নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ চমু ইতিবৃত্ত


Image Description

১৮৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখটি অবিভক্ত নগাঁও জিলাৰ বাবে এক ঐতিহ্যমণ্ডিত দিন। এই দিনটিতে মধ্য অসমৰ মধ্যস্থল নগাঁও চহৰত ব্ৰিটিছ চৰকাৰৰ অনুগ্ৰহত অসমৰ চতুৰ্থখন চৰকাৰী স্কুল নগাওঁ গৱৰ্ণমেণ্ট হাইস্কুল স্থাপন হয়।

অৱশ্যে কেইগৰাকীমান অনুসন্ধিসু মনৰ ব্যক্তিয়ে বিভিন্ন তথ্যৰে ১৮৬৫ চনৰ ১৫ আগষ্ট তাৰিখেহে প্ৰতিষ্ঠা হোৱা বুলি মত প্ৰকাশ কৰে। কিন্তু প্ৰথমজন অধ্যক্ষ প্ৰয়াত কৃষ্ণ দাস বৰুৱাদেৱে বিদ্যালয়খনৰ শতবাৰ্ষিকী উপলক্ষে প্ৰকাশ কৰা স্মৰণিকাখনিৰ 'Our School Through the Century'শীৰ্ষক প্ৰৱন্ধটিত উল্লেখ কৰে যে, 'The Seventeenth of November 1865 is indeed a red letter day in the history of Education of Nowgong.'

অদ্যপি ১৭ নৱেম্বৰ তাৰিখটিতে প্ৰতিবছৰে প্ৰতিষ্ঠা দিৱসটি পালন কৰি আহিছে। এনেহেন পুৰণি বিদ্যামন্দিৰ এটিৰ ইতিহাস চমুকৈ হ'লেও লিখাটো যথেষ্ট কঠিন। তথাপি নৱ-প্ৰজন্মৰ বাবে অতি পুৰণি কখাখিনিকেই গুৰুত্ব দি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে। কলং সুঁতিৰ পাৰত প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰূপে ব্ৰিটিছ চৰকাৰে বংগদেশৰ জন্মেজয় দাসদেৱক নিয়োগ কৰে। তেতিয়া তেখেতক মাহিলী বেতন হিচাপে ৩০ (ত্ৰিছ) টকাকৈ দিয়ে। তেখেতৰ লগত ৪ জন শিক্ষকক নিযুক্তি দি ২৩ জন ছাত্ৰৰে বিদ্যালয়ৰ পাঠদান কাৰ্য্য আৰম্ভ কৰা হয়।

কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ১৮৭০ চনত প্ৰথমবাৰৰ বাবে ৩ জন ছাত্ৰই এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হয় যদিও এজনো কৃতকাৰ্য্য নহয়। সেইদৰে ১৮৭১ আৰু ১৮৭২ চনতো উত্তীৰ্ণ হোৱা নাছিল। ১৮৭২ চনৰ শেষৰ ফালে জন্মেজয় দাসদেৱে কাৰ্য্যকাল সমাপ্ত কৰে, কিন্তু তেখেতৰ তত্ত্বাৱধানতেই ১৮৭৩ চনত তপোধৰ দাস নামৰ ছাত্ৰজনে দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী ছাত্ৰৰূপে বিদ্যালয়ৰ ইতিহাসত নাম খোদিত কৰিবলৈ সক্ষম হয়।

দাসদেৱৰ পিছত ২২ (বাইছ) জন ব্যক্তিয়ে প্ৰধান শিক্ষকৰ আসন শুৱনি কৰে। ১৯৫৯ চনত বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত কেৰ। ১৯৬০ চনৰ ২৩ ডিছেম্বৰত চেৰিফুদ্দিন আহমেদ ডাঙৰীয়াই অৱসৰ লোৱাত সেইদিনাই আবেলি বিদ্যালয়খনৰ প্ৰথমজন অধ্যক্ষ হোৱাৰ সৌভাগ্য অৰ্জন কৰে কৃষ্ণদাস বৰুৱাই।

১৯৬০ চনত বিদ্যালয়ৰ শেষৰটো দলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। কলিকতা বিশ্ববিদ্যালয়ে প্ৰৱৰ্তন কৰা মেট্ৰিকুলেচন পৰীক্ষাটোৱে ১৯৬০ চনত ৫১ বছৰীয়া পৰিক্ৰমাৰ পৰিসমাপ্তি ঘটায়।

১৮৭০ চনৰ পৰা নিৰ্দ্দিষ্ট সীমাৰ বৰ্ষ অনুযায়ী এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ মূধাফুটা ব্যক্তিৰূপে দেশ আৰু দহৰ উপকাৰ সাধি বিদ্যালয় তথা জিলাখনৰ সুনাম অৰ্জন কৰা নমস্য ব্যক্তিসকলৰ চিনাকি দিবলৈ প্ৰয়াস কৰা হৈছে। ইয়াৰ মাজতে বহুকেইজন ব্যক্তিৰ নাম বাদ পৰি যাব পাৰে তাৰ বাবে আগতীয়াকৈ ক্ষমা ভিক্ষা মাগিছোঁ।

১৮৭০ চনৰ পৰা ১৮৯০ চনৰ ভিতৰত ভোলানাথ দাস, ৰত্নধৰ বৰুৱা, বুদ্ধীন্দ্ৰনাথ দিহিয়াল ভট্টাচাৰ্য, কুটুবুদ্দিন আহমেদ, হেমচন্দ্ৰ গোস্বামী, ভোলানাথ বৰুৱা, ভূমসিং বড়া, সতৰাম দাস, প্ৰমুখ্যে একৈছজনমান ছাত্ৰ আছিল। অধ্যক্ষ কৃষ্ণ দাস বৰুৱাই ওপৰত উল্লেখ কৰা প্ৰৱন্ধটিত উল্লেখ কৰিছে এই বুলি, 'The last named two hailed from Dighaldari near Raha and belonged to backward communities.' সেই দুগৰাকীক লৈ আমাৰ গাঁৱৰ ৰাইজে গৌৰৱ কৰোঁ। আমিও কৰোঁ কিয়নো পিতৃ ভিঠাৰ সন্তান বড়াদেৱ অন্যান্য পিছপৰা শ্ৰেণীৰ নাথ সম্প্ৰদায়ৰ আৰু দাসদেৱ অনুসূচিত জাতিৰ কৈৱৰ্ত্ত সম্প্ৰদায়ৰ।

এই কালছোৱাৰ ভোলানাথ দাস এজন বিশিষ্ট কবি। ৰত্নধৰ বৰুৱাই ইংৰাজী বিষয়ত অসমীয়া ছাত্ৰসকলৰ ভিতৰত প্ৰথম আৰু গণিতৰ বিষয়ত সৰ্ব্বোচ্চ স্থান পাই যথাক্ৰমে খগেন্দ্ৰ নাৰায়ণ চৌধুৰী স্বৰ্ণপদক আৰু মেক-উইলিয়ম ৰৌপ্য পদক লাভ কৰিছিল। বুদ্ধীন্দ্ৰনাথ দিহিয়াল ভট্টাচাৰ্য্য Anglo Assamese Dictionaryৰ প্ৰণেতা। কুটুবুদ্দিন আহমেদ অসম চৰকাৰৰ ন্যায়িক বিভাগৰ সদস্য আছিল।

হেমচন্দ্ৰ গোস্বামী ছনেট আৰ্হিৰ 'প্ৰিয়তমাৰ চিঠি' কবিতা লিখা প্ৰথম কবি, লগতে 'হেমকোষ অভিধান'ৰ উপৰিও 'অসমীয়া সাহিত্যৰ চানেকী'কে ধৰি কেইবাখনো গ্ৰন্থৰ প্ৰণেতা। ভোলানাথ বৰুৱাই ব্যৱসায়ত লাগি সাউদ বিশেষণেৰে বিভূষিত হৈ দেশৰ বিভিন্ন জনহিতকৰ কামত হাত উজান দিছিল। তেখেতেই পণ্ডিত হেমচন্দ্ৰ গোস্বামী 'অসমীয়াৰ সাহিত্য চানেকী' আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ 'মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱ' গ্ৰন্থকেইখন প্ৰকাশ কৰিছিল।

১৮৯১ চনৰ পৰা ১৯০৯ চনৰ ভিতৰত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱা নুৰুদ্দিন আহমেদ আসাম ভেলীত প্ৰথম আৰু গোটেই অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপক। ড০ সূৰ্য্যকুমাৰ ভূঞা এই বিদ্যালয়তে পঢ়ি এন্ট্ৰেন্স পৰীক্ষাটোহে শ্বিলঙৰ পৰা দিয়ে। ১৯১০ চনত এন্ট্ৰেন্স পৰীক্ষা নামটো সলনি কৰি মেট্ৰিক পৰীক্ষা নাম দিয়া হয়। ১৯১০ চনৰ পৰা ১৯২০ চনৰ ভিতৰত মেট্ৰিক পৰীক্ষা দিয়া মহীচন্দ্ৰ বৰাই ১৯১৪ চনত আসাম ভেলীৰ ভিতৰত ১ম স্থান লাভ কৰে।

এই কালছোৱাৰ হলধৰ ভূঞা এজন স্বাধীনতা সংগ্ৰামৰ সেনানী, মতিৰাম বৰাই সুদক্ষ ৰাজনীতিবিদৰূপে পৰিচয় দি মন্ত্ৰিত্ব লাভ কৰিছিল। সুপ্ৰসিদ্ধ কবি অসম সাহিত্য সভাৰ ত্ৰিংশত্তম অধিৱেশনৰ সভাপতি ৰত্নকান্ত বৰকাকতি, নীৰৱ সাহিত্যিক মোছলেহউদ্দিন আহমেদ, কবি নাট্যকাৰ কমলানন্দ ভট্টাচাৰ্য্য, সুপ্ৰসিদ্ধ অভিনেতা জগতচন্দ্ৰ বেজবৰুৱা, সুচিকিৎসক ডাঃ ললিত কুমাৰ বৰুৱা, সুদক্ষ ক্ৰীড়াবিদ জিয়াউদ্দিন, শৰৎচন্দ্ৰ শৰ্মা, প্ৰফুল্ল কুমাৰ ভূঞা এই কালছোৱাৰ মেট্ৰিকুলেট।

১৯২১ চনৰ পৰা ১৯৩৩ চনৰ ভিতৰত উত্তীৰ্ণ হোৱা মহেন্দ্ৰ নাথ শইকীয়া প্ৰাক্ স্বাধীনতা কালৰ অসমৰ চৰকাৰৰ এজন মন্ত্ৰী, দেৱকান্ত বৰুৱা এজন সৰ্বভাৰতীয় নেতা হোৱাৰ উপৰিও এজন বিশিষ্ট কবি। গকুল চন্দ্ৰ গোস্বামী, ড০ হিৰণ্য চন্দ্ৰ ভূঞা, সুশীল কুমাৰ বৰুৱা, শিক্ষা বিভাগৰ উচ্চ পদস্থৰ বিষয়া। ড০ ভূঞা শিক্ষাধিকাৰ, উপাচাৰ্য্য আৰু অসম লোকসেৱা আয়োগৰ অধ্যক্ষও হৈছিল।

Assamese Literature and Cultural History of Assam, Modern Assamese Literature গ্ৰন্থৰ লিখক, পালিভাষা সাহিত্যৰ এজন বিশিষ্ট গৱেষক ড০ বিৰিঞ্চি কুমাৰ বৰুৱাও এই কালৰে মেট্ৰিকুলেট। তেখেত সাহিত্য অকাডেমীৰো সদস্য আছিল।

১৯৩৪ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত ১৯৩৯ চনত খগেন্দ্ৰনাথ শৰ্মা বৰঠাকুৰ আৰু ১৯৪০ চনত ৰূপৰাম সূতদেৱে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত মেট্ৰিকুলেচন পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰে। সংস্কৃতত আটাইতকৈ বেছি নম্বৰ পোৱা সূত ডাঙৰীয়াই সেই বছৰতে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত আউনীআটি সোণৰ পদক পাবলৈ সক্ষম হয়।

ৰূপৰাম সূতৰ লগতে এই সময়ৰ মেট্ৰিকুলেট প্ৰাক্তন মন্ত্ৰী ছত্ৰসিং টেৰণ, লীলাধৰ কটকী, লক্ষ্মী প্ৰসাদ গোস্বামী, মহম্মদ ইদ্ৰিছ, বালিৰাম দাস, ফণী বৰা ৰাজনীতি পথাৰত চিৰপৰিচিত নাম। নুৰুল আমিন, সত্যব্ৰত মজুমদাৰ বিশিষ্ট খেলুৱৈ ।বৰ্তমানৰ নগাঁও খেলপথাৰখনিৰ নাম নুৰুল আমিন ষ্টেডিয়াম নামেৰে নামাঙ্কিত। ১৯৩৯ চনৰ মেট্ৰিকুলেট অসিত কুমাৰ সেন ভাৰতৰ প্ৰথম শ্ৰেণীৰ চিনেমা পৰিচালক।

এই সময়ছোৱাৰ ১৯৪১ চনত মেট্ৰিকত উত্তীৰ্ণ হোৱা সুপ্ৰসিদ্ধ কবি আৰু অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱা, গুৱাহাটী আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক জ্ঞানদাভিৰাম বৰুৱা এই বিদ্যালয়ৰেই ছাত্ৰ আছিল। তেখেতে অসম সাহিত্য সভাৰ অষ্টম অধিৱেশন আৰু প্ৰথম নগাঁও অধিৱেশনৰ আদৰণী সভাৰ সভাপতিৰূপে আগবঢ়োৱা পঠিত ভাষণটি অতি তাপৰ্য্যপূৰ্ণ বুলি বহুলোকে মন্তব্য কৰিছিল।

(আগলৈ)