বড়োৰ গাৰজা পূজা


Image Description

অতীতত বড়োসকলৰ উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বনৰ কোনো ধৰা-বন্ধা সময় নাছিল। কালক্ৰমত সময় আৰু পৰিৱেশৰ লগত ৰজিতা খুৱাই কিছু উৎসৱ-অনুষ্ঠান নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ ল'লে। এনেদৰে নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰা এক উৎসৱ হ'ল গাৰজা পূজা।

এই পূজাৰ তাৎপৰ্য্য হ'ল গাঁৱৰ অপায়-অমঙ্গল দূৰ কৰি মংগল কামনা কৰা। সাধাৰণতে এখন গাওঁ অথবা এটা চুবাৰ ৰাইজ লগ হৈ গাৰজা পূজা অনুষ্ঠিত কৰে।

গাৰজা পূজা বাৰিষা,খৰালি ওভয় সময়তে সম্পন্ন কৰা হয়। কোনো কোনো গাঁৱত বছৰেকত চাৰিবাৰ পৰ্য্যন্ত এই পূজা দিয়াৰ নিয়ম প্ৰচলিত হৈ আছে। বছৰেকত চাৰিবাৰ পূজা দিয়াৰ সময় হ'ল… ব'হাগ-জেঠ, শাওণ-ভাদ, কাতি-আঘোণ আৰু ফাগুন-চ'ত মাহ। ব'হাগ-জেঠ মাহত অনুষ্ঠিত কৰা গাৰজা পূজাক ভিন্ন ঠাইত ভিন্ন নামেৰে অভিহিত কৰা হয়।

উদাহৰণ স্বৰূপে … ভাসানি, ভেলা হগাৰনায়, সংসাৰিয়া, হামবায়, লাঙা মাৰা ইত্যাদি। ঠাইভেদে বছৰত চাৰিবাৰকৈ এই পূজা অনুষ্ঠিত কৰা হয় যদিও ব'হাগ-জেঠ মাহত দিয়া গাৰজা পূজাৰ প্ৰাধান্য অধিক আৰু প্ৰায় সকলো গাঁৱতে পূজাভাগ পাতে।

সাধাৰণতে গৰু, মানুহ আদি অহা-যোৱা নকৰা গাঁৱৰ আওহতীয়া ঠাইত গাৰজাশালী প্ৰতিষ্ঠা কৰা হয়। পূজা দিয়াৰ আগদিনা গাঁৱৰ প্ৰতিটো পৰিয়ালৰ একোজনকৈ লোক উপস্থিত হৈ গাৰজাশালীখন চাফ-চিকুণ কৰি দেৱ-দেৱীৰ বেদীবোৰ সুন্দৰকৈ সজায়।

পূজাৰ দিন ঠিক কৰি গাঁৱৰ দৌৰিজনে শুচি হৈ পূজাৰ সামগ্ৰী, মদ আদি যোগাৰ কৰিবলৈ আৰম্ভ কৰে। গাৰজাশালীৰ মূল বেদীটো চালি আৰু বেৰ দি ঘৰৰ দৰে অলপ ডাঙৰকৈ সাজি বাকী দেৱ-দেৱীৰ বেদীবোৰ সৰু সৰুকৈ চালি দি সজোৱা হয়।

এই বেদীবোৰ ভক্তই পূবমুুৱাকৈ বহি পূজা কৰিব পৰাকৈ প্ৰস্তুত কৰা হয়। মূল দেৱতাৰ উত্তৰে একে শাৰীতে সু-দেৱতাৰ আৰু দক্ষিণ ফালে অপদেৱতাৰ বেদী সজোৱা হয়। বেদীবোৰ সজোৱাৰ শেষত দৌৰিজনে কবিৰাজৰ সহযোগত মূল বেদীৰ কাষত এডোখৰ ঠাই পানীৰে মচি পৰিষ্কাৰ কৰি লৈ তুলসী পাত এখিলাৰ ওপৰত নটা চাউল থৈ দোন অথবা কুলাৰে ঢাকি ৰাখে।

পিছদিনা পুৱা দৌৰিজনে কবিৰাজ আৰু গাঁৱৰ দুই -এজনসহ দোন বা কুলাখন উঠাই চাউলকেইটা চায়। চাউলকেইটা ছেদেলি-ভেদেলি হ'লে গাঁৱৰ পৱিত্ৰতা নাই বুলি জনবিশ্বাস আছে। যদি চাউলকেইটা ঠিকে থাকে তেন্তে গাঁৱৰ পৱিত্ৰতা অক্ষুণ্ণ আছে বুলি দৌৰি, কবিৰাজ আৰু গাৰজাশালীত উপস্থিত থকা গাঁৱৰ লোককেইজন গাঁৱলৈ ঘূৰি গৈ গাঁৱৰ আন ৰাইজৰ সহযোগত পূজাৰ সামগ্ৰীবোৰ গাৰজাশালীলৈ নি পূজাৰ আয়োজন কৰে।

প্ৰথমে মূল বেদী বা ঘাই দেৱতাক কবিৰাজৰ মন্ত্ৰৰ সহযোগত দৌৰিয়ে পূজাৰ নৈবেদ্য হিচাপে পোৱালি মুৰ্গী, পাৰ, হাঁহ, কণী আদি অৰ্পণ কৰাৰ পিছত বাকী দেৱতাৰ বেদীবোৰতো অনুৰূপভাৱে পূজা দিয়া হয়। গাঁৱৰ ৰাইজৰ হৈ দৌৰিজনেই কবিৰাজৰ সহায়ত পূজাৰ সকলো কাম সমাধা কৰে আৰু বাকী ৰাইজে দেৱ-দেৱীৰ বেদীৰ পৰা আঁতৰত মদ খাই ৰং-ৰহইচ কৰে; কিছুমানে পূজাত বলি দিয়া জীৱৰ মাংসৰে ভোগ ৰান্ধে আৰু সেই ভোগ গ্ৰহণ কৰি ঘৰমুৱা হয়।

সুকলমে এই কাৰ্য্য সমাপন হোৱাৰ পিছত পুনৰবাৰ পূজাৰ সময় হোৱালৈকে গাৰজাশালীৰ স্থান পৰিত্যক্ত অৱস্থাত থাকে।

উল্লেখযোগ্য যে গাৰজা পূজাত… গাৰজাশালীত সু-দেৱতাসকলক পূজা দিয়াৰ পিছত অপদেৱতাবোৰকো পূজা দিয়া হয়। অপদেৱতাবোৰক পূজা দিয়াৰ পিছত গৰজাশালীৰ এচুকত থুপ খুৱাই থৈ তাৰ পৰা কলগছেৰে ভেল বনাই পটুৱাৰে নাওসদৃশ কৰি এজাৰ গছৰ ফুলেৰে সুন্দৰকৈ সজোৱা ভেলত উঠাই নি নৈৰ পৰা মানুহে নোখোৱা কিছু জীৱ অপদেৱতাক অৰ্পণ কৰে।

তাৰ পিছত ভেলখন দৌৰিয়ে মূৰত তুলি নৈৰ মাজলৈ গৈ সোঁতৰ বিপৰীতে মুখ কৰি ডুবমাৰি ভেলখন পানীত উটি যাবলৈ দিয়ে। এনেদৰেই বড়োসকলে পৰম্পৰাগত ৰীতি-নীতিৰে ব'হাগ-জেঠ মাহত গাৰজা পূজা অনুষ্ঠিত কৰি আহিছে।।

(দৌৰি : গাঁৱৰ ৰাইজে এক বা দুই বছৰৰ বাবে নিৰ্বাচন কৰি দিয়া এজন বিশেষ লোক।)

বিদ্ৰ: লেখাটি ড° ভূপেন নাৰ্জাৰীৰ লিখনিৰ আধাৰত প্ৰস্তুত কৰা হৈছে।