উচ্চ শিক্ষাৰ সংকট : বিধ্বস্ত বিশ্ববিদ্যালয়


Image Description

দেশ আৰু জাতিৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ প্ৰক্ৰিয়াত শিক্ষাৰ অপৰিসীম গুৰুত্ব আছে৷ এই গুৰুত্ব কেৱল অৰ্থনৈতিক, উদ্যোগিক, ৰাজনৈতিক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰতে সীমিত নহয়৷ শিক্ষা, বিশেষকৈ উচ্চ শিক্ষা, সমগ্ৰ মানৱজাতিৰে সভ্যতাৰ বিকাশ প্ৰক্ৰিয়াত এক প্ৰধান চালিকাশক্তি৷

উচ্চ শিক্ষাৰ এই সাৰ্বজনীন গুৰুত্ব আৰু প্ৰাসংগিকতাৰ ভেটিতে গঢ়ি উঠিছিল বিশ্ববিদ্যালয়ৰ ধাৰণা৷ মানৱ জীৱনৰ সম্পূৰ্ণ বিকাশৰ মূলতে আছে মানুহৰ চিৰন্তন জ্ঞানপিপাসু মন৷ জীৱন আৰু জগত সম্পৰ্কে মানৱ মনত উদ্ৰেক হোৱা অন্তহীন প্ৰশ্নই মানুহক জ্ঞান অন্বেষণৰ পথেৰে সদায় আগুৱাই নি আছে৷

নতুন জ্ঞানৰ উন্মেষ আৰু লব্ধ জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যৰেই জ্ঞান অন্বেষণৰ এই পথত গঢ়ি উঠিছিল বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ অনুষ্ঠান৷ মানৱ সভ্যতাৰ ৰথৰ চকৰিও সেয়েহে সদায় ওলাইছিল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দুৱাৰেৰে৷

প্ৰাচীন ভাৰত, গ্ৰীচ, আৰৱ আৰু চীন দেশতো মানৱ প্ৰজ্ঞা আৰু জ্ঞানৰ সাধনাই সভ্যতাৰ সোপান গঢ়ি তুলিছিল৷ বিশ্ববিদ্যালয়ৰ ধাৰণা এই দৰ্শনৰ দ্বাৰাই পৰিচালিত হৈ আহিছে যদিও সময়ৰ লগে লগে বিশ্ববিদ্যালয়ৰ গঠন আৰু কাৰ্য্যপ্ৰণালীৰ দিশত বিভিন্ন সময়ত পৰিৱৰ্তনৰ সূচনা হৈ আহিছে৷

মধ্যযুগীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা প্ৰধানতঃ ইউৰোপীয় দেশ ইটালী, ফ্ৰান্স আৰু ইংলেণ্ডত হৈছিল৷ এই সময়ত বিশ্ববিদ্যালয়বোৰত অধ্যাপনা বা ছাত্ৰক পাঠদান কৰাই জ্ঞানৰ সম্ভেদ দিয়াই একমাত্ৰ উদ্দেশ্য নাছিল। প্ৰথম অৱস্থাত বিশ্ববিদ্যালয়ৰ প্ৰধান লক্ষ্য আছিল ছাত্ৰৰ বিদ্যায়তনিক দিশৰ সামগ্ৰিক বিকাশৰ জৰিয়তে এগৰাকী ‘সম্পূৰ্ণ মানৱ’ৰ সৃষ্টি কৰা৷ কিন্তু ইয়াৰ লগতে এই বিশ্ববিদ্যালয়সমূহত ছাত্ৰক বিশেষ বিষয়ত পাৰদৰ্শী কৰাৰ উদ্দেশ্য গঢ় ল’বলৈ আৰম্ভ কৰিছিল৷

১১শ শতিকামানৰ পৰা, ইটালী, ফ্ৰান্স আৰু ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত ক্ৰমে চিকিৎসাবিজ্ঞান, আইন আৰু ধৰ্মতত্ত্বৰ অধ্যয়নে গুৰুত্ব লাভ কৰিছিল৷ ১১শতিকাত আৰম্ভ হোৱা শিল্পউদ্যোগ বিপ্লৱে ইউৰোপত বিশ্ববিদ্যালয়সমূহলৈ বিৰাট পৰিৱৰ্তন আনিছিল৷ কৃষিভিত্তিক গ্ৰাম্য সমাজৰ পৰা চহৰ-নগৰভিত্তিক বজাৰসৰ্বস্ব সমাজ ব্যৱস্থাৰ সূচনা হৈছিল৷ ঔপনিবেশবাদৰ আৰম্ভ হৈছিল৷

কল-কাৰখানা, অফিছ-কাছাৰীৰ কাম-কাজ পৰিচালনা কৰিবলৈ বিশেষ দক্ষতাসম্পন্ন লোকৰ প্ৰয়োজন হৈছিল৷ বজাৰকেন্দ্ৰিক অৰ্থনীতিত এক বৃহৎ শ্ৰমিকৰ বজাৰ গা কৰি উঠিছিল৷ মহাবিদ্যালয়ৰ-বিশ্ববিদ্যালয়ত এই বজাৰৰ প্ৰতি সহাঁৰি জনাই আৰম্ভ হৈছিল দক্ষতাভিত্তিক, বৃত্তিমূলক আৰু বিশেষ বিষয়ভিত্তিক পাঠ্যক্ৰম আৰু পাঠদানৰ ব্যৱস্থা৷

ইয়াৰ ফলত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ যি মৌলিক উদ্দেশ্য আৰু লক্ষ্যৰে প্ৰতিষ্ঠিত হৈছিল তাৰ পৰা বিচ্যুত হৈছিল৷ শিক্ষাই মানুহৰ বিদ্যায়তনিক আৰু ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যৰ পৰা বহু দূৰ আঁতৰি গৈছিল৷ বিশ্ববিদ্যালয়ৰ মূল চালিকা শক্তি হৈ পৰিছিল বজাৰকেন্দ্ৰিক চাহিদা পূৰণৰ লক্ষ্যৰে আহি পৰা শিক্ষা ব্যৱস্থা৷

মূল লক্ষ্যৰ পৰা বিচ্যুত বিশ্ববিদ্যলয় এক গভীৰ সংকটত পৰিছিল৷ এই সংকট কেৱল বিশ্ববিদ্যালয়ৰে নাছিল৷ ই সমগ্ৰ সমাজ জীৱনৰ সংকট হিচাপে শিক্ষাবিদ দাৰ্শনিকসকলে গভীৰভাৱে অনুভৱ কৰিছিল৷ ইয়াৰ ফলশ্ৰুতিত ‘উদাৰ শিক্ষা’ [Liberal Education]ৰ ধাৰণাই নতুনকৈ গা কৰি উঠিছিল৷

বিশ্ববিদ্যালয়সমূহৰ এই সংকটে ১৯৭০-৮০ দশকৰ পাছত আৰু এঢাপ আগুৱাই গৈ এক অতি জটিল সংকটৰ সৃষ্টি কৰিছে৷ উদাৰ শিক্ষা ব্যৱস্থাই আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যাপকভাৱে প্ৰচলন লাভ কৰিছিল যদিও পুঁজিবাদী ৰাষ্ট্ৰতন্ত্ৰৰ প্ৰভাৱে এই শিক্ষা ব্যৱস্থা ম্লান কৰিছিল৷ এই প্ৰভাৱে বিশ্ববিদ্যালয়সমূহত স্নাতক ডিগ্ৰীধাৰী ছাত্ৰক বজাৰৰ চাহিদা পূৰণৰ বাবে এক পণ্য কৰি তুলিছিল৷

বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ এই মানৱপণ্য উৎপাদনৰ এক কাৰখানাৰ এছেম্‌ব্লি লাইন [assembly line] লৈ ৰূপান্তৰিত হৈছিল৷ মূল উদ্দেশ্যৰ পৰা বিচ্যুত আৰু বিচ্ছিন্ন বিশ্ববিদ্যালয়সমূহৰ গৰিমা নোহোৱা হৈছিল৷ সমাজ আৰু সভ্যতালৈ নামি আহিছিল এক চূড়ান্ত সংকট৷

বিশ্ববিদ্যালয়ৰ এই সংকট সম্পৰ্কে কানাডাৰ শিক্ষাবিদ বিল ৰিডিং-এ বিস্তৰভাৱে আলোচনা- বিলোচনাৰ অন্তত ১৯৯৬ চনত প্ৰকাশ কৰিছিল ‘'ইউনিভাৰ্ছিটিজ ইন্‌ ৰুইন্‌ছ্‌’' [Universities in Ruins] নামৰ গ্ৰন্থ৷ এই গ্ৰন্থখনৰ সমালোচনা আগবঢ়াই অক্সফ’ৰ্ডৰ মাগ্‌ডালেন কলেজৰ অধ্যক্ষ এন্থনী স্মিথে লিখিছিল:

The university is a ruined institution, forced to abandon its historical raison d'etre and enmeshed in consumerist ideology... The task that substitutes for the pursuit of culture is adherence to excellence, which relegates the university to the tread mill of global capitalism. It turns out graduates as objects, not subjects, at so much per head, under the scrutiny of the state bureaucracy. That is the nub of Bill Reading's superbly argued pessimism...

বিল ৰিডিঙৰ বিশ্ববিদ্যালয় সম্পৰ্কে দাঙি ধৰা এই নিৰাশজনক আৰু ভয়ংকৰ ছৱিৰ পাছত আজি বিশ্ববিদ্যালয়সমূহ আৰু অধিক জটিল সংকটৰ সন্মুখীন হৈছে৷

‘নব্য উদাৰবাদ'ৰ চিন্তা'আদৰ্শত সত্তৰ আশীৰ দশকত ‘জনহিত’ আৰু ‘ব্যক্তিহিত’ৰ ধাৰণালৈ পৰিৱৰ্তন আনিছিল৷ পৰম্পৰাগতভাৱে যি কোনো দেশৰ শিক্ষাখণ্ডৰ পৰিচালনা, আৰু আৰ্থিক ব্যৱস্থাৰ দায়িত্ব গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ প্ৰশাসন ব্যৱস্থাৰ ওপৰত ন্যস্ত থাকে৷ ইয়াৰ কাৰণ হ’ল শিক্ষা সকলো জনসাধাৰণৰ হিতৰ বাবে পাবলগীয়া এক সুবিধা৷ শিক্ষাৰ ওপৰত কোনো বিশেষ ব্যক্তি বা গোষ্ঠীৰ নিয়ন্ত্ৰণ থাকিব নোৱাৰে৷

শিক্ষাক সেয়েহে ‘জনহিত’ৰ এক অংশ হিচাবে বিবেচনা কৰা হয়৷ কিন্তু ‘নব্য উদাৰতাবাদ’ৰ পুৰোহিতসকলৰ মতে (ফ্ৰেডেৰিক হেইকছ্, এডাম স্মিথ, কাৰ্ল প’পাৰ প্ৰমুখ্যে) শিক্ষাক ‘জনহিত’ৰ (Public Good) গণ্ডীৰপৰা ‘ব্যক্তিহিত’ৰ (Private Good) গণ্ডীলৈ অনাৰ প্ৰয়োজন আছে। কাৰণ শিক্ষা আজি জনসাধাৰণৰ প্ৰতিজন ব্যক্তিৰ বাবে লভ্য হৈ থকা নাই।

সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ শিক্ষা লাভ কৰাৰ আৰ্থিক সাৰ্মথ্যও নাই আৰু সকলোৰে শিক্ষাৰ প্ৰতি আগ্ৰহ বা হাবিয়াসো নাই৷ আনহাতে নব্যউদাৰবাদৰ ধাৰণা অনুযায়ী সমাজৰ বিশেষ ব্যক্তি বা গোষ্ঠী যদি শিক্ষাদান কৰাৰ ক্ষেত্ৰত আগ্ৰহী, তেনেহ’লে তেনে ব্যক্তি বা গোষ্ঠীক [ব্যক্তিগত খণ্ড] ইয়াৰ বাবে বাধা দিয়াৰ কোনো কাৰণ থাকিব নোৱাৰে৷

পৃথিৱীৰ সকলো দেশতে এই ধাৰণাই কম -বেছি পৰিমাণে গা কৰি উঠাৰ লগে লগে কেৱল ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষানুষ্ঠানৰ বাহিৰেও চৰকাৰী খণ্ডৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয়সমূহো এনে ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈছে৷ শিক্ষাৰ ব্যক্তিগতকৰণৰ লগে লগে শিক্ষা বাণিজ্যিকৰণৰ গ্ৰাসত পৰিছে৷ এনে শিক্ষা ব্যৱস্থাত মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ ছাত্ৰও বজাৰৰ ক্ৰেতালৈ ৰূপান্তৰিত হৈছে৷ আৰু শিক্ষা হৈ পৰিছে এক পণ্য৷

এনে শিক্ষাৰে শিক্ষিত ছাত্ৰও বজাৰৰ পণ্যতকৈ বেলেগ গৈ থকা নাই৷ আমেৰিকা যুক্তৰাষ্ট্ৰত যদিও উচ্চ শিক্ষাৰ বিকাশহিতৈশী ধৰণৰ ব্যক্তি বা ব্যক্তিগত গোষ্ঠীৰ পৃষ্ঠপোষকতাত (Philanthropy) আৰম্ভ হৈছিল, কালক্ৰমে এইসমূহ বিশ্ববিদ্যালয় বজাৰৰ প্ৰভাৱ-ক্ষেত্ৰত সোমাই পৰিছে৷ এতিয়া শিক্ষানুষ্ঠানৰ মূল লক্ষ্য হৈছে সুনাম অৰ্জন৷ এই সুনামৰ বাবে আৰম্ভ হৈছে বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা৷

ইয়াৰ ফলশ্ৰুতিত আৰম্ভ হৈছে উচ্চ শিক্ষানুষ্ঠানৰ মাজত ৰেংকি প্ৰক্ৰিয়া৷ বিশ্ববিদ্যালয়ৰ ৰেংকিং নিৰ্ধাৰণ কৰা মাপকাঠিৰ সংজ্ঞাই বিশ্ববিদ্যালয়ৰ যি স্বতন্ত্ৰ চৰিত্ৰ তাক বিনষ্ট কৰিছে৷ ২০০৯ চনত Organisation for Economic Development and Cooperation (OECD)ৰ এক গৱেষণাপত্ৰত ইংলেণ্ডৰ ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয় (University of Strathclyde) অধ্যাপক পিটাৰ ব্লিউ এ. ৱেষ্টে উল্লেখ কৰিছে:

In a highly competitive international world of learning, Universities make full use of favourable league table positions to strengthen their reputation. Yet are they, in so doing, entering into a Faustian bargain in which the long-term cost outweighs the short term gain? Success in the league table comes at a cost in terms of accepting the orthodoxies of others instead of pursuing particular institutional missions linked to the particular priorities of local community.

ৰেংকিঙৰ এই প্ৰতিযোগিতাৰ দৌৰত উচ্চ শিক্ষানুষ্ঠানসমূহৰ চিন্তা-চৰ্চা, প্ৰচেষ্টা, নীতি-নিয়ম সকলো নিৰ্ধাৰিত হৈছে এই প্ৰতিযোগিতাসমূহ পৰিচালনা কৰা অনুষ্ঠানসমূহে নিৰ্দিষ্ট কৰা নীতি 'নিৰ্দেশনাৰ ভিত্তিত৷ লগে লগে বিশ্ববিদ্যালয়সমূহৰ এক মৌলিক চৰিত্ৰ স্বতন্ত্ৰতা লোপ পাইছে৷ অধ্যাপক-ছাত্ৰৰ মন-মগজুত সমাজ, দেশ আৰু পৃথিৱীৰ বিভিন্ন দিশ সম্পৰ্কে যি মুক্ত স্বতন্ত্ৰ চিন্তা -চেতনাৰ প্ৰয়োজন, যি প্ৰকৃতাৰ্থত সমাজৰ আৰু দেশৰ সভ্যতাৰ গতিপথক জীপাল কৰি ৰাখে, ই বিধ্বস্ত হৈছে৷ বজাৰসৰ্বম্ব শিক্ষা আৰু শিক্ষানুষ্ঠান আজি সেয়েহে এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে৷।