বিবিচি, সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগত


Image Description

সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে স্বীকৃত। অৰ্থাৎ গণতন্ত্ৰক মৰ্য্যাদাসহকাৰে তুলি ধৰি ৰখাত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম। নিৰ্ভীক, নিৰপেক্ষ চৰিত্ৰক চৰিত্ৰাৰ্থ কৰি সমাজ, দেশ, ৰাজ্যৰ প্ৰতিটো স্তৰৰ অসূয়া-অপ্ৰীতি, অ-নীতি, কলুষতাৰ উপৰি সজখিনিকো ৰাইজৰ আগত তুলি ধৰি তাৰ সঠিক বাৰ্তা প্ৰেৰণ কৰাটোৱেই সংবাদ মাধ্যমৰ মূল দায়িত্ব।

কিন্তু সম্প্ৰতি এই নীতি-আদৰ্শক সংবাদ মাধ্যমে সমূলি পৰিহাৰ কৰি কেৱল আৰু কেৱল ব্যাৱসায়িক দৃষ্টিভংগীক প্ৰাধান্য দি তদনুসাৰে পক্ষপাতমূলক চিন্তাৰহে পোষকতা কৰিছে। সকলোবোৰ নহ’লেও সিংহভাগ সংবাদগোষ্ঠীৰেই এতিয়া টিআৰপি তথা চৰকাৰৰ আশিসধন্য হোৱাৰ প্ৰতিযোগিতামূলক ক্ষুধাই পৰম লক্ষ্য।

তাৰ মাজতো অৱশ্যে ব্যতিক্ৰম নথকা নহয়। ৰৱীশ কুমাৰ, কৰণ থাপৰ ইত্যাদিৰ দৰে সাংবাদিক এতিয়াও আছে।

গণতন্ত্ৰত জনসাধাৰণে সাংবিধানিক অধিকাৰ ভোগ কৰাৰ দৰে সংবাদ মাধ্যমৰো একক স্বাধীনতা আছে। আছে নিজা ক্ষমতা। সমাজ কল্যাণাৰ্থে যি কোনো প্ৰসংগৰ বাতৰি সম্প্ৰচাৰৰ অধিকাৰ আছে ৷ কিন্তু, এই অধিকাৰসমূহ মষিমূৰ কৰাৰ, নিজৰ ভৃত্য সজোৱাৰ, বল-কৌশল প্ৰয়োগেৰে বহতীয়া সজোৱাৰ দুষ্কৃতি বিজেপি দলে ক্ষমতাধিষ্ঠ হোৱাৰে পৰা কৰিবলৈ আৰম্ভ কৰিছে।

দেশৰ সৰহভাগ সংবাদগোষ্ঠীকে এতিয়া মোদী চৰকাৰে নিজৰ বহতীয়ালৈ পৰিণত কৰিছে। উঠ বুলিলে উঠা, বহ বুলিলে বহা ধৰণৰ এক পৰিৱেশ সংবাদজগতত সৃষ্টি কৰিছে।

যোৱা মংগলবাৰ, ১৪ ফেব্ৰুৱাৰী তাৰিখে বৃটিছ সংবাদগোষ্ঠী বিবিচিৰ ভাৰতস্থিত দুটা কাৰ্য্যালয়ত ( মুম্বাই আৰু দিল্লী ) হঠাৎ আয়কৰ বিভাগে তালাচী চলায়। ৪০-৫০গৰাকীমান আয়কৰ বিষয়া-কৰ্মচাৰীয়ে দুয়োটা কাৰ্য্যালয়ত অভিযান চলোৱা আয়কৰ বিভাগে এই পদক্ষেপক 'জৰীপ' আখ্যা দিয়ে। কিন্তু আন্তৰ্জাতিক কৰ আৰু স্থানান্তৰ মূল্যৰ অনিয়ম কৰা বুলি বিবিচিৰ বিৰুদ্ধে উঠা অভিযোগৰ ভিত্তিতে আয়কৰ বিভাগে এই জৰীপ(?) চলাইছে বুলি জানিব পৰা যায়।

উল্লেখনীয় যে বিবিচিয়ে কিছুদিন পূৰ্বে ২০০২ চনত মোডীৰ মুখ্যমন্ত্ৰিত্বত গুজৰাটত হোৱা হিন্দু-মুছলমান সংঘৰ্ষৰ মূল দায়ী হিচাপে মোদীক আঙুলিয়াই দুটা খণ্ডত এখনি তথ্যচিত্ৰ প্ৰচাৰ কৰিছিল। পাছত সামাজিক মাধ্যমৰ পৰা চৰকাৰে তথ্যচিত্ৰখন আঁতৰাই পেলাইছিল। যিয়েই নহওক, আয়কৰৰ এই জৰীপৰূপী তালাচী যে চৰকাৰৰ বিবিচিৰ প্ৰতি এক প্ৰতিশোধমূলক আচৰণ সেয়া কোনেও নুবুজাকৈ থকা নাই।

মোডী চৰকাৰৰ এনেবোৰ কৰ্ম নতুন নহয়। বিগত সময়বোৰতো বহুতো স্বাধীন, নিৰপেক্ষ সংবাদগোষ্ঠীক চৰকাৰখনে দমননীতিৰ প্ৰয়োগ কৰি আহিছে। তলত কেইটামান উল্লেখ কৰা হৈছে।

জুন ২০২১ চন: ক’ভিড মহামাৰীৰ কালত ক’ভিডৰ চিকিৎসাৰ আঁৰত চলি থকা কেতবোৰ অপ্ৰত্যাশিত ঘটনাৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে 'দৈনিক ভাস্কৰ' নামৰ সংবাদগোষ্ঠীৰ ওপৰত আয়কৰ বিভাগৰ তালাচী চলে।

ফেব্ৰুৱাৰী ২০২১ চন: 'নিউজক্লিক্ (Newsclick)' সংবাদগোষ্ঠীৰ ওপৰত প্ৰৱৰ্তন সঞ্চালকালয় ( Enforcement Directorate, ED) ৰ দ্বাৰা চলোৱা তালাচী অভিযান।

অক্টোবৰ ২০২০ চন : 'গ্ৰেটাৰ কাশ্মীৰ ( Greater Kashmir )' বাতৰিকাকত গোষ্ঠীৰ ওপৰত নিয়া (NIA)ৰ অভিযান।

অক্ট'বৰ ২০১৮ চন: 'দ্য কুইন্ট ( The Quint )' মিডিয়াগোষ্ঠীৰ ওপৰত আয়কৰ বিভাগৰ অভিযান।

জুন ২০১৭ চন: 'এনডিটিভি ( NDTV )'সংবাদগোষ্ঠী তথা স্বত্বাধিকাৰী প্ৰণয় ৰয়-ৰাধিকা ৰয়ৰ বাসগৃহত চিবিআইৰ তালাচী অভিযান।

সংবাদ মাধ্যম স্বাধীনতাৰ সূচাংক ( Press Freedom Index ) তালিকাত ভাৰতৰ স্থান শেহতীয়াভাৱে ১৫০ সংখ্যকলৈ অৱনমিত হৈছে। বিজেপি চৰকাৰৰ প্ৰতিশোধপৰায়ণ নীতি, হিটলাৰী আদৰ্শও ইয়াৰ এক প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে।

তথাকথিত ৰাজনৈতিক দলটোৱে ক্ষমতাধিষ্ঠ হোৱাৰে পৰা উল্লিখিত নীতি-আদৰ্শক সাৰোগত কৰি গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভক নিজৰ বহতীয়া কৰি ৰাখিবলৈ চেষ্টা চলাই সংবাদগোষ্ঠীৰ সামগ্ৰিক স্বাধীনতাক মষিমূৰ কৰিবলৈ ধৰিছে। তাৰ ফলত সৰহসংখ্যক সংবাদগোষ্ঠীয়েই নিজৰ স্বাৰ্থ আৰু প্ৰতিযোগিতাত তিস্তি থকাৰ প্ৰয়োজনত চৰকাৰৰ বহতীয়া হ’বলৈ বাধ্য হৈছে। যিসমূহ সংবাদগোষ্ঠীয়ে নিজৰ গৰিমা আৰু স্বাধীনতাক অক্ষুণ্ণ ৰাখি প্ৰকৃত উদ্দেশ্যক ম্লান পৰিবলৈ দিয়া নাই , সেইবোৰক চৰকাৰী বিভাগীয় যন্ত্ৰৰ ক্ষমতাৰ অপব্যৱহাৰৰ দ্বাৰাই ভয়-ভাবুকি, হাৰাশাস্তি কৰি তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰিবলৈ চেষ্টা চলাই আহিছে।

এখন দায়িত্বশীল চৰকাৰৰ এনে দমনমূলক আচৰণে দেশৰ এই স্তম্ভটোক যে এদিন ধ্বংস কৰি পেলাব তাত কোনো শংকা নাই ৷ ৰাইজে বিচাৰ কৰাৰ সময় সমাগত।।