প্ৰতিষ্ঠা দিৱসৰ দহদিনীয়া স্বাভিমান যাত্ৰাৰে জাতীয় পৰিষদৰ নিষ্ঠা–শক্তি প্ৰদৰ্শন


Image Description

অসম প্ৰথম, সদায় আৰু চিৰদিন – এই মহামন্ত্ৰৰে ২০২০ চনৰ ১৭ ডিছেম্বৰত শিৱসাগৰত জন্ম হৈছিল অসম জাতীয় পৰিষদ (অজাপ) দলৰ। যোৱা ১৭ ডিছেম্বৰ শুক্ৰবাৰে দলটিয়ে এটা বছৰ সম্পূৰ্ণ কৰে। ১৬ আৰু ১৭ ডিছেম্বৰত মাজুলীৰ সোণাৰীআটি মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্য্যসূচীৰে অজাপৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে উলহ-মালহেৰে পালন কৰা হয়।

প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে অজাপ দলে ব্যাপক প্ৰস্তুতিৰে ১০ ডিছেম্বৰৰ শ্বহীদ দিৱসৰ দিনটোৰ পৰা ১৯ ডিছেম্বৰৰ গল্পসম্ৰাট চৈয়দ আব্দুল মালিকৰ মৃত্যু দিৱসৰ দিনটোলৈ 'জাতীয় স্বাভিমান যাত্ৰা'– ত্যাগৰ পৰা সংকল্পলৈ... ১০ দিনীয়া বিস্তৃত কাৰ্য্যসূচী সফলতাৰে পালন কৰে।

আজি ১৯ ডিছেম্বৰত চৈয়দ আব্দুল মালিকৰ জন্মস্থান গোলাঘাট জিলাৰ নাহৰণিত অসমৰ অন্যতম শ্ৰেষ্ঠ কথাশিল্পীগৰাকীৰ প্ৰতিচ্ছবিত প্ৰথমে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তেওঁৰ অমৰসৃষ্টি 'জীৱনে মৰণে মই চিৰদিন অসমীয়া' গীতটি সমস্বৰে গাই এক অতি শক্তিশালী যোগাত্মক বাৰ্তা প্রেৰণেৰে 'জাতীয় স্বাভিমান যাত্ৰা' কাৰ্য্যসূচীৰ সামৰণি পেলোৱা হয়।

যোৱা ১০ ডিছেম্বৰত কামৰূপ জিলাৰ ছয়গাওঁ চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰত বিশাল দৃষ্টিনন্দন শ্বহীদ বেদী সাজি ৮৬০ গছি বন্তি প্ৰজ্বলিত কৰি বৃহৎ আয়োজনেৰে শ্বহীদ দিৱস আৰু বিয়লি সমান্তৰালভাৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস পালনেৰে দহদিনীয়া জাতীয় স্বাভিমান যাত্ৰা কাৰ্য্যসূচীৰ পাতনি মেলা হয়।

অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে উপস্থিত কেইবাহাজাৰ লোকক সম্বোধি কয় যে শ্বহীদসকলৰ আত্মত্যাগ জাতিটোৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব। সেয়েহে শ্বহীদ দিৱসৰ দিনটোত জাতিয়ে স্বাভিমান ৰক্ষাৰ সংকল্প নতুন তেজেৰে নতুন শক্তিৰে পুনৰ গ্ৰহণ কৰে । ইংলেণ্ড আদি কেইবাখনো দেশত ভাৰতীয় উচ্চায়ুক্ত হিচাপে সেৱা আগবঢ়োৱা তথা বিশ্ব বেংকত সেৱা আগবঢ়োৱা প্ৰথম অসমীয়া ডঃ জৈমিনী ভাগৱতীয়ে মুখ্য অতিথিৰ ভাষণত অজাপ দলৰ কৰ্মপদ্ধতিক উচ্চ প্ৰশংসা কৰে। অজাপই সৃষ্টি কৰা প্ৰচণ্ড ধুমুহাই সঁচা অৰ্থত পৰিৱৰ্তন আনিব পাৰিব বুলিও তেওঁ লগতে কয়।

বিয়লি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি স্মিতাক্ষী বৰুৱাই ভাষাৰ ওজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। শিক্ষাবিদ অপূৰ্ব বৰুৱাই ভাষাৰ ওজাৰ সৃষ্টিৰাজি সম্পর্কত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে।

অসমৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বৰ্ণাধ্য আয়োজন তথা দীপলিনা ডেকা আৰু ৰাকেশ ৰিয়ানৰ দেশ-জাতিক উদ্বুদ্ধ কৰা সংগীতানুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে।

১১ ডিছেম্বৰত অজাপই জাতিধ্বংসী 'কা' আইন সংসদত গৃহীত কৰা দিনটো ৰাজ্যজুৰি ক'লা দিৱস হিচাপে পালন কৰে। গুৱাহাটীত দলটিয়ে কেইবাহাজাৰ লোকৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। জু ৰোডৰ অজাপ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ পৰা দিছপুৰৰ দিশত অগ্ৰসৰ হোৱা এই বৃহৎ সমদলক আৰক্ষীয়ে কেইবাঠাইটো বাধা প্ৰদান কৰে। আৰক্ষীৰ বাধা উফৰাই আগবাঢ়ি যোৱা সমদল অৱশেষত দূৰদৰ্শনৰ সমুখত অৱস্থান কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী সামৰা হয়।

১২ ডিছেম্বৰত 'কা' আন্দোলনৰ পঞ্চ শ্বহীদক সুঁৱৰি ৰাজ্যজুৰি 'আত্মবলিদান দিৱস' পালন কৰা হয়। শ্বহীদ ঈশ্বৰ নায়কৰ জন্মস্থান ওদালগুৰিৰ মাজুলী চাহ বাগিচাত কেন্দ্ৰীয়ভাৱে 'আত্মবলিদান দিৱস' পালন কৰা হয়। সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্বই অনুষ্ঠানত অংশগ্ৰহণ কৰি 'কা' আন্দোলনৰ শ্বহীদসকলৰ ত্যাগ অথলে যাবলৈ দিয়া নহ'ব বুলি ন–দি ঘোষণা কৰে।

১৩ ডিছেম্বৰত সাহিত্যিক সত্যনাথ বৰাৰ স্মৃতিত 'মূল্যবোধৰ দিন' পালন কৰা হয়। গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু–নিৰ্মলা ভৱনত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখক ময়ূৰ বৰাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। জাতীয় পৰিষদৰ ব্যতিক্ৰমী পদক্ষেপক তেওঁ উচ্চ প্ৰশংসা কৰে।

১৪ ডিছেম্বৰত দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা বিভিন্ন বিষয়ৰ ছাত্রসকলৰ অংশগ্ৰহণেৰে অধ্যয়ন সম্পৰ্কীয় 'জাতীয় সন্মিলন' কাৰ্য্যসূচী পালন কৰা হয়।

১৮৮৪ চনৰ ১৫ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে অসমত মালবাহী ৰেল চলাচল কৰা দিনটোৰ সতে সংগতি ৰাখি ১৫ ডিচেম্বৰত 'স্বাৱলম্বিতাৰ দিন' পালন কৰা হয়। ৰাজ্যজুৰি কঠোৰ শ্ৰমেৰে স্বাৱলম্বী হোৱা বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীত সংগীতৰ জগতত প্ৰতিষ্ঠা লভাৰ সংগ্ৰাম আগুৱাই নিয়াত প্ৰয়োজনীয় অৰ্থ যোগাৰ কৰিবলৈ পাণ দোকান দিবলৈ কুণ্ঠাবোধ নকৰা লব্ধ প্ৰতিষ্ঠিত সংগীত শিল্পী মানস ৰবীনক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰি নিজৰ লক্ষ্য সমুখত ৰাখি কাঠমিস্ত্রীৰ যোগালীৰে জীৱিকা আৰম্ভ কৰা, বৰ্তমান এটা ছফ্টৱেৰ ক'ম্পেনীৰ মালিক অনিল বৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ মাধ্যম বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সৌৰভ নাথে চাকৰিৰ আশাত এনেয়ে বহি নাথাকি কুকুৰা মাংসৰ দোকানেৰে জীৱিকা আৰম্ভ কৰি স্বাৱলম্বী হোৱা সাংবাদিক সৌৰভ নাথক ছয়মাইলস্থিত তেওঁৰ দোকানত আয়োজিত মুকলি সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

১৫ ডিছেম্বৰত ইতিহাসবিদ কনকলাল বৰুৱাৰ স্মৃতিত 'ঐতিহাসিক সমল সংৰক্ষণ দিৱস'পালন কৰা হয়। ১৬ আৰু ১৭ ডিছেম্বৰৰ দুদিনীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত ভাগ ল'বলৈ অজাপৰ নেতা-কৰ্মীৰে মাজুলী উখল-মাখল হৈ পৰে। দলৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উদাত্ত ভাষণত জাতীয়তাবাদৰ ধ্বনিৰে মাজুলীৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বাচকবনিয়া কৃষ্টি আৰু বিভিন্ন জনগোষ্ঠীয় কৃষ্টিৰ সমাহাৰ অনুষ্ঠানৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু আছিল। বিখ্যাত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু জনপ্ৰিয় গায়ক পবা গৌৰৱৰ গীতে প্ৰতিষ্ঠা দিৱসৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

আজি নাহৰণিত 'সমন্বয়ৰ দিন' পালনেৰে দহদিনীয়া স্বাভিমান যাত্ৰাৰ সফল সমাপ্তিয়ে ৰাজ্যখনৰ ভৱিষ্যত সম্পৰ্কে অসম জাতীয় পৰিষদ দলৰ নিষ্ঠা আৰু সততাক সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ দলটি সক্ষম হৈছে বুলি সচেতন মহলত আলোচিত হৈছে। ১০ ডিছেম্বৰৰ শ্বহীদ দিৱসৰ ছয়গাঁওৰ বিশাল আয়োজনৰ পিছদিনা ১১ ডিছেম্বৰত গুৱাহাটীত 'কা' আমি নামানো ঘোষণাৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই দলটিয়ে নিজৰ নিষ্ঠা আৰু শক্তি প্ৰদৰ্শন কৰা কাৰ্য্য যথেষ্ট তাৎপৰ্য্যপূৰ্ণ বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে।।