সাংবিধানিক ৰক্ষাকৱচ
- বসন্ত ডেকা
- /
- March 20, 2022

[১]
অসম চুক্তি অনুসৰি ১৯৫১-৭১ চনৰ ভিতৰত অসমত তেতিয়াৰ পূব পাকিস্তানৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা সকলো অ-ভাৰতীয়ৰ বোজা অসমে বহন কৰিব। ইয়াৰ ফলত অসমৰ জনবিন্যাস স্থায়ীভাৱে সলনি হ'ব। বোজা বহনৰ বিনিময়ত অসম চুক্তিত ছয় নম্বৰ দফাটো সংযোগ কৰা হৈছিল।
অসম চুক্তিৰ ৬ নম্বৰ দফাটো হ’ল:
‘অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু বিকাশৰ বাবে উপযুক্ত সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় ৰক্ষাকৱচ আগবঢ়োৱা হ’ব৷’
এই দফাটোকে চমুকৈ সাংবিধানিক ৰক্ষাকৱচ বুলি জনা যায়৷ দফাটোত উল্লেখ কৰা উপযুক্ত ব্যৱস্থাবোৰ নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন কমিটী গঠন কৰি দিছিল৷ কমিটীখনৰ অধ্যক্ষ হ’ল গৌহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা৷
কমিটীখনৰ সদস্য সচিব হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উত্তৰ পূবৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ৷ভাল কমিটীখনত মুঠতে ১৩জন সদস্য আছিল৷ ইয়াৰে তিনিজন ছাত্ৰ সন্থাৰ বিষয়ববীয়া।
কমিটীখনৰ হাতত অৰ্পণ কৰা দায়িত্বসমূহ আছিল :
ক] কমিটীখনে অসম চুক্তিৰ ৬ নম্বৰ দফাটো কাৰ্য্যকৰী কৰিবলৈ ১৯৮৫ চনৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলী কিমান ফলপ্ৰসূ হৈছে সেয়া পৰীক্ষা কৰিব ৷
খ] কমিটীখনে সামাজিক সংগঠন, আইনগত আৰু সাংবিধানিক বিশেষজ্ঞ, শিল্প, সংস্কৃতি আৰু সাহিত্য জগতৰ বিখ্যাত ব্যক্তি, পৰিৱেশবিদ, অৰ্থনীতিবিদ, ভাষা বিশেষজ্ঞ আৰু সমাজবিজ্ঞানীৰ লগতে বিভিন্ন অংশীদাৰৰ লগত আলোচনা কৰিব৷
গ] কমিটীখনে অসমীয়া মানুহৰ কাৰণে অসম বিধান সভাত যথোপযুক্ত আসন সংৰক্ষণৰ বিষয়টো পৰীক্ষা কৰিব৷
ঘ] কমিটীখনে অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে পৰামৰ্শ আগবঢ়াব৷
ঙ] কমিটীখনে অসমীয়া মানুহৰ বাবে অসম চৰকাৰৰ অধীনত নিযুক্তিৰ বেলিকা সংৰক্ষণৰ উপযুক্ত আসন সম্পৰ্কে পৰামৰ্শ দিব৷
চ] কমিটীখনে অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু বিকাশৰ বাবে অন্যান্য পৰামৰ্শৱলী দাঙি ধৰিব পাৰিব৷
এই কামখিনিৰ লগতে জননীখনত কোৱা হৈছিল যে:
কমিটীখনে জাননী প্ৰকাশ পোৱাৰ ৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব৷
কমিটীখনৰ কাম-কাজ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে উত্তৰ পূব বিভাগে তদাৰক কৰিব৷
অসম চৰকাৰে প্ৰয়োজনীয় প্ৰশাসনীয় আৰু যাৱতীয় সমৰ্থন আগবঢ়াব৷
৬ নম্বৰ দফাটো কাৰ্য্যকৰী কৰিবলৈ প্ৰথমে সিদ্ধান্ত ল’বলগীয়া বিষয়টো হ’ল অসমীয়া মানুহৰ সূত্ৰটো দাঙি ধৰা৷ বিভিন্ন পক্ষৰ লগত আলোচনাৰ অন্তত অসমীয়া মানুহৰ সূত্ৰটো এনেদৰে নিৰ্ণয় কৰা হৈছে:
১] ক] যি অসমীয়া জনগোষ্ঠীয়ে অসমভূমিত ০১-০১-১৯৫১ তাৰিখে বা তাৰ আগেয়ে বাস কৰিছিল;
বা
খ] যিসকল খিলঞ্জীয়া জনজাতীয় জনগোষ্ঠীয়ে অসমভূমিত ০১-০১-১৯৫১ তাৰিখে বা তাৰ আগেয়ে বাস কৰিছিল;
বা
গ] অন্যান্য যি কোনো খিলঞ্জীয়া জনগোষ্ঠীয়ে অসমভূমিত ০১-০১-১৯৫১ তাৰিখে বা তাৰ আগেয়ে বাস কৰিছিল;
বা
ঘ] যি সকল আন ভাৰতীয় নাগৰিকে অসমভূমিত ০১-০১-১৯৫১ তাৰিখে বা তাৰ আগেয়ে বাস কৰিছিল
আৰু
ঙ] ওপৰৰ শিতানসমূহৰ বংশধৰ ভাৰতীয় নাগৰিকক অসমীয়া বুলি গণ্য কৰা হ’ব৷
লগতে কোৱা হৈছে যে:
ভাৰতীয় সংবিধানৰ প্ৰথম খণ্ডত [সংশোধিত] সূত্ৰিত অসমভূমিয়ে অসমখন বুজাব৷
অসমীয়া মানুহৰ সূত্ৰটোত অনুসূচিত জাতি আৰু জনজাতি সংবিধানৰ অনুচ্ছেদ ৩৪১ আৰু ৩৪২ অনুসৰি নিৰ্ধাৰিত হ’ব৷
একেদৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা অসমৰ আন পিছপৰা শ্ৰেণী, অধিক পিছপৰা শ্ৰেণী আৰু জনজাতীয় জনগোষ্ঠীসমূহ অসমীয়া মানুহৰ সূত্ৰটোত অন্তৰ্ভুক্ত হ’ব৷
[আগলৈ]