প্ৰসংগ: প্ৰশ্নকাকতৰ আগতীয়া প্ৰকাশ!


Image Description

ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত ক্ৰমে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ আগতীয়া প্ৰকাশৰ ঘটনা এতিয়া যেন তেনেই সহজলভ্য। লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰহে যেন এতিয়া এক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে।

প্ৰসংগ ১:

যোৱা ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দ্বিতীয় দিনা বিজ্ঞান শাখাৰ ৰসায়নবিজ্ঞানৰ প্ৰশ্নকাকত পৰীক্ষাৰ এদিন পূৰ্বেই হাতেলিখা প্ৰতিলিপি ছাত্ৰৰ ম’বাইলত হুৱাটচএপ্ যোগে উপলব্ধ হোৱাৰ কথা পৰীক্ষাৰ্থীৰ দাবী ৷ আৰু তাৰ প্ৰমাণ হিচাপে দিছে প্ৰতিলিপিটোৰ স্ক্ৰীণ শ্বট্।

প্ৰসংগ ২:

মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতো পৰীক্ষাৰ প্ৰথমদিনাই ম’বাইলত বিয়পি পৰাৰ লগতে গণিত পৰীক্ষাৰ দিনা(৬ মাৰ্চ)ও উক্ত প্ৰশ্নকাকতো ম’বাইলত ভাইৰেল হয়।

মূল কথাটো হ’ল দুষ্কাৰ্য্য সংঘটিত হয় কেনেকৈ ? শিক্ষা জীৱনৰ দুখন মূল জপনাসদৃশ এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীক বিপাঙত পেলোৱাৰ ধৰণৰ এনে কুকাৰ্য্যই দুয়োখন শিক্ষা পৰিষদৰ গাফিলতিকে প্ৰমাণ কৰিছে ৷ বিশেষভাৱে মেট্ৰিক পৰীক্ষাৰ দুবাৰকৈ হোৱা প্ৰশ্নকাকত ভাইৰেল ঘটনাই ছেবাৰ দায়বদ্ধৰ ক্ষেত্ৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

তদুপৰি বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত গা এৰা মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক। অন্ততঃ বিচাৰ বা আভ্যন্তৰীণ তদন্ত ঘোষণা তথা কাৰ্য্যকৰীকৰণৰ জৰিয়তে মূল সমস্যাৰ উৎসক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত তৎপৰ হোৱাটো উচিত আছিল।কিন্তু তেনে একো দেখা নগ’ল৷

তাৰ বিপৰীতে দায়সৰা মন্তব্যহে আগবঢ়ালে। তাতোতকৈ আচৰিত কথা আমাৰ শিক্ষা মন্ত্ৰীয়ে প্ৰশ্নকাকত ভাইৰেল হোৱাৰ প্ৰসংগটোত হাঁহিৰ খোৰাক বিচাৰি পোৱাটো। এনেদৰেই এতিয়া আমাৰ শিক্ষাবিভাগ চলিছে। উল্লেখ্য যে উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাগৃহত যথাবিধি নীতি-নিয়মৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত বহে। পৰীক্ষাগৃহত প্ৰবেশৰ আগে আগে ম’বাইল ফোন নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হয়বা তেনে সকলো ধৰণৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা বলৱৎ কৰা হয়।

তৎসত্ত্বেও তেনে নিৰাপত্তা ব্যৱস্থাক উলাই কৰি পৰীক্ষা চলি থকাৰ মাজতে কেনেদৰে এনে দুষ্কাৰ্য্য সংঘটিত হ’বলৈ পায় সেয়া এক ডাঙৰ প্ৰশ্ন।

এই ক্ষেত্ৰত ছেবা আৰু উচ্চ মাধ্যমিক সংসদৰ যথেষ্ট কৰণীয় আছে। কেৱল তদন্ত ঘোষণা কৰিয়েই ক্ষান্ত নাথাকি দুয়োখন শিক্ষা পৰিষদে লাখ-লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰি আগন্তুক দিনতো হ’বলগীয়া পৰীক্ষাবোৰৰ নিকাকৈ অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা উচিত।

লগতে চৰকাৰেও ৰাজ্যৰ এই বৃহৎসংখ্যক শিক্ষাৰ্থীৰ সৈতে ল’ৰা-ধেমালিৰ দৰে আচৰণ বন্ধ কৰি শিক্ষা ব্যৱস্থাৰ আশু উত্তৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো কাম্য।

লগতে মুখ্য মন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিল হোৱাক লৈ পৰীক্ষাৰ সাময়িক স্থগিতকৰণৰ দৰে নিৰ্দেশনাই যে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্থিতিত বিৰূপ প্ৰভাৱ পেলায়, সেয়া বিচাৰ কৰা উচিত।ঘপহকৈ এনে নিৰ্দেশনাই সাময়িক সমাধান দিলেও তাৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত নকৰে।এনে দুষ্কাৰ্য্যক বিভিন্ন দল-সংগঠনে গৰিহণা দিছে তথা ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ স্থিতিত নানান অভিযোগ উঠিছে।ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বলৱৎকৰণৰ সময়ছোৱাতে এনে গাফিলতিপূৰ্ণ ব্যৱস্থাবোৰে অসমৰ সামগ্ৰিক শিক্ষাজগততে কুপ্ৰভাৱ পেলাইছে।এয়া সুখৰ বতৰা নহয়।

সদৌ অসম ছাত্ৰ সন্থায়ো এই বিষয়টো গুৰুত্বসহকাৰে লৈছে ৷ লগতে অসম জাতীয় পৰিষদ তথা ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়েও এনে কুকৰ্মৰ বিৰুদ্ধে নিজা স্থিতি সবল কৰিবলৈ দুয়োটা শিক্ষা পৰিষদলৈকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।আশা কৰোঁ এই ক্ষেত্ৰত তেওঁলোকে উচ্চস্তৰীয় তদন্তৰ জৰিয়তে মূল সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তৎপৰ হ’ব।৷