চৰকাৰৰ পৃষ্ঠপোষকতাত কয়লাৰ অবাধ, অবৈধ খনন আৰু সৰবৰাহ


Image Description

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ২০১৪ চনতে কয়লাৰ ‘ৰেট হ’ল মাইনিং’ নিষিদ্ধ কৰিছিল৷ কিন্তু তিনিচুকীয়া আৰু কাৰ্বি আংলং জিলাত এতিয়াও অবাধে চলি আছে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কাকতিয়ে এনে খননে অসমৰ জৈৱ-বৈচিত্ৰ্য বিপন্ন হোৱা বুলি প্ৰতিবেদনত কৈছে৷

খনিজ সম্পদৰ খনন ৰাজ্য চৰকাৰৰ বিষয়৷ গতিকে অবাধ আৰু অবৈধ খনন আৰু সৰবৰাহৰ বাবে ৰাজ্য চৰকাৰ দায়ী বিশেষকৈ মুখ্য মন্ত্ৰী নিজে গৃহ বিভাগৰ দায়িত্বত আছে৷ গতিকে অবৈধ আৰু অবাধ খননৰ বাবে মুখ্য মন্ত্ৰী প্ৰত্যক্ষভাৱে জগৰীয়া৷

অসমত অবৈধভাৱে খনন কৰা এনে কয়লা বাংলাদেশ আৰু আন দেশলৈকো যায়৷ গোটেই অবৈধ প্ৰক্ৰিয়াটোক কেন্দ্ৰ কৰি ব্যাপক পৰিসৰৰ মাফিয়া গঢ় লৈ উঠিছে৷ এফালে ৰাজ্যখনৰ সম্পদ নোহোৱা হৈছে আৰু আনফালে ক’লা ধনেৰে আৰএছএছ আৰু বিজেপি ৰাজ্যনৈতিক কু-কৰ্মবোৰ চলি আছে৷

অসম জাতীয় পৰিষদে উপলব্ধি কৰে যে– অসমৰ পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য বিনষ্ট হৈছে, অসমৰ অমূল্য প্ৰাকৃতিক সম্পদৰ ব্যাপক অপব্যৱহাৰ হৈছে, বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দিয়া হৈছে আৰু ধনৰ অবৈধ লেন-দেন আৰু সৰবৰাহে ব্যাপক ৰূপ লৈছে৷

এই গোটেই বিষয়টোত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ, পৰিৱেশ আৰু বন বিভাগ, অসম আৰক্ষী, অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাদ অনুসন্ধান শাখা আদি সকলো জড়িত হৈ আছে৷ অবৈধ লেন-দেনৰ সুবিধা সকলোৱে লৈছে৷

অজাপৰ সভাপতি শ্ৰীলুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰীজগদীশ ভূঞাই কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, মাফিয়াৰ অবৈধ ধন সংগ্ৰহ তৎকালে বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু আইনগত বিধি প্ৰয়োগ কৰিবলৈ দাবী জনাইছে৷ অবৈধ ধনৰ সংগ্ৰহ আৰু সৰবৰাহৰ লগত জড়িত সকলোকে তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷

শ্ৰী গগৈ আৰু শ্ৰী ভূঞাই কয় যে দৈনিক কোটি কোটি টকা ৰাজহ ফাঁকিৰ আঁৰত দিশপুৰৰ শক্তিশালী হাত আছে৷ সোণোৱাল চৰকাৰৰ অবৈধ লেন-দেনক কয়লাৰ বৃহৎ কেলেংকাৰীয়ে চেৰ পেলাইছে বুলিও অভিযোগ তোলা হয়৷

শ্ৰীগগৈ আৰু শ্ৰীভূঞাই তথ্যপাতিৰে সবিস্তাৰে দেখুৱাইছে যে মুখ্য মন্ত্ৰী এই বৃহৎ কেলেংকাৰীৰ অংশীদাৰ নহ'লে ই সংঘটিত হ'ব নোৱাৰে।।