অফলাইন অনলাইন


Image Description

সময় সলনি হয়। নিজা গতিৰে।
সেয়াই সময়।

গুৰু-শিষ্য অফলাইনত আছিল। এতিয়া অনলাইনত বহিল।

অফলাইনত ছাত্ৰ-ছাত্ৰী থাকে সমুখত। একেবাৰেই অকৃত্ৰিম পৰিৱেশ। পিছফালে থাকে ব্লেক ব'ৰ্ডখন । অপৰিহাৰ্য্য সঁজুলি। যুগে যুগে অনুভূত আৰু স্বীকৃত।

কেতিয়াবা ছাৰৰ সমুখত থাকে ব্লেক ব'ৰ্ডখন। জীপাল হৈ উঠে। ছাৰ জীপাল হ'ব বিচাৰিলে। তেতিয়া ছাৰৰ পিছফালে থাকে ছাত্ৰ-ছাত্ৰী।

বহু যোৰ-যুৰি চকুত ছাৰৰ চকু থাকে। ছাৰে চালেই বুজিব পাৰে লিখা বাক্যটো বুজিছে নে নাই। ছাৰে চালেই ধৰিব পাৰে মনটোত সমীকৰণটো সোমাইছে নে নাই।

ছাৰৰ চকুৱে কিছুমান বিশেষ চকু বিচাৰে। মুখখনত কিবা এটা সেমেকি উঠা চকু সন্ধান কৰে। কপালখন অলপ থূপ খোৱা চকু চাব বিচাৰে। চাই যায় কাৰোবাৰ কলমটো আঙুলিৰ মাজত ঘূৰিবলৈ ধৰিছে নেকি। সেইবোৰ যে চিন্তা ৰৈ যোৱাৰ চিন!

ছাৰে তেনে চকু দেখিলেই লাহেকৈ ঘূৰে।

ছাৰৰ সমুখত এইবাৰ ব্লেক ব'ৰ্ডখন। ছাৰে সমুখৰ মনবোৰে নুবুজা যেন লগা বাক্যটো সৰল কৰে। নুবুজা সমীকৰণটোত আকৌ চক্-আঙুলি ফুৰায়। প্ৰয়োজনত আকৌ চেষ্টা চলে। ছাৰে বিৰক্তি নাজানে।

মাজে মাজে চকু ঘূৰে। হৈছেনে?

কপালৰ থূপবোৰ শিথিল হোৱা দেখিলে ছাৰ নিজেও শিথিল হৈ পৰে। সমুখৰ মুখবোৰত প্ৰশ্ন থাকিলে ছাৰো আগ নাবাঢ়ে।গুৰু-শিষ্য যে অফলাইনত! অকৃত্ৰিম মাত-বোল।

অফ্ অন্ হ'ল। স্মাৰ্ট ফ'ন লগা হ'ল। এচাম লেপট'পলৈ উধালে। ব্যৱসায় চৰিল। দুখীয়াৰ আকৌ এবাৰ মৰণ মিলিল। দুখীয়া দেশত ব্যৱসায় আৰু ওপৰলৈ উঠিল । জনহিতকৰ দেশ!

স্মাৰ্টবোৰ 'ৰেডি' হ'ল। গুগল 'মিট' চলিল। গুগল 'জুম' চলিল।
আৱেগহীন ভাষণ চাৰিওফালে বিয়পিলে। কিতাপ ভালপোৱা, চকৰ গুড়ি ভালপোৱা ছাৰহঁতৰ মনবোৰ থিৰে নাথাকিল।

বহুতে ক'বলৈ ল'লে: 'কৈছে, কৰিছোঁ।'

শিশুৱে অ আ শিকিছে । ছবি শিকিছে। নাচ শিকিছে। কিন্তু গুৰু যে ওচৰত নাই। বহু দূৰত । আঙুলিত ধৰি 'ঙ'ৰ ভাঁজটো শিকায় কেনেকৈ?

'কৈছে, কৰিছোঁ।'

পৰীক্ষাও অনলাইনত। বহুতে কিৰিলি পাৰিলে। অফলাইনত ৪৫ পোৱাজনে অনলাইনত ৮৫পালে। পাঠদান জিন্দাবাদ! পাঠগ্ৰহণ জিন্দাবাদ! পৰীক্ষাও জিন্দাবাদ!

ব্যৱস্থা পূৰঠ হৈ উঠিল। এচাম জ্যেষ্ঠ ছাত্ৰ ন্যায়ালয় পালে। দাবী উঠালে পৰীক্ষা লাগে অনলাইনত! উজু নম্বৰৰ সোৱাদেই যে সুকীয়া!

ক'ভিডত বহু উছন হ'ল। কোনো চিকিৎসালয়ত মানৱতাও বহু খহিল। ক'ভিডত মৃতকৰো অংগ চুৰ হ'ল। বহু মানুহ স্মাৰ্ট হ'ল। চৰকাৰী অসত্যই আকাশ এৰি নোযোৱা হ'ল।

কিন্তু... অনলাইনত শিশুৰ মগজু ৰৈ গ'ল।।