উপনিৰ্বাচন - এক অশুভ পৰম্পৰাৰ আৰম্ভণি


Image Description

২০২১ চনৰ অসমৰ বিধান সভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ ছমাহ নৌহওতেই মৰিয়নী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিলে৷ কুৰ্মীৰ পিছে পিছে থাওৰা সমষ্টিৰ সুশান্ত বৰগোহাঁই আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰো বিজেপি পালেগৈ৷ আৰু কেইবাগৰাকী বিৰোধী বিধায়কক লৈ এনে চৰ্চা চলিছে৷

সাম্প্ৰতিক সময়ৰ মূল্যবোধহীন ক্ষমতাসৰ্বস্ব ৰাজনীতি বুজা হোৱাৰে পৰা ভাৰতৰ ৰাজনীতি বা অসমৰ ৰাজনীতিতেই এনে অনেক ঘটনা দেখিছোঁ। অসমৰ ৰাজনীতিত ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়কে দলৰ নিৰ্দেশৰ বিৰুদ্ধে ভোটদান কৰি বা ভোট বৰ্জন কৰি জয় সুনিশ্চিত হৈ থকা প্ৰাৰ্থীৰো বিজয় ৰুধি বিৰোধী প্ৰাৰ্থীক জয়ী কৰোৱাৰ ঘটনা আমি দেখিছোঁ৷ এটা নিশাৰ ভিতৰতে অসৎ উপায়েৰে ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল সলনি কৰি দিব পৰা যাদুকৰ আৰু সেই যাদুকৰৰ যাদুৰ চিকাৰ হ’ব খোজা ক্ষমতালোভী নেতা অসমত আছে৷

দলত্যাগৰ এনে ঘটনা ৰোধৰ বাবে ভাৰতত আইনো প্ৰণয়ন কৰা হৈছে যদিও আইনৰ সুৰুঙাৰে ৰাজনীতিকে নিজৰ স্বাৰ্থ পূৰণ কৰি অহাটোৱেই নিয়ম হৈ পৰিছে৷ ভাৰতৰ সংবিধানপ্ৰদত্ত গণতান্ত্ৰিক পৰিকাঠামোৰ অধীনত চৰকাৰ সালসলনিৰ অধিকাৰ আছে জনতাৰ হাতত৷ নিৰ্দিষ্ট সময়ৰ অন্তৰালত অনুষ্ঠিত নিৰ্বাচনত জনতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিজ পছন্দৰ দলক, প্ৰাৰ্থীক ভোটদান কৰি আহিছে৷ কিন্তু বিগত সময়ছোৱাত ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰ সলনি হৈছে দলবাগৰা ৰাজনীতিৰ বাবে৷ জনতাই দিয়া মতৰ বিপৰীতে গৈ কোনো দলে চলোৱা বিধায়ক কিনা অভিযানৰ সফলতাৰ অন্তত পাঁচ বছৰৰ ভিতৰতেই গঠন হৈছে নতুন চৰকাৰ৷ বিধায়ক কিনা-বেচা কৰা এনে একোটা অভিযানে কি ৰূপ ল’ব পাৰে, কিদৰে এগৰাকী বিৰোধী দলৰ বিধায়কক নিজৰ পক্ষলৈ অনাৰ বাবে এটা দলে চিনেমাৰ কায়দাৰে অভিযান চলায়, কিদৰে প্ৰতিপক্ষই নিজৰ বিধায়কক সুৰক্ষা জাল তৈয়াৰ কৰি সুৰক্ষা প্ৰদান কৰে- এই সমস্ত কাহিনী সাংবাদিক কমলেশ চুতাৰে মহাৰাষ্ট্ৰৰ ২০১৯১ বিধান সভা নিৰ্বাচনৰ পটভূমিত ৰচনা কৰা ‘৩৬ দিন’ গ্ৰন্থখনত বৰ্ণনা কৰিছে৷

মূল কথাটো হ’ল নৈতিকতা, মূল্যবোধ, আদৰ্শ আদি শব্দবোৰ ৰাজনীতিকসকলৰ বাবে আজিৰ তাৰিখত ব’ব নোৱাৰা বোজা৷ গতিকে এইসমূহ একাষৰীয়া কৰি ৰাখি নিজ স্বাৰ্থসিদ্ধিৰ দৌৰত তেওঁলোক ব্যস্ত৷

মূল প্ৰসংগলৈ আহোঁ৷ শাসকীয় দললৈ ঢাপলি মেলা বিধায়কসকলে দলত্যাগৰ কাৰণ সম্পৰ্কে সংবাদ মাধ্যমত ব্যাখ্যা আগবঢ়াইছে যে বিৰোধী পক্ষত থাকি কাম কৰিবলৈ অসুবিধা৷ অৰ্থাৎ বিৰোধী পক্ষত থাকি তেওঁলোক জনতাৰ সেৱা কৰিবলৈ অপাৰগ৷ এক কথাত তেওঁলোকে ৰাজ্যত বিৰোধীৰ অস্তিত্বক নস্যাৎ কৰিছে৷ শেহতীয়াকৈ দল ত্যাগ কৰা ভবাণিপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে আকৌ ৰাজহুৱাকৈ স্বীকাৰ কৰিছে যে মুখ্য মন্ত্ৰীকে আদি কৰি কোনো মন্ত্ৰীয়েই বিৰোধী বিধায়কে লৈ যোৱা কামক গুৰুত্বই নিদিয়ে৷ এই বক্তব্য কোনো এজন বা দুজন ব্যক্তি আদৰ্শভ্ৰষ্ট হোৱাতকৈ বেছি গুৰুতৰ৷

যদিহে সঁচাকৈ বিধায়কগৰাকীয়ে কোৱাৰ দৰে প্ৰথা অসমত আৰম্ভ হৈছে, সেই প্ৰথা গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে আৰু বেছি ভয়ংকৰ৷ বিৰোধী বিধায়ক আৰু তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ জনতাক যদিহে এইদৰে অৱজ্ঞা কৰাৰ প্ৰথা আৰম্ভ হৈছে, স্বাধীনতাৰ ৭৫ বৰ্ষপূতিৰ ক্ষণত তাতকৈ দুৰ্ভাগ্য আৰু লাজৰ কথা আন একোৱেই হ’ব নোৱাৰে৷ গণতন্ত্ৰ মানে কেৱল শাসক পক্ষ নহয়, কেৱল শাসক পক্ষৰ উপস্থিতিত গণতন্ত্ৰ চলিব নোৱাৰে৷

কেন্দ্ৰ বা ৰাজ্যত বিগত সময়ছোৱাত ভাৰতৰ বিৰোধী দুৰ্বল হৈ পৰিছে যদিও আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ একনায়কত্ববাদৰ অভিজ্ঞতালৈ চালেই বুজিব পাৰি বিৰোধীৰ প্ৰয়োজন কিয় আৰু কিমান৷ দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰুৱে ‘চাণক্য’ ছদ্মনামেৰে লিখা এক প্ৰবন্ধত এই বিষয়ে উল্লেখ কৰি লিখিছিল যে জৱহৰলাল নেহেৰু নামৰ মানুহজন এগৰাকী স্বেচ্ছাচাৰী শাসকলৈ পৰিৱৰ্তিত নহ’বৰ বাবেই বিৰোধীৰ প্ৰয়োজন৷ সেইবাবে নিৰ্বাচনী ৰাজনৈতিক পৰিমণ্ডলৰ বাহিৰত অৱস্থান কৰা জয়প্ৰকাশ নাৰায়ণক নেহেৰুৱে ৰাজনীতিলৈ আহিবলৈয়ো আহবান জনাইছিল৷ অৱশ্যে একেজন নেহেৰুৱে পিছত কেৰেলাত কংগ্ৰেছবিৰোধী চৰকাৰ ভাঙি দিছিল।

বিধায়ক এগৰাকীৰ মৃত্যু ঘটিলে উপনিৰ্বাচন অনুষ্ঠিত হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া যদিও এইদৰে নিৰ্বাচিত হোৱাৰ ছমাহ নৌহওতেই বিধায়কে দল সলোৱাৰ বাবে অনুষ্ঠিত হোৱা উপনিৰ্বাচন অস্বাভাৱিক আৰু অনৈতিক৷ উপনিৰ্বাচন অনুষ্ঠিত হ’ব জনতাৰ ধনেৰে৷ ভোটদানৰ নিৰ্দিষ্ট দিনটোত আকৌ গাঁঠিৰ ধন ভাঙি জনতাই ভোট দিবলৈ যাব৷ পদত্যাগ কৰা বিধায়কসকলে মাত্ৰ নিৰ্বাচন খেলিব, আকৌ জিকিব, বিধায়ক হ’ব, হয়তো এইবাৰ মন্ত্ৰীও হ’ব৷ নিৰ্বাচনৰ নামত চলা ধনৰ বেহাখনৰ কথা বাদ দি যদিহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ মূল প্ৰক্ৰিয়াটোলৈ চোৱা যায় তেওঁলোকৰ পকেটৰ এপইচাও ব্যয় হোৱাৰ কথা নাই৷ কিন্তু উপনিৰ্বাচনত পুনৰ শৰাধ হ’ব জনতাৰ ধনৰ৷

নিৰ্বাচন আয়োগে সময়োপযোগী সিদ্ধান্ত লৈ এই সুৰুঙা বন্ধ নকৰিলে ভৱিষ্যতে হয়তো পাঁচ বছৰৰ মূৰে মূৰে হোৱা নিৰ্বাচনৰ গুৰুত্বই নাইকীয়া হৈ যাব৷ কাৰণ জনতাই যিয়েই ৰায় নিদিয়ক, এই সুৰুঙাৰ মাজেৰেই ধনবল আৰু বাহুবলৰ প্ৰয়োগৰ জৰিয়তে জনতাৰ ৰায়ক নিজৰ ইচ্ছাৰে সজাই-পৰাই ল’ব পাৰিব৷ বিগত সময়ছোৱাত কেইবাখনো ৰাজ্যত এইদৰেই চৰকাৰ সলনি হোৱা ঘটনাই তাৰেই ইংগিত বহন কৰিছে৷

সেয়েহে দেশে স্বাধীনতাৰ অমৃত উৎসৱ পালন কৰাৰ এই সময়ত নিৰ্বাচন আয়োগে সাহসেৰে গণতন্ত্ৰবিৰোধী এই পৰম্পৰাৰ গৰল পাণ কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়োজন৷ আনহাতে নিজৰ স্বাৰ্থৰ বাবে নীতি, আদৰ্শ, মূল্যবোধ আদিক ভেঙুচালি কৰি ৰাজনীতিক ক্ষমতা আৰু ধন আহৰণৰ প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰা এই নেতাসকলক অসমৰ ৰাইজে সময় থাকোঁতেই প্ৰত্যাখ্যান নকৰিলে ভৱিষ্যতে এই ধাৰাটোৱে অসমৰ ৰাজনীতিকো যে চিৰদিনৰ বাবে কলংকিত কৰিব, সেয়াও নিশ্চিত৷

ক্ষমতাৰ খকত মত্ত হৈ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু সমষ্টিৰ ৰাইজক নিজৰ ইচ্ছা, ইছাৰাত পুতলাৰ দৰে নচুৱাব খোজাসকলৰ বিচাৰ ৰাইজেই কৰিব লাগিব৷