চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু খতিয়ান


Image Description

* প্ৰতিশ্ৰুতি: বস্তুৰ দাম কমিব৷

বাস্তৱ : দুখীয়া মানুহে সৰিয়হৰ ফুল দেখিছে৷ আকাশলৈ চাই থকাৰ বাহিৰে কোনো সমাধান দেখা নাই৷ সেই বাটেৰে হয়তো এদিন মানুহৰ ক্ষোভ উদ্ধৰ্মুখী হ’ব৷

৮০ শতাংশ ঔষধৰ মূল্য প্ৰায় ২০ শতাংশ বাঢ়িছে৷

* প্ৰতিশ্ৰুতি: অসমৰ জলপথত চলিব ৰ’পেক্স জাহাজ৷ অসমৰ বাবে ৰ’ ৰ’ জাহাজ সুবিধাজনক নহয়৷ আটাইকেইখন ৰ’ ৰ’ জাহাজ ওভোতাই দিয়া হ'ব৷

বাস্তৱ : কেইখন ৰ’পেক্স জাহাজ আহিল চৰকাৰে আজিলৈকে প্ৰকাশ নকৰিলে৷ ৰাইজে নাজানিলে৷ লগতে নাজানিলে কেইখন ৰ’ ৰ’ জাহাজ ঘূৰাই পঠিওৱা হ’ল৷

* প্ৰতিশ্ৰুতি: সমগ্ৰ ৰাজ্যত ১০০০খন নতুন চিকিৎসালয় স্থাপন কৰা হ’ব৷ ডাক্তৰ, কাৰিকৰী ব্যক্তি, নাৰ্ছৰ পদত অচিৰেই নিযুক্তি দিয়া হ’ব৷

বাস্তৱ : ৰাজ্যৰ চৰকাৰী খণ্ডত ১৩৮২টা পদ খালী হৈ আছে৷

৩০০ গৰাকী চিকিৎসক বাছনি কৰিও নিযুক্তি দিয়া নাই৷

আইছিইউ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ হাতত ধন নাই৷

৩.৪ কোটি লোকৰ বিপৰীতে চৰকাৰী দন্ত চিকিৎসক মাত্ৰ ৮৫ গৰাকী৷

নিবনুৱাৰ শাৰীত আছে ৮৬৫ গৰাকী চিকিৎসা বিজ্ঞানৰ স্নাতক৷

* প্ৰতিশ্ৰুতি: ছমাহৰ ভিতৰত অসমত প্ৰতি ঘৰে ঘৰে বিজুলী যোগান ধৰা হ’ব৷ অচিৰেই ৪.৮০ লাখ লোকক বিদ্যুৎ সংযোগ দিয়া হ’ব৷

বাস্তৱ : জনসাধাৰণৰ ইজনে সিজনক সুধিছে পালে নেকি।

* প্ৰতিশ্ৰুতি: ২০২১ৰ পৰা গৃহ বিভাগত ১৫০০০, শিক্ষা বিভাগত ২৩৫১৫, স্বাস্থ্য, পৰিয়াল কল্যাণ বিভাগত ৮৮৬৫ জনক নিযুক্তি দিয়া হ'ব৷

বাস্তৱ : ফুটুকাৰ ফেন৷

* প্ৰতিশ্ৰুতি: অসমৰ কলেজসমূহত ১০০০ অধ্যাপকৰ পদ খালী হৈ আছে৷ অক্ট’বৰ ২০২১ৰ ভিতৰত নিযুক্তি দিয়া হ’ব৷

বাস্তৱ : কি কৰা হ’ল শিক্ষা মন্ত্ৰীয়েহে জানে৷

* প্ৰতিশ্ৰুতি: ৫০ খন বেগী টেক্সি মুকলি কৰা হ’ব৷

বাস্তৱ : আজিকোপতি ক’ত মুকলি কৰা হ’ল নজনালে৷

* প্ৰতিশ্ৰুতি: আন্তঃৰাজ্যিক সীমান্তত ৫০টা অতিৰিক্ত আৰক্ষী চকী স্থাপন কৰা হ'ব৷

বাস্তৱ : আজিৰ তাৰিখলৈকে এটাও হোৱা নাই৷

* প্ৰতিশ্ৰুতি: সীমান্তৰ বাবে কমাণ্ডো বেটেলিয়ান খোলাৰ কথাও আছিল৷

বাস্তৱ : চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন ক্ৰমান্বয়ে বাঢ়িহে গৈছে৷ বেটেলিয়ান ক’ত আছে ৰাইজে নাজানে৷

* প্ৰতিশ্ৰুতি: ব্ৰহ্মপুত্ৰ খননৰ আৰু এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ৷

বাস্তৱ : কোনো আঁচনি নাই৷ [বৰ্তমান চৰকাৰখনৰ ঘোষোণা]

* প্ৰতিশ্ৰুতি: মাটিৰ দালাল নোহোৱা হ'ব৷

বাস্তৱ : ৬ শতাধিক আটক হ'ল। কাৰো বিৰুদ্ধে প্ৰমাণ বিচাৰি নাপালে৷

* প্ৰতিশ্ৰুতি: বায়ুৱে-পানীয়ে চলিব পৰা জাহাজ চৰকাৰে আনিব৷

বাস্তৱ : বৰ্তমান চৰকাৰখনৰ সকলো নিমাত৷

[ইয়াত উদাহৰণ হিচাবে কেইটামান প্ৰতিশ্ৰুতিৰ কথাহে দাঙি ধৰা হৈছে৷]