খাদ্য নিৰাপত্তা আৰু জৈৱিক কৃষি: সামঞ্জস্যহীন অভিলাষ


Image Description

জোঁৰ পুৰি হাত পালেহি। হৈ চৈ কৰাটো সাম্প্ৰতিক কালত গতানুগতিক কথা হৈ পৰিছে ৷

শ্ৰীলঙ্কাৰ অৰ্থনীতিৰ বিধ্বস্ত অৱস্থা আৰু জনসাধাৰণৰ জীৱন-যাপনৰ দুৰ্বিসহ পৰিস্থিতিয়ে বিশ্বত খলকনি তোলাৰ সময়ত কৃষি ব্যৱস্থাৰ বিষয়ে সতৰ্ক হ'বলৈ আলোচনা কৰাৰ প্ৰয়োজন আছে ৷

অৰ্থনীতিৰ মন্দাৱস্থা হোৱাৰ বহু কাৰকৰ ভিতৰত মুখ্য কাৰক হ’ল তীব্ৰ খাদ্য সংকট৷ এয়া মূলতঃ চৰকাৰ তথা ৰাজনীতিবিদৰ অপৰিপক্ক আৰু অত্যুৎসাহী চিন্তা বা স্বাৰ্থপৰ আমোলা, বিশেষজ্ঞৰ বিপথে পৰিচালনা কৰা অভিসন্ধি৷

প্ৰায় দুবছৰ পূৰ্বে শ্ৰীলঙ্কাৰ ৰাষ্ট্ৰপতি ৰাজাপায়ে নিৰ্দেশনা জাৰি কৰিলে যে খেতি-বাতি সম্পূৰ্ণ জৈৱিক (organic) হ’ব লাগে আৰু এতিয়া পৰিণাম হাতে হাতে পাইছে ৷

উদাহৰণ স্বৰূপে, চাউলৰ দাম প্ৰতি কিল’গ্ৰামত ৫০০ টকা বা ততোধিক ৷

জৈৱিক কৃষি বা জৈৱিক খাদ্য কি?

থোৰতে ৰাসায়নিক সাৰ, কৃত্ৰিম কীটনাশক, জীৱাণুনাশক আদি ব্যৱহাৰ নকৰাকৈ কৰা খেতি আৰু তেনে খাদ্যশস্যই হ’ল জৈৱিক ৷ অৰ্থাৎ প্ৰায় ১৯৫০ৰ দশকলৈ আমাৰ দেশত উপলব্ধ প্ৰতিবিধ খাদ্যশস্যই জৈৱিক ৷

কিন্তু এয়া পাহৰিব নালাগে যে ১৯৬০ৰ দশকৰ পৰা হোৱা জনবিস্ফোৰণৰ পৰিণামত জৈৱিক ধাৰাৰে কৰা কৃষিৰ সীমিত উৎপাদনেৰে দেশবাসীৰ চাহিদা পূৰণ কৰিব পৰা নগৈছিল৷ ফলত ১৯৬৭-৬৮ চনত আমাৰ দেশত প্ৰায় দুৰ্ভিক্ষসদৃশ্য পৰিৱেশ হৈছিল৷

তেতিয়াৰ প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে নিৰূপায় হৈ ঘেঁহুৰ বাবে আমেৰিকাৰ ওচৰত নতশিৰ হ’ব লগা হৈছিল৷ আজিৰ প্ৰজন্মই শুনি হতবাক হ’ব যে উক্ত সময়ত অসমৰ চহৰ অঞ্চলত চাউলৰ ক’লা বজাৰ চলিছিল৷ কিন্তু ১৯৬০ দশকৰ শেষৰফালে আৰম্ভ হোৱা বিখ্যাত ‘সেউজ বিপ্লৱে’ এই দুৰ্দশাৰ অন্ত পেলোৱাই নহয়, আদিও তাৰ সুফল আমি পাই আছোঁ ।

অৱশ্যে সেউজ বিপ্লৱ আৰু ৰাসায়নিক দ্ৰব্যভিত্তিক কৃষি সমাৰ্থক৷ আমাৰ দুয়োফালে বিপদ । কেৱল জৈৱিক কৃষি পদ্ধতিলৈ উভটি গ’লে দুৰ্ভিক্ষৰ সম্ভাৱনা আৰু আনফালে, আধুনিক কৃষিত ব্যৱহৃত কেতবোৰ ৰাসায়নিক পদাৰ্থ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি ৷

কৃষি ৰাসায়নিক দ্ৰব্যৰ বিষয়ে বহতৰে ভুল ধাৰণা আছে৷ প্ৰথমে বিবেচনা কৰা হওক পথাৰত প্ৰয়োগ কৰা কৃত্ৰিম সাৰ, যেনে, ইউৰিয়া, ডাই-এম'নিয়াম ফছফেট [ডিএপি], পটাছ ইত্যাদি ৷ বহুতৰে ধাৰণা যে গছৰ শিপাই ইউৰিয়া গোটে গোটে শুহি লয় আৰ পাত আদিৰ মাজেৰে গতি কৰে । শেষত ধান, ঘেঁহু আদিৰ বীজত থিতাপি লয় আৰু গতিকে উদ্বেগৰ বিষয়৷

এয়া সম্পূৰ্ণ ভুল ধাৰণা । মাটিত দিয়াৰ পিছত পানীৰ সংস্পৰ্শত ইউৰিয়া অণু ভাঙি এম'নিয়াৰ কণিকা [য’ত উদ্ভিদৰ প্ৰয়োজনীয় নাইট্ৰ'জেন থাকে] আৰু কাৰ্বন ডাই-অক্সাইড হৈ পৰে৷ ইয়াৰে এম'নিয়াম কণিকাহে শিপাই শুহি লয় ৷

কেৱল ইউৰিয়াই নহয়, সকলো অণু ধনাত্মক আৰু ঋণাত্মক কণিকাৰ সংযুক্তিৰে গঠিত, ঠিক চাবোনৰ বাকচৰ দৰে দুটা ভাগৰ দৰে৷ প্ৰয়োজন মতে পৃথক কৰিব পাৰি আৰু একত্ৰিত কৰিবও পাৰি৷ উল্লেখযোগ্য যে উদ্ভিদৰ শিপাই যি কোনো খনিজ লোণ কেৱল অণুৰ ভগ্নাংশ [আয়ন] হিচাবেহে শুহি ল’ব পাৰে৷

সেয়া নহ’লে জীৱবিজ্ঞান, কৃষিবিজ্ঞান, ৰসায়নবিজ্ঞান আদিৰ পাঠ্যপুথি নতুনকৈ লিখিব লাগিব ৷ গতিকে খেতিত ইউৰিয়া দিয়া খাদ্যশস্য মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকৰ এয়া ভুল ধাৰণা । অৱশ্যে কেবাবছৰো ইউৰিয়া প্ৰয়োগ কৰি থাকিলে মাটিৰ অম্লতা বাঢ়ে, মাটিৰ গুণাগুণ কমে৷

কিন্তু ইয়াৰ প্ৰতিকাৰো আছে; যেনে, অম্লতা স্বাভাৱিক কৰিবলৈ মাটিত চুণৰ প্ৰয়োগ ৷ ইয়াৰ বিপৰীতে শস্যবস্তুৰ ৰাসায়নিক, যেনে, কীটনাশক, ৰোগনাশক দ্ৰব্যসমূহ মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকৰ ৷

কিন্তু কম-বেছি এই সকলোবোৰ পানীত দ্ৰৱীভূত হয়৷ সেয়ে বজাৰৰ পৰা অনা শাক-পাচলি আদি কমেও আধা ঘণ্টা কিছু নিমখ দিয়া পানীত তিঁয়াই ৰাখি ভালকৈ ধুই ল’লে এনে দ্ৰব্যৰ পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে কমাব পাৰি ।

কিন্তু খেতিত কীটনাশক প্ৰয়োগ কৰিলেও বিপদ, নকৰিলেও বিপদ। জনস্বাস্থ্যৰ ক্ষেত্ৰত কেৱল কীটনাশক, জীৱাণুনাশক আদিক দোষাৰোপ কৰিলেই নচলিব৷

বায়ু আৰু পানীৰ প্ৰদূষণ জনস্বাস্থ্যৰ প্ৰতি বৃহত্তম বিপদ ৷ এক সাম্প্ৰতিক হিচাপ মতে বিশ্বত বায়ু প্ৰদূষণৰ বাবে বছৰি ৯০ লাখ মানুহ মৃত্যুমুখত পৰে৷ এই সংখ্যা আন কাৰক, যেনে, যুদ্ধ, এইডছ ৰোগ, মেলেৰিয়া আদিৰ বাবে মৃত্যুৰ সন্মিলিত সংখ্যাতকৈও বেছি ৷

খাদ্য দিনটোত দুবাৰ খোৱা হয়, কিন্তু বিষাক্ত বায়ুৰে শ্বাস-নিশ্বাস ২৪ ঘণ্টাই চলি থাকে৷

জৈৱিক খেতিৰ উৎপাদন ব্যয় বেছি, কিন্তু উৎপাদন কম ৷ স্বাভাৱিকতে ইয়াৰ বজাৰ মূল্য বেছি; সাধাৰণ ক্ৰেতাৰ সাধ্যৰ বাহিৰত৷ কিন্তু উন্নত ধনাধ্য দেশসমূহত চাহিদা আছে; আৰ্থিক সামৰ্থ্য আছে । গতিকে বজাৰমুখী, ৰপ্তানিমুখী উদ্দেশ্যেৰে কোনোবাই সীমিত পৰিসৰৰ জৈৱিক খেতি কৰিলে ভাল কথা ।

কিন্তু শ্ৰীলঙ্কাৰ ৰাষ্ট্ৰপতিৰ দৰে কে জৈৱিক নীতি প্ৰয়োজ্য কৰিলে সৰ্বনাশ৷ এই ক্ষেত্ৰত উত্তৰ-পূবৰ জনসাধাৰণ সুবিধাজনক স্থিতিত আছে৷

আমাৰ বহু খাদ্য শাক-পাচলি, থলুৱা ফল-মূল আদি স্বাভাৱিকভাবেই জৈৱিক ৷ যেনে, বাওধান বছৰৰ চাৰি মাহৰো অধিক চাৰি-পাচ ফুট পানীত ডুবি থাকে ৷ গতিকে ইউৰিয়া কীটনাশক আদি প্ৰয়োগ কৰিলে পানীৰ সোঁতে উটুৱাই নিনিবনে?

বজাৰত উপলব্ধ ঢেকীয়া, খুতুৰা, দ্ৰোণশাক, কলডিল আদিত ৰাসায়নিক সাৰ, কীটনাশক প্ৰয়োগ কৰা হয়নে?

এই চমু আলোচনাত বাস্তৱ আৰু বৈজ্ঞানিক দিশসমূহ সংক্ষেপে দাঙি ধৰা হৈছে। বাৰী থাকিলে জনসাধাৰণে অধিক সচেতনতাৰে খাদ্যশস্য প্ৰস্তুত কৰিব পাৰে।