লাভলীনাই প্ৰমাণ কৰি দিলে অসমীয়াৰ তেজতো অলিম্পিক জয়ৰ শক্তি আছে


Image Description

প্ৰচণ্ড ইচ্ছাশক্তি, গভীৰ চেষ্টা আৰু একাগ্ৰতা থাকিলে মানুহে কৰিব পৰা প্ৰতিটো কাম অসমীয়াইও কৰিব পাৰে৷ ৩০ জুলাই শুক্ৰবাৰে অসম কন্যা লাভলীনা বৰগোহাঁই টকিঅ’ অলিম্পিকৰ কোৱাটাৰ ফাইনেলৰ খেলত বিশ্বৰ ১নং খেলুৱৈ চীনৰ [চাইনিজ টাইপেই] চেন-নিন-চীনক ৪-১ পইণ্টত হৰুৱাই নিজৰ পদক নিশ্চিত কৰি এই কথাকে প্ৰমাণ কৰিলে৷

ভাৰতৰ দৰে এখন বিশাল দেশে টকিঅ’ অলিম্পিকৰ আগলৈকে সৰ্বমুঠ মাত্ৰ ২৮ [আঠাইশ]টা পদক জয় কৰিবলৈহে সক্ষম হৈছিল৷ সেই দিশৰ পৰা লাভলীনা বৰগোহাঁইৰ শুক্ৰবাৰেৰ সফলতা অসমৰ বাবে নিশ্চয়কৈ এক বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে৷ আজি অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে ইয়াতকৈও ডাঙৰ কথা হৈছে লাভলীনা বৰগোহাঁয়ে এই সফলতাত সন্তুষ্ট হৈ ৰৈ যাব বিচৰা নাই৷ পাঁচ ফুট দহ ইঞ্চি উচ্চতাৰ ২৩ বছৰীয়া লাভলীনা আত্মবিশ্বাসী এইবাৰৰ টকিঅ’ অলিম্পিকতেই তেওঁ দেশৰ বাবে স্বৰ্ণপদক অৰ্জন কৰিব৷ এই ক্ষেত্ৰত লাভলীনাক গোলাঘাট জিলাৰ বৰপথাৰত আৱিষ্কাৰ কৰা তেওঁৰ প্ৰথম প্ৰশিক্ষক পদুম বড়োও গভীৰ আত্মবিশ্বাসী৷ শ্ৰীবড়োৱে লাভলীনাৰ শুক্ৰবাৰৰ খেল উপভোগ কৰি এক সাক্ষাৎকাৰত কয় যে কাৰিকৰী দিশত লাভলীনা এতিয়া যথেষ্ট পাৰ্গত হৈ উঠিছে৷ নিজৰ উচ্চতাৰ সুবিধাক তেওঁ এতিয় সঠিক ৰূপত ব্যৱহাৰ কৰাৰ কৌশল আয়ত্ত কৰিছে৷ গতিকে যি কোনো খেলুৱৈৰ বাবেই লাভলীনা এতিয়া বিপদ্‌জনক হৈ উঠিব পাৰে৷

লাভলীনাই শুক্ৰবাৰৰ খেলৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় যে বিশ্বপ্ৰসিদ্ধ বক্সাৰ মহম্মদ আলীৰ খেলৰ শৈলীৰ দ্বাৰা তেওঁ যথেষ্ট অনুপ্ৰাণিত৷ মই মহম্মদ আলীৰ পদ সঞ্চালন আৰু তেওঁৰ দীঘলীয়া পাঞ্চসমূহ অনুসৰণ কৰোঁ৷ লাভলীনাই লগতে কয় যে এতিয়া মই চাপমুক্ত হৈ মুকলি মনেৰে খেলিব পৰা হৈছোঁ৷ ভয়, শংকা পৰিহাৰ কৰি মুক্ত মনেৰে খেলি মই প্ৰতিখন খেল উপভোগ কৰিবলৈ লৈছোঁ৷ সেয়েহে মই নিশ্চিত মই স্বৰ্ণ পদক পাবলৈ সক্ষম হ’ম৷

অহা ৪ আগষ্টৰ পুৱা ১১ বজাত [ভাৰতীয় সময়] ছেমি-ফাইনেলত টুৰ্কীৰ খেলুৱৈৰ সৈতে লাভলীনা অৱতীৰ্ণ হ’ব৷ লাভলীনা গোহাঁইলৈ ‘প্ৰত্যাহ্বান’ৰ তৰফৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷