতীসকলে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰি আনন্দ উপভোগ কৰে।

ভিন্ন জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰা বাঙিয়া মেলাই ঐক্য, সংহতি আৰু সম্প্ৰতিৰ পূৰ্বাপৰ প্ৰবাহিত চেনেহ-শ্ৰদ্ধাৰ এনাজৰীৰ বান্ধোন দৃঢ় কৰি ৰাখিছে।

এই বাঙিয়া মেলা কেতিয়া ক'ৰ পৰা আৰম্ভ হৈছিল, সেই বিষয়ে বৰ্তমানৰ বয়োজ্যেষ্ঠসকলে বিতং তথ্য দিব নোৱাৰে যদিও প্ৰতিগৰাকীয়ে সৰুৰে পৰা দেখি অহা বাঙিয়া মেলাৰ আনন্দ সোঁৱৰণ কৰি পৰম সন্তোষ অনুধাৱন কৰে।

প্ৰবাদ অনুসৰি প্ৰচুৰ পৰিমাণে বাঙিয়া উৎপন্ন হোৱা জিলাখনৰ এই মেলাত বাঙিয়াৰ দ্বাৰা অৰ্থলাভৰ পথ প্ৰস্ফুটিত হোৱাৰ ব্যৱস্থা কৰা হয় যদিও অন্যান্য ফচল তথা সা-সামগ্ৰীৰে পৰিৱেশটো উছৱ মুখৰ কৰি তোলা হয়।।