গুৱাহাটী চিৰিয়াখানা স্থানান্তৰিত হ’ব?
- নিজা প্ৰতিবেদক
- /
- June 19, 2022

গুৱাহাটী চিৰিয়াখানাখন অসমৰ মানুহৰ বৰ আকৰ্ষণীয় ঠাই৷
গুৱাহাটীলৈ ফুৰিবলৈ অহা, গুৱাহাটীত থাকিবলৈ অহা, গুৱাহাটীত স্থায়ীভাৱে থকা সকলোৱে সুবিধা পালেই চিৰিয়াখানালৈ সপৰিয়ালে, দলে-বলে যায়৷ লাহে লাহে চিৰিয়াখানাখন মানুহৰ আপোন হৈ পৰে৷
শেহতীয়াকৈ চিৰিয়াখানাৰ ওপৰতো দেশৰ অতি শক্তিশালী ব্যৱসায়ী এজনৰ চকু পৰিছে৷ চিৰিয়াখানাৰ মাটিখিনি ব্যৱসায়ীজনে বিচাৰিছে৷ ব্যক্তিগৰাকী ইমানেই শক্তিশালী যে নিদিয়াকৈ থাকিব নোৱাৰে৷
চিৰিয়াখানাৰ বাবে যিমান মাটিৰ প্ৰয়োজন মহানগৰৰ মাজত থকা গুৱাহাটী চিৰিয়াখানাৰ বাবে সিমান মাটিৰ হেনো প্ৰয়োজন নাই৷
গতিকে চিৰিয়াখানাখন দূৰলৈ নিব পাৰি৷ ব্যৱসায়ীজনৰ যুক্তি৷ সেই বিষয়ে ইতিমধ্যে মাটি চোৱাৰ কাম আৰম্ভ হৈছে৷ ব্যৱসায়ীজনে বৰ্তমানৰ গুৱাহাটী চিৰিয়াখানাৰ মাটিত এখন নগৰ গঢ়ি তুলিব৷
হাতোঁৰা দীঘল বাবে অসমৰ হৰ্তাকৰ্তাসকলে এটা আঙুলিও তুলিব নোৱাৰিব৷ সময় থাকোতেই মহানগৰবাসীয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱা উচিত৷৷