ব্ৰহ্মপুত্ৰ সভ্যতা


Image Description

(অসম সাহিত্য সভাৰ 'স্বদেশ স্বাভিমান' বক্তৃতামালা)

'মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ'

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সন্তান স্বৰূপ অসমীয়াৰ লগত থকা নিকট সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ মই চেষ্টা কৰিম।

নদী আৰু মানুহৰ সম্বন্ধ চিৰকলীয়া। আমি যদি মানৱ সভ্যতাৰ ইতিহাসলৈ জুমি চাওঁ তেন্তে দেখিম যে বিশ্বৰ প্ৰতিটো মহান সভ্যতাক আচলতে একো একোখন নদীয়ে গঢ় দিছে। সেয়া লাগিলে ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত গঢ় লৈ উঠা মেছ'পটেমিয়া সভ্যতাই হ‌ওক বা সিন্ধু নদীৰ পাৰৰ সুপ্ৰাচীন হৰপ্পা , মহেঞ্জোদাৰো আৰু নীল নদীৰ পাৰৰ ইজিপ্তৰ সভ্যতাই হওক।

একেদৰে আমাৰ প্ৰাণৰ ব্ৰহ্মপুত্ৰ অবিহনেও এই মহান অসমীয়া সভ্যতাও অসম্পূৰ্ণ, অস্তিত্ববিহীন। এক কথাত মহান অসমীয়া জাতি আৰু সংস্কৃতি মহাবাহু ব্ৰহ্মপুত্ৰৰেই ফচল। ইয়াক আমি লুইত, বৰলুইত, লৌহিত্য নামেৰেও জানো।

প্ৰায় ২৯০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতিৰ সৈতে ই অংগাংগীভাৱে জড়িত। এই ব্ৰহ্মপুত্ৰক আশ্ৰয় কৰিয়ে নানা জাতি উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত বৃহৎ অসমীয়া জাতি গঠন কৰিছে।

লুইতৰ দুয়োপাৰে ইতিহাসে ঢুকি পোৱা কালৰ আগৰে পৰা যি জনসমষ্টিয়ে বিভিন্ন জনপ্ৰবাহৰ বুকুত সোমাই একেলগে বাস কৰি, ভাব প্ৰকাশৰ এটা উমৈহতীয়া মাধ্যম সৃষ্টি কৰি একে ধৰণৰ জীৱন পদ্ধতি গঢ়ি তুলিলে, কালক্ৰমত সেই জনসমষ্টিয়েই অসমীয়া মানুহ নামেৰে পৰিচিত হ'ল।

প্ৰাচীন কালিকাপুৰাণত থকা আখ্যানমতে অসমৰ পূবফালে মিচিমি পৰ্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটি কুণ্ড আছে। ই হিন্দুৰ অতি পৱিত্ৰ তীৰ্থস্থান। ইয়াতে পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ফালটো কাটি দিয়ে। ফলত ইয়াৰ পানী দেশ দেশান্তৰলৈ যায়।

ই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাৰ লগ লাগিছে আৰু শেষত বংগোপসাগৰত পৰিছে। বিশ্বৰ বৃহত্তম ব দ্বীপ সুন্দৰবন গংগা-ব্ৰহ্মপুত্ৰৰ সংগম স্থলীতেই অৱস্থিত।

লুইতৰ সোঁত অসমীয়াৰ প্ৰাণৰ সোঁত। অসমৰ অৰ্থনীতি, সমাজনীতি, ৰাজনীতিতো লুইতৰ অতুলনীয় প্ৰভাৱ,অনাবিল অৱদান। ই অসমীয়াৰ অতীতৰ ইতিহাস, বৰ্তমানৰ প্ৰেৰণা, আশ্বাস আৰু ভৱিষ্যতৰ মধুৰতম আকাংক্ষা।

লুইত পাৰৰ ডেকা ল'ৰাৰ 'মৰিবলৈ ভয় নাই'। স্বদেশৰ কাৰণে আমাৰ যুৱ শক্তিয়ে লুইতৰ বগা পানী বুকুৰ তেজেৰে ৰাঙলী কৰিছিল। লুইতৰ মাজতে আছে মাজুলী, বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ যি বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ। উমানন্দ,উর্বশীও লুইতৰ বুকুতেই।

ইয়াৰ পাৰতেই আছে শক্তিপীঠ কামাখ্যাধাম , অশ্বক্লান্ত আৰু অনেক। অতি প্ৰাচীনকালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ় লৈ উঠিছিল। এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী,ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত।

প্ৰাচীনকালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ। ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ লগত বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী। ই অসমত ৫২খন মুখ্য আৰু ১২১খন সৰু উপনৈ কঢ়িয়াই নিছে। বাৰিষা উপনৈবোৰে পানীৰ লগত নানা আৱৰ্জনা ধুৱাই আনি ব্ৰহ্মপুত্ৰত পেলায়, ফলত ব্ৰহ্মপুত্ৰৰ পানী পলসুৱা হয়।

পানীয়ে পলস যোগান ধৰা বাবেই অসমত ধান, মাহ, সৰিয়হ আদি কম আয়াসতেই প্ৰচুৰ উৎপাদন হয়।অসম কৃষিপ্ৰধান হোৱাৰ মূলতেই ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ যোগান ধৰি আহিছে। সংখ্যা ক্ৰমান্বয়ে কমি আহিছে যদিও এই মাছ-কাছৰ ওপৰত বহু নৈপৰীয়া লোকৰ জীৱিকা, সংস্কৃতি নিৰ্ভৰ হৈ আছে।

আকৌ ব্ৰহ্মপুত্ৰৰ বুকুতেই নাও চলাই , মানুহ-দুনুহ , বস্তু-বাহানি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে। নদীদ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি। এইদৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান দখল কৰি আছে।

অসম, অসমীয়াৰ লগত ব্ৰহ্মপুত্ৰৰ সম্পৰ্ক নিবিড়। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ইয়াৰ সুদূৰপ্ৰসাৰী ভূমিকা বর্ণাই শেষ কৰাটো অসম্ভৱ। তথাপিও সময়ৰ আগচুলিত খামুচি অলপ-অচৰপ ক'বলৈ চেষ্টা কৰিছোঁ। ভুল-ত্ৰুটিৰ বাবে মাৰ্জ্জনা কৰিব। বক্তৃতাৰ শ্ৰোতা হৈ ৰোৱা আপোনালোক আটাইকে ধন্যবাদ যাচিলোঁ।।