বাল্যবিবাহ: হঠকাৰী সিদ্ধান্তই মুখ্যমন্ত্ৰিত্বৰ মৰ্য্যাদা ৰাখিবনে!


Image Description

এখন গণতান্ত্ৰিক ৰাজ্যৰ মুৰব্বী, ৰাজ্যৰ শাসন ব্যৱস্থাৰ মূল ব্যক্তিজনেই হ’ল ৰাজ্যৰ মুখ্য মন্ত্ৰী। এই পদৰ গৰিমা, শৌৰ্য্য সমগ্ৰ ৰাজ্যখনৰ জনতাই অনুধাৱন কৰে আৰু উন্নয়ন তথা আশাবাদী চিন্তাকহে প্ৰশ্ৰয় দিয়ে। কাৰণ সেই বিশিষ্ট, সৰ্বোচ্চ পদটোৰ বাবে যোগ্য বিবেচনা কৰি ৰাইজেহে নিৰ্বাচিত কৰি ব্যক্তিবিশেষক ৰাজ্য শাসনৰ নিমিত্তে আগবঢ়াই দিয়ে।

গতিকে এগৰাকী মুখ্য মন্ত্ৰীৰ সমগ্ৰ ৰাজ্যখনৰে জনসাধাৰণৰ কল্যাণ, মংগল চিন্তা কৰাটো কৰ্তব্য তথা সেয়া উক্ত পদমৰ্য্যাদা ৰক্ষা কৰি পালিত হৈছে নে নাই তাকো গুৰুত্বসহকাৰে লোৱাটো সেই কৰ্তব্যৰে এক অংশ।

সম্প্ৰতি অসমৰ সেই পদ অলংকৃত কৰা ব্যক্তিজনেই হৈছে ড° হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চা, সমাদৰ, বিতৰ্ক ইত্যাদিৰে বিভূষিত হৈ থকা ড° শৰ্মাদেৱৰ জনপ্ৰিয়তা সকলোৰে জ্ঞাত। ইয়াৰ লগতে বিচক্ষণ, সুচতুৰ, সুপৰিচালক, সুশাসক, পৰোপৰাকী ইত্যাদি অভিধাৰেও তেখেত পুষ্ট। পাচে বহু সময়ত শিশুসুলভ আচৰণেৰে, হঠকাৰী সিদ্ধান্তৰে এইজনা ব্যক্তিয়ে এক অজাত পৰিচয় সমাজৰ সমুখত দি থাকে আৰু ফল স্বৰূপে ৰাইজ শ’লঠেকত পৰিবলগা হয়।স্বভাৱগতভাৱে তেখেত মিতভাষী হ’লেও তেখেতৰ কেতবোৰ মদগৰ্বপূৰ্ণ আচৰণ কৰ্মবিশেষে প্ৰকাশ পায়।

হঠাৎ অসমৰ শ শ বিবাহিত পুৰুষক কাৰাগাৰত ঠাই নোজোৰা হোৱাকৈ আটক কৰি সম্প্ৰতি ৰাজ্যত বাল্যবিবাহ নিপাতৰ অভিযান তেখেতে এতিয়া হাতত লৈছে ৷ চাৰিওপিনে হাঁহাকাৰ, শ শ ভাৰ্য্যাই কাৰাগাৰ, আৰক্ষী থানাসমূহ ভীৰ কৰিছে। স্বামীক মুকলি কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে। কান্দোনৰ ৰোল উঠিছে ৷ তেওঁলোকৰ অপৰাধ হেনো বাল্যকালতে বিবাহপাশত আবদ্ধ হোৱাটো।

অৰ্থাৎ ল-ছালিৰে সুন্দৰ সংসাৰ চলি থকাৰ পাছতো, সংসাৰ চলাবলৈ সক্ষম হোৱাৰ পাছতো তেওঁলোকক অপৰাধী বুলি গণ্য কৰা হৈছে ৷ কাকতে-পত্ৰই ইজনৰ পিছত সিজন অভিজ্ঞ আইনজ্ঞই বাল্যবিবাহ প্ৰতিৰোধ আইন ২০০৬ সম্পৰ্কত বিৱৰণযুক্ত লেখা যুগুতাই থকাৰ সত্ত্বেও, আইনখন মুখ্যতঃ বাল্যবিবাহৰ ৰোধৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবেহে বুলি আলোচিত হৈ থকা সত্ত্বেও, তেখেত নিজেই আইনৰ ছাত্ৰ হোৱা সত্ত্বেও আইনখনৰ প্ৰকৃত মৰ্মাৰ্থ, ধাৰা-বিধি উংলঘা কৰি যি নিদৰ্শন দেখুৱাইছে সেয়া তেখেতৰ হঠকাৰীতাৰেই প্ৰতিফলন নহয়নে !

আৰু তাকে কৰি তেখেতে অলংকৃত কৰি থকা ৰাজ্যৰ শাসন ব্যৱস্থাৰ সৰ্বোচ্চ পদটিৰ মৰ্য্যাদাক লাঘৱ কৰা নাইনে!

ক্ষমতা থাকিল বুলিয়েইএনে একোটা পদবীৰ অপব্যৱহাৰে কেৱল জনগণলৈকে বিপদৰ সংকেত কঢ়িয়াই আনিছে ৷ হয়, আমি কোনোৱেই বাল্যবিবাহক সমৰ্থন কৰা নাই। কিন্তু ইচ্ছা কৰাহেঁতেন ২০১৬ চনতে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু তেনে কোনো পদক্ষেপ আজিকোপতি ৰাইজৰ দৃষ্টিত নপৰিল। তেনে কৰাহেঁতেন আজি এনেদৰে হঠকাৰী সিদ্ধান্তৰ আশ্ৰয় হয়তো ল’ব নালাগিলহেঁতেন।

ৰাজ্যখনৰ মূল মূল সমস্যা অসংখ্য। নিবনুৱা সমস্যা, বানপানী সমস্যা, দৰিদ্ৰতাৰ সমস্যা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ সমস্যা, কৃষক সমস্যা ইত্যাদি ইত্যাদি এশ-এবুৰি সমস্যাৰে ৰাজ্যখন ভাৰাক্ৰান্ত হৈ আছে। আনহে নালাগে গুৱাহাটীবাসী ৰাইজে আজিলৈকে বিশুদ্ধ খোৱাপানীৰ সমস্যাটোৰেই স্থায়ী সমাধান নাপালে, কৃত্ৰিম বানপানীৰ কথা নক’লোৱেইবা।

তেনেস্থলত সেইবোৰক গৌণ জ্ঞান কৰি গৰুখুঁটীৰ উচ্ছেদ, বাল্যবিবাহ ৰোধৰ নামত সাধাৰণ পৰিয়ালক হাৰাশাস্তি ইত্যাদিৰ দৰে হঠকাৰী সিদ্ধান্তবোৰে তেখেতৰ একান্ত ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ স্বাৰ্থসিদ্ধিত অৰিহণা যোগালেও জনমুখী-কল্যাণকামী চিন্তা-কৰ্মৰাজিৰ ক্ষেত্ৰত ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

গণতন্ত্ৰত সংসদীয় ব্যৱস্থা আছে, সংবিধান আছে, আইন আছে ৷ এইবোৰৰ সংমিশ্ৰিত সুপৰিচালনাইহে প্ৰকৃতাৰ্থত গণতান্ত্ৰিক ব্যৱস্থাৰ সুষমাক সুসংজ্ঞাবদ্ধ কৰি ৰাখে, অন্যথা সৃষ্টি হয় অৰাজকতাৰ। চৰকাৰে হিন্দু-মুছলমান নামত ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি, হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিৰ দৰে আৰ্হিক সাৰোগত কৰি দেশ-ৰাজ্য নিৰ্বিশেষে যি পৰিচালনা ব্যৱস্থাৰ পোষকতা কৰিছে সেয়া দেশৰ তথা ৰাজ্যৰ সামাজিক স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ।

বহুতো ইতিহাসবিদ, ৰাজনীতিবিদ, আইনবিদ, সংবাদ মাধ্যমৰ পক্ষপাতিত্বমূলক আচৰণ, চৰকাৰৰ ভৃত্য হৈ স্বল্পস্বাৰ্থসিদ্ধিৰ দৰে মানসিকতাই ৰাজনৈতিক-সামাজিক অৱক্ষয়ৰ সৃষ্টি কৰিছে ৷ এনে প্ৰেক্ষাপটত আমাৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীজনাই ৰাজ্যৰ একতা-অখণ্ডতা তথা সমাজৰ প্ৰতিটো স্তৰৰ ৰাইজক নিৰাপত্তা প্ৰদানৰ আশ্বাস আৰু ৰক্ষণাবেক্ষণৰ হেতু উন্নয়নশীল পৰিকল্পনাৰাজিক কাৰ্য্যক্ষেত্ৰত পৰিণত কৰিবলৈ চেষ্টা কৰা উচিত৷

কেৱল হাস্পতাল, চিকিৎসা মহাবিদ্যালয় গঢ়িয়েই উন্নয়নৰ ছবি আঁকি নাথাকি তাত সমান্তৰালভাৱে আন্তঃগাঁথনিৰ সবলতৰ কৰাৰ প্ৰয়াসৰো প্ৰয়োজন।

এইদৰে ইটোৰ পিছত সিটোকৈ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি, হিটলাৰী শাসনৰ জৰিয়তে আইনৰ গইনা লৈ সৰ্বসাধাৰণৰ ওপৰত 'বেআইনী নিৰ্যাতন' চলালে মুখ্যমন্ত্ৰিত্বৰ মৰ্য্যাদা কোনোবা এদিন ধুলিসাৎ হৈ পৰিব। আৰু ইতিহাসে এদিন এই অধ্যায়সমূহ 'ক’লা অধ্যায়'ৰূপেহে বিবেচনা কৰিব। তেনেস্থলত 'উত্তৰ পুৰুষ' কি স্থিতি ল’ব সেয়াও বিচাৰ্য্য।।