অৰ্থনৈতিক অসমতা দেশ, সমাজ থানবান হোৱাৰ আগজাননী


Image Description

অৰ্থনৈতিক অসমতাৰ বাবে দেশ, সমাজ খণ্ড-বিখণ্ড হৈ ধ্বংস হোৱাৰ উদাহৰণ অলেখ। এনে অসমতাই ইতিহাস সলিন কৰি দিয়াৰ উদাহৰণেই যথেষ্ট।

শীতল যুদ্ধৰ সময়ত পশ্চিমীয়া সমৰ বিশেষজ্ঞই প্ৰতিদ্বন্দ্বী ছ'ভিয়েট ৰাছিয়াক ধ্বংস কৰিবলৈ কিমান এটম বোমা, সমৰাস্ত্ৰ লাগিব, তাৰ চিন্তা-চৰ্চা কৰিছিল।

১৯৯১ চনত ছোভিয়েট ৰাষ্ট্ৰপুঞ্জ যেতিয়া খণ্ড-বিখণ্ড হৈ পৰিল, তেতিয়া দেখা গ’ল বন্দুকৰ এটা গুলীৰো প্ৰয়োজন নহ’ল। অৰ্থনৈতিক অসমতা, ৰাজনৈতিক নীতি-আদৰ্শৰ বিফলতা আদিয়ে ইয়াৰ মূল কাৰণ।

দেখা গ’ল ছ'ভিয়েট ৰাষ্ট্ৰপুঞ্জৰ দুখনমান দেশ অৰ্থনৈতিকভাৱে বিকশিত, আনহাতে কেতবোৰ বিশেষকৈ মধ্য এছিয়াৰ দেশসমূহ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আৰু ৰাজনৈতিকভাৱে নিপীড়িত।

১৯৯০ দশকৰ পৰা আৰম্ভ হোৱা মুক্ত অৰ্থনীতিয়ে আৰম্ভণিতে সুফল দেখুৱাইছিল যদিও এতিয়া অৰ্থনৈতিক অসমতা, অস্থিৰতা বাঢ়িব ধৰিছে।

যোৱা মে মাহৰ (২০২২) শেষৰ সপ্তাহত সমগ্ৰ দেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দিল্লীত ভাৰতীয় প্ৰশাসনিক সেৱাৰ এক বিষয়া দম্পতীয়ে নিৰ্দ্দিষ্ট সময়ৰ পূৰ্বে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়াম খালী কৰাৰ নিৰ্দেশ দি নিজৰ পোহনীয়া কুকুৰৰ বিচৰণৰ বাবে ব্যৱহাৰ কৰিছিল।

যি সময়ত দেশৰ লাখ লাখ শিক্ষিত নিবনুৱাই কৰ্মসংস্থান বিচাৰি হাঁহাকাৰ কৰিছে, ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী, পিএইছডি ডিগ্ৰীধাৰীয়ে পিয়ন আদি চতুৰ্থ বৰ্গৰ চাকৰি বিচাৰি আবেদন কৰিছে, কৌটি কৌটি লোকে অৰ্ধ্বহাৰে অনাহাৰে দিন পাৰ কৰিছে, সেইখন দেশত এটা পোহনীয়া কুকুৰৰ জীৱন দেশৰ অৰ্থনৈতিক অসমতাৰ ভয়ঙ্কৰ প্ৰতিফলন।

বিৰূপ ৰাজহুৱা প্ৰতিক্ৰিয়া দেখি কেন্দ্ৰীয় চৰকাৰে তাক্ষণিক শাস্তিমূলক ব্যৱস্থা হিচাবে এজনক লাডাখলৈ আৰু আনজনক অৰুণাচল প্ৰদেশলৈ বদলি কৰিলে। পাচে দুই-এটা ডাল-পাত কাটি বিহগছ উচ্ছেদ কৰিব নোৱাৰি। তাৰবাবে বিহগছ শিপাৰে সৈতে উঘালিব লাগিব, যিটো বৰ্ত্তমান প্ৰশাসনীয় ব্যৱস্থাত দুৰূহ।

প্ৰশাসনীয় সেৱাৰ বিষয়া ধনকুবেৰ নহ’লেও উচ্চ বিত্তৰ, কিন্তু প্ৰভাৱ অপৰিসীম। বহু মন্ত্ৰী, ৰাজনৈতিক নেতা এনে আমোলা বিষয়াৰ ওপৰত অত্যধিক নিৰ্ভৰশীল। স্বাভাৱিকতে একাংশ এনে আমোলাই মূৰে ভৰি কাঢ়িলেও সিবিলাকে নেদেখা ভাও ধেৰ।

অৱশ্যে একাংশ এনে আমোলাৰ অপকৰ্মই দেশ মষিমূৰ কৰিব নোৱাৰে। কিন্তু চৰকাৰৰ ত্ৰুটিপূৰ্ণ অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতি-নিৰ্দেশনাই দেশত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। অৰ্থনৈতিক ব্যৱস্থা সদায়ে ফলপ্ৰসূ নহয় আৰু সময় আৰু পৰিস্থিতিসাপেক্ষে ইয়াৰ সংশোধন নকৰিলে বিপদ অনিবাৰ্য্য।

উদাহৰণ, পূৰ্বৰ ছোভিয়েট ৰাছিয়া, পূব ইউৰোপৰ দেশসমূহৰ গতি আৰু দুৰ্গতি। বৰ্ত্তমান সময়ত মুক্ত অৰ্থনীতিৰ গত্যন্তৰ নাই। কিন্তু মুক্ত অৰ্থনীতি এটা কথা আৰু মুক্ত অৰ্থনীতিৰ নামৰ মুষ্টিমেয় ধনকুবেৰক প্ৰশ্ৰয় দিয়া অন্য কথা।

এক প্ৰতিবেদন অনুসৰি কভিদ ১৯ মহামাৰী কালত ভাৰতত ৪০ জন নতুন বিলিয়নিয়াৰ ধনকুৱেৰ (১ নিযুত ১ বিলিয়ন) সৃষ্টি হ’ল কিন্তু দাল-দৰিদ্ৰৰ সংখ্যা দুগুণলৈ বৃদ্ধি পালে। উক্ত সময়ছোৱাত অসংখ্য সৰু-মজলীয়া উদ্যোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল, ১০ কৌটিৰো অধিক লোকে কৰ্মসংস্থান হেৰুৱাই গাঁৱলৈ উভটি গ’ল আৰু সিবিলাকৰ বহুত এতিয়াও জীৱিকাবিহীন।

কিন্তু দেশৰ সবাতোকৈ ধনাধ্য ব্যক্তিকেইজনমানৰ সম্পদ বহু পৰিমাণে বৃদ্ধি পালে। কিন্তু দেশৰ সবাতোকৈ ধনী ব্যক্তিজনে ১৩০ কৌটি জনসাধাৰণৰ দেশখনলৈ সাহায্য হিচাবে আগবঢ়ালে মাত্ৰ ৫০০ কৌটি টকা। অৰ্থাৎ, এজনৰ বাবে প্ৰায় চাৰে চাৰি টকা।

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি বিল গেটে বিশ্বৰ দুৰ্গত দেশবোৰত মানৱ কল্যাণৰ হকে বছৰি হাজাৰ হাজাৰ কৌটি টকা খৰচ কৰি আহিছে আৰু নিজে থাকে সাধাৰণ মধ্যবিত্তৰ দৰে। ভাৰততো জনকল্যাণৰ বাবে উদাৰভাৱে ধন দান দিয়া কিছু উদ্যোগপতি আছে। কিন্তু অধিকাংশ ধনকুৱেৰ তেনে নহয়।

ইতিমধ্যে কেবাজনো উদ্যোগপতি ধনকুৱেৰে দেশজুৰি শ্বপিং মলৰ শৃংখল গঢ়ি বা আন শ্বপিং মল ছলে-বলে ক্ৰয় কৰি দেশৰ লাখ লাখ খুচুৰা দোকানীৰ ব্যৱসায় কাঢ়ি লৈ সিবিলাকৰ জীৱন আৰু জীৱিকালৈ সংকট আনিছে।

শেহতীয়াকৈ সিবিলাকে দৰৱৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ শৃংখল তৈয়াৰ কৰি লাখ লাখ খুচুৰা দৰৱ দোকানীৰ জীৱিকা কাঢ়ি নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰচলিত ব্যৱস্থাটোত কোনো সমস্যাৰ সৃষ্টি হৈছিল নেকি? বা ত্ৰুটিপূৰ্ণ আছিল নেকি?

ধন কুবেৰসকলে বৃহৎ উদ্যোগ আদিতে ক্ষান্ত নাথাকি লাখ লাখ মধ্যবিত্তৰ জীৱিকা কাঢ়ি নিব খোজা চক্ৰান্ত ভৱিষ্যতৰ বাবে বিপদজনক মুক্ত অৰ্থনীতিৰ নামত মুষ্টিমেয় কেইজনমান ব্যক্তিক লক্ষ লক্ষ লোকৰ জীৱিকা স্বসংস্থাপনৰ অৱলম্বন কাঢ়ি ল'বলৈ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ পৰিণাম ভয়াবহ হ’ব পাৰে।

ইতিহাস, অভিজ্ঞতাৰ পৰা শিক্ষা নলয় কেৱল মদগৰ্ব্বী, অতি লুভীয়া, দুৰাকাংখী লোকে।।