অসম ভাৰতশ্ৰেষ্ঠ নহ’ব কিয়!


Image Description

এগৰাকী অসমীয়া হিচাপে অসম সদায়েই শ্ৰেষ্ঠতম হৈ থকাটোৱেই কামনা কৰোঁ ৷ কিন্তু কামনা অথবা বিশ্বাস কৰিলেই জানো কাৰ্যতঃ সকলো সত্য হৈ পৰে!

প্ৰৱন্ধটিৰ শিৰোনামটিত যি সপোনাৰ কথা উল্লেখ কৰা হৈছে , সেই সপোন প্ৰকৃততে প্ৰত্যেকজন অসমীয়াৰেই সপোন হোৱাটো উচিত তথা বাঞ্ছা কৰোঁ ৷ আৰু সপোন দিঠকত পৰিণত হোৱাৰ ক্ষেত্ৰত নিজ কৰ্তব্যত অগ্ৰসৰ হোৱাটোও বাঞ্ছিত ৷

অসম আছিল গুণৰ আকৰ , শেষ নাছিল ৰূপৰো ৷ কিন্তু, সময়ৰ পৰিহাস- অসম সম্প্ৰতি অকল্পনীয়ৰূপে আহত, বিষেৰে জৰ্জৰিত, সমস্যাৰে জৰ্জৰিত ৷ ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ সতে সাঙুৰ খাই থকা ৰাজনৈতিক, অৰ্থনৈতিক , সামাজিক, প্ৰাকৃতিক, শৈক্ষিক ইত্যাদি প্ৰতিটো দিশ আজি অন্তহীন সমস্যা, আসোঁৱাহেৰে ভাৰাক্ৰান্ত ৷

ভালদৰে মন কৰিলে উল্লিখিত কোনো এটা দিশতেই বিশেষ কোনো সন্তোষজনক সমাধানসূত্ৰ বিচাৰি পোৱা নাযায় ৷ কাজেই, ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ যি সপোন , তাক দিঠকলৈ পৰিণত কৰাৰ ক্ষেত্ৰত আছে এক পৰ্বতসম প্ৰত্যাহ্বানৰ জোৱাৰ ৷ সেই প্ৰত্যাহ্বানৰ জোৱাৰক আমি কেনেদৰে, কোন স্তৰত বা কি পৰ্য্যায়ত গ্ৰহণ কৰিম বা গ্ৰহণ কৰিম নে নকৰিম অথবা কিদৰে প্ৰতিহত কৰিম সেয়া অতিকৈ লক্ষণীয় বিষয়ৰূপে পৰিগণিত হ’ব ৷

সাধাৰণতে এষাৰ কথা থাকে যে সপোন দেখিব লাগে ৷ সপোন দেখিলেহে লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত অধ্যৱসায় জন্মে ৷ কিন্তু যদি সেই সপোন দেশৰ, ৰাজ্যৰ মংগলৰ হকে হয় তেন্তে তাক সাকাৰৰূপ দিয়াৰ ক্ষেত্ৰত প্ৰাথমিক চৰ্তৰূপেই বিৰাজ কৰে কষ্ট, ত্যাগ, নিস্বাৰ্থ মনোভাৱ, সুস্থিৰ পৰিকল্পনা তথা জাতীয় চেতনাৰে উদ্বুদ্ধ হোৱাৰ এক সুতীব্ৰ ইচ্ছা ৷

যিকি নহওক, চিৰকাম্য এই সপোন প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হোৱাৰ পূৰ্বে আমি ৰাজ্যখনৰ সাম্প্ৰতিক স্বৰূপটোৰ সতে মুখামুখি হ’বই লাগিব ৷ সঁচাকৈয়ে বৰ্তমানৰ পৰিস্থিতিসাপেক্ষে অসমক দেশৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যাবনে? শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শাসকৰ কৰণীয় কি হ’ব? জনসাধাৰণৰ দায়িত্ব কেনে হ’ব?

এনে কেতবোৰ জটিল প্ৰশ্নৰ উত্তৰ আমি পোনপ্ৰথমে বিশ্লেষণ কৰি ল’লেহে ৰাজ্যখনক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত যথোপযুক্ত যুক্তিসহ অগ্ৰসৰ হ’ব পাৰিম ৷ জুকিয়াই চাওঁ আহক ৷

বিগত সময়ছোৱাত ভাৰতৰ নীতি আয়োগে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ সহযোগত ২০২০-২১ বৰ্ষৰ বহনক্ষম উন্নয়ন লক্ষ্য শীৰ্ষক ১৯০ পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰকাশ কৰে ৷ য’ত বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰৰ সামগ্ৰিক উন্নয়ন তথা দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ খতিয়ান দাঙি ধৰা হৈছে ৷

প্ৰতিবেদন অনুসৰি অসমৰ স্থান দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত শোচনীয়ভাৱে তলফালৰপৰা তৃতীয় স্থানত আছে ৷ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰাজ্যখনৰ স্থান অতি দুখ লগাকৈ ইমান তলৰস্থানত থকাটো অতিশয় দুৰ্ভাগ্যজনক ৷ কিন্তু কথা হ’ল এই বিফলতা কেৱল চৰকাৰৰেইনে ! নে সমান্তৰালভাৱে আমাৰ জনসাধাৰণৰো এই ক্ষেত্ৰত দোষ আছে?

মই ভাবোঁ সামূহিকভাৱে এই ক্ষেত্ৰত আমি সকলোৱেই দোষী ৷ কি কাৰণেনো আমি ইমান পিছ পৰি ৰ’ব লগা হ’ল তাৰ বিশ্লেষণ জৰুৰী ৷ বিগত কংগ্ৰেছ চৰকাৰেই হওক বা সাম্প্ৰতিক বিজেপি চৰকাৰেই হওক, যিমানেই অসমৰ উন্নতিৰ ক্ষেত্ৰত আত্মতুষ্টি নলওক কিয়, অসমৰ অভূতপূৰ্ব উন্নয়নৰ (?) প্ৰচাৰ কৰি ঢাক-ঢোল নবজাও কিয়, স্বৰূপাৰ্থত ৰাজ্যৰ উন্নতি দূৰৈৰ কথা, যাৱতীয় আন্তঃগাঁথনিমূলক সমস্যাৰাজিৰেই যে কোনো ধৰণৰ প্ৰত্যয়মূলক সমাধান হোৱা নাই সেয়া জনগনই ভালদৰেই উপলব্ধি কৰে ৷

বানপানীৰ সমস্যা, নিবনুৱাৰ সমস্যা, মহিলাৰ মৰ্য্যাদা তথা সবলীকৰণ সমস্যা, বাট-পথজনিত সমস্যা, পৰ্য্যটন উদ্যোগসংক্ৰান্তীয় সমস্যা, বিদেশীৰ অনুপ্ৰৱেশ সমস্যা, ভূমি বেদখল সমস্যা, পৰিৱেশসম্পৰ্কীয় সমস্যা ইত্যাদি যি সমস্যাই নহওক কিয়, এতিয়াও ৰাজ্যখনে এনে বহুল সমস্যাৰাজিৰ স্থায়ী সমাধানসূত্ৰ প্ৰত্যক্ষ কৰিবলৈ বাট চাই আছে ৷

আৰু এইবিলাক সমস্যাৰ সমাধানবিহীনে দেশৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে অসম কিদৰে প্ৰতিষ্ঠা হ’ব সেয়া এক গম্ভীৰ বিষয় ৷

অতীতলৈ যদি ভুমুকিয়াই চাওঁ তেন্তে দেখিম যে মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদিৰ শেষত ৰাজ্যত ইংৰাজৰ আধিপত্য চলিল, তেওঁলোকৰ শোষণমুখী শাসনে অসমৰ আৰ্থ-সামাজিক পৰিকাঠামোক ছিন্ন-ভিন্ন কৰি পেলাল ৷ সমান্তৰালভাৱে স্বাধীনতা আন্দোলনৰ ফলত ৰাজ্যখনত এক অচলাৱস্থাৰ সৃষ্টি হ’ল ৷

পৰৱৰ্তীকালত ( স্বৰাজোত্তৰ অসম ) নতুন চৰকাৰৰ সমুখলৈ বহুতো প্ৰত্যাহ্বান আহিল ৷ অজস্ৰ সমস্যাৰ মাজত ৰাজ্যৰ অৰ্থনৈতিক ভেঁটি গঠনৰ দৰে মূল বিষয়বোৰ তল পৰি ৰ’ল ৷ অথবা ক’ব পাৰি যে কোনো ধৰণৰ দীৰ্ঘম্যাদী, সুদুৰপ্ৰসাৰী আঁচনি গ্ৰহণৰ দৰে কাৰ্য্যৱলীক অগ্ৰাধিকাৰ দিয়া নহ’ল ৷ পাছৰ পৰ্য্যায়সমূহতো আমি চৰকাৰৰ সদিচ্ছাৰ অভাৱ প্ৰত্যক্ষ কৰি আহিছোঁ ৷

আঁচনিৰ ওপৰি আঁচনি গ্ৰহণ কৰিলেও চৰকাৰৰ পুৰণিক আধাতে এৰি নতুনত ধৰাৰ দৰে মানসিকতা, দুৰ্নীতিগ্ৰস্ততাৰ বাবে উন্নয়নমূলক আঁচনিবোৰৰ ধাৰাবাহিকতা ৰক্ষা নপৰে ৷ ইয়াৰোপৰি বিদেশী প্ৰব্ৰজনৰ দৰে সমস্যা অসমত আছেই ৷ ইয়াৰ ফলতো অসমৰ চালুকীয়া অৱস্থাত থকা আৰ্থ-সামাজিক পৰিৱেশক আৰু অধিক শোচনীয় কৰি তুলিছে ৷

ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট যদি বিশ্লেষণ কৰা যায় তেন্তে তাৰ প্ৰতিচ্ছবি বৰ এটা চকুত লগাবিধৰ নহয়। বহনক্ষম উন্নয়ন সূচাংক প্ৰতিবেদনত অসমৰ হোৱা শোচনীয় ব্যৰ্থতা সাপেক্ষে যদি এনে বিশ্লেষণ চাওঁ তেন্তে নিম্নোক্তধৰণৰ কেতবোৰ কাৰণ বিচাৰি পোৱা যায়:

১ কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ প্ৰতি অত্যধিক তোষামোদজাতীয় চৰকাৰৰ ৰাজনৈতিক প্ৰৱণতা ৷

২ বিজেপিৰ প্ৰধান বিৰোধী দল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ যোগ্যতা তথা বিফলতা প্ৰমাণ কৰিবলৈ সোণোৱাল চৰকাৰৰ নেতৃত্বাধীন বিত্ত মন্ত্ৰীৰ ( বৰ্তমানৰ মুখ্য মন্ত্ৰী) প্ৰয়োজনাধিক কৌশলগত প্ৰচাৰ তথা এইক্ষেত্ৰত অপ্ৰয়োজনীয়ভাৱে খৰচ হোৱা সময় আৰু শক্তি ৷

৩ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ( নিৰ্বাচনীকেন্দ্ৰিক ) হিতাধিকাৰী আঁচনিৰ সৃষ্টি আৰু ৰূপায়ণ ৷

গতিকে উক্ত কাৰকসমূহৰ দ্বাৰা বুজিব পৰা যায় যে প্ৰকৃতাৰ্থত অসমৰ সামগ্ৰিক উন্নয়নৰ স্বৰূপটো মাথোঁ কাগজ-কলমতহে সীমাবদ্ধ হৈ ৰৈছে ৷

এতিয়া কথা হ’ল, কেৱল সমস্যাৰাজিৰ কথাই কৈ থাকিলে বা লিখি থাকিলে প্ৰকৃত বিশ্লেষণৰ পৰা আঁতৰি থাকিব লাগিব। সাম্প্ৰতিক সময়ছোৱাত ৰাজ্যখনৰ সম্ভাৱনা কিমান আৰু সেই সম্ভাৱনাৰ জৰিয়তে কিদৰে ৰাজ্যই প্ৰকৃত উন্নয়নৰ মুখ দেখা পাব তাৰো এক পদ্ধতিগত আলোচনাৰ প্ৰয়োজন নিশ্চিতভাৱে আছে ৷

(অহা সংখ্যাত)