ভাৰতৰ ভিতৰত সৰ্বাধিক অনিয়ম অসমতঃ দেশৰ মুঠ ভুৱা কৃষকৰ এক পঞ্চমাংশ অসমৰে,
সংবাদমেলত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিস্ফোৰণ
প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপিৰ চৰকাৰে
- নিজা প্ৰতিবেদক
- /
- July 25th 2021

২৪ জুলাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে–
প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি [PMKSN] আঁচনিত অসমত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছে৷ এই বিষয়টোৱে যি হাৰে গুৰুত্ব পাব লাগিছিল, সেই হাৰে গুৰুত্ব পোৱা নাই৷
ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰীনৰেন্দ্ৰসিং টোমৰে যোৱা ২০ জুলাইৰ দিনা লোকসভাত দাখিল কাৰ তথ্য অনুসৰি, সমগ্ৰ দেশত ৪২ লাখ লোকৰ নাম “ভুলক্ৰমে” PMKSN-ৰ তালিকাত সোমাই গৈছিল, যিসকল আচলতে উক্ত আঁচনিৰ অধীনত সাহায্য পোৱাৰ যোগ্য লোক নহয়৷ এনে অযোগ্য ৪২ লাখ লোকক গাইপতি ৬,০০০ টকাকৈ মুঠ ২৯৯২ কোটি টকা প্ৰদান কৰা হয়৷ অসমত উক্ত আঁচনিৰ অধীনত মুঠ ২৬.৫০ লাখ লোকক বাচনি কৰা হৈছিল যাৰ ভিতৰত ,,,.৩৫ লাখ লোক ‘অযোগ্য কৃষক'। এই ‘অযোগ্য’ কৃষকক ৫৫৪ কোটি টকা “ভুলক্ৰমে” আদায় দিয়া হৈছিল৷ এই ধনখিনি উক্ত ‘অযোগ্য’ কৃষকসকলৰ পৰা ঘূৰাই লোৱা হ’ব৷
উল্লেখিত ধনখিনি নৱেম্বৰ ২০২১ৰ পৰা মাৰ্চ ২০২১লৈ আদায় দিয়া হৈছিল৷
অসমৰ কৃষি মন্ত্ৰী শ্ৰী অতুল বৰাই ৫ জুলাই ২০২১ তাৰিখে কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী পুৰুষোত্তম ৰুপালাৰ উপস্থিতিত গুৱাহাটীত আয়োজিত সংবাদ মেলত প্ৰকাশ কৰিছিল যে অসমৰ মুঠ ৩৬ লাখ কৃষক পৰিয়ালক উক্ত আঁচনিৰ বাবে ‘যোগ্য’ বিবেচনা কৰি ধন আদায় দিয়া হৈছিল যদিও পিছলৈ তাৰে ১৯.৪৭ লাখহে ‘যোগ্য’ আৰু ১১.৭২ লাখক ‘অযোগ্য’ পোৱা হয়৷ আনহাতে প্ৰায় ৫ লাখ কৃষক হিতাধিকাৰী- যাক সাহায্যৰ ধন আদায় দিয়া হৈছে– বৰ্তমানলৈকে অচিনাক্ত হৈ আছে৷
এখন আৰটিআই আবেদনৰ উত্তৰ দি কৃষি বিভাগে বিগত জুন মাহত জনাইছে যে অসমক PMKSN আঁচনিৰ অধীনত ধন লাভ কৰা ৯,৩৯,১৪৬ গৰাকী ভুৱা অযোগ্য কৃষকক ধন ঘূৰাই দিবলৈ জনোৱা হৈছে যদিও তাৰ মাত্ৰ ৮১৭ গৰাকীয়েহে ধন ওভতাই দিছে৷
শ্ৰীগগৈয়ে লগতে কয় মন কৰিবলগীয়া কথা এই যে–
১] অসমৰ কৃষি মন্ত্ৰী, লোকসভাৰ তথ্য আৰু আৰটিআইৰ তথ্যৰ মাজত মিল নাই৷
২] দেশৰ মুঠ ৪২ লাখ ভুৱা কৃষকৰ ৮.৩২ লাখ অৰ্থাৎ ১৯.৮ শতাংশ, অৰ্থাৎ এক পঞ্চমাংশ অসমৰে৷
৩] অসমত সৰ্বাধিক হিতাধিকাৰী কৃষক বৰপেটা জিলাৰ৷ দ্বিতীয় নগাঁও আৰু তৃতীয় কৃষি মন্ত্ৰী শ্ৰীঅতুল বৰাৰ গৃহ সমষ্টি থকা গোলাঘাট জিলাৰ৷
৪] আদায় দিয়া ধনৰ হিচাপত সৰ্বাধিক ধন বিতৰণ কৰা হৈছে নগাওঁ জিলাত৷ দ্বিতীয় সৰ্বাধিক ধন বিতৰণ কৰা হৈছে কৃষি মন্ত্ৰী শ্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটত৷
৫] কোন জিলাত কিমান ভুৱা কৃষক যহিতাধিকাৰী আছে, তাৰ তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই চৰকাৰে৷
৬] হিতাধিকাৰী বাছনি কৰাৰ সময়ত PMKSN আঁচনিৰ যোগ্যতা নিৰূপণৰ নিয়মাৱলীক মুঠেই গুৰুত্ব দিয়া হোৱা নাছিল৷ যেনে, চৰকাৰী চাকৰিয়াল, পেন্সনাৰ, চৰকাৰী ঠিকাদাৰ, ধনী ব্যক্তি আদিকো উক্ত ধন দিয়া হৈছিল৷
৭] যিসকল কৃষি বিষয়া-কৰ্মচাৰীয়ে যোগ্যতা নিৰূপণৰ নিয়মাৱলী উলংঘা কৰি অযোগ্য লোককো কৃষক হিতাধিকাৰী সজাই তালিকাভুক্ত কৰিছিল, এতিয়া সেইসকল কৃষি বিষয়া-কৰ্মচাৰীকে ‘অযোগ্য’ ঝকৃষকৰ তালিকা প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে৷
৮] ভুৱা অযোগ্য কৃষক বোলা হিতাধিকাৰীসকলক ধন ঘূৰাই দিবলৈ কোৱা হৈছে যদিও যিসকল বিষয়া-কৰ্মচাৰীয়ে আযোগ্য লোককো তালিকাভুক্ত কৰি অনিয়মৰ আশ্ৰয় লৈছিল, সেইসকল কৃষি বিষয়া-কৰ্মচাৰীৰ ওপৰত এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷
শেষত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে অভিযোগ কৰি কয়–
১] প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি [PMKSN] আঁচনিখন ২০১৮ চনৰ ১ ডিছম্বৰত ঘোষণা কৰা হৈছিল৷ কিন্তু অসমত আঁচনিখনত দুৰ্নীতি-অনিয়ম সংঘটিত হ’ল ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈ৷ অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে৷ তাৰ মানে উক্ত আঁচনিৰ অধীনত উদ্দেশ্যপ্ৰণোদিতভাৱে অনিয়ম সংগঠিত কৰি যাকে-তাকে ধন দি বিগত বিধানসভা নিৰ্বাচনৰ বাবে ভোট কিনাৰ ব্যৱস্থা কৰিছিল বিজেপি নেতৃত্বাধীন চৰকাৰে৷
২] ইমান ডাঙৰ এটা দুৰ্নীতি-অনিয়মৰ প্ৰসংগত অসমৰ শাসক -বিৰোধী উভয় পক্ষ নীৰৱ হৈ থকাটো লক্ষ্যণীয়৷ আনকি অসম বিধানসভাৰ শেহতীয়া অধিৱেশনতো বিষয়টো গুৰুত্বসহকাৰে চৰ্চা নহ’ল৷ গতিকে বিষয়টো সন্দৰ্ভত বিৰোধী শিবিৰে সন্মিলিতভাৱে নিজৰ দায়িত্ব পালন কৰা উচিত৷
৩] ভুৱা কৃষকক ধন উভতাই দিবলৈ কৈ সংশ্লিষ্ট কৃষকসকলক জৱাবদিহি কৰা হ’ল; কিন্তু দুৰ্নীতি-অনিয়ম সংঘটিত কৰা কৃষি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল কিয়?