অসমৰ অন্যতম বিদ্যালয় পাটাছাৰকুছি বিদ্যাপীঠ (২)


Image Description

(যোৱা সংখ্যাৰ পৰা)

পাটাছাৰকুছিত হাইস্কুল স্থাপনৰ যো-জা ১৯৩৫ চন, ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখ, বৃহস্পতিবাৰ, শুক্লা পঞ্চমী তিথি। পূব-বজালী মৌজাৰ মৌজাদাৰ বাণীকান্ত চৌধুৰীৰ ৰায়পুৰৰ বাসগৃহত ধৰমতলাৰ তাৰক চন্দ্ৰ শৰ্মা আৰু হৰেন্দ্ৰ নাথ শৰ্মা উপস্থিত। উদ্দেশ্য পাটাছাৰকুছিত এখন হাইস্কুল স্থাপন কৰা। পাটাছাৰকুছিত হাইস্কুল এখন স্থাপন কৰাটো হৰেন্দ্ৰ নাথ শৰ্মাৰ আছিল এক সপোন আৰু এই সপোন পৰিস্থিতিগত কাৰণত প্ৰত্যাহ্বানলৈ ৰূপান্তৰ হৈছিল। তীক্ষ্ণ বুদ্ধিসম্পন্ন, অগাধ পাণ্ডিত্যৰ গৰাকী হৰেন্দ্ৰ নাথ শৰ্মা স্বাভাৱিকতে আছিল প্ৰত্যাহ্বান গ্ৰহণ কৰি সফল হ’বলৈ ভাল পোৱা লোক।

তাৰক শৰ্মা আৰু হৰেন শৰ্মাৰ প্ৰস্তাৱত মৌজাদাৰ বাণীকান্ত চৌধুৰীয়ে কাল বিলম্ব নকৰাকৈ সঁহাৰি জনোৱাত তাৰে তিনিদিন পিছত পাটাছাৰকুছিস্থ গংগাধৰ টোলত বাণীকান্ত চৌধুৰীৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু সৰ্বসন্মতিক্ৰমে পাটাছাৰকুছিত এখন হাইস্কুল স্থাপনৰ চূড়ান্ত সিদ্ধান্ত লোৱা হয়। বাণীকান্ত চৌধুৰীক সভাপতি, তাৰক চন্দ্ৰ শৰ্মাক সম্পাদক আৰু চন্দ্ৰনাথ দেৱচৌধুৰী, সোমনাথ দেৱচৌধুৰী, দেৱেন্দ্ৰ নাথ দেৱচৌধুৰী, ভুৱন চন্দ্ৰ দেৱচৌধুৰী, পুষ্প চন্দ্ৰ গোস্বামী, গৰ্গনাৰায়ণ গোস্বামী, ভক্তিৰাম দাস (পণ্ডিত), জয়চন্দ্ৰ দেৱচৌধুৰী, সৰ্বেশ্বৰ দেৱচৌধুৰী সনেশ্বৰ দাস, ভখুৰাৰাম কলিতা, লক্ষ্মীকান্ত দেৱগোস্বামী বিদ্যাবিনোদ, মহেশ্বৰ শৰ্মা, শেহোৰাম দাস আৰু চক্ৰধৰ চৌধুৰীক সদস্য হিচাবে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হ’ল।

সভাৰ অন্য এক প্ৰস্তাৱযোগে হৰেন্দ্ৰ নাথ শৰ্মাক প্ৰধান শিক্ষক হিচাবে নিযুক্তি দিয়া হ’ল। সহকাৰী প্ৰধান শিক্ষক হিচাবে নিযুক্তি দিয়া হ’ল তেতিয়া কলিকতা বিশ্ববিদ্যালয়ত এমএৰ ফাইনেল দিবলৈ দুই কি তিনিমাহ বাকী থকা ছাত্ৰ ৰঘুনাথ দেৱচৌধুৰীক। ৰঘুনাথক পিতৃ চন্দ্ৰনাথ দেৱচৌধুৰীয়ে 'এমএ পাছ কৰাতকৈ নিজৰ জন্ম ঠাইত এখন স্কুল পতাটো বেচি মহান কাম , গতিকে তই ঘৰলৈ গুচি আহ।’, বুলি জনোৱা আহ্বানত তেওঁ সকলো উচ্চাকাংক্ষা জলাঞ্জলি দি প্ৰথম অৱস্থাত হৰেন শৰ্মাৰ লগত স্কুল পতা কামত আগভাগ ল’লে।

১৯৩৮ চনৰ ৩০ জুনত পাটাছাৰকুছিলৈ তদানীন্তন শিক্ষামন্ত্ৰী চামচুল উলেমা মৌলানা আবু নাছেৰ মহম্মদ ওৱাহেদ আলী এমএ আহিছিল আৰু তাতেই বৰপেটা লোকেল ব'ৰ্ডৰ চেয়াৰমেন ধনীৰাম তালুকদাৰে লোকেল ব'ৰ্ডৰ অধীনষ্ঠ পাটাছাৰকুছি মাইনৰ স্কুলখন পাটাছাৰকুছি বিদ্যাপীঠৰ লগত চামিল কৰাৰ কথা ঘোষণা দিছিল। পৰিণতিত ১৯৩৮ চনৰ পহিলা এপ্ৰিলৰ পৰা পাটাছাৰকুছি মাইনৰ স্কুলখন পাটাছাৰকুছি বিদ্যাপীঠৰ লগত চামিল হৈছিল ।

চৰকাৰী নিয়ম অনুসৰি মাইনৰ স্কুলৰ তেতিয়াৰ প্ৰধান শিক্ষক হৰেশ্বৰ দেৱচৌধুৰীয়েহে হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষকৰ পদ লাভ কৰিছিল । নিজৰ সকলো বিসৰ্জন দি বিদ্যাপীঠ পাতিবলৈ অহা ৰঘুনাথ দেৱচৌধুৰী দুখ আৰু অপমানত স্কুল এৰি গুচি যাব লগা হৈছিল। উল্লেখ্য যে এইগৰাকী ৰঘুনাথে পিছত তেওঁৰ জীৱনত ১০খন হাইস্কুল পাতি ‘হাইস্কুল পতা খনিকৰ’ হিচাবে অসমত খ্যাতি ৰাখি থৈ গৈছে।

‘বাণীপীঠ’ গুচি ‘বিদ্যাপীঠ’ হ’ল সভাৰ দ্বিতীয় প্ৰস্তাৱ অনুসৰি স্কুলৰ নাম ‘বাণীপীঠ’ ৰখা হ’ল। স্কুলঘৰ, ছাত্ৰ কেনভাছ, আন শিক্ষক নিয়োগ আদিকে ধৰি স্কুলৰ প্ৰস্তুতি তীব্ৰ গতিত আৰম্ভ হ’ল। দিনচেৰেক যোৱাৰ পিছত ৰাইজৰ মাজত বু-বা চলিল যে সভাপতি বাণীকান্ত চৌধুৰীৰ নামত স্কুলখন নামকৰণ কৰাই ল’লে। প্ৰকৃততে তেওঁৰ নামৰ লগত স্কুলখনৰ নামৰ কোনো সম্বন্ধ নাছিল। তৎসত্বেও এনে অপপ্ৰচাৰে সভাপতি বাণীকান্তক আঘাত দিয়াত ৰাজহুৱা সভাযোগে স্কুলৰ নাম ‘বাণীপীঠ’-ৰ সলনি ‘বিদ্যাপীঠ’ ৰখা হ’ল।

স্কুল নিৰ্মাণৰ পূৰ্ণ প্ৰস্তুতি সেই বছৰ মাইনৰ স্কুল পাছ কৰা ছাত্ৰৰ সংখ্যা ৩২ গৰাকী আছিল। কিন্তু সেই সময়ত বজালী হাইস্কুল আৰু বৰপেটা চৰকাৰী হাইস্কুল আৰু ইয়াৰ বাহিৰে আন পাঁচখন কামৰূপ জিলাত আছিল বুলি আমাৰ আগৰ লেখাত উল্লেখ কৰিছিলোঁ। গতিকে পাটাছাৰকুছি মাইনৰ স্কুলৰ গোটেই ৩২ গৰাকী ছাত্ৰই যাতে আন ঠাইলৈ যাব নোৱাৰে তাৰ কাৰণে স্কুল পৰিচালনা সমিতিয়ে বজালীৰ বাহিৰেও সৰুক্ষেত্ৰী আদিলৈ ছাত্ৰৰ সন্ধানত গ’ল। ১০ মাৰ্চত নামভৰ্ত্তিৰ শুভাৰম্ভ কৰিলে।

প্ৰথম নামভৰ্ত্তি কৰা ছাত্ৰজন আছিল প্ৰিয়নাথ দেৱচৌধুৰী। ইয়াৰ লগতে প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰি কৃতিত্ব অৰ্জন কৰা আন ছাত্ৰসকলৰ ভিতৰত আছিল নগেন্দ্ৰ নাথ গোস্বামী, নগেন্দ্ৰ নাথ শৰ্মা, বিহুৰাম ঠাকুৰীয়া, হৰেন্দ্ৰ নাথ শৰ্মা, হৰেন্দ্ৰ নাথ কলিতা, মনপতি কলিতা, সুৰেন্দ্ৰ নাথ শৰ্মা, মাণিক চন্দ্ৰ ডেকা, মোহন চন্দ্ৰ চৌধুৰী, আনন্দ চন্দ্ৰ শৰ্মা আদি উল্লেখযোগ্য। ১৯৩৯ চনত প্ৰথম বৰ্ষৰ ২৮ জন ছাত্ৰই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষা দি ৪ জনে ১ম, ১২ জনে ২য়, ১০ জনে তৃতীয় আৰু দুজন অকৃতকাৰ্য্য হৈছিল।

শ্ৰেণী সংখ্যা বাঢ়ি যোৱাত ৬ টকা বেতনত সংস্কৃত শিক্ষক হিচাবে প্ৰাণকৃষ্ণ শৰ্মা ব্যাকৰণশাস্ত্ৰীক আৰু গণিত শিক্ষক হিচাবে টিহু বণিয়াকুছিৰ ধনেশ্বৰ বিএছছিক সামান্য পাৰিশ্ৰমিকত অনা হৈছিল। প্ৰধান শিক্ষক হৰেন শৰ্মা আৰু সহকাৰী প্ৰধান শিক্ষক ৰঘুনাথ দেৱচৌধুৰীয়ে মাহেকত ১০ টকাকৈ বেতন লৈছিল। প্ৰথম অৱস্থাত হৰেন শৰ্মাই ইংৰাজী আৰু ৰঘুনাথ চৌধুৰীয়ে বাকী সকলো বিষয় শিকাইছিল।

আগতেই উল্লেখ কৰা হৈছে যে ১৯৩৮ চনৰ পহিলা এপ্ৰিলৰ পৰা বিদ্যাপীঠৰ লগত মাইনৰ স্কুলখন এক বিশেষ পৰিস্থিতিত চামিল কৰা হৈছিল। তাৰ পিছত আহিছিল হাইস্কুলখন বিভাগীয়ভাৱে মঞ্জুৰ কৰা কাম। হেড্‌ মাষ্টাৰ শৰ্মাই শ্বিলঙলৈ গৈ ডাইৰেক্টৰ স্মলক লগ কৰিলে। স্মল চাহাবে হেড্‌ মাষ্টাৰ শৰ্মাক ক'লে, 'বজালী হাইস্কুলৰ প্ৰতিদ্বন্দ্বী স্কুল পতা হৈছে, মঞ্জুৰী দিব নোৱাৰি। বিশ্ববিদ্যালয়ক সকলো কথা জনোৱা হৈছে।’ হেড্‌ মাষ্টাৰ শৰ্মাই ক'লে, 'ছাৰ, আপোনাৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈ কলিকতাৰ পৰা মঞ্জুৰী আনিলে জানো আপুনি ভাল পাব?' স্মলে ক'লে, ‘পাৰিবানে?’ ‘চাওঁ বাৰু?’ , বুলি কৈ শৰ্মা ওলাই আহিল।

মুখ্য মন্ত্ৰী বৰদলৈক লগ কৰিলে । তেওঁ একো নাজানো বুলি কোৱাত পুনৰ চাদুল্লাৰ ওচৰ চাপিল আৰু তেওঁৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আজিজুল হকলৈ এখন চিনাকি পত্ৰ লৈ কলিকতা পালে। তাতে পাটাছাৰকুছি মাইনৰ স্কুলৰ ছাত্ৰ তথা কলিকতা হাইক'ৰ্টৰ উকীল হলীৰাম ডেকা আৰু তীৰ্থনাথ শৰ্মাক লগত লৈ বিশ্ববিদ্যালয় ছিণ্ডিকেটৰ অধ্যক্ষ শ্যামাপ্ৰসাদ মুখাৰ্জীক সকলো কথা বিৱৰি ক'লে। পিছদিনা ছিণ্ডিকেটৰ সভাত ১৯৩৯ চনৰ পহিলা জানুৱাৰীৰ পৰা দুবছৰলৈ মঞ্জুৰী হৈ গ’ল।

তিনিমাহ পিছত, অৰ্থাৎ মাৰ্চ মাহত শৰ্মাদেৱ শ্বিলঙলৈ গ’ল। ইন্সপেক্টৰ গোস্বামীয়ে স্কুলৰ বাতৰি সুধি বিস্ময় মানিলে আৰু স্মলৰ ওচৰলৈ যাবলৈ ক'লে। স্মলেও স্কুলৰ বাতৰি পাই শৰ্মাদেৱক কৰমৰ্দন কৰি সা-সঁজুলিৰ বাবে অনুদান মঞ্জুৰ কৰিলে। তাৰ পিছৰ বছৰৰ পৰা মাহিলী ৮০ টকাকৈ স্থায়ী সাহায্য মঞ্জুৰী দিলে আৰু ১৯৪০ চনৰ পৰা প্ৰাইভেট গুচি সাহায্যপ্ৰাপ্ত স্কুল হিচাবে স্বীকৃতি দিলে। পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল

১৯৫৫ চনৰ ২৪ ডিছেম্বৰৰ দিনা শিক্ষা বিভাগৰ ডেপুটী ডাইৰেক্টৰ সুৰেশ চন্দ্ৰ ৰাজখোৱা আৰু প্ৰাক্তন ডাইৰেক্টৰ দিবাকৰ গোস্বামী আনন্দ বজাৰৰ ‘গিৰীশ বিদ্যাপীঠ’ চাবলৈ আহোঁতে পাটাছাৰকুছি পৰিদৰ্শন বঙলাত সোমাই কৈ গ’ল যে পাটাছাৰকুছি বিদ্যাপীঠক বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাবে উন্নীত কৰা হৈছে। শিক্ষামন্ত্ৰী অমিয় কুমাৰ দাস ডাঙৰীয়াই এই আদেশ জাৰি কৰিছে।

সিদিনাই আবেলি সেই হুকুম প্ৰধান শিক্ষক শৰ্মাদেৱৰ হাতত পৰিল। কিন্তু পিছত মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিয়ে স্থানীয় বিধায়কগৰাকীৰ তীব্ৰ হেঁচাত পাঠশালাত আহোঁতে ঘোষণা দিলে যে পাটাছাৰকুছি বিদ্যাপীঠৰ পৰিবৰ্তে বজালী হাইস্কুলকহে বহুমুখী বিদ্যালয় হিচাবে উন্নীত কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ আদেশ ৰদ-বদল কৰি পিছত বজালী হাইস্কুলক বহুমুখী উচ্চতৰ মাধ্যমিক আৰু পাটাছাৰকুছি বিদ্যাপীঠক কেৱল উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাবে ১৯৫৬ চনৰ মাৰ্চ মাহৰ ১৫ তাৰিখে পুনৰ আদেশ জাৰি কৰিলে। ১৯৫৯ চনৰ জানুৱাৰী মাহৰ পৰা উচ্চতৰ শাখাৰ শ্ৰেণীসমূহ আৰম্ভ হয়।

১৯৬০ চনত পাটাছাৰকুছি বিদ্যাপীঠে ৰূপালী জয়ন্তী উদ্‌যাপন কৰে। উল্লেখ্য যে বিদ্যালয় পৰ্য্যায়ত পাটাছাৰকুছি বিদ্যাপীঠে ৰূপালী জয়ন্তী অনুষ্ঠিত কৰা প্ৰথম বিদ্যালয় বুলি বহুতে কয়। বিদ্যালয়খনে ১৯৮৫ চনত সোণালী, ১৯৯৭ চনত হীৰক আৰু ২০১০ চনত মহাৰজত জয়ন্তী মহা ধুমধামেৰে উদ্‌যাপন কৰে।

বিদ্যালয়খনৰ পৰা এতিয়ালৈকে মেট্ৰিকত ৫ জনে আৰু উচ্চতৰ মাধ্যমিকত ২৬ জন ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি দুইগৰাকী শিক্ষাগুৰুৱে ৰাষ্ট্ৰীয় আৰু সাতগৰাকী শিক্ষাগুৰুৱে ৰাজ্যিক ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মাই ১৯৬০ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক হিচাবে আৰু পিছত বিশিষ্ট সাহিত্যিক হিচাবে মুঠতে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ।

পাটাছাৰকুছি বিদ্যাপীঠৰ গৌৰবৰ ইতিহাসত সোণালী অধ্যায় সংযোজন কৰা কৃতবিদ্য শিক্ষাগুৰুসকল হ'ল :

১) হৰেন্দ্ৰ নাথ শৰ্মা : ১৯৬০ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা

২) যোগেশ্বৰ গোস্বামী : ১৯৮৮ চনত ৰাজ্যিক আৰু ১৯৯০ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা

৩) হেমেন্দ্ৰ মল্ল বুজৰবৰুৱা : ১৯৮৭ চনত ৰাজ্যিক কৃতী শিক্ষক বঁটা

৪) জিতেন্দ্ৰ নাথ শৰ্মা : ১৯৮৮ চনত ৰাজ্যিক কৃতী শিক্ষক বঁটা

৫) শ্যামচৰণ ডেকা : ১৯৯২ চনত ৰাজ্যিক কৃতী শিক্ষক বঁটা

৬) দেবেন্দ্ৰ নাথ শৰ্মা: ২০০৪ চনত ৰাজ্যিক কৃতী শিক্ষক বঁটা

৭) কৰুণা কান্ত মজুমদাৰ : ২০০৫ চনত ৰাজ্যিক কৃতী শিক্ষক বঁটা

৮) বিনন্দ নাথ শূল : ২০০৭ চনত ৰাজ্যিক কৃতী শিক্ষক বঁটা

পাটাছাৰকুছি বিদ্যাপীঠে জয়যাত্ৰা অব্যাহত ৰাখিব বুলি গভীৰ আশাৰে চমু বৰ্ণনা সামৰিলোঁ।।