অসম গ্ৰন্থমেলা
- নিজা প্ৰতিবেদক
- /
- January 22nd, 2023

সদ্যসমাপ্ত অসম গ্ৰন্থমেলাৰ কেইটামান দিশ চকুত পৰা বিধৰ আছিল।
ভালেমান নতুন লেখক-লেখিকাৰ আত্মপ্ৰকাশ অতি উল্লেখযোগ্য দিশ আছিল। ইয়াৰ লগতে জড়িত দিশটো আছিল যে কিতাপবোৰ লেখক-লেখিকাই নিজে প্ৰকাশ কৰিছে। ই নেতিবাচক বুলি কোনো অৰ্থতে ভাবিব নোৱাৰি।
বহু সময়ত প্ৰকাশকে নতুন লেখকৰ ওপৰত আস্থা নাৰাখে। নতুন পাণ্ডুলিপি এখনৰ মূল্যায়নৰ ব্যৱস্থা প্ৰকাশকৰ নাই বুলিবই পাৰি। প্ৰকাশকে নতুন সৃষ্টি আৰু পাঠকৰ স্বাৰ্থতে এনে পৰম্পৰা গঢ়িবৰ সময় পাৰ হৈছে।
অপ্ৰিয় হ'লেও সঁচা যে বহু প্ৰকাশকে লেখকৰ লগত কোনো আনুষ্ঠানিক চুক্তি নকৰে। বিক্ৰী অনুপাতে মাননি দিয়াৰ সুষ্ঠ সম্পৰ্ক শুনিবলৈ পোৱা নাযায়। একে ধৰণে অনুমতি নোলোৱাকৈ ছপা কৰা বিখ্যাত লেখকৰ কেইবাখনো কিতাপ এইবাৰো চকুত পৰিল।
আনটো অতি আশাপ্ৰদ কথা হ'ল যে অনুবাদ সাহিত্যৰ প্ৰসাৰ বৃদ্ধি। বিষয়বস্তুৰ নিৰ্বাচন আকৰ্ষণীয় আছিল। সেইবাবেই নৱপ্ৰজন্মই কিতাপ কিনিছে।
কিতাপ নপঢ়া ব্যক্তি চিন্তাত দুখীয়া হৈ ৰয়। জাতি দুখীয়া হৈ ৰয়। সভ্যতাৰ সত্য।।