ইংৰাজী শিক্ষাৰ ডুখৰীয়া ছবি


Image Description

অলপতে চিনাকি মানুহ এজনৰ সৈতে কথা-বতৰা হৈছিল। তেওঁ নিজৰ কণমানি ছোৱালীজনীক ঘৰৰ ওচৰৰে স্কুল এখনত নপঢ়াই বহু দূৰৰ স্কুল এখনত নাম লগাই দিয়াৰ কাৰণ দৰ্শাই কৈছিল যে ঘৰৰ ওচৰৰ স্কুলখনত চব 'গেদা-গেদি'বোৰ পঢ়ে। তাত পঢ়ালে তেওঁৰ ছোৱালী বৰ্বাদ হৈ যাব।

মন কৰিবলগীয়া যে সেই ‘গেদা-গেদি’ বা সমাজৰ নিম্ম শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰ পঢ়া স্কুলখন কোনো অৱহেলিত মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয় নহয়। বৰং সেইখন এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী স্কুলহে। ইয়েই কয় যে সেই অভিভাৱকজনৰ চকুত শিক্ষাৰ এক প্ৰধান উদ্দেশ্য হৈছে সমাজৰ শ্ৰেণী-বৈষম্যসমূহ বাহাল ৰখা আৰু সেইবোৰক অধিক কট্‌কটীয়া কৰি তোলা।

কেইবছৰমান আগতে আমাৰ চিনাকি আন এজন লোকৰ মুখতো একে ধৰণৰ যুক্তিয়েই শুনিবলৈ পাইছিলোঁ। তেওঁ নিজৰ সন্তানক ওচৰৰে কেন্দ্ৰীয় বিদ্যালয়ত নপঢ়ুৱাই ব্যক্তিগত খণ্ডৰ অতি খৰচী স্কুল এখনত পঢ়ুওৱাৰ সমৰ্থনত কৈছিল যে তেনে চৰকাৰী বিদ্যালয়ত হেনো ড্ৰাইভাৰ-পিয়নৰ ল’ৰা-ছোৱালীহে পঢ়ে। তাত পঢ়িলে তেওঁৰ ল’ৰাৰ কোনো ভৱিষ্যত নাই।

পিচে দুৰ্ভাগ্যৰ কথা যে তেওঁৰ ল’ৰাজনে তেনে এখন ‘অভিজাত’ বিদ্যালয়ত পঢ়াৰ পাছতো কোনোমতে হায়াৰ চেকেণ্ডাৰী পৰীক্ষাটো পাছ কৰি এতিয়া পঢ়া-শুনা বাদ দিয়াই নিচিনাই।

মই গৱেষণা কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডেকা চাফাইকৰ্মী এজনৰ কথা। অংশকালীন কৰ্মচাৰী হিচাবে তেওঁৰ দিন-মজুৰি ২৫০ বা ৩০০ টকা। বিশ্ববিদ্যালয় বন্ধ থাকিলে সেইকণ উপাৰ্জনো বন্ধ থাকে। কিন্তু সেইখিনি টকাৰেই তেওঁ নিজৰ ছোৱালীজনীক ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলত পঢ়াইছে।

মাজে মাজে তেওঁ আমাৰ আগত কয়হি, কিদৰে প্ৰথম শ্ৰেণীত পঢ়া ছোৱালীজনীৰ স্কুলৰ ফীজ দিওতেই বছৰি হাজাৰ হাজাৰ টকা ব্যয় হয়। লগতে আছে প্ৰতিটো বিষয়ৰে টিউচন।

মাজে মাজে তেওঁ আমাক সোধে, অমুকটো বিষয়ৰ টিউচন পঢ়োৱা কোনোবা চিনাকি শিক্ষক আছে নেকি, নাইবা আমাৰ ঘৰত কিবা চাফাইৰ কাম আছে নেকি। দৰমহাৰ পইচাখিনিৰে হেনো ছোৱালীৰ পঢ়া খৰচেই নোলায়।

ইমানবোৰ আৰ্থিক সমস্যাৰ মাজতো তেওঁৰ মনত প্ৰৱল বিশ্বাস যে ইংৰাজী মাধ্যমত পঢ়িছে যেতিয়া ছোৱালীজনীৰ ভৱিষ্যত ভাল হ'বই।

আমি কেতিয়াবা বুজাবলৈ চেষ্টা কৰোঁ, ছোৱালীজনী প্ৰথম শ্ৰেণী পাইছেহে, এতিয়াই তাইক পঢ়া-শুনা, টিউচনৰ ইমান বোজা নিদিবা। তেতিয়া তেওঁ কয়, ‘নাই ছাৰ, আমাৰ দিনত কথাবোৰ বেলেগ আছিল। তেতিয়া ইমান 'কম্পিটিছন' নাছিল। আজিকালিৰ যুগটোৱেই কম্পিটিছনৰ যুগ।’

মই পিচে বহু চেষ্টা কৰিও ‘আমাৰ দিন’ৰ এনে সোণালী মুহূৰ্ত এটা মনত পেলাব নোৱাৰোঁ যেতিয়া আমিও মানুহৰ মুখত অহৰহ শুনা নাছিলোঁ, ‘আজিকালি কম্পিটিছনৰ যুগ, আজিকালি কম্পিটিছনৰ যুগ।’

আমি বিশ্ববিদ্যালয়ৰ ওচৰতে এঠাইত ঘৰ ভাৰা কৰি থাকোঁ। আমাৰ কাষৰ মানুহ এজনে মই বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত গৱেষণা কৰি থকা বুলি জানি সেইদিনা মোক সুধিলে, ‘আপোনাৰ চিনাকি কোনোবা 'ৰিচাৰ্ছ স্কলাৰ' বা এমএৰ 'ষ্টুডেণ্ট' আছে নেকি, যি ইংৰাজীৰ টিউচন কৰে? মোৰ ল’ৰা দুটাই ক্লাচ এইট্‌ পাইছে। ইংলিছ ‌ মিডিয়াম স্কুলত পঢ়ে যদিও সিহঁতে ইংৰাজী গ্ৰামাৰ একো নাজানে। কোনোবাই অলপ চাই দিলে ভাল আছিল।’

মই ক’লোঁ যে এনে ক্ষেত্ৰত শিক্ষকজন স্কুলীয়া শিক্ষক হ'লে বেছি ভাল। কাৰণ ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ মহলা বা গৱেষণাৰ পৰ্য্যায়ত বুনিয়াদী ইংৰাজী ব্যাকৰণৰ সৈতে সম্পৰ্ক একেবাৰে কমি আহে।

তেওঁ ক’লে, 'দিছিলোঁ নিজৰ স্কুলৰ মাষ্টৰক। কিন্তু তেওঁলোকে টিউচনত অকল পৰীক্ষাত আহিবলগীয়া প্ৰশ্নবোৰ দি থয়। ফলত ল'ৰাই নম্বৰ পূৰা পায়, কিন্তু শিকাত একো নিশিকে। সেই কাৰণে এৰুৱাই দিলোঁ।’

দুই-তিনি বছৰ আগৰ কথা। কিবা কথাৰ প্ৰসংগত বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী জেষ্ঠ্য অধ্যাপকে খেদ কৰি কৈছিল, ‘আগতে এমএ পঢ়িবলৈ অহা ল’ৰা-ছোৱালীখিনিৰ ইংৰাজী খুব সাংঘাতিক নহ’লেও সিহঁতৰ লিখনি পঢ়িব পৰা বিধৰ আছিল। কিন্তু আজি-কালি প্ৰায়বোৰৰে ইংৰাজী তেনেই তথৈবচ। পৰীক্ষাৰ বহী চাওঁতে সিহঁতে কি লিখিছে সেইটো বুজিবলৈ চেষ্টা কৰোঁতেই বেছিখিনি সময় খৰচ হয়, উত্তৰটো কেনে হৈছে তালৈ চকু দিবলৈ সময়ে নাথাকে।’

কথাষাৰ ভাবি চাবলগীয়া। কাৰণ আজিকালি আমাৰ দেশত ইংৰাজী সাহিত্যৰ বিএ বা এমএ পাঠ্যক্ৰমত নাম লগোৱা সৰহভাগ ছাত্ৰ-ছাত্ৰীয়েই ইংৰাজী মাধ্যমত পঢ়ি অহা। তাত মাতৃভাষাৰ মাধ্যমত পঢ়ি অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ। সেয়েহে এই বিভাগবোৰত এনে এক পৰিস্থিতিৰ সৃষ্টি হোৱাটো বৰ আচৰিত কথা।

অথবা, ওপৰৰ ঘটনাবোৰৰ পোহৰত বিচাৰ কৰি চালে কথাটো হয়তো ইমান আচৰিতো নহয়।