ঋণগ্ৰস্ত চৰকাৰ, হিতাধিকাৰী আঁচনি


Image Description

কেগ (CAG )ৰ বাৰম্বাৰ সকীয়নি, পৰামৰ্শ, সাৱধানবাণীৰ পাছতো ৰাজ্য চৰকাৰে অনুৎপাদনশীল আঁচনিৰে কেৱল ভোট বেংক টনকিয়াল কৰাৰ দিশলৈ চকু টানোতে টানোতে চৰকাৰখনৰ ঋণৰ বোজাই আকাশ চুইছেগৈ।

তাতে আকৌ সুতৰ বোজা সুকীয়াকৈ আছেই।

সংখ্যাগতভাৱে সেই ঋণ আৰু সুত ক্ৰমে প্ৰায় ১ লাখ ৩২ হেজাৰ কোটি আৰু ৭ হেজাৰ কোটি টকা। ৰাজকোষৰ ধন শৰাধ কৰি কেৱল জনসাধাৰণক চৰকাৰে উন্নয়নৰ যি ফোঁপোলা স্বৰূপ দেখুৱাই আহিছে -- সেয়াই ৰাজ্যৰ অৰ্থনীতিকে মুখ্য কৰি অন্যান্য সকলো দিশ ধূসৰ কৰি পেলাইছে।

অলপতে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে 'এক পৰিয়াল এক আঁচনি' নীতিৰ কঠোৰ বলৱৎকৰণৰ সিদ্ধান্ত লৈছে। এই অনুসৰি আঁচনিখন বলৱৎ হ’লে দীনদয়াল দিব্যাংগ আঁচনি (১০০০ টকা) আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনি (২০০ টকা) দুয়োখন অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ’ব। অৰ্থাৎ উক্ত দুয়োখন আঁচনি অৰুণোদয় আঁচনিৰ সৈতে চামিলকৰণ হ’ব। কেবিনেটে ইতিমধ্যে এইক্ষেত্ৰত অনুমোদন জনাইছে। কাৰণ একো লেখ-জোখ নোহোৱা এনে ভিন ভিন আঁচনিৰ প্ৰবৰ্তনে বিভিন্ন বেমেজালিৰ সৃষ্টি কৰিছে।

পাবলগীয়াই নোপোৱা আঁচনিৰ সুবিধাবোৰ নাপাবলগীয়াই আদায় কৰি আহিছে। একপ্ৰকাৰে ক’বলৈ গ’লে এনে বহুতো আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীৰ কাষ নাপায়গৈ। বহুতে বেকাঁ পথেৰে এখন আঁচনিৰ নামত দুই, তিনিখন আঁচনিৰ সুবিধা আদায় কৰি আহিছে। অৰ্থাৎ আঁচনিৰ নামত এনেদৰে ৰাজকোষৰ ধনৰ প্ৰায়েই অপচয় তথা অপব্যৱহাৰ হৈ আহিছে।

গতিকে চৰকাৰে ঋণৰ বোজাত ত্ৰাহিমধুসূদন কঢ়াৰ পৰা পৰিত্ৰাণ পাবলৈ এখন আঁচনিৰ সতে অন্য আঁচনিৰ চামিলকৰণ প্ৰক্ৰিয়াৰে 'এক আঁচনি এক পৰিয়াল' নীতিৰ পোষকতা কৰিছে।

কিন্তু লোকৰ পিঠাৰে বিহু কিমান দিনলৈ পাতিব মূল কথা সেয়াহে। নাও বুৰি তলি পালেগৈয়ো টিঙৰ পৰা ননমা -- এইখন চৰকাৰে কেগ (CAG)কে আদি কৰি বিভিন্নজনৰ আলোচনা - সমালোচনা - পৰামৰ্শক আওকাণ কৰি কেৱল হিতাধিকাৰী সৃষ্টিকাৰ্য্যত মগ্ন হৈ ৰৈছে।

তাতোতকৈ দৰিদ্ৰ তথা নিম্ন মধ্যবিত্তচামৰ উপাৰ্জনমুখী আঁচনি সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰে এই ধন ব্যৱহাৰ কৰাহেঁতেন তাৰ উচিত মূল্যায়ন হ’লহেঁতেন। কিন্তু তাকে নকৰি চৰকাৰে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থক জলাঞ্জলি দি কেৱল (অনুৎপাদনশীল) আঁচনিৰ উপৰি আঁচনি প্ৰৱৰ্তন কৰি সমাজৰ তথা ৰাজ্যৰ এচাম জনগণক অন্ধ, কৰ্মবিমুখ আৰু এলেহুৱা কৰি পেলাইছে।

কেৱল এয়াই নহয় এনে কৰি 'হিতাধিকাৰী' শব্দটোৰ অৱমূল্যায়নহে কৰিছে। অন্যান্য আঁচনিৰ কথা বাদেই-- কেৱল অৰুণোদয় আঁচনিৰ অধীনতে ৰাজ্যত প্ৰায় ১৭ লাখ হিতাধিকাৰী আছে। এতিয়া পুনৰ 'এক পৰিয়াল এক আঁচনি'ৰ নামত একাংশৰ পৰা আঁচনি কাঢ়ি আন নতুন এচাম হিতাধিকাৰী (১০ লাখ ৫৮ হেজাৰ) সৃষ্টিৰ পৰিকল্পনা কৰিছে।

এনে দূৰদৰ্শী মহান (?) চিন্তাৰে চৰকাৰে ৰাজ্যৰ সৰ্বাংগীন অৰ্থনৈতিক কাঠামোত যে এক প্ৰচণ্ড গোৰ শুধাবলৈ লৈছে তাক পৃথকে নক’লেও হ’ব। কি ঠিক ! এসময়ত চাগৈ ৰাজ্যৰ গণতন্ত্ৰ কেৱল হিতাধিকাৰীতন্ত্ৰলৈকে ৰূপান্তৰ হয়গৈ। বিনাশকাল সমাগত, ৰাইজে চকু মেলিলেই হ’ল।।