চৰকাৰৰ গোপন প্ৰস্তুতি


Image Description

ৰাজ্য চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিত পঢ়োৱাৰ প্ৰস্তুতি গোপনে আগবঢ়াই নিছে৷ কিতাপ-পত্ৰ অসমৰ বাহিৰত চপাই অনাৰ যো-জা কৰিছে৷

কথাবোৰ ছাত্ৰ আৰু শিক্ষাৰ লগত জড়িত সংগঠনবোৰে নজনা নহয়৷ কিন্তু তেনেবোৰ সংগঠনৰ নিৰৱতা চিন্তাৰ কাৰণ হৈ পৰিছে৷ হয়তো কোনোবাখিনিত বুজা-পৰাৰ আধাৰতে এনে প্ৰস্তুতি চলিছে৷

ৰাজ্য চৰকাৰৰ পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী৷ মাতৃভাষাৰ জৰিয়তেহে বিদ্যালয়ত পাঠদানৰ ব্যৱস্থাৰ ওপৰত নতুন শিক্ষানীতিয়ে গুৰুত্ব আৰোপ কৰিছে৷ প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যপাললৈ সকলোৱে মাতৃভাষাৰ মাধ্যমত স্কুলীয়া পাঠদানত গুৰুত্ব আৰোপ কৰিছে৷ কিন্তু ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ আকোঁৰগোজ মনোভাৱে অসমৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰভূত ক্ষতি কৰিব৷

তলৰ শ্ৰেণীতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই দেশৰ ভিতৰতে অভিলেখ ৰচিছে৷ মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ তালৈ কোনো ভ্ৰূক্ষেপ নাই৷ বহুতো বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ শিক্ষকেই নাই৷ থকাখিনিয়েও ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিত পঢ়ুৱালে বিদ্যালয় এৰি যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু যে বাঢ়িব তাত কোনো সন্দেহ নাই৷

হয়তো বাস্তৱত এইটোৱেই হ’ব যে শিক্ষকসকলে আগৰ মাতৃভাষা মাধ্যমৰ কিতাপৰ পৰাই বিজ্ঞান আৰু গণিত পঢ়ুৱাবলৈ বাধ্য হ’ব৷ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থতে শিক্ষকে তেনে কৰা উচিত৷

আকৌ বহুতো চৰকাৰী বিদ্যালয়ত মাচুল লোৱাৰ ব্যৱস্থা লৈছে৷ ইয়ো বহুতো ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা আঁতৰাই পঠিয়াব৷ আমাৰ প্ৰায় সকলো ৰাজনীতিকৰ সন্তানে চৌখিন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে৷ টকা-পইচাৰ সামান্যতমো অসুবিধা নাই৷ সাধাৰণতে উপাৰ্জনৰ দুৰ্বল পথ থকা মানুহখিনিয়ে সন্তানক চৰকাৰী বিদ্যালয়লৈ পঠিয়ায়৷ আৰ্থিকভাৱে পৰিয়ালসমূহ কেনেদৰে ক্ষতিগ্ৰস্থ হ’ব এই কথা সহজে অনুমান কৰিব পাৰি৷

নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱা মন্ত্ৰী-বিধায়কে মাতৃভাষা বিদ্যালয়ৰ অসুবিধাবোৰ বুজিব নোৱাৰে৷ তাতোকৈ ডাঙৰ দুখ লগা কথা যে তেওঁলোকে বুজিব নিবিচাৰেও৷।