অদক্ষ ৰাজ্য চৰকাৰ


Image Description

ৰাজ্য চৰকাৰখনৰ অদক্ষতা দিনক দিনে স্পষ্ট ৰূপত ধৰা পৰিছে৷ ইখনৰ পিছত সিখন আঁচনি ঘোষণা হৈছে৷ এফালৰ পৰা ঘোষিত আঁচনিবোৰ পাহৰিও যোৱা হৈছে৷

চৰকাৰৰ হাতত ধন নাই৷ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰ কৰাৰ পৰিমাণ প্ৰতিদিনে বাঢ়িছে৷ প্ৰতিজন মানুহৰ ওপৰত ধাৰৰ বোজা বাঢ়িছে৷ অৱশ্যে সেই বোজাই মন্ত্ৰী আৰু বিষয়াসৱক স্পৰ্শ নকৰে৷

ৰাজ্য চৰকাৰে জনসাধাৰণক প্ৰতিদিনে এহাতে বিভ্ৰান্ত কৰিছে আৰু আনহাতে হিতাধিকাৰীৰ নামত নতুন নতুন ভোট বেংক আৰম্ভ কৰিছে৷ ৰাজনীতিৰ ক্ষেত্ৰত অসমে ইতিমধ্যে কুনাম ভালদৰে অৰ্জন কৰিছে৷ কোনো ৰাজ্যৰ পলৰীয়া বিধায়কে আশ্ৰয় লয় অসমত৷ বিভিন্ন ৰাজ্যৰ বিধায়ক কিনা-বেচাৰ বেহা চলে অসমতে আৰু অসমৰ পৰাই৷

প্ৰতিখন কেবিনেটত ঘোষণা কৰা আঁচনিৰ সংখ্যা হেৰাই যায়৷ কেৱল কেবিনেটে সিদ্ধান্ত নলয় শিশুহঁতৰ বিদ্যালয়বোৰ কেনেকৈ সজাই-পৰাই তুলিব৷ কেবিনেটে সিদ্ধান্ত নলয় প্ৰতিখন জিলাৰ চিকিৎসালয়ত কেনেকৈ সকলো সঁজুলি স্থাপন কৰিব আৰু আইছিইউবোৰ গঢ়ি তুলিব৷

কেৱল অভাৱ হয় খেতিয়কক বীজৰ যোগান ধৰিবলৈ৷ ৰাজ্য চৰকাৰে ইটোৰ পিছত সিটো অসমৰ ভাষা-সংস্কৃতি-ঐতিহ্য বিৰোধী সিদ্ধান্ত লৈ আহিছে৷ অসমৰ সম্পদবোৰ আদানি-আম্বানি-শ্বাহৰ হাতলৈ গৈছে৷ অসমৰ ঠিকাদাৰসকলক দিবলৈ চৰকাৰৰ ধন নাই৷ অথচ মিছা কথাৰ অন্তও নাই৷ যোৱা পাঁচ বছৰত অসমত মাত্ৰ ২৩২ কিল’মিটাৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণ হৈছে৷ এই তথ্য দিছে ৰিজাৰ্ভ বেংকে৷ এনে তথ্যই গাডকাৰীৰ কথাকো মিছা বুলি প্ৰতিপন্ন কৰিছে৷

ৰাজ্য চৰকাৰখনৰ চলিছে আঁচনিৰ চমক দেখুৱাই, মিছা কথা দোহাৰি আৰু ভাষা-ধৰ্মৰ নামত মানুহক ভাগ কৰি৷ সকলো সিদ্ধান্ত লোৱা হয় নাগপুৰ আৰু দিল্লীত৷ তেনেবোৰ সিদ্ধান্ত কাৰ্য্যকৰীও কৰা হয়৷ যেনে, এপিএছছিৰ পৰা অসমীয়া ভাষা উঠাই দিলে৷ মাতৃভাষা মাধ্যমৰ স্কুলবোৰক মাধমাৰ সোধোৱা হৈছে৷ যেনে, অসমৰ ঐতিহ্যসম্পন্ন ঘৰ-দুৱাৰবোৰ ভাঙি পেলোৱা হৈছে৷

কিন্তু অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তবোৰহে কাৰ্য্যকৰী নহয়৷৷