২০ নবেম্বৰ ১৯৬২
ব'মডিলাৰ পতন


Image Description

দুপৰীয়াৰ বাতৰি পঢ়িছোঁ মই লিলি দাস মালিকে...

স্কুলৰ ৰেডিঅ’টো ছাৰহঁতৰ কমন ৰুমৰ বাহিৰৰ বাৰান্দাত সৰু টেবুল এখনৰ ওপৰত থৈছিল৷ মাতটো ডাঙৰ কৰি থৈছিল৷ সেয়া অস্বাভাৱিক আছিল৷ তাৰিখটো আছিল ২০ নবেম্বৰ ১৯৬২ চন৷ শুৱলা মাতটো দিল্লীৰ পৰা আকৌ ভাঁহি আহিল৷

চীনা সৈন্যবাহিনীয়ে ব'মডিলা দখল কৰিছে৷

ছাৰহঁতৰ মুখবোৰ গহীন হৈ পৰিল৷ স্কুল ছুটী দিলে৷ দুপৰীয়াৰ বাতৰি পঢ়িছোঁ মই লিলি দাস মালিকে...

ছাৰহঁত ৰেডিঅ’টো ছাৰহঁতৰ কমন ৰুমৰ বাহিৰৰ বাৰান্দাত সৰু টেবুল এখনৰ ওপৰত থৈছিল৷ মাতটো ডাঙৰ কৰি থৈছিল৷ সেয়া অস্বাভাৱিক আছিল৷ তাৰিখটো আছিল ২০ নবেম্বৰ ১৯৬২ চন৷ শুৱলা মাতটো দিল্লীৰ পৰা আকৌ ভাঁহি আহিল৷

চীনা সৈন্যবাহিনীয়ে ব’মডিলা দখল কৰিছে৷

ছাৰহঁতৰ মুখবোৰ গহীন হৈ পৰিল৷ স্কুল ছুটী দিলে৷ কৰ্তৃপক্ষই সকলোকে তেজপুৰ এৰিবলৈ ক’লে৷ আমাৰ ঘৰ কেকোঁৰাপুলত৷ স্কুলৰ পৰা দৌৰি আহিলে তিনি মিনিটমান আৰু অলপ খৰকৈ খোজকাঢ়িলে পাঁচ মিনিটমান লাগে৷

যি হৈছে সেয়া বৰ অপ্ৰত্যাশিত নাছিল৷ আমাৰ ঘৰৰ সন্মুখৰ বাটটোৱেদি সেনাবাহিনীৰ সকলো সৰবৰাহ হয়৷ কিছুদিন ধৰি সেনাবাহিনীৰ সঞ্চালন বাঢ়িছিল৷ সৰু-বৰ গাড়ীবোৰেই তেনে কথা কৈছিল৷ যন্ত্ৰপাতি কেতিয়াবা ঢাকি নিছিল, ডাঙৰ হ’লে মুকলিকৈ নিব লগা হৈছিল৷ দিনে-ৰাতিয়ে এনে সৰবৰাহ চলিছিল৷

ৰাতিপুৱা ৰেল ষ্টেচনলৈ যোৱা ডাঙৰ গাড়ীবোৰ সম্পূৰ্ণ ঢকা আছিল৷ গাড়ীবোৰত ৰেডক্ৰ'ছৰ চিনটো আছিল৷ ষ্টেচনত কফিনবোৰ নমাইছিল৷ ষ্টেচনৰ ওচৰ-পাজৰৰ মানুহে দেখে৷ চহৰখনৰ সকলোৱে জানিব পাৰে৷ যুদ্ধৰ ভয়াৱহতা আৰু আমাৰ সেনাবাহিনীৰ দুৰৱস্থা কফিনৰ সংখ্যাবোৰেই কৈছিল৷ ইয়াতকৈ বেছি আমি জানিব পৰা নাছিলোঁ৷

মাহঁতে সৰু সৰু টোপোলাবোৰ বান্ধিলে৷ সেইবোৰ আনি ঘৰৰ আগৰ বাৰান্দাত জমা কৰিলে৷ পিতাই গৰুবোৰ এৰি দিলে৷ গোহালিৰ জপনা মেলি থ’লে৷ হাঁহৰ গৰালৰ জপনাও আঁতৰাই থ’লে৷ আমাৰ ওচৰ-চুবুৰীয়া এজনৰ দুখন সৰু ট্ৰাক আছিল৷ কাঠৰ ব্যৱসায় আছিল৷ এখনত পৰিয়ালটোৱে তেজপুৰ এৰিলে৷ আনখন ট্ৰাক আমাক নিবলৈ ক’লে৷

বাট-পথবোৰৰ দুয়োফালে মানুহৰ লানি নিছিগা শাৰী। হাতত একোটা সৰু সৰু বেগ৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰ কান্ধত বা বুকুত৷ ৰিক্সা, ঠেলাগাড়ী একো নাই৷ সকলো গৈছে বাছ ষ্টেচনলৈ৷ আশা তাৰপৰা ভোমোৰাগুৰিলৈ যাব। ভোমোৰাগুৰিত ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ শিলঘাট পাব৷ প্ৰথমৰ কিছুসংখ্যকে বাছ পালে, ফেৰীও পালে৷ শিলঘাটত সকাহ অনুভৱ কৰিলে৷

পিছলৈ বাছ, ফেৰী অচল হ’ল৷ অসহায় মানুহবোৰ য’তে-ত’তে থাকিল৷ চহৰখনৰ পৰা পলোৱা এজন প্ৰথম ব্যক্তি আছিল উপায়ুক্ত নিজে৷ এগৰাকী আইএছ বিষয়া৷ স্থায়ী বাসস্থান অসমৰ বাহিৰত৷ মানুহক চহৰ ত্যাগ কৰিবলৈ কৈ নিজে প্ৰথমেই পলাইছিল৷

বাছ আৰু ফেৰীৰ অচলাৱস্থাত বহু মানুহ ভোমোৰাগুৰিৰ বালিতে ৰৈ থাকিল৷ খবৰবোৰ মুখে মুখে বাগৰিল৷ মানসিক চিকিৎসালয়ৰ ৰোগীবোৰক মুকলি কৰি দিলে৷ চহৰখনৰ চাৰিওফালে ফুৰিবলৈ ল’লে৷ প্ৰায় কুৰিজনমান আমাৰ ঘৰৰ ওচৰৰ পূবফালৰ চাৰিআলিটোত বহুপৰ থিয় হৈ আছিল৷ কৌতুহলবশতঃ অলপ ওচৰলৈ গ’লোঁ৷ কোনোবাই পদুম পুখুৰীটোৰ ফালে চাই আছে, কোনোবাই ওপৰলৈ আৰু কোনোবাই পথৰ দুয়োকাষে শাৰীপাতি গৈ থকা মানুহবোৰক চাই আছিল৷ কাপোৰ-কানিৰ কথা কোৱাটো অমানৱীয় হ’ব৷

আমাৰ পৰিয়ালটো ট্ৰাকখনৰ অপেক্ষাতে বাৰান্দাত বহি থাকিলোঁ৷ ৰাতি হ’ল ট্ৰাকখন আহি নাপালে৷ এনেতে ওচৰৰ কোনোবা এজনে আহি ক’লে বেংকৰ নোটবোৰ জ্বলাইছে ৷ ষ্টেট বেংকটো ঘৰৰ কাষতে, পদুম পুখুৰীটোৰ পূবকোণত৷ দুজনমান দৌৰি গ’লোঁ চাবলৈ৷ সেনাৰ পোছাকত এজনে ভিতৰৰ পৰা নোটবোৰ আনিছে, এজনে কিবা টুকিছে৷ তাৰপৰা নি এজনে জুইকুৰাত জাপিছে৷ আমি একো কথা পাতিব পৰা নাছিলোঁ৷

আৰু দেখিলোঁ যে খুচুৰা পাইচাবোৰ মোনাত আনি সেনা এজনে পুখুৰীটোৰ পূব কোণটোত ঢালি দিছে৷ আৰু লগে লগে কেইজনমান মানুহে পইচা বুতলিবলৈ পানীত নামিছে৷ মানুহ দুজনমান চিনাকি মুখৰ৷ ৰিক্সাৱালা৷ জাহাজঘাটত থাকে৷ ট্ৰাকখনৰ আশাতে বন্দী হৈ থাকোঁতে সময় মাজনিশাৰ ওচৰ চাপিল৷ হঠাতে এখন হেলিকপ্টাৰ প্ৰায় আমাৰ ওপৰেদি উৰি গ’ল৷

উত্তৰ-পশ্চিম দিশৰ পৰা আহিছিল, পূব-দক্ষিণ দিশলৈ৷ আমাৰ ঘৰবোৰৰ তেনেই ওপৰেদি উৰিছিল৷ আমাৰ স্কুলৰ ওচৰৰে চাৰ্চ ফিল্ডত নামিল৷ আমি চীনা সেনাবাহিনী তেজপুৰ পালেহি বুলি কথা পাতিলোঁ৷ তেনে ধাৰণা বাৰুকৈয়ে স্বাভাৱিক আছিল৷ ব'মডিলাৰ পৰা তেজপুৰ পাবলৈ চীনা সেনাবাহিনীৰ কোনো বাধা নাছিল৷ আমাৰ সেনাবাহিনী ইতিমধ্যে বিধবস্ত হৈছিল৷ কিন্তু চীনাবাহিনী তেজপুৰলৈ নাহিল৷

আজিলৈকে সাঁথৰ হৈ থাকিল চীনাবাহিনীয়ে কিয় ব'মডিলাৰ পৰা উভতি গ’ল৷ অনায়াসে চীনে তেজপুৰ দখল কৰিব পাৰিলেহেঁতেন৷ চীনে মাজনিশা নিজৰ ফালৰ পৰাই যুদ্ধ বিৰতি ঘোষণা কৰিছিল৷ তাৰ পিছতে হেলিকপ্টাৰখনত শ্ৰীমতী ইন্দিৰা গান্ধী আহিছিল৷ পিছত জানিব পাৰিছিলোঁ শ্ৰীমতী গান্ধী তেতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য আছিল৷ কিন্তু কিয় আহিছিল জানিব নোৱাৰিলোঁ৷

চীনাবাহিনী কিয় উভতি গ’ল তাকে জানিবলৈ যুদ্ধখনৰ বিষয়ে বৰ্ণনা প্ৰৱন্ধপাতি, কিতাপ যেতিয়াই পাইছিলোঁ কলেজীয়া জীৱনত তেতিয়াই পঢ়িছিলোঁ৷ লাহে লাহে নিজে এটা ধাৰণা কৰিছিলোঁ আৰু সেইটোৱেই এতিয়াও উক্‌ দি থাকে৷ চীনে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল যে তেওঁলোকে অৰুণাচল বৰ বিশেষ বাধা নোপোৱাকৈ দখল কৰিব পাৰে৷ বৰ্তমান সেইয়া অতীত। সেইবাবেই চীনাবাহিনী তেজপুৰলৈ নাহিল৷

তেজপুৰ অসমৰ সীমাৰ ভিতৰত। চীনে অহৰহ অৰুণাচল চীনৰ বুলি দাবী জনাই আহিছে৷ ব'মডিলা পতন হওঁতে প্ৰয়াত প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰুৱে অসমৰ মানুহক বিদায়ৰ বাণী শুনাইছিল৷ সেই ক্ষোভ মাৰ যোৱা নাই৷ দেশৰ প্ৰতিৰক্ষাৰ বাবে অসমৰো বহু মহিলাই হাতৰ ডিঙিৰ গহনা খুলি দান দিছিল৷ যুদ্ধৰ সময়ত ভাৰতৰ প্ৰয়াত প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেনন বিদেশত আছিল৷ তাৰ অৰ্থ এইটো যে ভাৰতীয় সেনাৰ চোৰাংচোৱই চীনৰ যুদ্ধৰ প্ৰস্তুতিৰ একো ভু পোৱা নাছিল৷ চীনক প্ৰয়োজনতকৈ অধিক বিশ্বাস কৰা বুলি নেহৰু আৰু মেনন সমালোচনাৰ সন্মুখীন হৈছিল৷

অৱশেষত আমি ট্ৰাকখনত উঠিলোঁ৷ তেতিয়া মাজনিশা পাৰ হৈছে৷ চীনা সৈন্যই ইতিমধ্যে উভতিবলৈ ঠিক কৰিছে৷ খবৰটো পোৱাহেঁতেন হয়তো আমি তেজপুৰ এৰি নাহিলোঁহেঁতেন৷ আমাৰ দৰে পৰিয়ালবোৰক খবৰটো দিবলৈ কৰ্তৃপক্ষ বোলা কোনো নাছিল৷ ভৰলী নদীৰ পাৰত ৰ’ব লগা হ’ল৷ দলংখন ভাঙিছে ৷ অস্থায়ী দলংখনেৰে সেনাৰ যান-বাহনে প্ৰথমে সুবিধা পাইছে৷ নদীখন শুকাই আছিল৷ বহুতে ৰাতিটো তাতে কটাবলগীয়া হ’ল৷

যুদ্ধই মানুহৰ বাবে কেনে পৰিস্থিতিৰ সৃষ্টি কৰে অলপ হ’লেও আভাস পাইছিলোঁ সেই দিনটোত, সেই ৰাতিটোত৷ নক’লেও হ’ব ট্ৰাকৰ ওপৰত আমি টোপনিত লালকাল৷ দাদা ঘৰৰ ডাঙৰ ল’ৰা৷ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিল৷ এমএছছিৰ চূড়ান্ত বৰ্ষত৷ ব’মডিলা পতন হোৱা শুনি আৰু তেজপুৰ এৰিবলৈ নিৰ্দেশ দিয়া বাবে ঘৰ পালেহি৷ জালুকবাৰী চাৰিআলিত বহুপৰ ৰৈ তেজপুৰ অভিমুখী এখন সৰু গাড়ীয়ে উঠাই আনিছিল৷ ডাঙৰ ল’ৰাৰ দায়িত্বই টানি আনিলে৷ আমি মঙ্গলদৈ এৰাৰ পিছত বিপৰীত ফালৰ পৰা অহা কেইখনমান গাড়ীয়ে আমাক ৰখালে৷

এখন গাড়ীৰ পৰা প্ৰয়াত মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহা নামি আহিল৷ লগত তেজপুৰৰ বিধায়ক আৰু বিত্ত মন্ত্ৰী প্ৰয়াত কামাখ্যা প্ৰসাদ ত্ৰিপাঠী৷ পিতাও নামি গ’ল৷ আমাক যুদ্ধ শেষ হোৱাৰ বিষয়ে ক’লে৷ পিতাক উভতি যাবলৈ পৰামৰ্শ দিলে৷ আমি মদনপুৰ পাবলৈ অলপ সময়হে আছিল৷ পিতাই আমাক থৈ উভতি যোৱাৰ কথা ক’লে৷ প্ৰয়াত চলিহা আৰু ত্ৰিপাঠীয়ে বাটে বাটে আনকো একে পৰামৰ্শ দিছিল৷

পিতা কেইদিনমানৰ পিছতে উভতি গৈছিল৷ ঘৰখন এৰি থৈ আহিছিল। ঘৰটোৰ একো হানি-বিঘিনি হোৱা নাছিল৷ গৰুবোৰে ঘাঁহ-মেটেকা খাবলৈ গৈ গধূলি নিজৰ ঠাইলৈকে ঘূৰি আহিছিল৷ পিতাই কথাটো ধৰিব পাৰিছিল৷ কিন্তু হাঁহ এটাও নাপালে/ চহৰখনৰ বহু যুৱক ৰৈ গৈছিল৷ পৰিয়ালৰ বাকীবোৰ আঁতৰি গৈছিল৷ যুৱকচাম সেইকেইদিন চহৰখনৰ ৰক্ষক হিচাবেই আছিল৷ তাৰ বিনিময়ত কিছুসংখ্যক হাঁহ-কুকুৰা-ছাগলীৰ তৃপ্তিভোজন বিশেষ ক্ষতিকৰ কথা নাছিল৷

চহৰখনৰে এগৰাকী ব্যতিক্ৰমী ব্যক্তি আছিল প্ৰয়াত ডাক্তৰ ননী বৰদলৈ৷ তেজপুৰ মানসিক চিকিৎসালয়ৰ মুৰব্বী৷ ব’মডিলা পতনৰ পাছত ৰোগীসকলক মুকলি কৰি দিছিল৷ আন উপায়ো নাছিল৷ প্ৰয়াত বৰদলৈ কিন্তু ৰৈ গ’ল৷ মুৰব্বী লায়ক সিদ্ধান্ত লৈছিল৷ চীনাবাহিনী উভতি যোৱাৰ পাছত ডাঃ বৰদলৈয়ে ঘূৰি -ফুৰা ৰোগীবোৰক বিচাৰি আনিলে৷ চিকিৎসাৰ পৰা ৰোগীসকল বেছি দিন বঞ্চিত নহ’ল৷ চিকিৎসক হিচাবে শপত লোৱা কথাখিনিক ডাঃ বৰদলৈয়ে মহীয়ান কৰিলে৷ দেশেও ইয়াৰ স্বীকৃতি দিছিল৷৷