অসম বিজ্ঞান সমিতিৰ জন্ম হৈছিল ১৯৫৩ চনত


Image Description

সমিতিৰ কাম-কাজে আৰম্ভণিৰে পৰা অসমৰ জনজীৱনত প্ৰভাৱ পেলাই আহিছে৷ বিশেষকৈ বিজ্ঞান জনপ্ৰিয়কৰণ সমিতিৰ এটা মুখ্য উদ্দেশ্য৷ এই উদ্দেশ্যটোৰ লগত সংগতি ৰাখি সমিতিয়ে ৭০ বছৰে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে৷

শেহতীয়াকৈ সমিতিত বহু নতুন শাখাৰ জন্ম হৈছে৷ আশাৰ কথাটো হ’ল যে নতুনকৈ জন্ম হোৱা বহু শাখা ভিতৰুৱা অঞ্চলবোৰত অৱস্থিত৷ শাখাসমূহে ছাত্ৰ-ছাত্ৰীক জড়িত কৰি বিশেষকৈ পৰিৱেশ সজাগতাৰ সৃষ্টিত আত্মনিয়োগ কৰি আছে৷

বিজ্ঞানৰ জনপ্ৰিয় বক্তৃতা অনুষ্ঠান আগৰে পৰা চলি আহিছে যদিও শেহতীয়াকৈ হাতে-কামে বিজ্ঞান শিকাবলৈকো কেইটামান শাখাই পাতনি মেলিছে৷ আনকি নিজৰ অঞ্চলত থকা নদীখনৰ আচৰণ অধ্যয়ন কৰিবলৈকো সমিতিৰ দুটামান শাখাই উদ্যোগ হাতত লৈছে৷

বিশ্বৰ জলবায়ু পৰিৱৰ্তনে অসমক বাৰুকৈয়ে চুব বুলি ইতিমধ্যে গৱেষকসকলে ক’বলৈ ধৰিছে৷ এনে পৰিস্থিতিত সমিতিৰ দায়িত্ব আৰু অধিক বাঢ়িছে৷ বৃক্ষৰোপণে আগতকৈ বহুখিনি ব্যাপকতা লাভ কৰিছে৷ সেই বিষয়ে কোনো সন্দেহ নাই৷

সমিতিৰ উদ্যোগত বৰ্তমান ক্ষুদ্ৰ অৰণ্য স্থাপনৰ উদ্যমে প্ৰশংসা বুটলিছে৷ কেইবাখনো কলেজে ক্ষুদ্ৰ অৰণ্য স্থাপন কৰিছে বা কৰিবলৈ আগবাঢ়িছে৷ আনন্দৰ কথা যে কেইখনমান স্কুলেও নিজৰ চৌহদত ক্ষুদ্ৰ অৰণ্য স্থাপন মকৰিবলৈ যো-জা কৰিছে৷

কম পৰিসৰতে বহু গছপুলি ৰুই ক্ষুদ্ৰ অৰণ্যৰ সৃষ্টি কৰা হয়৷ ইয়াৰ জৰিয়তে চাৰিওফালৰ বায়ুক প্ৰদূষিত হোৱাৰ পৰা কিছু পৰিমাণে হ’লেও ৰক্ষা পৰিব আৰু চৰাই-চিৰিকতি আকৰ্ষিত হ’ব৷

অসম বিজ্ঞান সমিতিৰ কাৰ্য্যসূচীবোৰ ত্বৰান্বিত কৰিবলৈ যি প্ৰচেষ্টা হাতত লৈছে সেয়া অসমৰ জনসাধাৰণে নিশ্চয় আদৰণীয় বুলি গণ্য কৰিব আৰু আশা কৰিব যে অন্যান্য স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠানবোৰেও অংশীদাৰ হ’বলৈ আগবাঢ়ি আহিব৷

অসমত যে হাজাৰ-বিজাৰ ক্ষুদ্ৰ অৰণ্যৰ অতিকৈ প্ৰয়োজন হৈছে আজিৰ বিশ্ব পৰিবেশ দিৱসত আমি ইয়াকে সুৱৰিলোঁ।