কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতীত ৰোমন্থন


Image Description

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অতীতলৈ ভুমুকি মাৰিলে আজিৰ পৰা ১৮৮ বছৰ আগৰ অসমৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আমি জনাৰ সুযোগ পাওঁ আৰু অসমৰ শিক্ষা ব্যৱস্থাত কেনেদৰে ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰা হ’ল তাৰো সবিশেষ জনাৰ সুবিধা হয়৷ এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিলেই কেইটামান প্ৰশ্নৰ উদয় হয় যে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কিয়, কেতিয়া আৰু কাৰ উদ্যোগত জন্ম লাভ কৰিছিল?

১৮২৮ খ্ৰীষ্টাব্দত অসমত ইংৰাজ শাসনৰ পাতনি মেলোঁতে প্ৰথম কমিছনাৰ কেপ্তেইন ৰ'বাৰ্ট স্কটে অসমত ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ প্ৰশাসনৰ ফালৰ পৰাও থলুৱা শিক্ষা সম্প্ৰসাৰণৰ অনুমতিহে দিয়া হৈছিল৷ কিন্তু এনেদৰে কেইবছৰমান যোৱাৰ পিছত ১৮৩৪ খ্ৰীষ্টাব্দত কেপ্তেইন জেনকিনছে অসমৰ নতুন কমিছনাৰ হিচাপে যোগদান কৰিয়েই অসমত ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰাৰ মানসিকতাৰে গুৱাহাটী, গোৱালপাৰা, দৰং, বিশ্বনাথ আৰু নগাঁও জিলাৰ সদৰ ঠাইত ইংৰাজী শিক্ষা বিস্তাৰৰ বাবে ‘‘দি জেনেৰেল কমিটী ফৰ পাবলিক ইনষ্ট্ৰাকচন’’ৰ ওচৰত মাহে বাৰশ টকা অনুদান বিচাৰি এখন আঁচনি দাখিল কৰে৷

এই আঁচনিৰ ভিত্তিতেই কমিটীৰ তৰফৰ পৰা গুৱাহাটীত ইংৰাজী স্কুল এখন পাতিবলৈ ১৮৩৪ চনৰ জুন মাহত অনুমোদন দিয়া হয়৷ এই অনুমোদন লাভ কৰি ১৮৩৪ চনৰ শেষৰ ফালে মিষ্টাৰ ছিংগাৰক মাহে ডেৰশ টকা দৰমহাত নিযুক্তি দি গুৱাহাটীত প্ৰথমখন ইংৰাজী স্কুল ‘‘গৌহাটী ছেমিনেৰী’’ স্থাপন কৰে৷

অসমত ইংৰাজী শিক্ষা বিস্তাৰৰ প্ৰথম প্ৰচেষ্টা এইদৰেই আৰম্ভ হয়৷ প্ৰথম বছৰত এই স্কুলৰ ছাত্ৰ সংখ্যা আছিল ৫৮জন৷ আন এক সূত্ৰমতে কমিছনাৰ কেপ্তেইন জনকিনছে কমিটীৰ অনুমোদনৰ বাবে অপেক্ষা নকৰি গুৱাহাটীৰ ৰাইজৰ পৰা ১৭৪০ টকা বৰঙণি তুলি ‘‘গৌহাটী স্কুল’’ৰ ভেটি স্থাপন কৰে৷

প্ৰথম অৱস্থাত ছাত্ৰৰ উপস্থিতি সন্তোষজনক নাছিল৷ তাৰোপৰি, ছাত্ৰসকলে সময়মতেও স্কুলত অহা নাছিল৷ প্ৰধান শিক্ষকৰ স্কুল চলোৱাত বৰ অসুবিধা হৈছিল৷ ১৮৩৮ খ্ৰীষ্টাব্দত মিঃ ছিংগাৰৰ ঠাইত মাহে তিনিশ টকা দৰমহাত মিঃ উইলিয়াম ৰবিনছন এই স্কুলৰ হেডমাষ্টৰ হয়৷ পৰৱৰ্তী কালত তেখেতেই অসমৰ প্ৰথম স্কুল পৰিদৰ্শক হয় আৰু তেখেতৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই শিৱসাগৰত অসমৰ দ্বিতীয়খন ইংৰাজী স্কুল প্ৰতিষ্ঠা কৰা হয়৷

১৮৫৮ খ্ৰীষ্টাব্দত ‘‘গৌহাটী স্কুলে’’ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এন্ট্ৰেন্স মহলালৈ, অৰ্থাৎ বৰ্তমানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্য্যায়লৈ স্বীকৃতি লাভ কৰে৷ এই স্বীকৃতি প্ৰাপ্তিৰ পিছত ১৮৬১ খ্ৰীষ্টাব্দত এই স্কুলৰ পৰাই বিদগ্ধ পণ্ডিত দেশৰ পঞ্চম তথা অসমৰ প্ৰথমজন চিভিলিয়ান আনন্দৰাম বৰুৱা, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহেমদৰ পিতৃ কৰ্ণেল জালনুৰ আলী আহেমদ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ পিতৃ মাধৱ চন্দ্ৰ বৰদলৈ আৰু ভাৰতৰ সেনা বাহিনীৰ স্বাস্থ্য সেৱা বিষয়া কৰ্ণেল শিৱৰাম বৰাই সুখ্যাতিৰে এন্ট্ৰেন্স পাছ কৰে৷

ইতিমধ্যে ১৮৬৫ খ্ৰীষ্টাব্দৰ জুলাই মাহত এই স্কুলতে এফএ [বৰ্তমানৰ উচ্চতৰ মাধ্যমিক পৰ্য্যায়] পঢ়িবলৈ কলেজৰ দুবছৰীয়া শ্ৰেণী দুটাও এই স্কুলত যোগ দিয়া হয়৷ কিন্তু এই শ্ৰেণী দুটাত ছাত্ৰৰ সংখ্যা কম দেখি ১৮৭৬ খ্ৰীষ্টাব্দৰ পৰা এই শ্ৰেণী দুটা নাইকিয়া কৰি পুনৰ ইয়াক হাইস্কুল পৰ্য্যায়লৈ অৱনমিত কৰা হয়৷

এইয়া ইংৰাজ শাসনৰ ব্যাৱসায়িক চিন্তাধাৰাৰ প্ৰতিফলন৷ কিয়নো তেওঁলোকে হিচাপ-নিকাচ কৰি দেখিলে যে ১৮৭৩-৭৪ খ্ৰীষ্টাব্দত গুৱাহাটীত এই শ্ৰেণীত পঢ়িব খোজা প্ৰতিজন ছাত্ৰৰ বাবে ১০৮৬ টকা খৰছ হোৱাৰ বিপৰীতে কলিকতাৰ প্ৰেসিডেন্সী কলেজত এই খৰছ মাত্ৰ ২১০ টকাহে৷ সেয়েহে ইংৰাজ শাসকে কলেজৰ এই শ্ৰেণী দুটা ‘‘গৌহাটী স্কুল’’ত চলাই ৰখাটো যুক্তিসংগত নহ’ব বুলি বিবেচনা কৰিলে৷

কলেজৰ শ্ৰেণী দুটা ‘‘গৌহাটী স্কুল’’ত যোগ দিয়াৰ পৰাই গৌহাটী স্কুলৰ নাম ‘‘কলেজিয়েট স্কুল, গুৱাহাটী’’লৈ ৰূপান্তৰিত কৰা হয়৷ শ্ৰেণী দুটা আঁতৰাই নিয়াৰ পিছতো নামটো কিন্তু সলনি নহ’ল৷

এইখিনিতে উল্লেখনীয় যে কলেজিয়েট স্কুলৰ পৰা এফএ পাছ কৰা ছাত্ৰসকলৰ ভিতৰত অসমত ইংৰাজী শিক্ষাৰ প্ৰসাৰতা বৃদ্ধিত আগ ভাগ লোৱা অন্যতম দুগৰাকী বাটকটীয়া মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ নাম উল্লেখনীয়৷ কটন কলেজ স্থাপনৰ ক্ষেত্ৰতো এই দুই মহান ব্যক্তিৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ কথা সুঁৱৰিব লাগিব৷

ইতিমধ্যে ১৯০১ খ্ৰীষ্টাব্দত কটন কলেজ স্থাপিত হোৱাৰ পাছত ‘‘কলেজিয়েট স্কুল, গুৱাহাটী’’ৰ দায়িত্বও কটন কলেজৰ প্ৰিন্সিপাল মিঃ ছুডমাৰ্চন চাহাবৰ হাতত ন্যস্ত হয় আৰু তেতিয়াৰ পৰাই ‘‘কলেজিয়েট স্কুল, গুৱাহাটী’’ৰ আগত কটন নামটো সংযোজন হৈ ‘‘কটন কলেজিয়েট স্কুল, গুৱাহাটী’’ হয়গৈ৷

ভাৰত স্বাধীন হোৱালৈকে এই নামকৰণেৰেই ইংৰাজৰ শাসনত হাইস্কুল পৰ্য্যায়ৰ কটন কলেজিয়েট স্কুলখনে অসম আনকি ভাৰতবৰ্ষতো শিক্ষানুষ্ঠান হিচাপে জিলিকি উঠিছিল৷ এই পৰ্য্যায়ৰ স্কুল হিচাপে সেই সময়ত কটন কলেজিয়েট স্কুলখন ৰাজ্যৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত তৃতীয় আছিল৷

ঐতিহ্যমণ্ডিত এই স্কুলখনত পঢ়িবলৈ পোৱাটো আৰু চাকৰি কৰিবলৈ পোৱাটো কুৰি শতিকাৰ সকলোৱে গৌৰৱৰ কথা বুলি গণ্য কৰিছিল৷ অসমৰ বহুতো স্বনামধন্য ব্যক্তি এই স্কুলৰে ছাত্ৰ আছিল৷ সকলোৰে নাম উল্লেখ কৰিব নোৱাৰিলেও কিছুসংখ্যক অসম ৰত্নৰ নাম উল্লেখ কৰাটো উচিত হ’ব বুলি ভাবিছোঁ৷

ভাৰত ৰত্ন গোপীনাথ বৰদলৈ, ছাৰ ছৈয়দ মহম্মদ চাদুল্লা, বিষ্ণুৰাম মেধি, অতুলচন্দ্ৰ হাজৰিকা, লক্ষ্যধৰ চৌধুৰী, ড॰ ভূপেন হাজৰিকা [পঞ্চম আৰু ষষ্ঠ শ্ৰেণী] মেজৰ সত্যব্ৰত ভূঞা লহকৰ, আশ্ৰফ আলি, সদা মৰল, ৰণেন ডেকা, বীৰেন্দ্ৰ নাথ বৰদলৈ, ধীৰেশ নাৰায়ণ চৌধুৰী, ড॰ হীৰেন গোঁহাই, নিৰোদ চৌধুৰী, ড॰ ইন্দুমোহন দাস, ড॰ দেৱদাস কাকতী, যতীন নাথ, হৰেন্দ্ৰ নাথ দাস, ভূবন মোহন দাস, পুলিন কাকতী, ধীৰেন বৰুৱা, হীৰেন ভট্টাচাৰ্য, সুৰেন মেধী, উপেন ভূঞা, দিলীপ কাকতী আৰু এই মুহ্‌ৰ্তত মনত নপৰা সমাজৰ খ্যাতিসম্পন্ন বহুতো ব্যক্তি, যি সকল ব্যক্তিৰ প্ৰত্যক্ষ অথবা পৰোক্ষ সহায়েৰে অসমক সৰ্বদিশত আগুৱাই যোৱাত সহায় কৰি আহিছে৷

জন্মলগ্নৰে পৰা এই বিদ্যালয়খনে সুখ্যাতিৰে শিক্ষা বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ গুৰিতেই আছিল এই বিদ্যালয়ৰ দায়িত্ব বহন কৰা প্ৰধান শিক্ষকসকলৰ নিষ্ঠা আৰু সততাৰে আগবঢ়োৱা কৰ্তব্যপৰায়ণতা৷ প্ৰথম প্ৰধান শিক্ষক মিষ্টাৰ ছিংগাৰ, তাৰ পিছত মিঃ উইলিয়াম ৰবিনছন আৰু দুই এজন অ'ভাৰতীয়ক প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিয়াৰ পিছত কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই স্থানীয় ব্যক্তিক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিবলৈ লয়৷

তেনে প্ৰধান শিক্ষকৰ ভিতৰত সুদক্ষ প্ৰধান শিক্ষক ৰায়চাহাব কৰুণাকান্ত দাসগুপ্ত, লক্ষীনাথ শৰ্মা, ৰমনী বৰুৱা, হেমচন্দ্ৰ সেন, প্ৰমোদ সেনগুপ্ত আদিৰ নাম উল্লেখনীয়৷ ভাৰত স্বাধীন হোৱাৰ পিছত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা অন্নৰাম বৰুৱাই কটন কলেজিয়েট স্কুলখনক সৰ্বদিশতেই উজ্বলাই তুলিছিল৷ সুদক্ষ প্ৰশাসক, শিক্ষক, স্কুলত স্কাউট্‌ প্ৰশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰাত, খেলা-ধূলা তথা সাংস্কৃতিক ক্ষেত্ৰতো দৃষ্টি ৰখা এগৰাকী সুদক্ষ প্ৰধান শিক্ষক হিচাপে সৰ্বজনবিদিত অন্নৰাম বৰুৱাদেৱে ১৯৫২ চনত অৱসৰ লয়৷ কিন্তু প্ৰধান শিক্ষক হিচাপে প্ৰায় পাঁচ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰি বৰুৱাদেৱে এই বিদ্যালয়খনত পঢ়া বহুত ছাত্ৰৰেই জীৱন উজ্বল কৰি তুলিছিল৷

ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলা এজন সুদক্ষ খনিকৰ আছিল বুলি ক’ব পাৰি অন্নৰাম বৰুৱাদেৱক৷ বৰুৱাদেৱৰ পিছত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল উমাকান্ত শৰ্মা, দিবাকৰ শৰ্মা, চিৰাজল হক বৰুৱা আৰু সুশীল লাহিড়ীদেৱে৷ এই নিৱন্ধৰ নিবন্ধকাৰে ১৯৬১ চনত এই বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজিয়েট স্কুল ত্যাগ কৰাৰ সময়ত লাহিড়ী ছাৰেই প্ৰধান শিক্ষক হিচাপে আছিল৷

লাহিড়ী ছাৰৰ পিছত এই বিদ্যালয়খন হাইস্কুল হিচাপে থকা সময়খিনিত চি কে বৰুৱা, আৰ. কে. গোস্বামী আৰু এম.এ. আলিয়ে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিল৷ ঐতিহ্যমণ্ডিত কটন কলেজিয়েট হাইস্কুলখনৰ কৃতিত্বৰ অধিকাৰী হোৱা পুৰণি শিক্ষাগুৰুসকলৰ নাম ইয়াত সন্নিৱিষ্ট নকৰিলে এই নিবন্ধ অপূৰণীয় হৈ ৰ’ব বুলি ভাবোঁ৷

নিবন্ধকাৰ এই বিদ্যালয়ত পঢ়ি থকা সময়ত অৰ্থাৎ উনৈছ শতিকাৰ ছয় দশকত এই বিদ্যালয়ত থকা আৰু আমি শ্ৰদ্ধাৰে সোঁৱৰা শিক্ষকসকল আছিল প্ৰয়াত জগদীশ চৌধুৰী, শুকদেৱ নাথ, আবু চেৰিফ, ভূপেন মহন্ত, শ্বেইখ হামিদ আলি, হেম শৰ্মা, মেঘৰাম পাঠক আদি৷ ইয়াৰ উপৰিও আমাক শ্ৰেণীত পাঠদান নকৰা আন আন শিক্ষক সকলো অতি শ্ৰদ্ধাশীল ব্যক্তি হিচাপে আমি সদায় শীৰ নত কৰি আছিলোঁ৷

এই বিদ্যালয়ৰ অতি পুৰণি ছাত্ৰসকলৰ লিখনিত প্ৰকাশ পোৱা বিভিন্ন সময়ৰ শ্ৰদ্ধাবান শিক্ষাগুৰুসকল আছিল ঊনৈছ শতিকাৰ দ্বিতীয় দশকত অন্নৰাম বৰুৱা, প্ৰমোদ বেনাৰ্জী, শান্তিৰাম দাস, কমলাকান্ত শৰ্মা, মহম্মদ চালেহ, সৰ্বেশ্বৰ শৰ্মা কটকী, জলতিৰাম লহকৰ, হেমচন্দ্ৰ সেন, কেশৱ বৰঠাকুৰীয়া, বিদ্যাধৰ বুজৰবৰুৱা, সিদ্ধিনাথ শৰ্মা [প্ৰাক্তন মন্ত্ৰী], শ্ৰদ্ধাচৰণ চৌধুৰী, দণ্ডিৰাম মেধী আদি৷

তৃতীয় দশকত ওপৰত উল্লেখিত শিক্ষকসকলৰ উপৰিও বিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত সাহিত্য, সাংস্কৃতিক, খেলা-ধূলা, স্কাউট প্ৰশিক্ষণ আদিৰ উৎকৰ্ষ সাধনৰ বাবে উদ্যোগ লোৱা শিক্ষক সকলৰ ভিতৰত অন্নৰাম বৰুৱা, কামাখ্যা নাথ ঠাকুৰ, মহম্মদ আলি চাহেব, সৰ্বেশ্বৰ কাকতি, হৰেশ্বৰ শৰ্মা, প্ৰেমধৰ বৰুৱা, যোগেশ্বৰ বৰুৱা, নীলকান্ত হাজৰিকা আদিৰ নাম মনত ৰাখিবলগীয়া৷

ঊনৈছ শতিকাৰ পঞ্চম দশকত এই বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ ভিতৰত নতুনকৈ উল্লেখনীয় দেৱদত্ত গোস্বামী অধিকাৰী, হৰিনাথ শৰ্মা, উমাকান্ত গোস্বামী, হৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য, হৰিচন্দ্ৰ ভট্টাচাৰ্য্য, ভূবনেশ্বৰ শৰ্মা, পঞ্চানন গোস্বামী, ৰাজেশ্বৰ তৰ্কতীৰ্থ, ভূধৰ গোস্বামী, হামিদ আলী, প্ৰসাদ দাস, হৰেন ভট্ট, সুৰেন্দ্ৰ নাথ দাস, আবু শ্বেৰিফ, খগেন দাস, কন্দৰ্প দাস, নগেন্দ্ৰনাথ চৌধুৰী, মেঘৰাম পাঠক, আদিত্য ভড়ালী আদিৰ নাম উল্লেখনীয়৷

এটা কথা উল্লেখ নকৰিলে ভুল হ’ব যে কটন কলেজিয়েট হাইস্কুলত শ্ৰেণী কোঠাত পুথিগত শিক্ষা প্ৰদান কৰাৰ উপৰিও খেলা-ধূলা, সাহিত্য, সংস্কৃতি, এনচিচি,স্কাউট প্ৰশিক্ষণ আদি বিভিন্ন দিশৰ শিক্ষাৰে প্ৰতিগৰাকী ছাত্ৰকেই সমাজৰ একো একোজন সুনাগৰিক হিচাপে গঢ়ি তোলাতহে বিশেষ গুৰুত্ব দিয়া হৈছিল৷

এই বিদ্যালয়ত পঢ়া বহুতো ছাত্ৰই পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিশেষ কৃতিত্ব দেখুৱাব নোৱাৰিলেও একো একোজন ভাল শিল্পী, খেলুৱৈ, ৰাজনীতিজ্ঞ হিচাপে পৰিচয় দিব পৰা আমি দেখিছোঁ৷ ইতিমধ্যে উল্লেখ কৰা ব্যক্তিসকলৰ উপৰিও সঙ্গীত জগতৰ সৰ্বজনবিদিত শ্ৰীৰমেন বৰুৱা আৰু প্ৰয়াত কুল বৰুৱা এই বিদ্যালয়ৰে ছাত্ৰ আছিল৷

নাট্যজগতৰো নাম থকা লক্ষ্যধৰ চৌধুৰী সমন্বিতে কমল নাৰায়ণ চৌধুৰী, প্ৰবীন ফুকন, যুগল দাস, ভবানী প্ৰসাদ বৰুৱা, প্ৰমথ দাস, সুৰেন দাস, বদন শৰ্মা আদিও এই বিদ্যালয়ৰে সৃষ্টি৷ তাহানিৰ ৰঞ্জীত ট্ৰফী খেলা ক্ৰিকেট খেলুৱৈ হৰপ্ৰসাদ বেজবৰুৱা [কানাই] আমাৰ লগতেই এই স্কুলত পঢ়িছিল৷ টেবুল টেনিছত অসমৰ চেম্পিয়ন অমৰ হাজৰিকা আৰু পিছত তেওঁৰ ভাতৃ শ্ৰীবিজয় হাজৰিকা [আমাৰেই সহপাঠী] এই স্কুলতেই পঢ়া৷

মেট্ৰিক পৰীক্ষাত প্ৰতিবছৰে কৃতিত্ব লাভ কৰা অসমৰ প্ৰথম দহজনৰ ভিতৰত এই বিদ্যালয়ৰ ছাত্ৰৰ নাম নথকা ফলাফল অসমৰ ৰাইজে গ্ৰহণ কৰিবলৈ টান পাইছিল৷সৰ্বদিশতেই কৃতিত্ব লাভ কৰা এই ঐতিহ্যমণ্ডিত বিদ্যালয়ত পঢ়া আৰু চাকৰি কৰা সকলোৰে বাবেই এই বিদ্যালয়ৰ অধোগামী যাত্ৰা অসহ্যকৰ৷

১৯৬৫ চনৰ ১৩ মে’ তাৰিখৰ পৰা এই হাইস্কুলখন উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰিত হ’ল৷ আমি তাহানিৰ কটন কলেজিয়েট হাইস্কুলৰ ঠাইত এতিয়া কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি কওঁ৷ আগৰ আসাম টাইপ বিল্ডিঙৰ ঠাইত এতিয়া আৰচিচি বিল্ডিং হ’ল৷ নতুন নতুন বিভাগ খুলিলে৷ শিক্ষকৰ ঠাইত শিক্ষয়িত্ৰীও বহুত হ’ল৷ কিন্তু আজি কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ আহিলে এই স্কুলৰ আগৰ পুৰণি ছাত্ৰসকল আৰু শিক্ষকসকলেও হতাশা অনুভৱ কৰে কিয় বাৰু?

[কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭৫ বছৰীয়া জয়ন্তী সমাৰোহত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'ঐতিহ্য’ত প্ৰকাশ পোৱা এই বিদ্যালয়ৰ অতি পুৰণি আৰু বৰেণ্য ব্যক্তিসকলৰ লিখনিত পোৱা তথ্যৰ ভিত্তিতেই এই নিৱন্ধটো প্ৰস্তুত কৰা হৈছে।]