বিষ্ণু প্ৰসাদ ৰাভা আৰু অসমৰ সমন্বয়ৰ সভ্যতা


Image Description

বিগত সময়ছোৱাত বহুজনে অসমৰ সভ্যতাৰ আঁতিগুৰি বিচাৰি অস্ত্ৰোপচাৰ আৰম্ভ কৰিছে। ৰাজনৈতিক প্ৰচাৰ সভাত নেতাই চিনাক্ত কৰিছে অসমৰ সভ্যতাৰ নিৰ্ণায়ক বৈশিষ্ট্য। অসমৰ সমন্বয়মুখী জাতি-গঠন প্ৰক্রিয়াক ভেঙুচালি কৰি অহৰহ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে এক নতুন বাগধাৰা।

ভোট-বেংকৰ খকত অন্ধ নেতাৰ নিজ মুনাফা আদায়ৰ এই উপৰ্যুপৰি চেষ্টাত বিভিন্ন জাতি, ধৰ্ম, ভাষাৰ মানুহক একেডাল সূতাৰে বান্ধি ৰখা জাতীয় জীৱনৰ সম্প্ৰীতিৰ এনাজৰীডাল আজি ক্ৰমাৎ দুৰ্বল হৈ আহিছে। বিভেদকামী বিষাক্ত চিন্তাই আমাৰ মনবোৰ, চিন্তাবোৰ আৰু স্বপ্নবোৰ কলুষিত কৰিবলৈ আৰম্ভ কৰিছে।

সেয়েহে আজি আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ অসমৰ জাতীয় জীৱনক নিজৰ অভিনৱ, অনবদ্য অৱদানেৰে, প্ৰাণাধিক ভালপোৱাৰে সমৃদ্ধ কৰি যোৱা সৈনিক শিল্পী কলাগুৰু বিষ্ণু ৰাভাই বুকুত কঢ়িয়াই লৈ ফুৰা অসমৰ সমন্বয়ৰ সভ্যতাৰ কথা, সাতামপুৰুষীয়া সম্প্ৰীতিৰে উজলি থকা কলাগুৰুৰ অসমৰ স্বপ্নৰ কথা।

বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমৰ স্বপ্নৰ ভেঁটি আছিল  বৈচিত্ৰ্যৰ মাজতো থকা ঐক্যৰ এনাজৰী। বিভিন্ন জনগোষ্ঠীৰ বাসস্থান অসমত সমন্বয়ৰ গুৰুত্ব বুজি সেয়েহে তেওঁ লিখিছিল -- 'অসমৰ বুকুত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ডোলেৰে গাঁথি, দুনাই শক্তিশালী জাতি গঢ়োঁ, শক্তিমান ন-অসম গঢ়ি সমন্বিত শক্তিৰে সুন্দৰতম ন-অসমীয়া সংস্কৃতি গঢ়োঁ।'

সমন্বয়েই এই জাতি গঠন প্ৰক্ৰিয়াৰ মূল আধাৰ। জনজাতিসকলক 'অসমীয়া সংস্কৃতিৰ বিধাতা' বুলি অভিহিত কৰা বিষ্ণু ৰাভাই ১৯৪৫ চনত কনিহাত অনুষ্ঠিত বিহু উৎসৱৰ কৃষ্টি শাখাৰ সভাপতিৰ অভিভাষণত উল্লেখ কৰিছিল যে অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতা নিৰ্য্যাতিত-নিপীড়িত দুখীয়া গাঁৱলীয়া কৃষক-বনুৱা অসমীয়াইহে অৱহেলিতভাৱে জীয়াই ৰাখিছে, যিবিলাকেৰে আজিও আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, জগতত অসমীয়া বুলি চিনাকি দিব পাৰোঁ।

আনহাতে 'আৱাহন'ৰ পাতত প্ৰকাশিত বিষ্ণু ৰাভাৰ 'বৰ অসম'ৰ পৰিকল্পনাত অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ ৰাজনীতিৰ অপাৰগতাই যে এই অৱনত জাতিসকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাব -- সেই স্পষ্ট সকীয়নি পোৱা যায়।

কলাগুৰুয়ে তেতিয়াই অসমীয়াক সকীয়াই গৈছিল যে যদিহে এই অৱনত জাতিসমূহৰ সমুচিত মৰ্য্যাদা সুনিশ্চিত কৰা নহয়, তেন্তে এই বিদ্ৰোহৰ জুয়ে এদিন অসমত গৃহ-কন্দলৰ বাহ সাজিব। অসমৰ বিগত সময়ছোৱাৰ ৰাজনৈতিক ইতিহাসৰ পাতে স্পষ্ট কৰি দিয়ে -- বিষ্ণু ৰাভাৰ দূৰদৰ্শী চিন্তা।

কিদৰে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পোছাক পিন্ধি অসমৰ জনগোষ্ঠীসমূহক সাঙুৰি লৈ সমন্বয়মুখী চিন্তা-চর্চাৰে আগবঢ়াৰ সলনি পৃথকীকৰণৰ ধৃষ্টতা প্ৰদৰ্শন কৰা হৈছিল আৰু তাৰ ফল স্বৰূপে সৃষ্টি হোৱা অবিশ্বাস আৰু সন্দেহৰ পৰিৱেশৰ দস্তাবেজ আজিও প্ৰতিগৰাকী অসমীয়াৰ মনত সজীৱ হৈ আছে।

এনে বিভেদ-অবিশ্বাসৰ এন্ধাৰ বাটৰ সলনি সমন্বয়-বিশ্বাসৰ পোহৰময় বাটৰ সন্ধান দি বিষ্ণু ৰাভাই 'জনজাতীয় সংস্কৃতিত শিৱ' শীৰ্ষক লেখাত উল্লেখ কৰিছিল যে, এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ'বলৈ হ'লে পৰস্পৰৰ ভিতৰত উভয়ৰে সম্পূৰ্ণ জ্ঞান থকাটো উচিত। কলাগুৰুৱে লিখিছিল, পৰস্পৰৰ ভিতৰত অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ৰাখি কালৰ চকাৰ অগ্ৰগতিৰ তালে তালে প্ৰগতিৰ অসীম বাটেদি অগ্ৰসৰ হোৱা উচিত।

স্পষ্ট কথাত জাত্যাভিমান আৰু উন্নাসিকতাৰ পৰিৱৰ্তে আন্তৰিক শ্ৰদ্ধা আৰু সন্মানপূৰ্বক সহাৱস্থানৰ পোহৰময় বাটৰ সন্ধানেই দি গৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। সমান্তৰালভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়ালৈ জনজাতিসকলৰ অৱদানৰ বিষয়েও বিষ্ণু ৰাভাই অসমীয়াক সচেতন কৰি থৈ গৈছে।

১৯৬০ চনৰ ৩ নৱেম্বৰত ডিব্ৰুগড় মেডিকেল কলেজৰ উৎসৱত দিয়া ভাষণত বিষ্ণু ৰাভাই এই সন্দৰ্ভত উল্লেখ কৰি কৈছিল যে যিদৰে খাচী জনজাতিসকলে অসমীয়াৰ অনেক নিয়ম অনুসৰণ কৰিছে, তেনেকৈ 'নামঘৰ'ক কেন্দ্ৰ কৰি যি ধৰ্মীয় পৰম্পৰা গঢ়ি উঠিছে, সেই নামঘৰ নগা আৰু মিৰি-মিছিমিৰ দান।

আকৌ 'চিফুং বাঁহীৰ সুৰ' শীৰ্ষক লেখাত কলাগুৰুয়ে স্পষ্টভাৱে লিখিছিল যে যি মহাপুৰুষীয়া কৃষ্টি, কলা-সাহিত্য, নৃত্য-গীত আৰু ধৰ্মৰ আশ্ৰয় আৰু অনুপ্ৰেৰণাত গঠিত হৈ অসমীয়া জাতি আজি সঞ্জীৱিত হৈ আছে, সেই পৰম্পৰাৰ খছাৰী ৰমাকান্ত মেচ ওৰফে নীলধ্বজৰ খেন-বংশীয় দুৰ্লভ নাৰায়ণ মেচৰ পৃষ্ঠপোষকতাতেই আৰম্ভণি ঘটিছিল।

কোনো জাতিৰ মইবৰ ভাবে বা জাত্যাভিমানৰ বিপৰীতে যে জাতি-জনগোষ্ঠীসমূহৰ পৰস্পৰৰ মাজৰ আদান-প্ৰদানৰ মাজেৰেহে যে অসমীয়া জাতিৰ জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল, সেয়াই আছিল বিষ্ণু ৰাভাৰ মূল বক্তব্য। বহু সময়ত 'অসমীয়া'ৰ সংজ্ঞাক লৈ বিতৰ্কৰ সৃষ্টি হয়।

সুদীৰ্ঘ ছবছৰীয়া অসম আন্দোলনৰ অন্তত অসমে লাভ কৰা অসম চুক্তিৰ ছয় নম্বৰ দফাত সন্নিবিষ্ট 'অসমীয়া'ৰ সংজ্ঞাক লৈও সৃষ্টি হয় নিত্যনতুন বিতৰ্কৰ। বিষ্ণু ৰাভাৰ মতে, ভাষা, ধৰ্ম আৰু পৰম্পৰাৰ মাজত ভিন্নতা থাকিলেও অসমৰ প্রতিটো জনগোষ্ঠীৰ পৰিচয় অসমীয়া উচিত। বামুণ, আহোম, কোচ, কলিতা, কায়স্থ, দেউৰী চুতীয়া, মৰাণ, মটক, ডিমাছা, বড়ো, সোণোৱাল আদি বুলি নহয়, লুইতৰ পাৰৰ অসমীয়া বুলিহে বিশ্বত আমাৰ পৰিচয়।

বিভিন্ন জাতি-জনগোষ্ঠীক লৈ উঠা বৃহত্তৰ অসমীয়া জাতিসত্তাৰ সমন্বয়ৰ সভ্যতাৰ প্ৰতিফলন এই সংজ্ঞাত, এই ধাৰণাত সুস্পষ্ট।

বিগত সময়চোৱাত অসমকে ধৰি সমগ্ৰ দেশত ক্ৰমাৎ গঢ়ি তোলা হৈছে এক বিষাক্ত সাম্প্ৰদায়িক পৰিৱেশ। ৰাজনৈতিক লাভালাভ আদায়ৰ নগ্ন দৌৰৰ খাতিৰত চলিছে মধ্যযুগীয় ধৰ্মান্ধতাৰ প্ৰতিফলন ঘটা অনেক বিভেদমুখী কাম-কাজ।

অসমতো জাতীয় জীৱনৰ বীৰ-বীৰাংগনাসকলৰ ধৰ্ম চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলিছে। খোজে প্ৰতি ধৰ্মৰ ছায়া, উন্নয়ন-প্ৰগতিৰ যাত্ৰা পাহৰি পশ্চাদগামী চিন্তা-চৰ্চাৰ আখৰা। কিন্তু উভতি চালে বুজা যায়, স্বাধীনতা আন্দোলনৰ সময়ত ভাৰত-পাকিস্তান সৃষ্টিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সাম্প্ৰদায়িক পৰিৱেশত কলাগুৰুৱে ৰচনা 'মামীৰ হাৰ' শীৰ্ষক গল্পৰ মাজেৰে তেতিয়াই তেখেতে কৈ গৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষই কাহানিও দুখীয়া মানুহৰ সমস্যা সমাধান নকৰে, যোগাৰ কৰি নিদিয়ে দুখীয়াৰ পেটৰ ভাতমুঠি।

সাম্প্ৰদায়িকতাই কেৱল সফল কৰে ক্ষমতালোভী শাসকৰ ন্যস্ত স্বাৰ্থ। সাম্প্ৰদায়িকতাই কেৱল সমাজত বিভাজনৰ সৃষ্টি কৰে, মানৱতাক ভূলুণ্ঠিত কৰে। দেশ বিভাজনৰ পিছত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পটভূমিত ৰচিত 'কৃষক' শীৰ্ষক নাটকতো সেই একেই বাৰ্তাকেই আগুৱাই দিছে বিষ্ণু ৰাভাই। সংলাপৰ মাজেৰে বিষ্ণু ৰাভাই প্ৰশ্ন কৰিছে, অসমত কি সতে একেলগে উঠা-বহা কৰা হিন্দু আৰু মুছলমানে ভাৰতৰ আন ঠাইৰ দৰে সংঘৰ্ষত লিপ্ত হ'ব। মূলতঃ অসমৰ সম্প্ৰীতিৰ সভ্যতা, একতাৰ সভ্যতাৰ কথাকেই আঙুলিয়াই দিছে কলাগুৰুৱে। 

কলাগুৰু বিষ্ণু ৰাভাই অংকন কৰা অসমৰ স্বপ্নত কোনো বিভেদ-বিভাজনৰ স্থান নাই, স্থান নাই কোনো দ্বেষ, অহংকাৰ অথবা জাত্যাভিমানৰ। সমন্বয়, সম্প্ৰীতি আৰু সন্মানজনক সহাৱস্থানেই সেই অসমখনৰ মূলমন্ত্ৰ।

আমি দৃঢ়তাৰে ক'ব পাৰোঁ, সেই অসমখনৰ স্বপ্ন বিষ্ণু ৰাভাৰ বাটকেই অনুসৰণ কৰি আজিও গৰিষ্ঠসংখ্যক অসমীয়াই বুকুৰ ভিতৰত প্ৰতিটো খোজতেই কঢ়িয়াই লৈ ফুৰিছে বাবেই আজিও অসমখন আমাৰ অসম হৈ আছে। মাজে মাজে বিভেদকামী অনেক পক্ষৰ কুটিল চক্ৰান্তৰ কলীয়া ডাৱৰ আহিছে সঁচা, কিন্তু এই জটিল কাল নাশপাশো সমন্বয়ৰ শকতিৰে অসমীয়াই জিনিছে।

জাতীয় জীৱনৰ প্রতিটো সংকটত সমুখৰ পৰা যুঁজাৰ বাবে সঞ্জীৱনী লুকাই আছে সেই অসমখনৰ স্বপ্নত। নতুন পুৰুষৰ বাবে ন ৰূপত জাতীয় জীৱনক সমৃদ্ধ কৰাৰ সেন্দুৰীয়া বাটৰ সন্ধান আছে সেই অসমখনৰ স্বপ্নত। এতিয়া মাথোঁ বিভেদ-বিভাজনৰ বেহু ফালি সমন্বয়-সম্প্ৰীতিৰ এই সভ্যতাক বুজি সমুখৰ পিনে আগুৱান হোৱাৰ সময়। কলাগুৰু বিষ্ণু ৰাভাই কাটি যোৱা বাটেৰেই জাতীয় জীৱনক সুৰক্ষিত কৰাৰ সময়, ন উদ্যমেৰে জাতীয় জীৱনক জ্যোতিষ্মান কৰাৰ সময়।।

(স্বদেশ-স্বাভিমান বক্তৃতা, অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত)